source_url
stringlengths
202
245
target_url
stringlengths
202
245
text
stringlengths
169
36.1k
summary
stringlengths
26
293
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A7%80/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A7%80/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ইটানগৰৰ হোলংগীস্থিত গ্ৰীনফিল্ড বিমানবন্দৰক “ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ” হিচাপে নামকৰণত অনুমোদন জনাইছে। অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰে বিমানবন্দৰটোৰ নাম ‘ডনি প’ল’ বিমানবন্দৰ, ইটানগৰ’ হিচাপে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।এই নামে সূৰ্য্য (ডনি) আৰু চন্দ্ৰ (প’ল’)ৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধাৰ প্ৰতিফলনেৰে ৰাজ্যখনৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যকে সূচিত কৰে। ভাৰত চৰকাৰে ২০১৯ ৰ জানুৱাৰীত হোলংগী গ্ৰীনফিল্ড বিমানবন্দৰৰ উন্নয়নৰ বাবে ‘নীতিগত’ অনুমোদন জনাইছিল।ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে () কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰৰ সহযোগত ৬৪৬ কোটি টকাব্যয়সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰে।
অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ হোলংগীস্থিত গ্ৰীনফিল্ড বিমানবন্দৰক “ডনি-প’ল’ বিমানবন্দৰ, ইটানগৰ” হিচাপে নামকৰণত কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%87-%E0%A6%95%E0%A7%83%E0%A6%B7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%85-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%87-%E0%A6%95%E0%A7%83%E0%A6%B7/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে লক্ষ্ণৌত আয়োজিত কৃষি কুম্ভ অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ কৃষকসকলৰ এই সমাৱেশ নতুন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্রত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব আৰু কৃষিক্ষেত্রত অধিক সুযোগ–সুবিধাৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্রীয়ে আশা প্ৰকাশ কৰে। খাদ্যশস্য সংগ্ৰহ ব্যৱস্থাৰ সুবিধা ধাৰাবাহিকভাবে বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে কৃষকসকল হৈছে সেইসকল ব্যক্তি যিসকলে দেশক আগুৱাই নিছে। ২০২২ চনত কৃষকসকলৰ উপার্জন দুগুণ কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ পুনৰ দোঁহাৰে। এই প্ৰসংগত তেওঁ কৃষকসকলৰ কল্যাণাৰ্থে উৎপাদন খৰচ হ্ৰাস কৰি লাভ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰৰ একাধিক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।অনাগত দিনত দেশজুৰি কৃষিক্ষেত্রত ব্যাপক হাৰত সৌৰশক্তিচালিত পাম্প স্থাপন কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। বিজ্ঞানৰ সুফল কৃষিক্ষেত্রত উপলব্ধ কৰোৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বাৰাণসীত ধান গৱেষণা কেন্দ্ৰ স্থাপনৰ লক্ষ্যৰে এয়া এক পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। কৃষিখণ্ডত মূল্য সংযোজনৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰধানমন্ত্রীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে। তেওঁ কয় যে সেউজ বিপ্লৱৰ পাছত এতিয়া দুগ্ধ উৎপাদন, মৌ উৎপাদনৰ সমান্তৰালভাৱে কুঁকুৰা উৎপাদন আৰপ মীনপালনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷ কৃষি কুম্ভ অনুষ্ঠানত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ, খাদ্যশস্য মজুত ৰখাৰ ক্ষেত্রত অত্যাধূনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কৃষিখণ্ডত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দৰে গুৰুত্বপূর্ণ বিষয়ক লৈ প্ৰধানমন্ত্রীয়ে আলোচনা কৰাৰ আহ্বান জনায়। শস্য চপোৱাৰ পাছত গছবোৰৰ গুৰি পুৰি পেলোৱাৰ ক্ষেত্রত কৃষকসকলৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বাবে তেওঁ নতুন প্ৰযুক্তি আৰু পন্থা উদ্ভাৱনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷
ভিডিঅ’ কনফাৰেন্সযোগে কৃষি কুম্ভ অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A7%E0%A6%A8%E0%A7%81-%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A7%E0%A6%A8%E0%A7%81-%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AD-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BE/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ধনু যাত্রা আৰম্ভ হোৱাৰ বাবে সকলোকে শুভেচ্ছা জনাইছে৷ ধনু যাত্রা ওড়িশাৰ সংস্কৃতিৰ সৈতে জড়িত৷ এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “বৰ্ণাঢ্য ধনু যাত্রা ওড়িশাৰ সংস্কৃতিৰ সৈতে জড়িত। এই যাত্রা আৰম্ভ হোৱাৰ বাবে মই সকলোকে শুভেচ্ছা জনাইছো। ধনু যাত্রাই আমাৰ সমাজলৈ সম্প্রীতি আৰু আনন্দৰ বার্তা কঢ়িয়াই আনক।”
ধনু যাত্রা আৰম্ভ হোৱাৰ বাবে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A9%E0%A7%A6-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A9%E0%A7%A6-%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৩০ ডিচেম্বৰত উত্তৰাখণ্ডৰ হালদৱানী ভ্ৰমণ কৰিব। তেওঁ ১৭৫০০ কোটি টকাৰ অধিক মূল্যৰ ২৩ টা প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰিব। ২৩ টা প্ৰকল্পৰ ভিতৰত ১৪১০০ কোটি টকাৰ অধিক মূল্যৰ ১৭ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই প্ৰকল্পসমূহে জলসিঞ্চন, পথ, গৃহ, স্বাস্থ্য আন্তঃগাঁথনি, উদ্যোগ, অনাময়, খোৱা পানীযোগানকে ধৰি সমগ্ৰ ৰাজ্যৰ বিভিন্ন খণ্ড/এলেকা সামৰি লয়। এই কাৰ্যসূচীত একাধিক পথ প্ৰশস্তকৰণ প্ৰকল্প, পিথোৰাগড়ত জলবিদ্যুৎ প্ৰকল্প আৰু নাইনিতালত নৰ্দমা নেটৱৰ্ক উন্নত কৰাৰ প্ৰকল্পকে ধৰি ৬ টা প্ৰকল্পৰ উদ্বোধন কৰা হ’ব। উদ্বোধন কৰা প্ৰকল্পসমূহৰ সামগ্ৰিক ব্যয় ৩৪০০ কোটি টকাতকৈও অধিক। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫৭৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া লাখৱাৰ বহুমুখী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটো প্ৰথমবাৰৰ বাবে ১৯৭৬ চনত এই প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছিল আৰু বহু বছৰ ধৰি ৰৈ আছিল। দীৰ্ঘদিনধৰি পৰি ৰোৱা প্ৰকল্পসমূহৰ কাম শীঘ্ৰে শেষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ’ব। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৱে প্ৰায় ৩৪,০০০ হেক্টৰ অতিৰিক্ত ভূমি জলসিঞ্চন, ৩০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, হাৰিয়ানা, দিল্লী, হিমাচল প্ৰদেশ আৰু ৰাজস্থানৰ ছয়খন ৰাজ্যলৈ খোৱা পানী যোগান ধৰিব। দেশৰ প্ৰত্যন্ত স্থানসমূহত যোগাযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ সৈতে সংগতি ৰাখি প্ৰায় ৮৭০০ কোটি টকাৰ একাধিক পথ খণ্ডৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ’ব। যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব তাৰ ভিতৰত আছে ৪০০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ৮৫ কিলোমিটাৰ মোৰাদাবাদ-কাশীপুৰ পথৰ চাৰি লেন; গদৰপুৰ-দিনেশপুৰ-মাদকোটা-হালদৱানী পথৰ (এছএইচ-৫) ২২ কিলোমিটাৰ অংশ আৰু কিচ্চাৰ পৰা পন্তনগৰলৈ ১৮ কিলোমিটাৰ অংশ (এছএইচ-৪৪); উধম সিং নগৰত ৮ কিলোমিটাৰ দীঘল খতিমা বাইপাছ নিৰ্মাণ; ১৭৫ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা চাৰি লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ১০৯ডি) নিৰ্মাণ। এই পথ প্ৰকল্পসমূহে গড়ৱাল, কুমাওন আৰু তেৰাই অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব আৰু লগতে উত্তৰাখণ্ড আৰু নেপালৰ মাজত যোগাযোগ উন্নত কৰিব। উন্নত সংযোগে ৰুদ্ৰপুৰ আৰু লালকুৱানৰ ঔদ্যোগিক এলেকাসমূহকো লাভান্বিত কৰিব আৰু লগতে জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব। তদুপৰি, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত সমগ্ৰ ৰাজ্যতে একাধিক পথ প্ৰকল্পৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব। প্ৰকল্পসমূহৰ ভিতৰত আছে ৬২৫ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে মুঠ ১১৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৩৩টা গ্ৰাম্য পথ স্থাপন আৰু প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে ১৫১ খন দলং নিৰ্মাণ কৰা। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা পথ প্ৰকল্পসমূহৰ ভিতৰত আছে ২৫০০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা নাগিনাৰ পৰা কাশীপুৰলৈ (ৰাষ্ট্ৰীয় ঘাইপথ-৭৪) ৯৯ কিলোমিটাৰ পথ প্ৰশস্তকৰণৰ প্ৰকল্প আৰু ৭৮০ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ তনকপুৰ-পিথোৰাগড় পথৰ (ৰাষ্ট্ৰীয় ঘাইপথ ১২৫) তিনিটা অংশত পথ বহল কৰাৰ প্ৰকল্প। তিনিটা অংশ চ্যুৰানীৰ পৰা আনচোলি (৩২ কিলোমিটাৰ), বিলখেতৰ পৰা চম্পাৱতলৈ (২৯ কিলোমিটাৰ) আৰু টিলনৰ পৰা চ্যুৰানীলৈ (২৮ কিলোমিটাৰ) আছে। পথ প্ৰশস্তকৰণ প্ৰকল্পসমূহে কেৱল প্ৰত্যন্ত অঞ্চলসমূহৰ যাতায়াত উন্নত কৰাই নহয়, অঞ্চলটোত পৰ্যটন, ঔদ্যোগিক আৰু বাণিজ্যিক কাৰ্যকলাপকো উৎসাহিত কৰিব। কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ তনকপুৰ-পিথোৰাগড় পথত এতিয়া সকলো সময়তে যাতায়াত উপলব্ধ থাকিব যিয়ে সীমান্ত অঞ্চললৈ সেনাৰ বাধাহীন চলাচল আৰু কৈলাশ মানস সৰোবৰ যাত্ৰাৰ বাবে উন্নত যাতায়াতৰ সুবিধা প্ৰদান কৰিব। ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰা আৰু দেশৰ সকলো প্ৰান্তৰ লোকসকলক বিশ্বমানৰ চিকিৎসা সুবিধা প্ৰদান কৰাৰ পৰিকল্পনাৰে প্ৰধানমন্ত্ৰীয়ে উধম সিং নগৰ জিলাৰ এইমছ ঋষিকেশ উপগ্ৰহ কেন্দ্ৰ আৰু পিথোৰাগড়ত জগজীৱন ৰাম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই দুখন চিকিৎসালয় ক্ৰমান্বয়ে প্ৰায় ৫০০ কোটি আৰু ৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। উন্নত চিকিৎসা আন্তঃগাঁথনিয়ে কেৱল কুমাওঁ আৰু তেৰাই অঞ্চলৰ লোকসকলকেই সহায় নকৰে, ইয়ে উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহকো সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জ আৰু কাশীপুৰ চহৰত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে প্ৰায় ২৪০০ টা ঘৰৰ আধাৰশিলা স্থাপন কৰিব। এই ঘৰবোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত ১৭০ কোটিতকৈও অধিক ব্যয়ত নিৰ্মাণ কৰা হ’ব। ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলসমূহত পানী যোগান উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ অধীনত ৰাজ্যখনৰ ১৩ খন জিলাত ৭৩টা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আঁচনিসমূহৰ বাবে প্ৰায় ১২৫০ কোটি টকা ব্যয় হ’ব আৰু ৰাজ্যখনৰ ১.৩ লাখতকৈও অধিক গ্ৰাম্য পৰিয়াল উপকৃত হ’ব। লগতে হৰিদ্বাৰ আৰু নাইনিতালৰ দৰে নগৰাঞ্চলত নিয়মীয়াকৈ পানীৰ যোগান নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই দুখন চহৰৰ বাবে পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। এই আঁচনিসমূহে হৰিদ্বাৰত প্ৰায় ১৪৫০০ সংযোগ আৰু হালদৱানীত ২৪০০ৰো অধিক সংযোগ প্ৰদান কৰিব, যাৰ ফলত হৰিদ্বাৰৰ প্ৰায় এক লাখ জনসংখ্যা আৰু হালদৱানীৰ প্ৰায় ১২০০ লোক উপকৃত হ’ব। এই অঞ্চলৰ বিভিন্ন অন্তৰ্নিহিত সম্ভাৱনাক কামত লগোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নানা পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে কাশীপুৰত ৪১ একৰৰ এৰোমা পাৰ্ক আৰু চিতাৰগঞ্জত ৪০ একৰৰ প্লাষ্টিক ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প দুটা ৰাজ্যিক আন্তঃগাঁথনি আৰু ঔদ্যোগিক উন্নয়ন নিগম উত্তৰাখণ্ড লিমিটেডে (এছআইআইডিচিইউএল) প্ৰায় ১০০ কোটি ব্যয়েৰে বিকশিত কৰিব। এৰোমা পাৰ্কে উত্তৰাখণ্ডৰ অনন্য ভৌগোলিক পৰিস্থিতিৰ বাবে ফুল খেতিৰ বিকাশৰ অপৰিসীম সুযোগ কঢ়িয়াব। প্লাষ্টিক ঔদ্যোগিক উদ্যানখন ৰাজ্যখনৰ ঔদ্যোগিক দক্ষতা প্ৰতিষ্ঠা কৰা আৰু জনসাধাৰণৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ এক পদক্ষেপ হ’ব। প্ৰধানমন্ত্ৰীয়ে নাইনিতালৰ ৰামনগৰত প্ৰায় ৫০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ৭ এমএলডি আৰু ১.৫ এমএলডি ক্ষমতাৰ দুটা নৰ্দমা শোধন প্ৰকল্পও উদ্বোধন কৰিব। লগতে, প্ৰধানমন্ত্ৰীয়ে উধম সিং নগৰত প্ৰায় ২০০ কোটি ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নটা নৰ্দমা শোধন প্ৰকল্প (এছটিপি) নিৰ্মাণৰ আৰু নাইনিতালত নৰ্দমা প্ৰণালী উন্নীতকৰণৰ বাবে ৭৮ কোটিৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫০ কোটি টকা ব্যয়েৰে পিথোৰাগড় জিলাৰ মুনচিয়াৰীত উত্তৰাখণ্ড জল বিদ্যুৎ নিগম (ইউজেভিএন) লিমিটেডে নিৰ্মাণ কৰা নদী জলবিদ্যুৎ প্ৰকল্পৰ ৫ মেগাৱাট ক্ষমতাৰ সুৰিংগাদ-২ প্ৰকল্পটোও উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৩০ ডিচেম্বৰত উত্তৰাখণ্ড ভ্ৰমণ কৰিব আৰু ১৭৫০০ কোটি টকাৰ অধিক মূল্যৰ ২৩ টা প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%86%E0%A7%9F%E0%A7%8B%E0%A6%9C%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F%E0%A7%B0-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A7%87%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%86%E0%A7%9F%E0%A7%8B%E0%A6%9C%E0%A6%BF/
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত জী, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই, মোৰ সহযোগী সংসদ সদস্য চি আৰ পাটিল, ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ জী, ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱী জী, মেয়ৰ কিৰিত ভাই আৰু আমাৰ সৈতে এই অনুষ্ঠানত উপস্থিত থকা দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি আৰু যুৱ খেলুৱৈসকল। আপোনালোক সকলোকে বহুত আদৰণি জনাইছো, শুভেচ্ছা জনালোঁ। এই দৃশ্য, এই ছবি, এই পৰিবেশ কল্পনাৰ বাহিৰত। বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম, বিশ্বৰ সৰ্বাধিক যুৱৰে গঠিত দেশ আৰু দেশৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ! যেতিয়া পৰিঘটনাটো ইমান আচৰিত আৰু অনন্য হ’ব তেতিয়া ইয়াৰ শক্তি ইমানেই অসাধাৰণ হ’ব। দেশৰ ৩৬খন ৰাজ্যৰ ৭ হাজাৰতকৈ অধিক খেলুৱৈ, ১৫ হাজাৰতকৈ অধিক অংশগ্ৰহণকাৰী, ৩৫ হাজাৰতকৈ অধিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিদ্যালয়ৰ অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৫০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে ই এক উদ্ভুত সমাহাৰ। এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সংগীত হৈছে 'জুড়েগা ইণ্ডিয়া, জীতেগা ইণ্ডিয়া'। মই ক’ম 'জুড়েগা ইণ্ডিয়া, আপোনালোকে ক’ব জীতেগা ইণ্ডিয়া। ‘জুড়েগা ইণ্ডিয়া, জিতেগা ইণ্ডিয়া’, ‘জুড়েগা ইণ্ডিয়া, জিতেগা ইণ্ডিয়া’, ‘জুড়েগা ইণ্ডিয়া, জিতেগা ইণ্ডিয়া’ শব্দবোৰ আজি আকাশত প্ৰতিধ্বনিত হৈছে। আপোনালোকৰ উৎসাহ আজি আপোনালোকৰ মুখত জিলিকি উঠিছে। এই উজ্জ্বলতাই ক্ৰীড়া জগতৰ আগন্তুক সোণালী ভৱিষ্যতৰ আৰম্ভণি। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এই মঞ্চই আপোনালোক সকলোৰে বাবে এক নতুন লঞ্চিং পেড হিচাপে কাম কৰিব। এই খেলসমূহত অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সতীৰ্থসকল, আজি গুজৰাটবাসীকো শলাগ লৈছো, যিসকলে অতি কম সময়ৰ ভিতৰতে এই ভৱিষ্যৎ প্ৰজন্মৰ সকলো ব্যৱস্থা কৰি দিলে। এয়াই গুজৰাটৰ শক্তি, ইয়াৰ জনসাধাৰণৰ শক্তি। কিন্তু বন্ধুসকল, যদি কিবা অভাৱ অনুভৱ কৰে, যদি কিবা অসুবিধা অনুভৱ কৰে, তেন্তে এজন গুজৰাটী হিচাপে আপোনালোক সকলোৰে ওচৰত আগতীয়াকৈ ক্ষমা বিচাৰিছো। কালি আহমেদাবাদত অনুষ্ঠিত হোৱা দৰ্শনীয় গ্ৰেণ্ড ড্ৰ’ন শ্ব’টো দেখি সকলোৱে আচৰিত আৰু গৌৰৱান্বিত। ড্ৰ’নৰ দৰে প্ৰযুক্তিৰ এনে সুন্দৰ ব্যৱহাৰে গুজৰাটক নতুন উচ্চতালৈ লৈ যাব। ইয়াত আয়োজন কৰা প্ৰথমটো ৰাষ্ট্ৰীয় ক্ৰীড়া সন্মিলনৰ সফলতাৰ বিষয়েও বহু কথাই চৰ্চা চলি আছে। এই সকলো প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল ডাঙৰীয়া আৰু তেওঁৰ সমগ্ৰ দললৈও গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাত্ৰ কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় খেলৰ অফিচিয়েল মেস্কট ‘সাৱাজ’ও মুকলি কৰা হৈছে। গিৰৰ সিংহবোৰক প্ৰদৰ্শন কৰি এই শুভঙ্কৰ সাৱাজে ভাৰতৰ যুৱপ্ৰজন্মৰ মনোভাৱ প্ৰতিফলিত কৰিছে, নিৰ্ভীকভাৱে ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ আবেগ প্ৰকাশ কৰিছে। বিশ্বৰ ক্ষেত্ৰখনতো ই ভাৰতৰ দ্রুতগতিত উত্থান ঘটাব পৰা ক্ষমতাৰ প্রতীক৷ সতীৰ্থসকল, আজি আপুনি যিখন ষ্টেডিয়ামত আৰু যিখন ক্ৰীড়া কমপ্লেক্সত উপস্থিত আছে, ইয়াৰ বিশালতা আৰু আধুনিকতাও এক বেলেগ প্ৰেৰণাৰ কাৰণ। এই ষ্টেডিয়ামখন কেৱল বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামে নহয়, লগতে এই চৰ্দাৰ পেটেল স্প’ৰ্টছ এনক্লেভ এণ্ড কমপ্লেক্সটোও বহু দিশত অনন্য। সাধাৰণতে এনে ক্ৰীড়া কমপ্লেক্সবোৰ এটা বা দুটা বা তিনিটা খেলৰ ওপৰত মনোনিৱেশ কৰি থাকে। কিন্তু চৰ্দাৰ পেটেল স্প’ৰ্টছ কমপ্লেক্সত একে সময়তে ফুটবল, হকী, বাস্কেটবল, কাবাদী, বক্সিং আৰু লন টেনিছৰ দৰে বহুতো খেলৰ সুবিধা আছে। এক প্ৰকাৰে ই সমগ্ৰ দেশৰ বাবে এক আৰ্হি। কাৰণ, যেতিয়া আন্তঃগাঁথনি এই মানদণ্ডৰ হয়, তেতিয়া খেলুৱৈসকলৰ মনোবলো এক নতুন উচ্চতাত উপনীত হয়। মই নিশ্চিত যে আমাৰ সকলো খেলুৱৈয়ে এই কমপ্লেক্সত নিজৰ অভিজ্ঞতা নিশ্চিতভাৱে উপভোগ কৰিব। মোৰ যুৱ সতীৰ্থসকল, সৌভাগ্যক্ৰমে এই সময়ত নৱৰাত্ৰীৰ শুভ অনুষ্ঠানো চলি আছে। মা দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি গুজৰাটৰ গৰবালৈকে ইয়াৰ নিজস্ব পৰিচয় আছে। অন্য ৰাজ্যৰ পৰা অহা খেলুৱৈসকলক মই ক’ম যে খেলৰ লগতে ইয়াত নৱৰাত্ৰী অনুষ্ঠানটো নিশ্চয় উপভোগ কৰক৷ গুজৰাটবাসীয়ে আপোনালোকৰ আতিথ্যত আপোনালোকক আদৰিবলৈ কোনো কৃপণতা নকৰে। মই দেখিছোঁ কালি আমাৰ নীৰজ চোপ্ৰাই কেনেকৈ গৰবা উপভোগ কৰি আছিল। উদযাপনৰ এই আনন্দই, আমাক ভাৰতীয়ক বান্ধি ৰাখে, ইজনে সিজনক সমৰ্থন কৰিবলৈ অনুপ্ৰাণিত কৰে। এই উপলক্ষে আপোনালোক সকলোকে, গুজৰাটবাসীৰ লগতে দেশবাসীক পুনৰবাৰ নৱৰাত্ৰিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ যুৱ বন্ধুসকল, যিকোনো দেশৰ অগ্ৰগতি আৰু বিশ্বত ইয়াৰ সন্মানৰ সৈতে ইয়াৰ ক্ৰীড়াক্ষেত্ৰৰ সফলতাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। জাতিৰ নেতৃত্ব দেশৰ যুৱক-যুৱতীসকলে দিয়ে, আৰু খেলা-ধূলা আৰু খেলা-ধূলা সেই যুৱকজনৰ শক্তিৰ মূল উৎস, তেওঁৰ জীৱন গঢ়ি তুলিবলৈ। আজিও আপুনি দেখিব যে বিশ্বৰ উন্নয়ন আৰু অৰ্থনীতিৰ ক্ষেত্ৰত শীৰ্ষত থকা প্ৰায়বোৰ দেশেই পদক তালিকাতো শীৰ্ষত আছে। সেয়ে খেলপথাৰত খেলুৱৈ সকলৰ জয়, তেওঁলোকৰ শক্তিশালী প্ৰদৰ্শনে আন আন ক্ষেত্ৰতো দেশৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। খেলৰ কোমল শক্তিয়ে, দেশৰ পৰিচয়, দেশৰ ভাবমূৰ্তি বহুত ভাল কৰি তোলে। সতীৰ্থ, মই প্ৰায়ে ক্ৰীড়া সতীৰ্থসকলক কওঁ-সফলতা আৰম্ভ হয় কৰ্মৰ পৰা! অৰ্থাৎ আপুনি যি মুহূৰ্তত আৰম্ভ কৰিছিল, সেই মুহূৰ্ততে সফলতাও আৰম্ভ হৈছিল। আপুনি হয়তো যুঁজিব লাগিব, যুঁজিব লাগিব পাৰে। উজুটি খাব পাৰে, পৰিব পাৰে। কিন্তু, যদি আপুনি দৌৰাৰ মনোভাৱ এৰি দিয়া নাই, তেন্তে আপুনি আগবাঢ়ি গৈ আছে, তেন্তে ধৰি লওক যে জয় নিজেই আপোনাৰ ফালে খোজ কাঢ়ি গৈ আছে। স্বাধীনতাৰ অমৃতত এই উদ্যমেৰে দেশে নতুন ভাৰত নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এটা সময় আছিল, যেতিয়া অলিম্পিকৰ দৰে বিশ্বব্যাপী ক্ৰীড়া অনুষ্ঠানৰ বাবে পৃথিৱীখন উন্মাদ হৈ পৰিছিল। কিন্তু আমাৰ ঠাইত সেই খেলবোৰ, বছৰ বছৰ ধৰি, কেৱল সাধাৰণ জ্ঞানৰ বিষয় হিচাপেহে সামৰি লোৱা হৈছিল। কিন্তু এতিয়া মেজাজ সলনি হৈছে, মেজাজ নতুন, পৰিবেশ নতুন। ২০১৪ চনৰ পৰা দেশত আৰম্ভ হোৱা ‘প্ৰথম আৰু শ্ৰেষ্ঠ’ৰ প্ৰক্ৰিয়াটোত আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াতো সেই জলৱা বজাই ৰাখিছে। আপুনি দেখিছে, আঠ বছৰ আগলৈকে ভাৰতৰ খেলুৱৈয়ে এশতকৈও কম আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এতিয়া ভাৰতৰ পৰা অহা খেলুৱৈয়ে তিনিশৰো অধিক আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণ কৰে। আঠ বছৰ আগতে ভাৰতৰ খেলুৱৈ সকলে ২০-২৫ খন খেল খেলিবলৈ গৈছিল। এতিয়া ভাৰতৰ পৰা খেলুৱৈ সকলে প্ৰায় ৪০ টা ভিন্ন খেলত অংশগ্ৰহণ কৰিবলৈ যায়। আজি ভাৰতৰ পদকৰ সংখ্যাও বৃদ্ধি পাইছে আৰু ভাৰতৰ ভাবুকিও বাঢ়িছে। আনকি কৰ’নাৰ কঠিন সময়তো দেশে নিজৰ খেলুৱৈসকলৰ মনোবল নিৰাশ কৰা নাছিল। আমি আমাৰ যুৱক-যুৱতীসকলক সকলো প্ৰয়োজনীয় সম্পদ দিলোঁ, প্ৰশিক্ষণৰ বাবে বিদেশলৈ পঠিয়াই দিলোঁ। আমি ক্ৰীড়া মনোভাৱেৰে ক্ৰীড়াৰ বাবে কাম কৰিছিলো। টপছৰ দৰে আঁচনিৰ জৰিয়তে বছৰ বছৰ ধৰি মিছন মোডত প্ৰস্তুত কৰা হয়। আজি ডাঙৰ খেলুৱৈৰ সফলতাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতে নতুন খেলুৱৈৰ সৃষ্টিলৈকে টপছে ডাঙৰ ভূমিকা পালন কৰি আছে। আজি আমাৰ যুৱক-যুৱতীসকলে প্ৰতিটো খেলতে নতুন নতুন অভিলেখ গঢ়িছে, লগতে নিজৰ অভিলেখ ভংগ কৰিছে। এইবাৰ টকিঅ’ত ভাৰতে অলিম্পিকত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল। টকিঅ’ অলিম্পিকত প্ৰথমবাৰৰ বাবে দেশৰ নামত ইমানবোৰ পদক লাভ কৰিলে যুৱকজনে। ইয়াৰ পিছত আমি থমাছ কাপত আমাৰ বেডমিণ্টন দলৰ জয়ৰ উদযাপন কৰিলোঁ। উগাণ্ডাৰ পেৰা বেডমিণ্টন দলটোৱেও ৪৭টা পদক লাভ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই সফলতাৰ আটাইতকৈ শক্তিশালী দিশটো হ’ল আমাৰ ছোৱালীবোৰো ইয়াৰ সমান অংশীদাৰ৷ আজি আমাৰ ছোৱালীবোৰে ত্ৰিৰংগাৰ গৌৰৱক আগত তুলি ধৰিছে। সতীৰ্থসকল, ক্ৰীড়া জগতত এই সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সামৰ্থ্য দেশখনত আছিল আৰু আগতে। এই বিজয়ো আগতেই আৰম্ভ হ’ব পাৰিলেহেঁতেন। কিন্তু ক্ৰীড়াত যি পেছাদাৰিত্ব থাকিব লাগিছিল তাৰ ঠাইত পাৰিবাৰিকতা আৰু দুৰ্নীতিয়ে স্থান দখল কৰিছিল। আমি ব্যৱস্থাটোও পৰিষ্কাৰ কৰিলোঁ, আৰু যুৱক-যুৱতীসকলৰ সপোনৰ বাবে আত্মবিশ্বাস জগাই তুলিলোঁ। দেশখনে এতিয়া কেৱল পৰিকল্পনা নকৰে, যুৱক-যুৱতীসকলৰ সৈতে খোজে খোজে আগবাঢ়ি যায়। সেইবাবেই, আজি ফিট ইণ্ডিয়া আৰু খেলো ইণ্ডিয়াৰ দৰে প্ৰচেষ্টা এক গণ আন্দোলনত পৰিণত হৈছে। সেইবাবেই, আজি খেলুৱৈ সকলক অধিক সম্পদ প্ৰদান কৰা হৈছে আৰু অধিক সুবিধাও দিয়া হৈছে। যোৱা ৮ বছৰত দেশৰ ক্ৰীড়া বাজেট প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। আজি দেশত ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, প্ৰতিটো চুকত আধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, অৱসৰ লোৱাৰ পাছতো খেলুৱৈসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে। এই দিশতো কাম কৰা হৈছে যাতে অৱসৰপ্ৰাপ্ত খেলুৱৈ সকলৰ অভিজ্ঞতাৰ সুবিধা নতুন প্ৰজন্মই লাভ কৰিব পাৰে। সতীৰ্থ, ক্ৰীড়া, ক্ৰীড়া ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ এক অংশ হৈ আহিছে হাজাৰ হাজাৰ বছৰ। ক্ৰীড়া আমাৰ উত্তৰাধিকাৰ আৰু বৃদ্ধিৰ যাত্ৰাৰ অংশ হৈ আহিছে। স্বাধীনতাৰ অমৃত কালত দেশে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি এই পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে। এতিয়া দেশৰ প্ৰচেষ্টা আৰু উৎসাহ কেৱল এটা খেলতে সীমাবদ্ধ নাথাকিলেও ভাৰতীয় ক্ৰীড়া যেনে ‘কালৰীপায়ট্টু’, যোগাসন আদিয়েও গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। মই সুখী যে এই খেলসমূহ ৰাষ্ট্ৰীয় খেলৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত এই ক্ৰীড়াসমূহক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকললৈ মই এটা কথা বিশেষভাৱে ক’ব বিচাৰিছো। এফালে আপুনি হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰাক আগুৱাই লৈ গৈছে, একে সময়তে আপুনি ক্ৰীড়া জগতৰ ভৱিষ্যতক নেতৃত্ব দিছে। অনাগত সময়ত যেতিয়া এই গেমসমূহে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিব, তেতিয়া আপোনাৰ নাম এই ক্ষেত্ৰসমূহত কিংবদন্তি হিচাপে লোৱা হ’ব। সতীৰ্থ, শেষত আপোনালোক সকলো খেলুৱৈক আৰু এটা মন্ত্ৰ দিব বিচাৰিছো। যদি আপুনি প্ৰতিযোগিতাত জয়ী হ’ব বিচাৰে তেন্তে আপুনি প্ৰতিশ্ৰুতি আৰু ধাৰাবাহিকতাৰে জীয়াই থাকিবলৈ শিকিব লাগিব। ক্ৰীড়াত পৰাজয় আৰু জয়ক আমি কেতিয়াও শেষ বুলি বিবেচনা কৰা উচিত নহয়। এই ক্ৰীড়া মনোভাৱ আপোনাৰ জীৱনৰ এটা অংশ হ’ব লাগে, তাৰ পিছত কেৱল ভাৰতৰ দৰে যুৱক আৰু ভাৰতৰ দৰে যুৱ দেশ, আপুনি ইয়াৰ সপোনক নেতৃত্ব দিব, সীমাহীন সম্ভাৱনা বাস্তৱায়িত কৰিব। আৰু মনত ৰাখিব লাগিব, য’ত গতি আছে, তাত প্ৰগতি আছে। গতিকে, আপুনি এই গতিবেগটো মাটিৰ পৰাও বজাই ৰাখিব লাগিব। এই গতি আপোনাৰ জীৱনৰ মিছন হ’ব লাগে। মই নিশ্চিত, ৰাষ্ট্ৰীয় গেমছত আপোনালোকৰ বিজয়ে জাতিটোক উদযাপনৰ সুযোগ দিব, আৰু ভৱিষ্যতৰ প্ৰতিও এক নতুন আত্মবিশ্বাস জগাই তুলিব। এই বিশ্বাসেৰে মই ষয়ত্ৰিশতম ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ কৰাৰ আহ্বান জনাইছো।
গুজৰাটৰ আহমেদাবাদত আয়োজিত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B8-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95-%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B8-%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%95-%E0%A6%B8%E0%A6%B9%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF/
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ব্ৰিক্স আন্তঃবেংক সহযোগিতা ব্যৱস্থাৰ অধীনত এক্সিম বেংকৰদ্বাৰা ক) আন্তঃবেংক স্থানীয় মূদ্ৰা ঋণ সীমাৰ চূক্তি আৰু খ) ঋণ মূল্যায়ন সহযোগিতা চূক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। যিহেতু দুয়োখন চূক্তিয়েই একো ছত্ৰছায়াতে আৱদ্ধ, সেয়ে এক্সিম বেংকৰ পৰিচালকসকলৰ হাতত তেওঁলোকৰ ব্যক্তিগত কাম-কাজ তথা যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকিব। প্ৰভাৱ এই দুয়োখন চূক্তিয়ে ব্ৰিক্সৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক আগ্ৰহ থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বহুপাক্ষিক সহযোগিতা স্থাপনত সহায় কৰিব। এই দুয়োখন চূক্তিৰ স্বাক্ষৰৰ ফলত এক্সিম বেংকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুলভৱে বিকশিত বিত্তীয় সংস্থা যেনে, চি ডি এচ, ভি ই বি আদিৰ সৈতে ফেৰ মাৰিব পাৰিব।এই সংস্থাসমূহৰ লগত দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো সুবিধা হ’ব। পটভূমিঃ এক্সিম বেংকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতীয় বাণিজ্যক প্ৰচাৰ আৰু প্ৰসাৰত সহায় কৰি আহিছে।প্ৰযুক্তিৰ আমদানি, সামগ্ৰীৰ উন্নয়ন তথা ৰপ্তানি, বিদেশত বিনিয়োগ আদি বিভিন্ন ক্ষেত্ৰত ই ভাৰতীয় বাণিজ্যক এক প্ৰতিযোগিতামূলক পৰিৱেশৰ লগত খাপ খুউৱাত সহায় কৰি আহিছে। আন্তঃবেংক স্থানীয় মূদ্ৰা ঋণ সীমাৰ চূক্তি পোনতে ব্ৰিক্স আন্তঃবেংক সহযোগিতা ব্যৱস্থাৰ অধীনত হোৱা আন্তঃবেংক স্থানীয় মূদ্ৰা ঋণ সীমাৰ চূক্তিৰ সময়সীমা আছিল পাঁচ বছৰ যিটো ২০১৭ বৰ্ষৰ মাৰ্চ মাহত উকলিল।বহু সদস্যই ২০১২ চনৰ দ্বিপাক্ষিক চূক্তিত চূক্তিৱদ্ধ হ’ল। ঋণ মূল্যায়ন সহযোগিতা চূক্তি ইয়াৰ ফলত ব্ৰিক্সৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক ঋণৰ আদান-প্ৰদান সম্ভৱ হব।সীমাৰ পৰিধি ভেদি ঋণৰ আদান-প্ৰদানৰ বাবে ই এক আদৰ্শ ব্যৱস্থা হৈ পৰিব। ভৱিষ্যতে এনে ব্যৱস্থাই ব্ৰিক্সৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ মূল্যাঙ্কনৰ বিকল্প সংস্থা হিচাপেও কাম কৰাৰ সম্ভাৱনা আছে। এই দুয়োখন চূক্তিত ২০১৭ চনত চীনৰ জিয়ামেনত যোৱা ৪ ছেপ্তেম্বৰ তাৰিখে গঠিত হোৱা জিয়ামেন ডিক্লাৰেশ্যনৰ ওপৰতো আলোকপাত কৰিছে।
ব্ৰিক্স আন্তঃবেংক সহযোগিতা ব্যৱস্থাৰ অধীনত এক্সিম বেংকৰদ্বাৰা ক) আন্তঃবেংক স্থানীয় মূদ্ৰা ঋণ সীমাৰ চূক্তি আৰু খ) ঋণ মূল্যায়ন সহযোগিতা চূক্তি স্বাক্ষৰৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A6%A3%E0%A6%BF%E0%A6%A4%E0%A6%9C%E0%A7%8D%E0%A6%9E-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F-%E0%A6%97%E0%A6%A3%E0%A6%BF%E0%A6%A4%E0%A6%9C%E0%A7%8D%E0%A6%9E-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE/
বিশিষ্ট গণিতজ্ঞ আৰু পদ্মশ্ৰী সন্মান প্ৰাপক শ্ৰী আৰ এল কাশ্যপৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰকাশ কৰা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; “শ্ৰী আৰ এল কাশ্যপ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন আৰু মহান পণ্ডিত। তেওঁ সমৃদ্ধ গণিতীয় আৰু বৈজ্ঞানিক জ্ঞানৰে পৰিপুষ্ট আছিল। ভাৰতৰ সাংস্কৃতিক মূলক লৈ তেওঁ সদায়ে গৌৰৱ বোধ কৰি অহাৰ লগতে বৈদিক অধ্যয়নৰে নিজৰ এক সুকীয়া পৰিচিতি গঢ়িব খুজিছিল। তেওঁৰ মৃত্যুৱে বাৰুকৈয়ে ব্যথিত কৰিছে। পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি।
বিশিষ্ট গণিতজ্ঞ আৰু পদ্মশ্ৰী সন্মান প্ৰাপক শ্ৰী আৰ এল কাশ্যপৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AB-%E0%A6%96%E0%A7%87%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AB-%E0%A6%96%E0%A7%87%E0%A6%B2/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অলিম্পিকত অসাধাৰণ ক্রীড়া নৈপুণ্য প্রদর্শন আৰু মানসিক দৃঢ়তাৰ বাবে গল্ফ খেলুৱৈ অদিতি অশোকৰ প্রশংসা কৰিছে। এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “সুন্দৰ খেলা দেখুৱাইছে @aditigolf ! আপুনি #tokyo2020’ত অসাধাৰণ ক্রীড়া নৈপুণ্য আৰু দৃঢ়তা দেখুৱাইছে। খুব অলপৰ কাৰণে পদক হাতৰ পৰা গ'লেও আপুনি যি ক্রীড়া নৈপুণ্য দেখুৱাইছে, সেয়া কোনো ভাৰতীয়তকৈ কম নহয়। আনকি, আপুনি আনৰ বাবে দৃষ্টান্ত হৈ উঠিছে। আপোনাৰ ভৱিষ্যৎ প্রচেষ্টালৈ শুভ কামনা জনাইছো”।
প্রধানমন্ত্রীয়ে গল্ফ খেলুৱৈ অদিতি অশোকৰ ক্রীড়া নৈপুণ্য আৰু দৃঢ়তাৰ প্রশংসা কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%B9%E0%A6%AE-%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%95%E0%A6%B9%E0%A6%AE-%E0%A6%AD/
ভাৰত আৰু ছুইডেনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি ভাৰতৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয় আৰু ছুইডেনৰ উদ্যোগ আৰু উদ্ভাৱন বিষয়ক মন্ত্রালয়ৰ মাজত স্বাক্ষৰিত এক বহনক্ষম ভৱিষ্যতৰ লক্ষ্যৰে ভাৰত-ছুইডেনৰ মাজত সহযোগিতাৰ প্রসংগত যৌথ ঘোষণা পত্ৰ। ভাৰত আৰু ডেনমার্কৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি ভাৰতৰ গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রালয় আৰু ডেনমার্কৰ উদ্যোগ-বাণিজ্য আৰু বিত্ত পৰিক্ৰমা মন্ত্রালয়ৰ মাজত স্মার্ট আৰু বহনক্ষম নগৰ উন্নয়ন সম্পর্কীয় এক সহযোগিতা চুক্তি। ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ পশুপালন, দুগ্ধ উৎপাদন আৰু মীনপালন বিভাগৰ সৈতে ডেনমার্কৰ খাদ্য আৰু পৰিৱেশ মন্ত্রালয়ৰ পশু চিকিৎসা আৰু খাদ্য ব্যৱস্থাপনা বিভাগৰ মাজত সহযোগিতা চুক্তি। ভাৰতৰ খাদ্য সুৰক্ষা আৰু গুণগত মান নির্ণায়ক কর্তৃপক্ষ আৰু ডেনমার্কৰ পশু চিকিৎসা আৰু খাদ্য ব্যৱস্থাপনা বিভাগৰ মাজত স্বাক্ষৰিত খাদ্য নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা প্রসাৰ সম্পর্কীয় বুজাবুজি চুক্তি। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ডেনমার্কৰ কোপেন হেগেন বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ ছায়েন্স বিভাগৰ মাজত কৃষি শিক্ষা আৰু গৱেষণা সম্পর্কিত সহযোগিতা চুক্তি। ভাৰত আৰু আইলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ আৰু আইলেণ্ড বিশ্ববিদ্যালয়ৰ মাজত হিন্দী ভাষাৰ বাবে আইচিচিআৰ অধ্যাপকৰ পদ সৃষ্টি সম্পর্কীয় বুজাবুজি চুক্তি।
প্ৰধানমন্ত্ৰীৰ ষ্ট’কহম ভ্ৰমণৰ উপলক্ষে স্বাক্ষৰিত তথা বিনিময় কৰা বুজাবুজি চুক্তি আৰু চুক্তিৰ তালিকা ( ১৬-১৭ এপ্ৰিল, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%B0-%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%A4-%E0%A6%B8%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%9A%E0%A7%87%E0%A6%A8%E0%A7%B0-%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%A4-%E0%A6%B8%E0%A6%95/
কঠোৰ প্ৰশিক্ষণ সমাপ্ত কৰি বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ ছিয়াচেনৰ কুমাৰ পোষ্টত সক্ৰিয়ভাৱে নিয়োজিত দেশৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হোৱা ফায়াৰ এণ্ড ফিউৰি চেপাৰ্ছৰ কেপ্তেইন শিৱা চৌহানক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ফায়াৰ এণ্ড ফিউৰি চেপাৰ্ছ কৰ্পছৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, "ই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব, ভাৰতৰ নাৰী শক্তিৰ মনোভাৱ প্ৰতিফলিত কৰিব।"
ছিয়াচেনৰ কুমাৰ পোষ্টত সক্ৰিয়ভাৱে নিয়োজিত প্ৰথমগৰাকী মহিলা বিষয়া কেপ্তেইন শিৱা চৌহানক প্ৰশংসা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A6%8F%E0%A6%9A-%E0%A6%8F-%E0%A6%9F%E0%A6%BF-%E0%A7%A8%E0%A7%AF-%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AE-%E0%A6%89%E0%A6%AA%E0%A6%97%E0%A7%8D%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BF-%E0%A6%8F%E0%A6%9A-%E0%A6%8F-%E0%A6%9F%E0%A6%BF-%E0%A7%A8%E0%A7%AF-%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AE-%E0%A6%89%E0%A6%AA%E0%A6%97%E0%A7%8D%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ অভিনন্দন জ্ঞাপন কৰে। “জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ মোৰ আন্তৰিক অভিনন্দন।এই দ্বৈত সফলতাই ভাৰতে প্ৰক্ষেপণ কৰা যানৰ কক্ষপথত আটাইতকৈ গধুৰ কৃত্ৰিম উপগ্ৰহ প্ৰতিস্থাপনৰ নতুন অভিলেখ গঢ়িলে। এই কৃত্ৰিম উপগ্ৰহই দেশৰ আটাইতকৈ দুৰ্গম স্থানলৈয়ো যোগাযোগ তথা ইন্টাৰনেটৰ সুবিধা প্ৰদানত সহায় কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
জি এচ এ টি-২৯ কৃত্ৰিম উপগ্ৰহক কঢ়িয়াই নিয়া জি এচ এল ভি এম কে ৩-ডি২ ৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%A8-%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A7%E0%A7%A8-%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ এপ্ৰিলৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা কমপ্লেক্স উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জন সহায়ক ন্যাসৰ হীৰামণি আৰোগ্যধামৰ আধাৰশিলাও স্থাপন কৰিব। হোষ্টেল আৰু শিক্ষা কমপ্লেক্সত ৬০০ জন শিক্ষাৰ্থী আৰু খাদ্য আদিৰ বাবে ১৫০ টা কোঠা আছে। অন্যান্য সুবিধাবোৰৰ ভিতৰত আছে জিপিএছচি, ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ, ই-লাইব্ৰেৰী, কনফাৰেন্স ৰুম, ক্ৰীড়া কোঠা, টিভি কোঠা, শিক্ষাৰ্থীসকলৰ বাবে প্ৰাথমিক স্বাস্থ্য সুবিধা ইত্যাদি। জন সহায়ক ন্যাসে হিৰমণি আৰোগ্য ধামৰ বিকাশ কৰিব। ইয়াত শেহতীয়া চিকিৎসা সুবিধা থাকিব যাৰ ভিতৰত আছে এসময়ত 14 জন ব্যক্তিৰ ডায়েলাইচিছ সুবিধা, 24 ঘণ্টা ৰক্ত যোগান সুবিধা থকা ৰক্ত বেঙ্ক, চৌব্বিশ ঘণ্টা চিকিৎসা দোকান, আধুনিক পৰীক্ষাগাৰ আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে শীৰ্ষ শ্ৰেণীৰ সঁজুলি। ই আয়ুৰ্বেদ, হোমিঅ’পেথি, আকুপাংচাৰ, যোগ ঔষধ আদিৰ বাবে আধুনিক সুবিধাৰ সৈতে এক ডে-কেয়াৰ কেন্দ্ৰও হ’ব। প্ৰাথমিক চিকিৎসা প্ৰশিক্ষণ, টেকনিচিয়ান প্ৰশিক্ষণ আৰু চিকিৎসকৰ প্ৰশিক্ষণসুবিধাও উপলব্ধ হ’ব।
প্ৰধানমন্ত্ৰীয়ে ১২ এপ্ৰিলত গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধম ন্যাসৰ হোষ্টেল আৰু শিক্ষা কমপ্লেক্স উদ্বোধন কৰিব
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%80-%E0%A6%AC%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%80-%E0%A6%AC%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি কাশী বিদ্বৎ পৰিষদৰ সভাপতি অধ্যাপক ৰাম যত্ন শুক্লাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে অধ্যাপক শুক্লাৰ মৃত্যুক শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে: "কাশী বিদ্ৱৎ পৰিষদৰ সভাপতি অধ্যাপক ৰামযত্ন শুক্লাজীৰ মৃত্যু শৈক্ষিক, আধ্যাত্মিক আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। সংস্কৃত ভাষা আৰু পৰম্পৰাগত শাস্ত্ৰ সংৰক্ষণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা থাকিল। ওম শান্তি!"
প্ৰধানমন্ত্ৰীয়ে কাশী বিদ্বৎ পৰিষদৰ সভাপতি অধ্যাপক ৰাম যত্ন শুক্লাৰ মৃত্যুত শোক প্ৰকাশ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AF-%E0%A6%AE%E0%A7%87-%E0%A7%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A7%A8%E0%A7%AF-%E0%A6%AE%E0%A7%87-%E0%A7%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে, ২০২২ তাৰিখে মন কী বাতৰ বাবে তথ্য ভাগ-বতৰা কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "মই আপোনালোক সকলোকে এই মাহৰ ২৯ তাৰিখে অনুষ্ঠিত হ’বলগীয়া #MannKiBaat বাবে আপোনালোকৰ তথ্য ভাগ বতৰা কৰিবলৈ আমন্ত্ৰণ জনাইছো। মই নমো এপ আৰু মাইগভত আপোনালোকৰ মন্তব্যৰ বাবে অপেক্ষা কৰি আছো। আপোনালোকে আপোনালোকৰ বাৰ্তা ১৮০০-১১-৭৮০০ ত ৰেকৰ্ড কৰিব পাৰে।"
প্ৰধানমন্ত্ৰীয়ে ২৯ মে, ২০২২ তাৰিখে মন কী বাতৰ বাবে তথ্য ভাগ বতৰা কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D/
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত এক অনুষ্ঠানত ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ নতুন ভৱন উদ্বোধন কৰে। অনুষ্ঠানত মহাৰাষ্ট্রৰ ৰাজ্যপাল শ্রী চি. বিদ্যাসাগৰ ৰাও, মুখ্যমন্ত্রী শ্রী দেবেন্দ্ৰ ফাড়নাবিছ, দুগৰাকী কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ক্ৰমে শ্রী ৰামদাস আথাৱালে আৰু কর্ণেল ৰাজ্যৱর্ধন সিং ৰাথোড়কে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়টোৱে উঠি অহা প্ৰজন্মক ভাৰতীয় চলচ্চিত্ৰৰ সম্বন্ধে জনা আৰু বুজাত যথেষ্ট সহায় কৰিব। এই সংগ্ৰহালয়ত ভাৰতীয় বিনোদন উদ্যোগৰ ইতিহাস সম্বন্ধে বিস্তৃত বিৱৰণ আছে। চলচ্চিত্ৰ জগতত ব্যক্তিত্বৰ খ্যাতি অর্জনৰ পূৰ্বে তেওঁলোকৰ জীৱন সংগ্রামৰ কাহিনীও সংগ্ৰহালয়ত আছে। চলচ্চিত্ৰ আৰু সমাজক এটা আনটোৰ প্ৰতিফলন বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে সমাজত যি ঘটিছে চলচ্চিত্ৰ জৰিয়তেও সেয়া প্ৰতিফলিত হয়। একেদৰে, চলচ্চিত্রৰ চৰিত্ৰসমূহ এখন সমাজৰ প্ৰতিবিম্ব। চলচ্চিত্রৰ বর্তমান ধাৰা প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে এনে বহু চলচ্চিত্ৰ আছে, য’ত সমস্যাৰ সমান্তৰালভাৱে সমাধানৰ কথাও দর্শকৰ আগত তুলি ধৰা হৈছে। নিঃসন্দেহে ই এক ইতিবাচক দিশ। আগতে চলচ্চিত্রত কেৱল আনন্দ আৰু সুখৰ কথা তুলি ধৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে আজি যিবোৰ সমস্যাৰ সম্মুখীন হৈছে, তাৰ সমাধানসূত্ৰ উলিয়াবলৈ নিজৰ প্ৰতি যথেষ্ট বিশ্বাস ৰখা প্ৰয়োজন। প্ৰধানমন্ত্রীয়ে বিশ্বজুৰি ভাৰতীয় চলচ্ছিত্ৰৰ প্ৰভাৱ আৰু বিস্তাৰৰ সন্দৰ্ভতো আলোকপাত কৰে৷ এই প্ৰসংগত তেওঁ বহু বিশ্ব নেতাৰ সৈতে কৰা মতবিনিময়ৰ কথা উল্লেখ কৰে, যিসকলে ভাৰতীয় ভাষাৰ গানো গাব পাৰে। চলচ্চিত্রৰ সৈতে জড়িত ব্যক্তিসকলক শুভেচ্ছা জনাই তেওঁ কয় যে তেওঁলোকৰ ছবিত যিবোৰ চৰিত্ৰ ফুটি উঠিছে, সেইবোৰে তৰুণ প্ৰজন্মৰ কল্পনাক ধৰি ৰাখিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰত এই ধৰণৰ চৰিত্ৰৰ বিশ্বজুৰি গ্ৰহণযোগ্যতা আছে আৰু তৰুণ প্ৰজন্মৰ ভাৰতীয়সকলে কেৱল বেটমেনৰে অনুৰাগী নহয়, বাহুবলীৰো অনুগামী। প্ৰধানমন্ত্রীয়ে কয় যে ছফট্ পাৱাৰ হিচাপে ভাৰতৰ গ্ৰহণযোগ্যতা, ব্ৰেণ্ড ইণ্ডিয়া নামৰ প্ৰতি সুবিচাৰ আৰু বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰতীয় চলচ্চিত্রৰ ডাঙৰ ভূমিকা আছে। এতিয়া চিনেমাৰ জৰিয়তে অনাময়, মহিলা সবলীকৰণ, ক্রীড়াৰ দৰে গুৰুত্বপূর্ণ সামাজিক বিষয়সমূহৰ বার্তা সাধাৰণ জনতাৰ কাষলৈ লৈ গৈছে। ৰাষ্ট্ৰ নিৰ্মাণৰ সমান্তৰালভাৱে, ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ উপলব্ধিক আৰু অধিক শক্তিশালী কৰিবলৈ চলচ্চিত্ৰই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। দেশত পর্যটনৰ বিকাশতো চলচ্চিত্ৰই বৰঙণি যোগাৱাৰ বিপুল সম্ভাৱনা আছে বুলি তেওঁ মত প্ৰকাশ কৰে। দেশৰ বিভিন্ন অংশত চলচ্চিত্রৰ দৃশ্যায়নৰ বাবে একক অনুমোদন জনোৱা ব্যৱস্থা গঢ়ি তোলা হৈছে, যাতে চলচ্চিত্ৰ নির্মাণ আৰু প্ৰযোজনা আৰু সহজ হৈ পৰে৷ ফিল্ম পাইৰেচিৰ সমস্যা দূৰীকৰণত ১৯৫২ৰ চিনেমাটোগ্রাফ আইন সংশোধনৰ কাম কৰি থকা হৈছে বুলিও প্ৰধানমন্ত্ৰী সদৰী কৰে৷ প্ৰধানমন্ত্রীয়ে লগতে কয় যে এনিমেশন, ভিজুৱেল এফেক্টছ, গেমিং আৰু কমিক্স ক্ষেত্রৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক উৎকর্ষ কেন্দ্ৰ গঢ়ি তোলাৰ দিশত কাম কৰি আছে। জনসংযোগ আৰু বিনোদন ক্ষেত্রৰ বাবে এটি স্বতন্ত্ৰ বিশ্ববিদ্যালয় স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে এই ধৰণৰ প্ৰতিষ্ঠান স্থাপনে চলচ্চিত্ৰ ব্যক্তিত্বৰ গুৰুত্বপূর্ণ পৰামর্শ আৰু মতামত আহ্বান কৰে। ভাৰতীয় চলচ্চিত্রৰ বজাৰ বৃদ্ধি দাভোছ সন্মিলনৰ দৰে বিশ্ব চলচ্চিত্ৰ সন্মিলন আয়োজনৰো প্ৰস্তাৱ আগবঢ়ায় প্ৰধানমন্ত্ৰী মোদীয়ে৷
ভাৰতীয় চলচ্চিত্রৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B-%E0%A6%AA%E0%A7%87%E0%A6%9A%E0%A6%BF%E0%A6%AB%E0%A6%BF%E0%A6%95-%E0%A6%87%E0%A6%95%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%AB%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B-%E0%A6%AA%E0%A7%87%E0%A6%9A%E0%A6%BF%E0%A6%AB%E0%A6%BF%E0%A6%95-%E0%A6%87%E0%A6%95%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%95-%E0%A6%AB%E0%A7%8D/
ৰাষ্ট্রপতি বাইডেন আৰু প্রধানমন্ত্রী কিশিদা, ভার্চুৱেল মাধ্যমত যুক্ত আমাৰ সকলো নেতৃবৃন্দ, সুধীবৃন্দ, আজি এই গুৰুত্বপূর্ণ অনুষ্ঠানত আপোনালোক সকলোৰে মাজত থাকিবলৈ পাই মই আনন্দিত। ইণ্ডো – পেচিফিক ইকনমিক ফ্রেমৱর্ক হ’ল সেই ব্যৱস্থাপনা, যাৰ মাজেৰে এই অঞ্চল পৃথিৱীৰ অর্থনৈতিক প্রগতিৰ চালিকাশক্তি হৈ উঠিব। এই গুৰুত্বপূর্ণ উদ্যোগ বাস্তৱায়নৰ বাবে মই ৰাষ্ট্রপতি বাইডেনক ধন্যবাদ জনাইছো। উৎপাদন, অর্থনৈতিক কর্মকাণ্ড, আন্তর্জাতিক ব্যৱসায় বাণিজ্য আৰু বিনিয়োগৰ কেন্দ্র বিন্দুত আছে ভাৰত – প্রশান্ত মহাসাগৰীয় অঞ্চল। শতাব্দীৰ পিছত শতাব্দী ধৰি এই অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্রত আছে ভাৰত – ইতিহাস তাৰ সাক্ষী। এই প্রসঙ্গত এটা কথা উল্লেখ কৰিলে অত্যুক্তি নহ’ব, সেয়া হ’ল বিশ্বৰ প্রাচীনতম বাণিজ্যিক বন্দৰটো ভাৰতত আমাৰ নিজৰ ৰাজ্য গুজৰাটৰ লোথালত আছিল। এই অঞ্চলৰ অর্থনৈতিক বিভিন্ন সমস্যাৰ সমাধানত আমি যাতে অভিন্ন আৰু সৃজনশীল কিছু উদ্যোগ ল’ব পাৰো, সেয়া নিশ্চিত কৰা অত্যন্ত গুৰুত্বপূর্ণ। সুধীবৃন্দ, সমন্বিত আৰু সুবিধাজনক ইণ্ডো – পেচিফিক ইকনমিক ফ্রেমৱর্ক গঢ়ি তুলিবলৈ আপোনালোকৰ সকলোৰে সৈতে ভাৰতে একত্ৰিত হৈ কাম কৰিব। মই বিশ্বাস কৰো, এটা বিশ্বস্ত সৰবৰাহ শৃঙ্খলাৰ তিনিটা প্রধান স্তম্ভ থকা প্রয়োজন – আস্থা, স্বচ্ছতা আৰু সময় মানি কাম কৰা, অর্থাৎ ট্রাষ্ট, ট্রান্সপাৰেন্সি আৰু টাইমলিনেছ। মই আশাবাদী যে এই ফ্রেমৱর্কে সংশ্লিষ্ট তিনিটা স্তম্ভক শক্তিশালী কৰি তোলাত সহায় কৰিব। ইয়াৰ মাধ্যমত ভাৰত – প্রশান্ত মহাসাগৰীয় অঞ্চলত উন্নয়ন, শান্তি আৰু সমৃদ্ধি অটুট থাকিব। বহুত বহুত ধন্যবাদ।
ইণ্ডো – পেচিফিক ইকনমিক ফ্রেমৱৰ্কৰ সূচনাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ ভাষণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%A1%E0%A7%81%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%85%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%A7-%E0%A6%AB%E0%A7%87%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%A1%E0%A7%81%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%85%E0%A6%A8/
আপোনালোকৰ মাজত উপস্থিত হোৱাৰ সুযোগ লাভ কৰি মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছো। ২০১৬ বৰ্ষত আবু-ধাবিৰ সন্মানীয় ৰাজকুমাৰে ভাৰত ভ্ৰমণলৈ গৈছিল। ২০১৭ বৰ্ষত তেওঁ মূখ্য অতিথিৰূপে আমাৰ দেশৰ গণৰাজ্য দিৱসত ভাগ লৈছিল। যোৱা কিছু দশকৰ অন্তত উপ-সাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক ইমান গভীৰ, ব্যাপক আৰু গতিশীল হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান উপ-সাগৰীয় দেশসমূহৰ সৈতে আমাৰ সম্পৰ্ক ‘ক্ৰেতা-বিক্ৰতা’ৰ মাজতেই সীমাবদ্ধ নাথাকি, ইয়াতকৈও ব্যাপক হোৱা পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষ প্ৰায় ত্ৰিশ লাখতকৈও অধিক ভাৰতীয়ক লৈ গৌৰবান্বিত যিসকলে উপ-সাগৰীয় দেশসমূহত বসবাস কৰি দেশখনৰ উন্নয়নৰ অংশীদাৰ হৈছে। মই সেই উপ-সাগৰীয় সেশসমূহলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৩০ লাখতকৈও অধিক ভাৰতীয়ক ভাৰতৰ বাহিৰত দ্বিতীয় গৃহত বসবাস কৰাৰ এক অনূকুল পৰিৱেশ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এই ঠাইক নিজৰ বুলি গণ্য কৰি স্থানীয় লোকসকলৰ দৰেই ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলেও ইয়াৰ লোকসকলৰ সপোনবোৰ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত সমান পৰিশ্ৰমেৰে প্ৰতিজ্ঞাবদ্ধ হোৱা দেখা গৈছে। এইদৰেই, আমি মানৱ জাতিৰ একতা আৰু সম্প্ৰীতিৰ এক উত্তম উদাহৰণ উপ-সাগৰীয় দেশসমূহত অনুভৱ কৰিবলৈ সমৰ্থৱান হৈছো। বিগত বৰ্ষত আবু-ধাবিৰ সন্মানীয় ৰাজকুমাৰে আবু-ধাবিত মন্দিৰ নিৰ্মাণৰ অভিমত ব্যক্ত কৰা বিষয়ত ভাৰতীয় লোকসকলে আশ্বৰ্য প্ৰকাশ কৰিছে।। মই ১.২৫ বিলিয়ন ভাৰতীয়ৰ হৈ সন্মানীয় ৰাজকুমাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই নিজেই আশ্বৰ্য্য প্ৰকাশ কৰিছো যে, ইমান সদভাৱনাৰে মন্দিৰ নিৰ্মাণকাৰ্য ! আমি এনেকুৱা এক সংস্কৃতি-পৰম্পৰাৰ মাজত ডাঙৰ-দীঘল হৈছো য’ত মন্দিৰক মানৱীয়তাৰ মাধ্যমৰূপে গণ্য কৰা হয় আৰু য’ত পৱিত্ৰ ঠাই এটুকুৰাক মানৱীয়তা আৰু সংহতিৰ বিশ্বজনীন বাহকৰূপে স্বীকাৰ কৰা হয় আৰু মোৰ বিশ্বাস আছে যে এই মন্দিৰটোও স্থাপত্য আৰু প্ৰযুক্তিৰ ফালৰপৰা তথা যিকোনো ঘটনাৰ বাহকৰূপে এক অনুপম আৰ্হিত নিৰ্মাণ কৰা হ’ব। মই আপোনালোকক এইটো বিষয় অৱগত কৰাব বিচাৰিছো যে, ইয়াৰ শাসকসকলে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি ইমান সন্মান প্ৰদৰ্শন কৰিছে যে এতিয়া আমি প্ৰতিজ্ঞাবদ্ধ হোৱাটো আমাৰ দায়িত্ব যাতে আমাৰদ্বাৰা কোনোধৰণৰ ক্ৰুতি-বিচ্যুতি নঘটে। যিসকল লোক এই মন্দিৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত আৰু যিসকল লোক ভৱিষ্যতে এই মন্দিৰৰ দৰ্শনাৰ্থী হ’ব তেওঁলোকৰপৰা মোৰ এইটো প্ৰত্যাশা আছে যে, তেওঁলোকে উমৈহতীয়া প্ৰচেষ্টা হাতত ল’ব লাগিব যাতে মানৱীয়তাৰ উচ্চ আৰ্দশ আৰু নীতিত কোনোধৰণৰ ব্যাঘাত নজন্মে৷ বৰ্তমান দেশখনে উন্নয়নৰ নতুন পৰ্যায়ত আৰোহন কৰা পৰিলক্ষিত হৈছে। এইটো ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয় যে, দেশখনে সাৰ্বজনীন সন্মিলনৰ উচ্চ পৰ্যায়ত এক বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মই সন্মিলনখন সম্বোধন কৰাৰ বাবে আমন্ত্ৰণ লাভ কৰো। ইয়াত, ভাৰতবৰ্ষৰ বিষয়ে তথ্য সংগ্ৰহ কৰোতে আপোনালোকৰ কোনো কঠিনতাৰ সন্মুখীন নহ’ব। আপোনালোকৰ হাতত ভাৰতবৰ্ষৰ বিষয়ে ইমান তথ্য থাকিব যে, যদি মই এটা বিষয় অৱগত কৰাওঁ, আপোনালোকে দহটা বিষয় অৱগত কৰাব পাৰিব আৰু এনেদৰেই আপোনালোকে এখন ক্ষুদ্ৰ ভাৰতবৰ্ষৰ মাজত বাস কৰিব পাৰিব। এই দেশখনত এনেকুৱা এটুকুৰাও ঠাই পৰিলক্ষিত হোৱা নাই য’ত ভাৰতবৰ্ষক চিত্ৰিত কৰা হোৱা নাই আৰু এনেদৰেই আপোনালোকে অনুভৱ কৰিব পাৰিব যে, কিমান কম সময়ৰ ভিতৰত ভাৰতবৰ্ষ পৰিৱৰ্তিত হৈছে আৰু ১.২৫ বিলিয়ন ভাৰতীয়ৰ সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসেৰে কিদৰে আগুৱাইছে৷ মানুহবিলাকৰ নিৰাশা, ভয়, শংকাসমূহৰ আমি সন্মুখীন হোৱাৰ লগতে সেই দিনবিলাকৰো সাক্ষী যেতিয়া মানুহে কৈছিল-‘বন্ধু একো আশা কৰিব নোৱাৰি, এৰা, বিচনা-পাতি বান্ধা আৰু বেলেগ ক’ৰবালৈ যাওঁ ব’লা’। এসময়ত সাধাৰণ মানুহে প্ৰায়েই আশংকাৰে প্ৰশ্ন কৰিছিল যে- ‘এইটো সম্ভৱ নে’? ‘এইটো আমাৰ দেশত হ’ব নে’? আৰু পৰৱৰ্তী চাৰি বছৰৰ ভিতৰতে দেশখনৰ জনসাধাৰণৰ মানসিক অৱস্থা এই পৰ্যায়ত উপনীত হৈছে যে আজি দেশবাসীয়ে এইটো সম্ভৱ হ’ব নে নহয় বুলি অভিযোগ কৰাৰ পৰিৱৰ্তে আত্মবিশ্বাসেৰে সোধে যে-‘মোডীজী কওঁক কেতিয়ালৈকে সমাপ্ত হ’ব’? ২০১৪ চনত আমি সাৰ্বজনীন পৰ্যায়ত ব্যৱসায়ৰ সৰলীকৰণ কৰাৰ ক্ষেত্ৰত ১৪২ নম্বৰ স্থানত অৱস্থান কৰিছিলো যিটো অতি সৰলভাৱে শেষৰফালৰ পৰা গণনা কৰিব পৰা গৈছিল যদিও আৰম্ভণিৰ ফালৰ পৰা বহু সময় লোৱা পৰিলক্ষিত হৈছিল। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ইমান কম সময়ৰ ভিতৰত বিশ্বৰ কোনো এখন ৰাষ্ট্ৰই ৪২ টা স্থান অতিক্ৰম কৰি ১০০ নম্বৰ স্থানত উপনীত হ’বলৈ সক্ষম হোৱা নাই। কিন্তু, কোনোৱেই যাতে নাভাবে আমি এই স্থানতেই থমকি ৰ’ম৷ ইয়াতকৈও উন্নত পৰ্যায়লৈ যোৱাৰ বাবে আমি যদি নীতিগত পৰিৱৰ্তন সাধন কৰিব লগাও হয় বা কৌশলো পৰিৱৰ্তন কৰিব লগা হয় বা তাৰবাবে যদি ৰোড মেপৰ ৰূপায়ন প্ৰক্ৰিয়াৰো পৰিৱৰ্তন কৰিবলগা হয় বা সংশোধন প্ৰক্ৰিয়াও পৰিৱৰ্তন কৰিব লগা হয় সেই সকলোবোৰ কাম কৰিবলৈ আমি সাজু আছো যাতে ভাৰতবৰ্ষ সাৰ্বজনীন শিখৰৰ এক প্ৰতীক হ’ব পাৰে। গোলকীয়কৰণ হৈছে এনে এক বিষয় য’ত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব পালন কৰি, প্ৰত্যেকৰে লগত সম্পৰ্ক স্থাপন কৰি, প্ৰত্যেকৰেপৰা জ্ঞান আহৰণ কৰি, একত্ৰিতভাৱে সেই উচ্চ শিখৰত অৱস্থান কৰা য’ত বিশ্বৰ চৰম পৰ্যায়ত অৱস্থান কৰা দেশসমূহৰ নাইবা লোকসমূহৰ কল্যাণৰ বাবে কাম কৰিব পৰা যায় আৰু তেতিয়াহে “বসুধাইবা কুতুম্বকম” অৰ্থাৎ গোটেই বিশ্ব-ব্ৰহ্মাণ্ড এক পৰিয়াল—এই মন্ত্ৰ ফলপ্ৰসূ হ’ব। সাৰ্বজনীন ভূমিকা পালন কৰাৰ বাবে নিয়তিয়ে ভাৰতবৰ্ষক কিছুমান দায়িত্ব অৰ্পন কৰিছে। বৰ্তমান সমগ্ৰ বিশ্বই কয় য়ে ২১ শতিকাৰ সৃষ্টি এছিয়াৰপৰা হৈছে। কিন্তু, এইটো নহয় যে, ইয়াৰ উদ্ভাৱন নিজে নিজেই হৈছে নাইবা ই নিজেই আহি আমাৰ হাতত পৰিছে। যদিওবা আমি তৎকালীন ফল পোৱা নাই, তথাপি আমাৰ অতিশয় পৰিশ্ৰমৰ পিছতহে ২১ শতিকা এছিয়াৰ শতিকা ৰূপে পৰিগণিত হৈছে। দীৰ্ঘম্যাদি ফল লাভ কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। মহাত্মা গান্ধীয়ে ‘শ্ৰেয়’ অৰ্থাৎ ‘আমি কি কৰা উচিত’ আৰু ‘প্ৰিয়’ অৰ্থাৎ ‘আমি কি কৰিবলৈ ভালপাওঁ’ সেই সম্পৰ্কে কৈছিল। আমি সেই কামৰ প্ৰতি পদক্ষেপ আগবঢ়াব লাগিব যিটো কাম কৰিবলৈ আমি ভাল নাপালেও আমি কৰা উচিত কাৰণ ভৱিষ্যতে ই ভাললগা কামত পৰিণত হ’বও পাৰে। কিছুসংখ্যক লোকে অতি সোনকালে আমাৰ পদক্ষেপ ধৰিব পাৰিছে। কিন্তু আন কিছুমান লোকৰ বাবে এই বিষয়টো বুজা অলপ কঠিন হৈছে। বিমুদ্ৰাকৰণ ব্যৱস্থাটো দুখীয়া লোকসকলে তৎক্ষণাত ধৰিব পাৰিছে যে সঠিক পথ অভিমূখে গতি কৰা ই এক শক্তিশালী পদক্ষেপ। কিন্তু, যিসকলে ইয়াৰবাবে উজাগৰী নিশা কটাইছিল তেওঁলোক এতিয়াও কান্দি থাকিব লগা হৈছে। বিগত সাত বছৰৰপৰা জি.এছ.টি আইনখন ৰূপায়ন হোৱা-নোহোৱাৰ ওপৰত এক বিবাদ হৈ আছিল। এতিয়া আইনখন কাৰ্যকৰী কৰা হৈছে। কিন্তু, যেতিয়া আমি বহু বছৰ ধৰি বাসকৰা পুৰণি ঘৰ এটাৰপৰা নতুন ঘৰ এটালৈ স্থান পৰিৱৰ্তন কৰো, নিশাটো আনন্দমনে নতুন ঘৰটোত কটালেও ৰাতিপুৱা স্বভাৱগতভাৱে বাওঁফালে পুৰণি ঘৰৰ গা-ধোৱা ঘৰটো থকা দিশতহে গতি কৰো আৰু আমি বেৰত খুন্দা মাৰো। পিছতহে আমি অনুভৱ কৰো যে আমি বৰ্তমান নতুন ঘৰতহে আছো আৰু গা-ধোৱা ঘৰৰ অৱস্থান সোঁ-ফালেহে। আমি সকলোৱে এনেকুৱা ঘটনাৰ সন্মুখীন হৈছো, নহয় নে ? ৭০ বছৰীয়া শাসন-ব্যৱস্থাৰ পৰিৱৰ্তনে যেতিয়া এজন ব্যক্তিৰ জীৱনলৈ বিভিন্নধৰণৰ পৰিৱৰ্তন আনে তেতিয়া তেওঁ কিছুমান সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক আৰু এনেকুৱা এখন দেশত যিখন দেশৰ জনসংখ্যা ১.২৫ বিলিয়ন আৰু সেই লোকসকলে দুই-তিনি প্ৰজন্ম ধৰি এই অভ্যাসবোৰৰ লগতে অভ্যস্ত হৈ পৰিছে, যেতিয়া বস্তুবোৰ সলনি হ’ল সেইবোৰ গ্ৰহণ কৰা তেওঁলোকৰ বাবে কিছু কঠিন হৈ পৰিছে। কিন্তু যি হৈছে, সেয়া ভালৰ বাবেই হৈছে। মহাত্মা গান্ধীয়ে যিটো পথ প্ৰদৰ্শন কৰিছিল আমি সেই পথত গতি কৰি আছো। এক ব্যৱস্থাৰূপে জি.এছ.টিক গ্ৰহণ কৰি ইয়াৰ ক্ৰুটিবিলাক নাশ কৰি দেশখন পৰিৱৰ্তনৰ পথত আগবাঢ়ি আছে। মই যোৱাকালি আবু-ধাবিত আছিলো আৰু কেবাখনো চুক্তিত স্বাক্ষৰ কৰিছো। ইয়াৰ ভিতৰত ‘ল’ৱাৰ ঝাকুম ৰাহি চুক্তি’ খন হৈছে ভাৰতীয় কোম্পানীৰ মধ্য-পূৱ অঞ্চলৰ প্ৰগতি অভিমূখে গতি কৰা প্ৰথমখন বিনিয়োগ চুক্তি। মোৰ চকুয়ে গোটেইখিনি ঠাই আগুৰিবলৈ সক্ষম হোৱা নাই তথাপিও আপোনালোকৰ বহু সংখ্যক লোকৰ উপস্থিতিৰ বাবে আৰু আপোনালোকৰ মৰমৰ বাবে মই আপোনালোক সকলোৰে ওচৰত অত্যন্ত কৃতজ্ঞ। মই আপোনালোকৰ অধিক সময় অপচয় নকৰো যিহেতু মই পৰৱৰ্তী কাৰ্যসূচীৰ বাবে প্ৰস্থান কৰিব লাগিব। জেটৰ গতিৰ দৰে মই এই ভ্ৰমণ সামৰিব লগা হৈছে। ৭০-৮০ ঘণ্টাৰ ভিতৰত ৫ খন দেশ ভ্ৰমণ কৰি মই উভতিব লাগিব। জৰ্দান, পেলেষ্টাইন, আবু-ধাবি ভ্ৰমণৰ পিছত বৰ্তমান মই ডুবাইত আছো আৰু ইয়াৰপৰা মই ওমানলৈ ৰাওনা হ’ম। আজি সন্ধিয়া প্ৰৱাসী ভাৰতীয় সমূদায়ৰ বহুসংখ্যক লোকৰ মাজত উপস্থিত থাকি মোৰ ভাৱ-ধাৰা ব্যক্ত কৰাৰ সৌভাগ্য লাভ কৰিছো। পুনৰ এবাৰ আপোনালোকক মই অন্তৰৰপৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই আপোনালোকক আশ্বাস প্ৰদান কৰিছো যে, আপোনালোকে যিবোৰ সপোন দেখি আছে আৰু ভাৰতবৰ্ষত আপোনালোকৰ আপোন মানুহসকলে যিবোৰ সপোন দেখি আছে, সেইবোৰ নিজৰ সপোন বুলি গণ্য কৰি আমি একেলগে সময়সীমাৰ পূৰ্বে পূৰ্ণ কৰিম। ধন্যবাদ।
১১ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত প্ৰবাসী ভাৰতীয়ৰ আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%AC%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%81%E0%A6%AC%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%AC%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%81%E0%A6%AC%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তিৰুবল্লুবৰ দিৱস উপলক্ষে মহান তিৰুবল্লুবৰলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "তিৰুবল্লুবৰ দিৱসত মই মহান তিৰুবল্লুবৰলৈ শ্ৰদ্ধা নিবেদন কৰিছো। তেওঁৰ আদৰ্শৰাজি অন্তৰ্দৃষ্টিসম্পন্ন আৰু ব্যৱহাৰিক… তেওঁলোক তেওঁলোকৰ বিবিধ প্ৰকৃতি আৰু বৌদ্ধিক গভীৰতাৰ বাবে স্বকীয়। যোৱা বছৰ গ্ৰহণ কৰা কন্যাকুমাৰীৰ তিৰুবল্লুবৰ প্ৰতিমূৰ্তি আৰু বিবেকানন্দ ৰক মেম'ৰিয়েলৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছো।"
তিৰুবল্লুবৰ দিৱস উপলক্ষে মহান তিৰুবল্লুবৰলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%95/
মোৰ প্ৰিয় দেশবাসী, আপোনালোক আটাইকে বৰদিনৰ শুভেচ্ছা জনালো! আমি এই বৰ্ষৰ অন্তিম সপ্তাহত আছো। ২০২২ দুৱাৰদলিত। আপোনালোক সকলোৱে ২০২২ ক আদৰণি জনাবলৈ প্ৰস্তুতিত ব্যস্ত। কিন্তু উৎসাহ আৰু আনন্দৰ লগতে, এয়া সাৱধান হোৱাৰো সময়। আজি ক’ৰোনাৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ বাবে পৃথিৱীখনৰ বহু দেশত সংক্ৰমণ বিয়পি পৰিছে। ভাৰততো, বহুলোক অ’মিক্ৰনৰদ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে। মই আপোনালোক আটাইকে আতংকিত নহ'বলৈ অনুৰোধ জনাইছো, কিন্তু সাৱধান আৰু সতৰ্ক হ'ব। আমি মাস্ক পৰিধান আৰু নিয়মীয়াকৈ হাত চেনিটাইজ কৰিবলৈ পাহৰিব নালাগে। ভাইৰাছটো পৰিৱৰ্তিত হোৱাৰ লগে-লগে, প্ৰত্যাহ্বানটোৰে সন্মুখীন হ'বলৈ আমাৰ শক্তি আৰু আত্মবিশ্বাসো বৃদ্ধি পাইছে। আমাৰ উদ্ভাৱনীমূলক উদ্দীপনাও বাঢ়ি আহিছে। আজি দেশখনত ১৮ লাখ আইছ’লেটেড বিচনা, পাঁচ লাখ অক্সিজেন-সমৰ্থিত বিচনা আৰু ১.৪০ লাখ আইচিইউ বিচনা আছে। আইচিইউ আৰু অনা-আইচিইউ বিচনা একত্ৰিত কৰিলে, ৯০,০০০ বিচনা কেৱল শিশুৰ বাবে। আজি দেশখনত ৩,০০০ ৰোধিক পিএছএ অক্সিজেন প্ৰকল্প কাৰ্য্যক্ষম হৈ আছে। সমগ্ৰ দেশখনতে প্ৰায় চাৰি লাখ অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। ৰাজ্যসমূহক অত্যাৱশ্যকীয় ঔষধৰ বাফাৰ ড’জ প্ৰস্তুতকৰণত সহায় কৰা হৈছে। এইসমূহক পৰ্য্যাপ্ত টেষ্টিং কিটো প্ৰদান কৰা হৈছে। বন্ধুসকল, এতিয়ালৈকে বৈশ্বিক মহামাৰীটোৰ বিৰুদ্ধে যুঁজৰ অভিজ্ঞতাই দেখুৱাইছে যে ব্যক্তিগত পৰ্য্যায়ত সকলো নীতি-নিৰ্দেশনাৰ অনুসৰণ ক’ৰোনাক প্ৰতিহত কৰিবলৈ এক পৰম অস্ত্ৰ। আৰু দ্বিতীয় অস্ত্ৰটো হ'ল টীকাকৰণ। এই ৰোগৰ গুৰুত্ব অনুধাৱন কৰি, আমাৰ দেশে বহু পূৰ্বেই মিছন ম’ডত ভেকছিন প্ৰস্তুতৰ কাম আৰম্ভ কৰিছিল। ভেকছিনৰ ওপৰত গৱেষণাৰ লগতে, আমি অনুমোদন প্ৰক্ৰিয়া, যোগান শৃংখল, বিতৰণ, প্ৰশিক্ষণ, তথ্য প্ৰযুক্তি সমৰ্থন প্ৰণালী আৰু প্ৰমাণপত্ৰৰ ওপৰতো সমান্তৰালভাৱে কাম কৰিছিলো। এই প্ৰস্তুতিৰ ফলস্বৰূপে, ভাৰতে এই বৰ্ষৰ ১৬ জানুৱাৰীৰপৰা ইয়াৰ নাগৰিকসকলৰ টীকাকৰণ আৰম্ভ কৰে। দেশখনৰ সকলো নাগৰিকৰ সামূহিক প্ৰচেষ্টা আৰু ইচ্ছা শক্তিৰ বলত আজি ভাৰতে ১৪১ নিযুত ভেকছিন পালিৰ অভূতপূৰ্ব আৰু অতি কঠিন লক্ষ্য অতিক্ৰম কৰিছে। আজি, ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৬১ শতাংশৰোধিকে ভেকছিনৰ দুয়োটা পালি লাভ কৰিছে। একেদৰে, প্ৰাপ্তবয়স্ক লোকৰ প্ৰায় ৯০ শতাংশক এটা পালি প্ৰদান কৰা হৈছে। আমি বিশ্বখনৰ সৰ্ববৃহৎ, অতিশয় বিস্তৃত আৰু কঠিন ভৌগোলিক পৰিস্থিতিৰ মাজত এনে এক সুৰক্ষিত টীকাকৰণ অভিযান আৰম্ভ কৰাক লৈ আজি প্ৰতিজন ভাৰতীয়ই গৌৰৱ কৰা উচিত। পৰ্যটনৰ প্ৰতি লক্ষ্য ৰাখি বহুতো ৰাজ্য আৰু বিশেষকৈ গোৱা, উত্তৰাখণ্ড আৰু হিমাচলৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যই ১০০% একক পালি টীকাকৰণৰ লক্ষ্যত উপনীত হৈছে। দেশখনৰ প্ৰত্যন্ত গাওঁসমূহৰপৰা অহা ১০০% টীকাকৰণৰ বাতৰিয়ে এক সন্তুষ্টিৰ অনুভূতি প্ৰদান কৰে। এয়া হৈছে আমাৰ স্বাস্থ্য ব্যৱস্থা আৰু টীম ডেলিভাৰীৰ শক্তি, আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলৰ নিষ্ঠা আৰু অংগীকাৰ আৰু নিয়মানুৱৰ্তিতা আৰু বিজ্ঞানৰ প্ৰতি দেশখনৰ সাধাৰণ লোকৰ আস্থাৰ প্ৰমাণ। নাছাল ভেকছিন আৰু বিশ্বখনৰ প্ৰথম ডিএনএ ভেকছিন অতি সোনকালেই আমাৰ দেশত মুকলি কৰা হ'ব। বন্ধুসকল, ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰম্ভণিৰে পৰাই বৈজ্ঞানিক নীতি, বৈজ্ঞানিক অভিমত আৰু বৈজ্ঞানিক পদ্ধতিৰ ওপৰত আধাৰিত হৈ আহিছে। যোৱা ১১ মাহ ধৰি দেশখনত টীকাকৰণ অভিযান অব্যাহত আছে। দেশবাসীয়েও ইয়াৰ লাভা-লাভ উপলব্ধি কৰিছে। তেওঁলোকৰ দৈনন্দিন জীৱন স্বাভাৱিক হৈ পৰিছে। বিশ্বখনৰ বহু দেশৰ তুলনাত অৰ্থনৈতিক কাৰ্যকলাপো উৎসাহজনক। কিন্তু বন্ধুসকল, আমি আটায়ে জানো যে ক’ৰোনা এতিয়াও শেষ হোৱা নাই। সেয়েহে, সতৰ্কতা অতিশয় গুৰুত্বপূৰ্ণ। দেশখন আৰু দেশবাসীক সুৰক্ষিত ৰাখিবলৈ আমি অক্লান্ত পৰিশ্ৰম কৰিছো। টীকাকৰণ অভিযানটো আৰম্ভ কৰোতে বৈজ্ঞানিক পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কাক প্ৰথম পালি প্ৰদান কৰিব লাগে, প্ৰথম আৰু দ্বিতীয়টো পালিৰ মাজৰ ব্যৱধান কিমান হ'ব লাগে, কেতিয়া সুস্থ লোকসকক টীকাকৰণ কৰিব লাগে, কেতিয়া ক’ৰোনা সংক্ৰমিত লোকসকলে ভেকছিন গ্ৰহণ কৰিব লাগে আৰু কেতিয়া সহ-ৰোগত ভুগি থকাসকলক টীকাকৰণ কৰিব লাগে সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এনে ধৰণৰ সিদ্ধান্ত ধাৰাবাহিকভাৱে গ্ৰহণ কৰা হৈছিল আৰু এইসমূহ পৰিস্থিতিটো চম্ভালিবলৈ যথেষ্ট সহায়ক হিচাপে প্ৰমাণিত হৈছে। ভাৰতে ভাৰতীয় বিজ্ঞানীসকলৰ পৰামৰ্শ আৰু ইয়াৰ পৰিস্থিতি অনুসৰি ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানে, অ’মিক্ৰনৰ বাতৰি লাভ কৰা হৈছে। বিশ্বখনত ভিন্ন অভিজ্ঞতা আৰু মূল্যায়ন হৈছে। ভাৰতীয় বিজ্ঞানীসকলেও ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইয়াৰ ওপৰত কাম কৰি আছে। আমাৰ টীকাকৰণ অভিযানৰ আৰম্ভণিৰ এঘাৰ মাহ পাৰ হৈ গ'ল। আজি, বিজ্ঞানীসকলে বিশ্বখনৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিটো পৰ্য্যালোচনাৰ পিছত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি অটল জীৰ জন্মদিন, বৰদিন উৎসৱ, সেয়েহে মই এই সিদ্ধান্ত আপোনালোক সকলোৰে সৈতে আদান-প্ৰদান কৰা উচিত বুলি অনুভৱ কৰিছো। বন্ধুসকল, এতিয়া দেশখনৰ ১৫ ৰপৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীক টীকাকৰণ কৰা হ'ব। ইয়াৰ ২০২২ ৰ ৩ জানুৱাৰী অৰ্থাৎ সোমবাৰে শুভাৰম্ভ হ'ব। এই সিদ্ধান্তই কেৱল ক’ৰোনাৰ বিৰুদ্ধে দেশৰ যুঁজখন সুদৃঢ়কৰণেই নহয় লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা আৰু তেওঁলোকৰ অভিভাৱকসকলৰ উদ্বেগো হ্ৰাস কৰিব। বন্ধুসকল, এই যুঁজত দেশখনক সুৰক্ষিত কৰি ৰখাত ক’ৰোনা যোদ্ধা, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ এক বৃহৎ অৱদান আগবঢ়োৱাটো আমি আটায়ে প্ৰত্যক্ষ কৰিছো। তেওঁলোকে এতিয়াও তেওঁলোকৰ বেছিভাগ সময় ক’ৰোনাত আক্ৰান্ত ৰোগীসকলক সেৱা আগবঢ়োৱাত ব্যস্ত থাকে। সেয়েহে, সাৱধানতাৰ দিশৰপৰা, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে ভেকছিনৰ 'সাৱধানতা পালি' (precaution dose) আৰম্ভ কৰাৰো সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিছে। ইয়াৰ ২০২২ ৰ ১০ জানুৱাৰী অৰ্থাৎ সোমবাৰে শুভাৰম্ভ হ'ব। বন্ধুসকল, এতিয়ালৈকে ক’ৰোনা টীকাকৰণৰ অভিজ্ঞতা এয়ে যে যিসকল বয়সস্থ আৰু ইতিমধ্যে কেতবোৰ গুৰুতৰ ৰোগত ভুগি আছে, তেওঁলোকক 'সাৱধানতা পালি' গ্ৰহণ কৰা উচিত। এইকথা অনুধাৱনেৰে, ৬০ বছৰ বয়স উৰ্ধ আৰু সহ-ৰোগ থকা নাগৰিকসকলে তেওঁলোকৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভেকছিনটোৰ 'সাৱধানতা পালি' লাভৰ বিকল্প থাকিব। ইয়াৰো ১০ জানুৱাৰীৰপৰা শুভাৰম্ভ হ'ব। বন্ধুসকল, মই আপোসৱক উৰাবাতৰি, বিভ্ৰান্তি আৰু ভীতি সৃষ্টিৰ বাবে অব্যাহত থকা প্ৰচেষ্টা পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছো। আমি একেলগে এতিয়ালৈকে বিশ্বখনৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছো। আহিবলগীয়া সময়ত, আমি ইয়াক ক্ষীপ্ৰ আৰু ইয়াক সম্প্ৰসাৰিত কৰিব লাগিব। ক’ৰোনাৰ বিৰুদ্ধে এই যুঁজত আমাৰ আটাইৰে প্ৰচেষ্টাই দেশখনক শক্তিশালী কৰিব। আপোনালোক সকলোকে বহু-বহু ধন্যবাদ জনালো!
প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰক সম্বোধনৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AD%E0%A7%AB-%E0%A6%96%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%AD%E0%A7%AB-%E0%A6%9F%E0%A6%BE-%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%AD%E0%A7%AB-%E0%A6%96%E0%A6%A8-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%AD%E0%A7%AB-%E0%A6%9F%E0%A6%BE-%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2-%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট (ডিবিইউ) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই ৭৫টা ডিজিটেল বেংকিং ইউনিটে (ডিবিইউ) অধিক বিত্তীয় অন্তৰ্ভুক্তি প্ৰশস্ত আৰু নাগৰিকসকলৰ বেংকিঙৰ অভিজ্ঞতা বৃদ্ধি কৰিব বুলি কয়৷ “সাধাৰণ নাগৰিকৰ বাবে সজহ জীৱন-ধাৰণৰ দিশত ডিবিইউ এক বৃহৎ পদক্ষেপ”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে জনায় যে এনে বেংকিং ছেটআপৰে চৰকাৰখনে ন্যূনতম আন্তঃগাঁথনিৰে সৰ্বাধিক সেৱা আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই সকলোবোৰ কাগজ-পত্ৰবিহীনভাৱে ডিজিটেল মাধ্যমেৰে সম্পন্ন হ’ব। ইয়াৰোপৰি ই বেংকিং পদ্ধতিক সৰলীকৰণৰ লগতে এক শক্তিশালী আৰু সুৰক্ষিত বেংকিং ব্যৱস্থাও প্ৰদান কৰিব। “সৰু চহৰ আৰু গাঁৱত বসবাস কৰা লোকসকলে ধন হস্তান্তৰ কৰি ঋণ লাভৰ দৰে সুবিধা লাভ কৰিব৷ এই ডিজিটেল বেংকিং ইউনিটসমূহ সেয়ে আন এক বৃহৎ পদক্ষেপ যিয়ে ভাৰতৰ সাধাৰণ লোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিব”, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰখনৰ লক্ষ্য হৈছে সাধাৰণ নাগৰিকক সবল আৰু শক্তিশালী কৰি তোলা আৰু সেয়ে অন্তিমজন ব্যক্তিৰ প্ৰতি লক্ষ্য ৰাখি নীতিৰাজি গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ চৰকাৰখন তেওঁলোকৰ কল্যাণৰ অৰ্থে অগ্ৰসৰ হৈছে৷ তেওঁ চৰকাৰখনে একে সময়তে কাম কৰি থকা দুটা ক্ষেত্ৰৰ কথা উল্লেখ কৰে৷ প্ৰথমতে, বেংকিং ব্যৱস্থাৰ সংস্কাৰ সাধন, সুদৃঢ়কৰণ আৰু স্বচ্ছ কৰি তোলা আৰু দ্বিতীয়তে বিত্তীয় অন্তৰ্ভুক্তি। পূৰ্বৰ পৰম্পৰাগত পদ্ধতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই চৰকাৰখনে বেংকিং ব্যৱস্থাক ৰাইজৰ মাজলৈ নি পন্থাটোৰ ৰূপান্তৰ সাধন কৰিছে৷ “বেংকিং সেৱাক অন্তিম প্ৰান্তত উপলব্ধকৰণত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো”, তেওঁ কয়। দৰিদ্ৰ লোকসকল বেংকলৈ যাব বুলি আশা কৰা দিনৰপৰা বেংক কৰ্তৃপক্ষ তেওঁলোকৰ দুৱাৰদলিত উপস্থিত হোৱালৈকে এক বৃহৎ পৰিৱৰ্তন সাধন হৈছে৷ ইয়াৰ লক্ষ্য আছিল দৰিদ্ৰ লোক আৰু বেংকৰ মাজৰ ব্যৱধান হ্ৰাস কৰা। “আমি কেৱল শাৰীৰিক দূৰত্ব হ্ৰাসেই নহয়, বৰঞ্চ অতিশয় গুৰুত্বপূৰ্ণভাৱে আমি মানসিক ব্যৱধান আঁতৰাই পেলালো৷” বেংকিঙে অত্যন্ত প্ৰত্যন্ত অঞ্চলসমূহক সামৰি লোৱাত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, আজি ভাৰতৰ ৯৯ শতাংশৰো অধিক গাঁৱত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংক শাখা, বেংকিং আউটলেট বা ‘বেংকিং মিত্ৰ’ উপলব্ধ৷ “সাধাৰণ নাগৰিকসকলৰ বেংকিং প্ৰয়োজনীয়তাসমূহ পৰিপূৰণৰ বাবে ইণ্ডিয়া প’ষ্ট বেংকৰ জৰিয়তেও বিস্তৃত ডাকঘৰৰ নেটৱৰ্কক ব্যৱহাৰ কৰা হৈছিল”, তেওঁ কয়। “আজি ভাৰতৰ প্ৰতি এক লাখ প্ৰাপ্তবয়স্ক নাগৰিকৰ বাবে শাখাৰ সংখ্যা জাৰ্মানী, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশতকৈ অধিক”, তেওঁ লগতে কয়। প্ৰথম অৱস্থাত একাংশ শ্ৰেণীৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আজি সমগ্ৰ দেশে জন ধন বেংক একাউন্টৰ শক্তি প্ৰত্যক্ষ কৰিছে।” তেওঁ অৱগত কৰে যে এই একাউন্টসমূহৰ জৰিয়তে চৰকাৰখনে অতি কম প্ৰিমিয়ামত দুৰ্বল লোকসকলক বীমাৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। “ইয়াৰ ফলত দৰিদ্ৰ লোকসকলৰ বাবে আমানত অবিহনে ঋণৰ পথ মুকলি হৈছে আৰু নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ব্যৱস্থা কৰা হৈছে৷ এই একাউন্টসমূহৰ জৰিয়তেই গৃহ, টয়লেট, ৰন্ধন গেছৰ ৰাজসাহায্য আগবঢ়োৱা হৈছে আৰু কৃষকসকলৰ বাবে আঁচনিৰ সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱে নিশ্চিত কৰিব পৰা গৈছে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক সমগ্ৰ বিশ্বই স্বীকৃতি জনোৱাৰ কথা উল্লেখ কৰে। “আইএমএফে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক প্ৰশংসা কৰিছে। ইয়াৰ কৃতিত্ব ভাৰতৰ দৰিদ্ৰ লোক, কৃষক আৰু শ্ৰমিকসকল৷ তেওঁলোকে নতুন প্ৰযুক্তি গ্ৰহণ কৰিছে, ইয়াক নিজৰ জীৱনৰ অংশ কৰি তুলিছে”, তেওঁ দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “ইউপিআইয়ে ভাৰতৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে৷ ডিজিটেল অংশীদাৰিত্বৰে বিত্তীয় অংশীদাৰিত্বক সংযুক্ত কৰা মাত্ৰেকে সম্ভাৱনাৰ সম্পূৰ্ণ নতুন বাট মুকলি হ’ব৷ ইউপিআইৰ দৰে এটা ভাল উদাহৰণ আমাৰ আছে। ভাৰতে ইয়াকে লৈ গৌৰৱান্বিত। কিয়নো ই বিশ্বৰ ভিতৰতে এনে ধৰণৰ প্ৰথম প্ৰযুক্তি।” তেওঁ জনাই যে আজি ৭০ কোটি থলুৱা ৰূপে কাৰ্ড কাৰ্য্যক্ষম হৈ আছে৷ যিয়ে ফৰেইন প্লেয়াৰৰ দিনৰ সলনি এক বৃহৎ পৰিৱৰ্তনক সূচিত কৰিছে৷ “প্ৰযুক্তি আৰু অৰ্থনীতিৰ এই সংমিশ্ৰণে দৰিদ্ৰসকলৰ মৰ্য্যাদা আৰু ব্যয়সাধ্যতাৰ বৰ্ধনেৰে মধ্যবিত্ত শ্ৰেণীটোক সুদৃঢ় কৰি তুলিছে, একে সময়তে ই দেশৰ ডিজিটেল বিভাজনো নিৰ্মূল কৰিছে”, তেওঁ কয়। লগতে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত ডিবিটিৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ কয় যে ডিবিটিৰ জৰিয়তে বিভিন্ন আঁচনিৰ ২৫ লাখ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে। তেওঁ কাইলৈ পৰৱৰ্তী কিস্তি কৃষকসকললৈ হস্তান্তৰ কৰিব বুলি জনায়। “আজি সমগ্ৰ বিশ্বই এই ডিবিটি আৰু ভাৰতৰ ডিজিটেল শক্তিৰ শলাগ লৈছে। আজি ইয়াক এক বৈশ্বিক আৰ্হি হিচাপে দেখা গৈছে। আনকি বিশ্ব বেংকে ডিজিটেলাইজেশ্যনৰ জৰিয়তে সামাজিক সুৰক্ষা নিশ্চিতকৰণত ভাৰত আগশাৰীৰ দেশ হৈ পৰিছে বুলিও কৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে ফিনটেকে ভাৰতৰ নীতি আৰু প্ৰচেষ্টাৰাজিৰ মূলতে অৱস্থান গ্ৰহণ কৰিছে আৰু ই ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কয়৷ ডিজিটেল বেংকিং ইউনিটসমূহে ফিনটেকৰ এই ক্ষমতা অধিক সম্প্ৰসাৰিত কৰিব। “জন ধন একাউন্টে দেশখনত বিত্তীয় অন্তৰ্ভুক্তিৰ ভেটি স্থাপনৰ সমান্তৰালকৈ ফিনটেকে বিত্তীয় বিপ্লৱৰ ভিত্তি গঠন কৰিছে”, তেওঁ কয়। ব্লকচেইন প্ৰযুক্তিৰ আধাৰত ডিজিটেল মুদ্ৰা মুকলি সম্পৰ্কে চৰকাৰখনৰ ঘোষণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আগন্তুক সময়ত ডিজিটেল মুদ্ৰাই হওঁক বা আজিৰ সময়ত ডিজিটেল লেনদেনেই হওঁক, এইসমূহৰে অৰ্থনীতিৰ বাহিৰেও বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে৷” তেওঁ সঞ্চয়, ভৌতিক মুদ্ৰাৰ সমস্যা নিৰ্মূল কৰা আৰু পাৰিপাৰ্শ্বিক লাভৰ মূল সুবিধা হিচাপে এইসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে মুদ্ৰা ছপাৰ বাবে কাগজ আৰু চিয়াঁহী আমদানি কৰা হয় আৰু ডিজিটেল অৰ্থনীতি গ্ৰহণেৰে আমি এখনি আত্মনিৰ্ভৰশীল ভাৰতলৈ বৰঙণি যোগাইছো আৰু লগতে কাগজৰ ব্যৱহাৰ হ্ৰাসেৰে পৰিবেশকো উপকৃত কৰিছো। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বেংকিং ব্যৱস্থাটো আজি বিত্তীয় লেনদেনৰ বাহিৰেও ‘সুশাসন’ আৰু ‘উন্নত সেৱা প্ৰদান’ ৰো মাধ্যম হৈ পৰিছে। আজি এই ব্যৱস্থাই ব্যক্তিগত খণ্ড আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবেও বিকাশৰ অপৰিসীম সম্ভাৱনাৰ সঞ্চাৰ কৰিছে। তেওঁ আৰু কয় যে ভাৰতত প্ৰযুক্তিৰ জৰিয়তে সামগ্ৰী আৰু সেৱা আগবঢ়োৱাৰ ফলত নতুন ষ্টাৰ্টআপ বাতাবৰণৰ সৃষ্টি হৈছে৷ “ডিজিটেল অৰ্থনীতি আজি আমাৰ অৰ্থনীতি, আমাৰ ষ্টাৰ্টআপ বাতাবৰণ, মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ এক বৃহৎ শক্তি হৈ উঠিছে”, তেওঁ কয়। “আজি আমাৰ ক্ষুদ্ৰ উদ্যোগ, আমাৰ এমএছএমই সমূহেও জিইএম ৰ দৰে ব্যৱস্থাৰ জৰিয়তে চৰকাৰী নিবিদাত অংশগ্ৰহণ কৰিছে। এইসমূহে নতুন-নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিছে। এতিয়ালৈকে জিইএম ত ২.৫ লাখ কোটি টকাৰ অৰ্ডাৰ দিয়া হৈছে। ডিজিটেল বেংকিং ইউনিটসমূহৰ জৰিয়তে এতিয়া এই দিশত একাধিক নতুন সুযোগৰ সৃষ্টি হ’ব”, তেওঁ লগতে কয়। “এখন দেশৰ অৰ্থনীতি যিমানেই প্ৰগতিশীল হ’ব, সিমানেই ইয়াৰ বেংকিং ব্যৱস্থাটো শক্তিশালী হ’ব”, বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ জনায় যে যোৱা ৮ টা বছৰত দেশখন ২০১৪ ৰ পূৰ্বৰ ‘ফোন বেংকিং’ ব্যৱস্থাৰপৰা ডিজিটেল বেংকিঙলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ অৰ্থনীতিয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অগ্ৰসৰ হৈছে৷ পুৰণি পদ্ধতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ২০১৪ ৰ পূৰ্বে বেংকসমূহে ফোনৰ মাধ্যমেৰে নিজৰ কাম-কাজ সমাপন কৰিছিল। তেওঁ আৰু কয় যে ফোন বেংকিঙে হাজাৰ-হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ বীজ সিঁচি বেংকসমূহক আৰু দেশৰ অৰ্থনীতিকো অসুৰক্ষিত কৰি তুলিছিল৷ বৰ্তমানৰ চৰকাৰখনৰ এই ব্যৱস্থাটোক ৰূপান্তৰিতকৰণৰ পন্থা সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ইয়াত স্বচ্ছতাক মূল কথা হিচাপে গণ্য কৰি অহা হৈছে৷ তেওঁ আৰু কয়, “এনপিএ চিনাক্তকৰণৰ ক্ষেত্ৰত স্বচ্ছতা আৰোপৰ পিছতে লাখ-লাখ কোটি টকা বেংকিং ব্যৱস্থালৈ ঘূৰাই অনা হৈছে৷ আমি বেংকসমূহক পুনৰ মূলধনীকৰণ কৰিলো, গুৰুত্ব সহকাৰে ডিফল্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলো আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ সংস্কাৰ সাধন কৰিলো৷” তেওঁ লগতে উল্লেখ কৰে যে ঋণৰ বাবে প্ৰযুক্তি আৰু ‘এনালাইটিক্স’ ৰ ব্যৱহাৰক প্ৰসাৰিতকৰণৰ লগতে আইবিচিৰ সহায়ত এনপিএ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান ক্ষীপ্ৰতাৰে কৰা হৈছিল, স্বচ্ছ আৰু বৈজ্ঞানিক ব্যৱস্থাৰ সৃষ্টিৰ বাবেই এনে কৰা হয়৷ তেওঁ জনাই যে ডিজিটেল বেংকিং ইউনিটৰ দৰে নতুন পদক্ষেপ আৰু ফিনটেকৰ অভিনৱ ব্যৱহাৰৰ জৰিয়তে এতিয়া বেংকিং ব্যৱস্থাৰ বাবে এক নতুন স্ব-চালিত ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে। উপভোক্তাসকলৰ বাবে যিমানেই স্বাধীনতা আছে, বেংকসমূহৰ বাবেও একে সুবিধা আৰু স্বচ্ছতা আছে বুলি অংশীদাৰসকলক এই আন্দোলনক অধিক আগুৱাই নিবলৈ তেওঁ আহ্বান জনায়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে গাঁৱে-ভূঞে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সম্পূৰ্ণভাৱে ডিজিটেল লেনদেনৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। দেশখনৰ স্বাৰ্থত সম্পূৰ্ণ ডিজিটেল আৰোপৰ বাবে তেওঁ বেংকসমূহক ১০০ জন ব্যৱসায়ীক তেওঁলোকৰ সৈতে সংযুক্ত কৰিবলৈ আহ্বান জনায়। “এই পদক্ষেপে আমাৰ বেংকিং ব্যৱস্থা আৰু অৰ্থনীতিক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিক নেতৃত্ব দিয়াৰ ক্ষমতা আহৰণ কৰিব বুলি মই নিশ্চিত”, বুলি কৈ শ্ৰী মোদীয়ে সামৰণি মাৰে। এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰীশক্তিকান্ত দাসৰ লগতে অন্যান্য একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সাংসদ, বেংকৰ মুৰব্বী, বিশেষজ্ঞ আৰু একাংশ হিতাধিকাৰীক সংযোগ কৰা হয়। পটভূমি বিত্তীয় অন্তৰ্ভুক্তিৰ সম্প্ৰসাৰণৰ অৰ্থে আন এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫টা ডিজিটেল বেংকিং ইউনিট (ডিবিইউ) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। ২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীয়ে আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত দেশখনৰ ৭৫ খন জিলাত ৭৫ টা ডিবিইউ স্থাপনৰ কথা ঘোষণা কৰিছিল। ডিজিটেল বেংকিঙৰ সুবিধাসমূহ দেশখনৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হোৱাটো নিশ্চিতকৰণৰ উদ্দেশ্যেৰে এই ডিবিইউসমূহ স্থাপন কৰা হৈছে আৰু এইসমূহে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল’ব। ১১ টা ৰাজহুৱা খণ্ডৰ বেংক, ১২ টা ব্যক্তিগত খণ্ডৰ বেংক আৰু এটা ক্ষুদ্ৰ বিত্তীয় বেংকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে। এই ডিবিইউ আউটলেটসমূহে জনসাধাৰণক বিভিন্ন ধৰণৰ ডিজিটেল বেংকিং সুবিধা যেনেঃ ছেভিংছ একাউন্ট খোলা, বেলেন্স-চেক, প্ৰিণ্ট পাছবুক, ধন হস্তান্তৰ, ফিক্সড ডিপ’জিটত বিনিয়োগ, ঋণৰ আবেদন, চেকৰ বাবে ষ্টপ-পেমেন্ট নিৰ্দেশনা, ক্ৰেডিট/ডেবিট কাৰ্ডৰ বাবে আবেদন কৰা, একাউন্টৰ ষ্টেটমেন্ট চোৱা, কৰ পৰিশোধ কৰা, বিল পৰিশোধ কৰা, মনোনয়ন কৰা আদি সমাধান দিব। ডিবিইউসমূহে গ্ৰাহকসকলক বছৰজুৰি বেংকিং প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যয় সাশ্ৰয়ী, সুবিধাজনক প্ৰৱেশ আৰু বৰ্ধিত ডিজিটেল অভিজ্ঞতা লাভৰ পথ প্ৰশস্ত কৰিব। এইসমূহে ডিজিটেল বিত্তীয় সাক্ষৰতাক প্ৰোৎসাহিত কৰিব আৰু চাইবাৰ সুৰক্ষা সজাগতা আৰু ৰক্ষাকৱচ সন্দৰ্ভত গ্ৰাহক শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰিব। লগতে, প্ৰয়োজনীয় সময়ত সহায় আগবঢ়াবলৈ আৰু ডিবিইউসমূহে প্ৰত্যক্ষভাৱে বা ব্যৱসায়িক ফেচিলিটেটৰ/কৰেছপণ্ডেন্টৰ জৰিয়তে আগবঢ়োৱা ব্যৱসায় আৰু সেৱাসমূহৰপৰা উদ্ভৱ হোৱা গ্ৰাহকৰ অভিযোগসমূহ সমাধান কৰিবলৈ পৰ্য্যাপ্ত ডিজিটেল ব্যৱস্থাও ইয়াত থাকিব।
৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6-%E0%A6%85%E0%A6%A8%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A8%E0%A7%A6-%E0%A6%85%E0%A6%A8%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A7%E0%A7%8D%E0%A6%AC-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF/
২০ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ ৪০০মিটাৰ দৌৰত স্বৰ্ণ জয় কৰাৰ বাবে দৌৰবিদ হিমা দাসক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “যিগৰাকীয়ে ২০ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০মিটাৰত ঐতিহাসিক স্বৰ্ণ পদক জয় কৰাৰ বাবে দৌৰবিদ হিমা দাসক লৈ ভাৰতবাসী আনন্দিত হোৱাৰ লগতে গৌৰৱান্বিত হৈছে। তেওঁক অভিনন্দন জনাইছো! তেওঁৰ এই সাধনাই নিশ্চিতভাৱে অনাগত দিনত যুৱ খেলুৱৈসকলক প্ৰেৰণা যোগাব।”
২০ অনূৰ্ধ্ব বিশ্ব চেম্পিয়নশ্বিপৰ ছোৱালীৰ ৪০০মিটাৰ দৌৰত স্বৰ্ণ জয় কৰাৰ বাবে হিমা দাসক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE-2/
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ শোকাৱহ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শ্ৰী আবেৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বন্ধুত্বৰ আলোকপাত কৰে আৰু ভাৰত–জাপান সম্পৰ্কক এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বাবে তেওঁ আগবঢ়োৱা অপৰিসীম অৱদানৰ ওপৰত মন্তব্য কৰে। শ্ৰী মোদীয়ে ২০২২ চনৰ ৯ জুলাইত আবে শ্বিনজোৰ প্ৰতি গভীৰ সন্মান জনাই এদিনীয়া ৰাষ্ট্ৰীয় শোকৰ দিন হিচাপে ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে টকিঅ'ত তেওঁলোকৰ শেহতীয়া বৈঠকৰ এখন আলোকচিত্ৰও বিনিময় কৰে। এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "মোৰ প্ৰিয় বন্ধু শ্বিনজো আবেৰ কৰুণ মৃত্যুত মই হতবাক হৈ পৰিছো আৰু দুঃখিতও হৈছো। তেওঁ এজন গোলকীয় ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক আছিল। তেওঁ জাপান আৰু বিশ্বক এক উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।" "শ্ৰীযুত আবেৰ সৈতে মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত মই তেওঁক চিনি পাইছিলো আৰু মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আমাৰ বন্ধুত্ব অব্যাহত আছিল। অৰ্থনীতি আৰু গোলকীয় বিষয়ত তেওঁৰ তীক্ষ্ণ অন্তৰ্দৃষ্টিয়ে সদায় মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।" "মোৰ শেহতীয়া জাপান ভ্ৰমণৰ সময়ত, মই শ্ৰীযুত আবেক পুনৰ লগ কৰাৰ আৰু বহুতো বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলো। তেওঁ সদায়ৰ দৰে কৌতুকপূৰ্ণ আৰু অন্তৰ্দৃষ্টিসম্পন্ন আছিল। মই নাজানিছিলো যে এইটো আমাৰ শেষ সাক্ষাৎ হ'ব। তেওঁৰ পৰিয়াল আৰু জাপানী লোকসকলৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা থাকিল।" "ভাৰত–জাপানৰ সম্পৰ্কক এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ ক্ষেত্ৰত শ্ৰীযুত আবেয়ে এক অপৰিসীম অৱদান আগবঢ়াইছে। আজি সমগ্ৰ ভাৰতে জাপানৰ সৈতে শোক প্ৰকাশ কৰিছে আৰু এই কঠিন মুহূৰ্তত আমি আমাৰ জাপানী ভাই–ভনীসকলৰ সৈতে একত্ৰিত হৈ থিয় দিছো।" "প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাৰ চিহ্ন হিচাপে, ২০২২ চনৰ ৯ জুলাইত এদিনীয়া ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰা হ'ব।" "টকিঅ'ত মোৰ বন্ধু শ্বিনজো আবেৰ সৈতে হোৱা মোৰ শেহতীয়া সাক্ষাতৰ এখন ফটো বিনিময় কৰিছো। ভাৰত–জাপানৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সদায় উৎসাহী হৈ থকা তেওঁ অলপতে জাপান–ভাৰত সংস্থাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।"
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আবে শ্বিনজোৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক আৰু দুখ প্ৰকাশ কৰিছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%B6%E0%A6%97%E0%A6%A1%E0%A6%BC%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%80%E0%A6%B6%E0%A6%97%E0%A6%A1%E0%A6%BC%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE-%E0%A6%A6%E0%A6%BF%E0%A7%B1/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইয়াৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ সকলো লোকলৈ আন্তৰিক শুভেচ্ছা জনালো। লোকগীত, লোক নৃত্য আৰু কলা-সংস্কৃতিৰ বাবে এক অনন্য পৰিচয় থকা ৰাজ্যখনে প্ৰগতিৰ যেন নতুন শিখৰত উপনীত হয়, মই তাৰেই কামনা কৰিলো।"
ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ লোকসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%A4%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A7%B0-%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A7%9F%E0%A6%A4%E0%A7%87-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/
৩১ অক্টোবৰ ২০১৬ তাৰিখে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মুকলিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘‘চৰ্দাৰ পেটেলে আমাৰ এক ভাৰত দিছিল৷ এতিয়া ১২৫ কোটি ভাৰতীয়ৰ দায়িত্ব হ’ল শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰা৷’’ এই চিন্তাধাৰাক নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেও মানি চলিছিল৷ নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নায়কসকলক সন্মানিত কৰিবলৈ বিচাৰে যিসকলে একতা, সুৰক্ষা, সাৰ্বভৌমত্ব আৰু বিকাশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল? তেওঁ আমাৰ ইতিহাস আৰু ঐতিহ্য আমাৰ ৰাষ্ট্ৰৰ গৌৰৱৰ অংশীদাৰ হোৱাটো বিচাৰে৷ ইয়াৰে এটা উদাহৰণ হ’ল দাণ্ডীৰ ৰাষ্ট্ৰীয় লোণ সত্যাগ্ৰহ স্মাৰক৷ এই স্মাৰকত ১৯৩০ চনত মহাত্মা গান্ধীয়ে ৮০জন সহযোগীৰ সৈতে সত্যাগ্ৰহীসকলৰ সৈতে কৰা দাণ্ডী যাত্ৰা প্ৰতিফলিত হৈছে৷ তাৰোপৰি ১৮২ মিটাৰ উচ্চতাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অব্ ইউনিটীৰ মুৰ্তিও এক অন্যতম উদাহৰণ৷ নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতেই এই মুৰ্তিৰ বিষয়ে সদিচ্ছা প্ৰকাশ কৰিছিল৷ এই মুৰ্তি কেৱল ভাৰতৰ লৌহ মানৱৰ প্ৰতি উচৰ্গাই নহয়, এয়া সকলো ভাৰতীয়ৰ বাবে এক গৌৰৱৰ বিষয়ো৷ বহু দশকজুৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰিয়ালে তেওঁৰ জীৱন সম্বন্ধীয় ফাইলসমূহ সাৰ্বজনিক হোৱাটো বিচাৰি আছিল৷ পূৰ্বৰ চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাত অক্ষম হৈছিল৷ ২০১৫ চনৰ অক্টোবৰ মাহত যেতিয়া নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাসভৱনত নেতাজীৰ পৰিয়ালক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ কৈছিল, ‘‘ইতিহাসক চেপি ধৰাৰ কোনো কাৰণ মই নেদেখো৷’’ ইয়াৰ পিছতে ফাইলসমূহ সাৰ্বজনিক কৰা হৈছিল আৰু ডিজিটেল প্লেটফ’ৰ্মত সঞ্চয় কৰা হৈছিল৷ ১৯৪০ চনৰ মাজভাগত লালকিল্লাত আইএনএৰ যেতিয়া গোচৰ ৰুজু হৈছিল তেতিয়া ই সমগ্ৰ দেশকে জোকাৰি গৈছিল৷ আনহাতে যিটো ভৱনত এই গোচৰ ৰুজু কৰা হৈছিল সেই ভৱনটোৰ কথা সকলোৱে পাহৰি গৈছিল৷ এই বৰ্ষৰ সুভাষ বসুৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে সেই ভৱনটোতে এটা সংগ্ৰহালয় মুকলি কৰে আৰু ইয়াক নেতাজী তথা ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্মীলৈ উচৰ্গা কৰে৷ চাৰিটা সংগ্ৰহালয়যুক্ত এই ভৱনটোক ‘‘ক্ৰান্তি মন্দিৰ’’ নাম দিয়া হৈছে৷ এই সংগ্ৰহালয়ৰ দ্বাৰা ১৮৫৭ চনৰ স্বাধীনতা যুঁজৰ সেনানীসকলক তথা জালিয়ানাৱালাবাগৰ নৰসংহাৰৰ ঘটনাও স্মৰণ কৰা হৈছে৷ দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা আৰক্ষী কৰ্মীলৈ প্ৰধানমন্ত্ৰীলে নেতাজী সুভাষ চন্দ্ৰ বসু পুৰষ্কাৰৰ কথাও ঘোষণা কৰিছে৷ যোৱা চাৰি বছৰত আমাৰ দেশৰ ইতিহাসৰ বহুতো মহান নেতাৰ সোঁৱৰণত স্মাৰক স্থাপন কৰা হৈছে৷ নৰেন্দ্ৰ মোদীৰ আন এটা মূল চিন্তাধাৰা হ’ল পঞ্চতীৰ্থ- বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতি উৎসৰ্গিত পাঁচটা স্মাৰক৷ এই পাঁচটা স্থান হ’ল- তেওঁৰ জন্মস্থান মহু, লণ্ডনৰ সেই স্থান য’ত তেওঁ অধ্যয়ন কৰিছিল, নাগপুৰৰ দীক্ষা ভূমি, দিল্লীৰ মহাপৰিনিৰ্বাণ স্থল আৰু মুম্বাইৰ চৈত্য ভূমি৷ যেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া তেওঁ কচ্চত শ্যামজী কৃষ্ণ ভাৰ্মাৰ স্মাৰক মুকলি কৰিছিল৷ হাৰিয়ানাত তেওঁ সমাজ সংস্কাৰত ছাৰ ছোটু ৰামৰ মুৰ্তি মুকলি কৰিছিল৷ তেওঁ আৰৱ সাগৰৰ মুম্বাই উপকূলত শিৱাজী স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছে৷ দিল্লীত প্ৰধানমন্ত্ৰীয়ে নেচনেল ছায়েন্স চেণ্টাৰত চৰ্জাৰ পেটেল গেলেৰী মুকলি কৰিছে৷ শেহতীয়াকৈ তেওঁ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰলৈ উচৰ্দা কৰিছে৷ এই স্মাৰকৰ জৰিয়তে কৰ্তব্যত নিয়োজিত থকা অৱস্থাত দেশৰ হকে প্ৰাণ বলি দিয়া ৩৩,০০০ আৰক্ষীৰ ত্যাগক স্মৰণ কৰা হৈছে৷ এই সপ্তাহৰ ভিতৰতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকো মুকলি কৰা হ’ব৷ এয়া স্বাধীনতাৰ সময়ৰে পৰা বিভিন্ন যুদ্ধত প্ৰাণ বলি দিয়া সকলৰ প্ৰতি উচৰ্গা কৰা হৈছে৷ স্মাৰকসমূহ হ’ল ত্যাগৰ সোঁৱৰণস্বৰূপ যিয়ে আমাৰ উন্নত জীৱনলৈ অৰিহণা আগবঢ়াইছে৷ তেওঁলোক বৰ্তমান আৰু ভৱিষ্যতৰ উৎসাহৰ প্ৰতিমুৰ্তি৷ এই স্মাৰকসমূহ নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে৷ এয়া একতা আৰু গৌৰৱৰ সেই ভাৱনাক প্ৰকট কৰে যাক পোষণ কৰাটো অতিশয় আৱশ্যক৷
স্মাৰকৰ জৰিয়তে ৰাষ্ট্ৰীয় গৌৰৱৰ স্থাপন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%8F%E0%A6%87-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%8F%E0%A6%87-%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ২৬ জুন, ২০২২ৰ বাবে নিৰ্ধাৰিত মন কী বাতৰ বাবে ইনপুটৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে জনসাধাৰণক মন কী বাতৰ ওপৰত বিচাৰ-বিশ্লেষণ মাইগভ বা নমো এপত আগবঢ়াবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়; "এই মাহৰ ২৬ তাৰিখৰ বাবে নিৰ্ধাৰিত #মনকীবাতৰ বাবে কেইবাটাও ইনপুট পোৱাত আনন্দ পাইছো। নিজৰ বিচাৰ-বিশ্লেষণ মাইগভ বা নমো এপত আগবঢ়াওক।"
প্ৰধানমন্ত্ৰীয়ে এই মাহৰ ২৬ জুন, ২০২২ৰ বাবে নিৰ্ধাৰিত মন কী বাতৰ ইনপুটৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%A4-%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%A4%E0%A7%8B-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%A4-%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%A4%E0%A7%8B-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আসনসমূহৰ উপৰিও যোগাভ্যাসত বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামো অন্তৰ্ভুক্ত থাকে, যিবোৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। শ্ৰী মোদীয়ে যোগাভ্যাসৰ বিৱৰণ দিয়া এটা ভিডিঅ'ও শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়; "আসনৰ উপৰিও, যোগত বিভিন্ন প্ৰকাৰৰ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামও অন্তৰ্ভুক্ত থাকে যি বোৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী। এই ভিডিঅ'টোৱে এই ব্যায়ামবোৰৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। "
যোগত বহুতো শ্বাস-প্ৰশ্বাসৰ ব্যায়াম অন্তৰ্ভুক্ত থাকে যিবোৰ বিভিন্ন ধৰণে স্বাস্থ্যৰ বাবে উপকাৰী: প্ৰধানমন্ত্ৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87/
নমস্কাৰ, মোৰ মৰমৰ দেশবাসী আৰু বিশ্ব সম্প্ৰদায়ৰ সকলো পৰিয়ালে, কেইদিনমানপিছত, ১ ডিচেম্বৰৰ পৰা, ভাৰতে জি-২০ৰ অধ্যক্ষতা কৰিব। এইটো ভাৰতৰ বাবে এক ঐতিহাসিক উপলক্ষ। আজি এই সন্দৰ্ভত এই সন্মিলনৰ ৱেবছাইট, বিষয়বস্তু আৰু লোগো মুকলি কৰা হৈছে। এই উপলক্ষে মই সকলো দেশবাসীক অভিনন্দন জনাইছো। বন্ধুসকল, জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে। আপুনি কল্পনা কৰিব পাৰে যে স্বাধীনতাৰ অমৃত সময়ত দেশৰ সন্মুখত কি ডাঙৰ সুযোগ আহিছে। এয়া প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়, ই তেওঁৰ গৌৰৱ বৃদ্ধিৰ বিষয়। আৰু মই সুখী যে ভাৰতত ইয়াৰ সৈতে সম্পৰ্কিত ঘটনাসমূহৰ বিষয়ে জি-২০ সন্মিলন, কৌতূহল আৰু সক্ৰিয়তা নিৰন্তৰ বৃদ্ধি পাই আহিছে। আজি মুকলি কৰা এই লোগোটো সৃষ্টিকৰাতো দেশবাসীয়ে এক ডাঙৰ ভূমিকা পালন কৰিছে। আমি দেশবাসীক লোগোৰ বাবে তেওঁলোকৰ মূল্যৱান পৰামৰ্শ বিচাৰিছিলো। আৰু মই জানি বৰ সুখী হৈছিলো যে হাজাৰ হাজাৰ মানুহে তেওঁলোকৰ সৃষ্টিশীল ধাৰণা চৰকাৰলৈ প্ৰেৰণ কৰিছিল। আজি সেই ধাৰণাবোৰ, সেই পৰামৰ্শবোৰ ইমান ডাঙৰ গোলকীয় অনুষ্ঠানৰ মুখ হৈ পৰিছে। এই প্ৰচেষ্টাৰ বাবে মই সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। বন্ধুসকল, জি-২০-ৰ এই লোগোটো কেৱল এটা প্ৰতীক নহয়। এইটো এটা বাৰ্তা। এইটো এটা অনুভৱ যি আমাৰ শিৰাত আছে। এইটো এটা সংকল্প যাক আমাৰ চিন্তাধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে। আমি 'বসুধৈৱ কুটুম্বকম' মন্ত্ৰৰ জৰিয়তে জীয়াই থকা সাৰ্বজনীন ভাতৃত্ববোধৰ আত্মা এই লোগো আৰু বিষয়বস্তুত প্ৰতিফলিত হৈছে। এই লোগোত, পদুম ফুলে ভাৰতৰ পৌৰাণিক ঐতিহ্য, আমাৰ বিশ্বাস, আমাৰ বৌদ্ধিকতাবাদ ক'ব পাৰিছে। ইয়াত অদ্বৈতৰ চিন্তা হৈছে জীৱৰ একতাৰ দৰ্শন। এই লোগো আৰু থীমৰ জৰিয়তে, আমি এই বাৰ্তা টো দিছো যে এই দৰ্শন আজিৰ গোলকীয় সংঘাত আৰু দ্বিধাসমাধানৰ এক মাধ্যম হ'ব লাগে। জি-২০ৰ জৰিয়তে ভাৰতে যুদ্ধৰ পৰা মুক্তিৰ বাবে বুদ্ধৰ বাৰ্তাৰ বিশ্বব্যাপী খ্যাতিক নতুন শক্তি প্ৰদান কৰিছে, যি হৈছে হিংসাৰ প্ৰতিৰোধত মহাত্মা গান্ধীৰ সমাধান।বন্ধুসকল, ভাৰতৰ জি-২০ ৰাষ্ট্ৰপতিত্ব বিশ্বৰ সংকট আৰু বিশৃংখলতাৰ সময়ত আহি আছে। পৃথিৱীখনে শতিকাত এবাৰ হোৱা এক বাধাগ্ৰস্ত মহামাৰী, সংঘৰ্ষ আৰু যথেষ্ট অৰ্থনৈতিক অনিশ্চয়তাৰ পৰৱৰ্তী প্ৰভাৱৰ মাজেৰে গৈ আছে। জি-২০ লোগোত থকা পদুমৰ প্ৰতীকটো এই সময়ত আশাৰ প্ৰতিনিধিত্ব। পৰিস্থিতি যিমানেই প্ৰতিকূল নহওঁক কিয়, পদুম এতিয়াও ফুলি আছে। পৃথিৱীখন গভীৰ সংকটত থাকিলেও, আমি এতিয়াও উন্নতি কৰিব পাৰোঁ আৰু পৃথিৱীখনক এক উন্নত স্থান তৈয়াৰ কৰিব পাৰোঁ। ভাৰতীয় সংস্কৃতিত, জ্ঞান আৰু সমৃদ্ধিৰ দেৱী দুয়োপদুমৰ ওপৰত বহি আছে। আজি পৃথিৱীখনক এইটোৱেই আটাইতকৈ বেছি প্ৰয়োজন: ভাগ বতৰা কৰা জ্ঞান যি আমাক আমাৰ পৰিস্থিতিবোৰ অতিক্ৰম কৰাত সহায় কৰে, আৰু অন্তিম মাইলত অন্তিম ব্যক্তিজনৰ ওচৰলৈ যোৱা সমৃদ্ধিৰ অংশীদাৰী। এইকাৰণে, জি-২০লোগোত, পৃথিৱীখন এটা পদুমৰ ওপৰতো ৰখা হৈছে। লোগোত থকা পদুমৰ সাতটা পাহিও গুৰুত্বপূৰ্ণ। তেওঁলোকে সাতখন মহাদেশক প্ৰতিনিধিত্ব কৰে। সাতহৈছে সংগীতৰ সাৰ্বজনীন ভাষাত টোকাৰ সংখ্যা। সংগীতত, যেতিয়া সাতটা টোকা একেলগে আহে, সেইবোৰে নিখুঁত সম্প্ৰীতি সৃষ্টি কৰে। কিন্তু প্ৰতিটো টোকাৰ নিজা স্বকীয়তা আছে। একেদৰে, জি-২০-ৰ লক্ষ্য হৈছে বৈচিত্ৰ্যক সন্মান জনাই বিশ্বক একত্ৰিত কৰা। বন্ধুসকল, এইটো সঁচা যে যেতিয়াই বিশ্বত জি-২০ৰ দৰে ডাঙৰ মঞ্চৰ সন্মিলন হয়, ইয়াৰ নিজা কূটনৈতিক আৰু ভূ-ৰাজনৈতিক অৰ্থ থাকে। এয়াও স্বাভাৱিক। কিন্তু ভাৰতৰ বাবে এই সন্মিলন কেৱল এক কূটনৈতিক বৈঠক নহয়। ভাৰতে ইয়াক নিজৰ বাবে এক নতুন দায়িত্ব হিচাপে চায়। ভাৰতে ইয়াক বিশ্বৰ নিজৰ ওপৰত বিশ্বাস হিচাপে চায়। আজি বিশ্বত ভাৰতক জানিবলৈ, ভাৰতক বুজিবলৈ এক অভূতপূৰ্ব কৌতূহল আছে। আজি ভাৰতক এক নতুন দৃষ্টিৰে অধ্যয়ন কৰা হৈছে। আমাৰ বৰ্তমানৰ সফলতাৰ মূল্যাঙ্কন কৰা হৈছে। আমাৰ ভৱিষ্যতৰ বিষয়ে অভূতপূৰ্ব আশা প্ৰকাশ কৰা হৈছে। এনে পৰিস্থিতিত, এই আশা আৰু প্ৰত্যাশাতকৈ বহুত ভাল কৰাটো আমাৰ দেশবাসীৰ দায়িত্ব। ভাৰতৰ চিন্তা আৰু শক্তি, ভাৰতৰ সংস্কৃতি আৰু সামাজিক শক্তিৰ সৈতে বিশ্বক পৰিচয় কৰাই দিয়াটো আমাৰ দায়িত্ব। আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতিৰ বৌদ্ধিকতা আৰু ইয়াত সন্নিবিষ্ট আধুনিকতাৰ সৈতে পৃথিৱীৰ জ্ঞান বৃদ্ধি কৰাটো আমাৰ দায়িত্ব। আমি যিদৰে শতিকা আৰু সহস্ৰাব্দ ধৰি 'জয়-জগত'ৰ ধাৰণাটো জীয়াই আছোঁ, আজি আমি ইয়াক জীৱন্ত কৰি আধুনিক বিশ্বৰ আগত উপস্থাপন কৰিব লাগিব। আমি সকলোকে সংযোগ কৰিব লাগিব। সকলোকে গোলকীয় কৰ্তব্যৰ বিষয়ে অৱগত কৰিব লাগিব। তেওঁলোকক বিশ্বৰ ভৱিষ্যতত তেওঁলোকৰ নিজৰ অংশগ্ৰহণৰ বাবে জাগ্ৰত, অনুপ্ৰাণিত কৰিব লাগিব। বন্ধুসকল, আজি যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতা কৰিবলৈ গৈ আছে, এই অনুষ্ঠানটোৱে আমাৰ বাবে ১৩০ কোটি ভাৰতীয়ৰ শক্তি আৰু শক্তিপ্ৰতিনিধিত্ব কৰে। আজি ভাৰত এই বিন্দুত উপনীত হৈছে। কিন্তু, ইয়াৰ আঁৰত আমাৰ হাজাৰ হাজাৰ বছৰৰ অতি ডাঙৰ যাত্ৰা আছে, অসীম অভিজ্ঞতাবোৰ সংযুক্ত হৈ আছে। আমি হাজাৰ হাজাৰ বছৰৰ বিকাশ আৰু বৈভৱও দেখিছোঁ। আমি পৃথিৱীৰ আটাইতকৈ আন্ধাৰ সময়টোও দেখিছোঁ। আমি শতিকা জুৰি দাসত্ব আৰু অন্ধকাৰ জীয়াই থাকিবলৈ বাধ্য হোৱাৰ দিন দেখিছোঁ। ইমানবোৰ আক্ৰমণকাৰী আৰু অত্যাচাৰৰ সন্মুখীন হৈ ভাৰতে আজি এক জীৱন্ত ইতিহাসৰ সৈতে ইয়াত উপনীত হৈছে। সেই অভিজ্ঞতাবোৰ আজিৰ উন্নয়নযাত্ৰাত ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি। স্বাধীনতাৰ পিছত, আমি শূন্যৰ পৰা আৰম্ভ কৰি এটা ডাঙৰ যাত্ৰা আৰম্ভ কৰিছিলো, শৃংগটোলক্ষ্য কৰি। ইয়াত অন্তৰ্ভুক্ত আছে যোৱা ৭৫ বছৰত থকা সকলো চৰকাৰৰ প্ৰচেষ্টা। সকলো চৰকাৰ আৰু নাগৰিকে ভাৰতক নিজৰ ধৰণে আগুৱাই নিয়াৰ চেষ্টা কৰিছে। আমি আজি এক নতুন শক্তিৰে এই আত্মাৰ সৈতে আগবাঢ়িব লাগিব। বন্ধুসকল, ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতিয়ে আমাক আৰু এটা কথা শিকাইছে। যেতিয়া আমি আমাৰ প্ৰগতিৰ বাবে চেষ্টা কৰোঁ, আমি বিশ্বব্যাপী প্ৰগতিৰ পৰিকল্পনাও কৰোঁ। আজি ভাৰত হৈছে বিশ্বৰ এক সমৃদ্ধ আৰু জীৱন্ত গণতন্ত্ৰ। আমাৰ ওচৰত গণতন্ত্ৰৰ মূল্যবোধ আছে, আৰু গণতন্ত্ৰৰ মাতৃৰ ৰূপত এক গৌৰৱময় পৰম্পৰা আছে। ভাৰতৰ যিমান স্বকীয়তা আছে সিমানেই বৈচিত্ৰ্য আছে। এই গণতন্ত্ৰ, এই বৈচিত্ৰ্য, এই থলুৱা দৃষ্টিভংগী, এই সামগ্ৰিক চিন্তাধাৰা, এই স্থানীয় জীৱনশৈলী, এই বিশ্বব্যাপী চিন্তা, আজি বিশ্বই এই ধাৰণাবোৰত ইয়াৰ সকলো প্ৰত্যাহ্বানৰ সমাধান বিচাৰি আছে।আৰু, জি-২০ ইয়াৰ বাবে এক ডাঙৰ সুযোগ হিচাপে কামত আহিব পাৰে। আমি বিশ্বক দেখুৱাব পাৰোঁ যে গণতন্ত্ৰ কেনেদৰে গণতন্ত্ৰ, যেতিয়া ই এক ব্যৱস্থা আৰু লগতে সংস্কৃতি আৰু সংস্কৃতিহৈ পৰে, সংঘাতৰ পৰিসৰ সমাপ্ত হয়। আমি পৃথিৱীৰ প্ৰতিজন মানুহক আশ্বাস দিব পাৰোঁ যে প্ৰগতি আৰু প্ৰকৃতি দুয়োটাই ইজনে সিজনৰ সৈতে যাব পাৰে। আমি বহনক্ষম উন্নয়নক কেৱল চৰকাৰৰ ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগত জীৱনৰ এটা অংশ কৰি তুলিব লাগিব, ইয়াক সম্প্ৰসাৰিত কৰিব লাগিব। পৰিৱেশ এক গোলকীয় কাৰণ হোৱাৰ লগতে আমাৰ বাবে ব্যক্তিগত দায়িত্ব হ'ব লাগে।বন্ধুসকল, আজি, বিশ্বই চিকিৎসাৰ পৰিৱৰ্তে স্বাস্থ্য বিচাৰি আছে। আমাৰ আয়ুৰ্বেদ, আমাৰ যোগ, যাৰ বিষয়ে বিশ্বত এক নতুন বিশ্বাস আৰু উৎসাহ আছে, আমি ইয়াৰ সম্প্ৰসাৰণৰ বাবে এক বিশ্বব্যাপী ব্যৱস্থা গঢ়ি তুলিব পাৰোঁ। অহা বছৰ বিশ্বই আন্তৰ্জাতিক বাজৰা বৰ্ষ উদযাপন কৰিবলৈ গৈ আছে, কিন্তু আমি বহুতো মোটা শস্যক আমাৰ ঘৰৰ পাকঘৰত বহু শতাব্দী ধৰি স্থান দিআহিছো।বন্ধুসকল, বহুক্ষেত্ৰত ভাৰতৰ সাফল্য এনেকুৱা যে সেইবোৰ বিশ্বৰ আন দেশৰ বাবেও উপযোগী হ'ব পাৰে। উদাহৰণ স্বৰূপে, ভাৰতে যিদৰে উন্নয়নৰ বাবে, অন্তৰ্ভুক্তিৰ বাবে, দুৰ্নীতি নিৰ্মূল কৰিবলৈ, ব্যৱসায় কৰাৰ সহজতা আৰু জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিছে, এই সকলোবোৰ উন্নয়নশীল দেশসমূহৰ বাবে মডেল, টেমপ্লেট। একেদৰে, আজি ভাৰতে মহিলা সশক্তিকৰণ, মহিলা নেতৃত্বাধীন উন্নয়নৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। আমাৰ আঁচনি যেনে জন ধন একাউণ্ট আৰু মুদ্ৰাই মহিলাসকলৰ বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰিছে। এনে ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমাৰ অভিজ্ঞতাই পৃথিৱীখনক যথেষ্ট সহায় কৰিব পাৰে। আৰু জি-২০ত ভাৰতৰ ৰাষ্ট্ৰপতিত্ব এই সকলো সফল অভিযানবিশ্বলৈ লৈ যোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে আহি আছে। বন্ধুসকল, আজিৰ পৃথিৱীয়ে অতি আশাৰে সামূহিক নেতৃত্বলৈ চাই আছে। জি-7, জি-77 হওঁক বা ইউএনজিএ হওঁক। এই পৰিৱেশত, জি-20 ৰাষ্ট্ৰপতি হিচাপে ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এফালে, ভাৰতে উন্নত দেশসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে, আৰু একে সময়তে উন্নয়নশীল দেশসমূহৰ দৃষ্টিভংগী ভালদৰে বুজি পায়, স্পষ্টভাৱে কয়। এই ভিত্তিত, আমি 'গ্লোবেল চাউথ'ৰ সকলো বন্ধুৰ সৈতে আমাৰ জি-20 প্ৰেচিডেন্সিৰ ৰূপৰেখা প্ৰস্তুত কৰিম যিকেইবা দশক ধৰি উন্নয়নৰ পথত ভাৰতৰ সহ-যাত্ৰী হৈ আহিছে। আমাৰ প্ৰচেষ্টা হ'ব যে পৃথিৱীত কোনো প্ৰথম বিশ্ব বা তৃতীয় বিশ্ব থাকিব নালাগে, কেৱল এখনেই পৃথিৱী থাকিব লাগে। ভাৰতে এক উমৈহতীয়া উদ্দেশ্যৰ বাবে, এক উন্নত ভৱিষ্যতৰ বাবে সমগ্ৰ বিশ্বক একত্ৰিত কৰাৰ বাবে এক দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছে। ভাৰতে এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড মন্ত্ৰেৰে বিশ্বত নৱীকৰণযোগ্য শক্তি বিপ্লৱৰ আহ্বান জনাইছে। ভাৰতে এক পৃথিৱী, এক স্বাস্থ্যৰ মন্ত্ৰৰে বিশ্বস্বাস্থ্য শক্তিশালী কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছে। আৰু এতিয়া জি-২০ত আমাৰ মন্ত্ৰ হৈছে – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত। ভাৰতৰ এই ধাৰণাসমূহে, এই মূল্যবোধবোৰে বিশ্ব কল্যাণৰ পথ প্ৰশস্ত কৰে। বন্ধুসকল, আজি, দেশৰ সকলো ৰাজ্য চৰকাৰ, সকলো ৰাজনৈতিক দললৈ মোৰ অনুৰোধ আছে। এই অনুষ্ঠানটো কেৱল কেন্দ্ৰীয় চৰকাৰৰ নহয়। এই অনুষ্ঠানটো আমাৰ ভাৰতীয়সকলৰ এটা অনুষ্ঠান। জি-২০ আমাৰ বাবে 'অতিথি দেৱো ভৱ'ৰ পৰম্পৰা চাবলৈ ও এক উত্তম সুযোগ। এই জি-20 সম্পৰ্কীয় অনুষ্ঠানবোৰ দিল্লী বা কেইটামান ঠাইতে সীমাবদ্ধ নহ'ব। ইয়াৰ অধীনত দেশৰ প্ৰতিটো কোণত কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। আমাৰ প্ৰতিখন ৰাজ্যৰ নিজা বৈশিষ্ট্য আছে, ইয়াৰ নিজা উত্তৰাধিকাৰ আছে। প্ৰতিখন ৰাজ্যৰ নিজা সংস্কৃতি, ইয়াৰ সৌন্দৰ্য, নিজা আভা, ইয়াৰ আতিথ্য আছে।ৰাজস্থানৰ আতিথ্যনিমন্ত্ৰণ হৈছে – पधारोम्हारेदेस! ! গুজৰাটৰ মৰমৰ অভিনন্দন – तमारुस्वागतछे! কেৰালাৰ মালায়ালমত একেই প্ৰেম দেখা যায় – एल्लावर्क्कुम्स्वागतम्! 'হাৰ্ট অফ ইনক্ৰিডিবল ইণ্ডিয়া' মধ্যপ্ৰদেশত কোৱা হয় – आपकास्वागतहै! পশ্চিম বংগৰ সুললিত বাংলাত কোৱা হয় – আপনাকে স্বাগতজানাই! তামিলনাডুত कदएगलमुडि-वदिल्ऐ, তেওঁলোকে কয় – थंगलवरवनल-वर-वाहुहअ!, উত্তৰ প্ৰদেশত কোৱা হয় – यूपीनहींदेखातोभारतनहींदेखा। । হিমাচল প্ৰদেশে কয় easons ইয়াৰ অৰ্থ হৈছে প্ৰতিটো ঋতু প্ৰতিটো কাৰণৰ বাবে। উত্তৰাখণ্ডতো সঁচাকৈ এক "স্বৰ্গ"। এই আতিথ্য, এই বৈচিত্ৰ্যই বিশ্বক আচৰিত কৰে। জি-২০ৰ জৰিয়তে আমি এই প্ৰেম বিশ্বক জনাব লাগিব। বন্ধুসকল, মই অহা সপ্তাহত ইণ্ডোনেছিয়ালৈ যাব লাগিব। ভাৰতক জি-২০ৰ সভাপতিত্ব দিয়াৰ বাবে এক আনুষ্ঠানিক ঘোষণা কৰা হ'ব। মই দেশৰ সকলো ৰাজ্য, সকলো ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত তেওঁলোকৰ ৰাজ্যৰ ভূমিকা যিমান সম্ভৱ সম্প্ৰসাৰিত কৰিবলৈ অনুৰোধ জনাইছো। আপোনাৰ ৰাজ্যৰ বাবে এই সুযোগৰ সুবিধা লওক। দেশৰ সকলো নাগৰিক, বুদ্ধিজীৱীসকলেও এই অনুষ্ঠানৰ অংশ হ'বলৈ আগবাঢ়ি আহিব লাগে। এইমাত্ৰ মুকলি কৰা ৱেবছাইটত, আপুনি সকলোৱে ইয়াৰ বাবে আপোনাৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে, আপোনাৰ মতামত প্ৰকাশ কৰিব পাৰে। ভাৰতে বিশ্ব কল্যাণৰ বাবে কেনেদৰে নিজৰ ভূমিকা বৃদ্ধি কৰে সেই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আৰু অংশগ্ৰহণে জি-২০ৰ দৰে অনুষ্ঠানৰ সফলতাক এক নতুন উচ্চতা প্ৰদান কৰিব। মই নিশ্চিত যে এই অনুষ্ঠানটো কেৱল ভাৰতৰ বাবেস্মৰণীয় নহয়, ভৱিষ্যত বিশ্বৰ ইতিহাসত ইয়াক এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে মূল্যায়ন কৰিব। এই ইচ্ছাৰে, আপোনালোক সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাইছো।বহু বহু ধন্যবাদ!
ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B6%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A6%A8%E0%A6%BE-%E0%A6%B9%E0%A6%9C%E0%A7%B0%E0%A6%A4-%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%AE-%E0%A6%B9%E0%A7%81%E0%A6%9B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%B6%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A6%A8%E0%A6%BE-%E0%A6%B9%E0%A6%9C%E0%A7%B0%E0%A6%A4-%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%AE-%E0%A6%B9%E0%A7%81%E0%A6%9B/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশুৰাৰ দিনা হজৰত ইমাম হুছেইন (এএছ) ৰ ত্যাগক স্মৰণ কৰে আৰু কয় যে সত্যৰ প্ৰতি অটল দায়বদ্ধতা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়; "আজি হজৰত ইমাম হুছেইন (এএছ) ৰ ত্যাগক স্মৰণৰ দিন। সত্যৰ প্ৰতি অটল দায়বদ্ধতা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁ সমতা আৰু ভ্ৰাতৃত্ববোধতো অতিশয় গুৰুত্ব প্ৰদান কৰিছিল।"
আশুৰাৰ দিনা হজৰত ইমাম হুছেইন (এএছ) ৰ ত্যাগক স্মৰণ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8B%E0%A6%A8%E0%A7%87%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক আৰু বেদনা প্ৰকাশ কৰিছে। তেখেতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি দুখৰ এই মুহূৰ্তত ভাৰত ইণ্ডোনেছিয়াৰ সমভাগী হৈছে বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে; “ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষতিসাধনৰ ঘটনাত শোকাহত হৈছো। নিহতসকলৰ আত্মাৰ সদগতি কামনাৰে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। দুখৰ এই মুহূৰ্তত ভাৰত ইণ্ডোনেছিয়াৰ সমভাগী হৈছে।”
ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%B9%E0%A6%BF%E0%A6%9A%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF-%E0%A6%B9%E0%A6%BF%E0%A6%9A%E0%A6%BE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে এইচ ই উইলিয়াম এছ ৰুটোক অভিনন্দন জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “কেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে @WilliamsRuto লৈ অভিনন্দন। আমাৰ ঐতিহাসিক দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আশাবাদী।”
কেনিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনৰ বাবে মহামান্য উইলিয়াম এছ ৰুটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%87%E0%A6%9A-%E0%A6%8F%E0%A6%87%E0%A6%9A-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A7%82%E0%A6%96-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%B0-%E0%A6%9C%E0%A7%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%87%E0%A6%9A-%E0%A6%8F%E0%A6%87%E0%A6%9A-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A7%82%E0%A6%96-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%B0-%E0%A6%9C%E0%A7%9F/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইচ এইচ প্ৰমূখ মহাৰাজৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। “সমগ্ৰ বিশ্বৰ লাখ লাখ ভক্তৰ লগতে মই এইচ এইচ প্ৰমূখ মহাৰাজৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেতৰ নিঃস্বাৰ্থ মানৱসেৱাই অসংখ্য মানুহৰ জীৱনলৈ যোগাত্মক পৰিৱৰ্তন আনিছিল। এইচ এইচ প্ৰমূখ মহাৰাজৰ ঐশ্বৰ্যশালী চিন্তাধাৰাই সকলো বাধা অতিক্ৰম কৰি মানুহক পথ প্ৰদৰ্শন কৰি আহিছে। দুখীয়া-দৰিদ্ৰ তথা সৰ্বস্বান্তৰ জীৱনলৈ যোগাত্মক পৰিৱৰ্তন আনাৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগীয়ে আমাক সদায়ে প্ৰেৰিত কৰিব। এইচ এইচ প্ৰমূখ মহাৰাজৰ লগত মোৰ বিশেষ সম্পৰ্ক আছিল। তেওঁৰ লগত কটোৱা সময় মোৰ বাবে স্মৰণীয় হৈ থাকিব। তেখেতৰ আশিস লাভ কৰি মই ধন্য হৈছিলো। যোৱাবছৰ সাৰঙ্গপুৰত মই তেখেতৰ বিষয়ে কি কৈছিলো, এই লিংকত উপলব্ধ আছে। https://www.youtube.com/watch?v=azaYIrMsx5g ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
এইচ এইচ প্ৰমূখ মহাৰাজৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%E0%A6%95%E0%A7%88-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%BF%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%E0%A6%95%E0%A7%88-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%BF%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7/
প্ৰতিৰক্ষা বাহিনীৰ সাতটা নতুন প্ৰতিষ্ঠানক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি বিজয়াদশমীৰ পবিত্ৰ দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ যোগে ভাষণ প্ৰদান কৰিব। প্ৰতিৰক্ষা বাহিনীয়ে আয়োজন কৰা অনুষ্ঠানটোত দিনৰ ১২.১০বজাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগতে প্ৰতিৰক্ষা উদ্যোগ সংগঠনৰ প্ৰতিনিধিবৰ্গই অংশ গ্ৰহণ কৰিব। প্ৰতিৰক্ষা বাহিনীৰ নতুন প্ৰতিষ্ঠানকেইটাৰ বিষয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডক সদা সষ্টম কৰি ৰাখিব পৰাকৈ ‘অৰ্ডানেন্স ফেক্টৰী ব’ৰ্ড’ক এটা চৰকাৰী বিভাগৰ পৰা আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ সাতটা ১০০% চৰকাৰী নিগমৰ ৰূপত গঢ়ি তোলাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপৰ জৰিয়তে কৰ্ম-পৰিচালনাৰ ক্ষেত্ৰত অধিক স্বায়ত্বতা, পাৰদৰ্শিতা আৰু নতুন প্ৰগতিৰ সম্ভাৱনীয়তাসমূহক উচিত ভাবে উন্মোচিত কৰা তথা উদ্ভাৱনৰ দুৱাৰ মুকলি কৰাৰ প্ৰয়াস কৰা হৈছে। নতুনকৈ স্থাপিত প্ৰতিষ্ঠানকেইটা হৈছে: ‘মিউনিশ্যন ইণ্ডিয়া লিমিটেড’(এমআইএল), ‘আৰ্মাৰ্ড ভেহিকল নিগম লিমিটেড’(এভিএএনআই), ‘এডভান্সড ৱে’পনছ এণ্ড ইকুইপমেণ্ট ইণ্ডিয়া লিমিটেড’(এডব্লিউই ইণ্ডিয়া), ‘ট্ৰুপ কমফৰ্ট্ছ লিমিটেড’(টিচিএল), ‘যন্ত্ৰ ইণ্ডিয়া লিমিটেড’(ওৱাইআইএল), ‘ইণ্ডিয়া অ’পটেল লিমিটেড’(আইঅএল) আৰু ‘গ্লাইডাৰ ইণ্ডিয়া লিমিটেড’(জিআইএল)।
নতুনকৈ স্থাপিত প্ৰতিৰক্ষা বাহিনীৰ ৭টা প্ৰতিষ্ঠানক ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি এক অনুষ্ঠানত ভিডিঅ যোগে ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9F%E0%A7%87%E0%A6%AC%E0%A7%81%E0%A6%B2-%E0%A6%9F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%9F%E0%A7%87%E0%A6%AC%E0%A7%81%E0%A6%B2-%E0%A6%9F/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাক এছিয়ান কাপত ব্ৰঞ্জৰ পদক জয় কৰাত অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে; "মই মণিকা বাত্ৰাক এছিয়ান কাপত ব্ৰঞ্জ জয় কৰি ভাৰতীয় টেবুল টেনিছত ইতিহাস ৰচা বাবে অভিনন্দন জনাইছো। তেওঁৰ সফলতাই সমগ্ৰ ভাৰতত বহু এথলীটক অনুপ্ৰাণিত কৰিব আৰু টেবুল টেনিছক অধিক জনপ্ৰিয় কৰি তুলিব। @manikabatra_TT"
প্ৰধানমন্ত্ৰীয়ে টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাক এছিয়ান কাপত ব্ৰঞ্জৰ পদক জয় কৰাত অভিনন্দন জনায
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%A4-%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE-%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A6%BF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ অৰ্থে ভাৰত আৰু ইৰাণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়। লাভালাভঃ এই বুজাবুজি চুক্তিয়ে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক অধিক আগুৱাই নিব। এয়া দুয়ো দেশৰ মিলিত সাংস্কৃতিক ঐতিহ্যৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। পটভূমিঃ ঔষধি গছকে ধৰি বৈশ্বিক স্বাস্থ্যখণ্ডত অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ভাৰত অধিক আগবঢ়া। ভাৰত আৰু ইৰাণৰ মাজত ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ যথেষ্ট মিল আছে। দুয়োখন দেশৰ বিশাল পৰিসৰৰ জৈৱ-বৈচিত্ৰ আৰু বিৰল প্ৰজাতিৰ ঔষধি গছ আছে, যিবোৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। তদুপৰি, ইৰাণে ভাৰত পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত ভাৰতক এখন প্ৰকৃত আগশাৰীৰ দেশ হিচাপে অভিহিত কৰাৰ লগতে ব্যাপক আৰু শক্তিশালী আন্তঃগাঁথনিৰ লগতে ঔষধ উৎপাদনত অত্যাধূনিক ইউনিট স্থাপনত সহায় কৰিছে। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদ, যোগ আৰু নেচাৰ’থেৰাপী, উনানী, সিদ্ধ, ছোৱা-ৰিগপা আৰু হোমিঅ’থেৰাপীকে ধৰি পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু বৈশ্বিক মান প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে চীন, মালয়েছিয়া, ত্ৰিনিদাদ আৰু টবেগ’, হাংগেৰী, বাংলাদেশ, নেপাল, মৰিচাচ আৰু মংগোলিয়াৰ সৈতে সহযোগিতামুলক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। শ্ৰীলংকাৰ সৈতেও এনে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।
পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ অৰ্থে ভাৰত আৰু ইৰাণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%AE%E0%A7%88%E0%A6%B9%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%AE%E0%A7%88%E0%A6%B9%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰপৰা ভাৰত আৰু বাংলাদেশে ১৫৩ কিউছেক পৰ্য্যন্ত পানী প্ৰত্যাহাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজৰ বুজাবুজিৰ চুক্তি (MoU) ত কাৰ্য্যোত্তৰ অনুমোদন জনালে। ২০২২ ৰ ৬ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰালয়ৰ মাজত, ভাৰত আৰু বাংলাদেশে উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰপৰা খৰালি কালত (১ নৱেম্বৰৰপৰা ৩১ মে’লৈ) নিজা ব্যৱহাৰযোগ্য পানীৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে ১৫৩ কিউছেক পৰ্য্যন্ত পানী প্ৰত্যাহাৰৰ বাবে এই বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছিল। এই বুজাবুজিৰ চুক্তিৰ অধীনত অসম চৰকাৰে খৰালি কালত (১ নৱেম্বৰৰপৰা ৩১ মে’লৈ) কুশিয়াৰা নদীৰ উমৈহতীয়া অংশৰপৰা ১৫৩ কিউছেক পৰ্য্যন্ত পানী, খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আহৰণ কৰিব পাৰিব। খৰালি কালত প্ৰতিটো পক্ষৰ পানী প্ৰত্যাহাৰত নজৰ ৰাখিবলৈ দুয়োখন দেশৰদ্বাৰা এটা যুটীয়া নিৰীক্ষণ টীম গঠন কৰা হ’ব।
উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰপৰা ভাৰত আৰু বাংলাদেশে ১৫৩ কিউছেকলৈকে পানী প্ৰত্যাহাৰৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A6%97%E0%A7%9C%E0%A7%B0-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B8%E0%A7%82%E0%A6%9A%E0%A7%80%E0%A6%A4-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A6%97%E0%A7%9C%E0%A7%B0-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B8%E0%A7%82%E0%A6%9A%E0%A7%80%E0%A6%A4-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত বুধবাৰে আয়োজিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত ছত্তিশগড়ৰ অনুসূচীত জাতিৰ তালিকাখন সংশোধনৰ বাবে সংবিধান (অনুসূচীত জাতি আৰু উপজাতি) নিৰ্দেশ (সংশোধন) বিধেয়ক, ২০১৬–ত চৰকাৰী সংশোধনৰ বিষয়টোলৈ যাৱতীয় অনুমোদন জনাইছে। এই সংশোধনৰ ফলত উপজাতিৰ তালিকাত আৰু ভালেমান গোষ্ঠীৰ নাম অন্তৰ্ভুক্ত অনুমোদন কৰা হ’ব। এই গোষ্ঠীসমূহৰ ভিতৰত আছে ক্ৰমে – ভূঞা, ধানোৱাৰ, নাগশিয়া, ওৰাও, ছাওয়াৰ ইত্যাদি। ২০১৬–ৰ এই বিধেয়কখন সংবিধান নিৰ্দেশ (সংশোধনী) বিধেয়ক, ২০১৯ হিচাপেও গণ্য কৰা হ’ব পাৰে। বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত ছত্তিশগড়ৰ অনুসূচীত উপজাতিৰ সংশোধিত তালিকাত নতুনকৈ নথিভুক্ত গোষ্ঠীসমূহে চৰকাৰৰ বর্তমান প্রকল্পসমূহৰ আওতাত বিভিন্ন সুযোগ–সুবিধা গ্রহণ কৰিব পাৰিব। তদুপৰি, চৰকাৰৰ নীতি অনুযায়ী চাকৰিত সংৰক্ষণৰ উপৰিও শিক্ষা প্রতিষ্ঠানবোৰত পঢ়া–শুনাৰ বাবে যিবোৰ সুবিধা আছে, সেইবোৰা গ্ৰহণ কৰিব পাৰিব।
ছত্তিশগড়ৰ অনুসূচীত জাতিৰ তালিকাখন সংশোধনৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-7/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি শ্লোভাক গণৰাজ্যৰ প্রধানমন্ত্রী শ্ৰীযুত এডুয়ার্ড হেগাৰৰ সৈতে টেলিফোনযোগে কথা পাতে৷ প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনৰ পৰা ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই অনা আৰু বিশেষ উদ্ধাৰকাৰী ভাৰতীয় বিমানক অনুমতি দিয়াৰ বাবে শ্লোভাক গণৰাজ্যৰ সহায়ৰ বাবে এডুয়ার্ড হেগাৰক ধন্যবাদ জনায়৷ ভাৰতে যাতে ইয়াৰ অন্য নাগৰিকসকলৰ সংঘাতপূর্ণ এলেকাৰ পৰা উদ্ধাৰ কৰাৰ বাবে অনাগত কেইটামান দিন শ্লোভাক গণৰাজ্যক সহায়ৰ অনুৰোধ কৰে৷ ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত তদাৰক কৰাৰ বাবে কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী শ্রী কিৰেণ ৰিজিজুক তেওঁৰ বিশেষ দূত হিচাপে নিযুক্ত কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰী হেগাৰক অৱগত কৰে প্রধানমন্ত্রী মোদীয়ে৷ প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনত বর্তমান হিংসা আৰু মানৱীয় সংকটজনক পৰিস্থিতিৰ বাবে গভীৰ দুঃখ প্রকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সংঘাত পৰিহাৰ কৰি আলাপ-আলোচনাত বহাৰ বাবে ভাৰতৰ একেৰাহে কৰি অহা আহ্বানৰ কথা পুনৰ দোঁহাৰে। প্রধানমন্ত্রী মোদীয়ে দেশৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু শ্লোভাক গণৰাজ্যৰ প্রধানমন্ত্রী শ্ৰীযুত এডুয়ার্ড হেগাৰৰ মাজত টেলিফোনিক বার্তালা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%AD-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A7%AD-%E0%A6%85%E0%A6%95%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AC/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ পিএম কেয়াৰ্ছ তহবিলৰ পৰা নির্মিত ৩৫টা প্রেছাৰ ছুইং এডছর্পশন (পিএসএ) অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। দেশৰ ৩৫খন জিলা আৰু কেন্দ্রশাসিত অঞ্চলত এইবিলাক বহুওৱা হৈছে। কাইলৈ, ৭ অক্টোবৰত পুৱা ১১ টাযত উত্তৰাখণ্ডৰ অল ইণ্ডিয়া ইনস্টিটিউট অফ মেডিকেল ছাইন্সেস, ঋষিকেশৰ পৰা ইয়াৰ উদ্বোধন হ'ব। প্রধানমন্ত্রীয়ে এই উপলক্ষে ভাষণ দিব। ইয়াৰ মাধ্যমত দেশৰ প্রতিখন জিলাযত পিএছএ অক্সিজেন প্লাণ্ট স্থাপন অনুমোদিত হৈছে। এই পর্যন্ত পিএম কেয়াৰ্ছ তহবিলৰ পৰা সমগ্ৰ দেশত মুঠ ১২২৪টা পিএছএ অক্সিজেন প্লাণ্ট প্ৰস্তুত কৰাৰ বাবে অর্থ যোগান ধৰা হৈছে। ইয়াৰ ভিতৰত ১১০০টাৰো অধিক প্লাণ্ট অনুমোদিত হৈছে। এই প্লাণ্ট স্থাপনৰ ফলত প্রতিদিনে ১৭৫০ মেট্রিক টন অক্সিজেন পোৱা যাব। এই ব্যৱস্থা হৈছে কোভিড-১৯ অতিমাৰি সূচনাৰ পিছত চিকিৎসা ব্যৱস্থাত অক্সিজেন সৰবৰাহ বৃদ্ধিৰ লক্ষ্যত চৰকাৰৰ এটা গৃহীত পদক্ষেপ। এইসমূহ পি এছ এই অক্সিজেন প্লাণ্টবিলাক পচৰিালনা কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে ৭ হাজাৰৰো অধিক কর্মীক প্রশিক্ষণ দিয়া হৈছে। এই কর্মীসকলে এটা সংহত ওৱেব পোর্টেলৰ মাধ্যমত তেওঁলোকৰ কাম-কাজ আৰু কর্মক্ষমতা পর্যবেক্ষণৰ বাবে এটা এমবেডেড ইণ্টার্নেট অফ থিংছ ডিভাইছ আনিছে। কাইলৈ হ'বলগীয়া এই অনুষ্ঠানত উত্তৰাখণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু কেন্দ্রীয় স্বাস্থ্যমন্ত্রী সহ অন্যান্যসকল উপস্থিত থাকিব।
প্রধানমন্ত্রীয়ে ৭ অক্টোবৰত পিএম কেয়াৰ্ছ তহবিলত নির্মিত অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6/
জয় স্বামীনাৰায়ণ! পূজ্য সন্তগণ! সকলো সৎসংগ ভাতৃ আৰু ভগ্নীসকল, আজি ভাৱবন্দনাৰ পৱিত্ৰ পৰ্ব মই দেখি আছো। গুৰুদেৱ শাস্ত্ৰীজী আৰু তেওঁৰ এক সাধনা আছিল, তপস্যা আছিল, সমাজৰ বাবে সমৰ্পণ আছিল, যাৰ সুন্দৰতাৰে ৰচনা কৰি শ্ৰী ধৰ্মজীৱন গাথা স্বৰূপে এখন প্ৰেৰণাদায়ক গ্ৰন্থ পূজ্য মাধৱপ্ৰিয় দাসজী মহাৰাজে দিলে। মোৰ বাবে এটা আনন্দৰ বিষয় হ'ল হেঁতেন যদি আপোনালোক সকলোৰে মাজত থাকি এই কাৰ্যক্ৰমৰ আনন্দ ল'ব পাৰিলো হেঁতেন, কিন্তু সময় মৰ্যাদাৰ ফলত এই মোহো হেৰুৱাবলগা হৈছে। এনেয়েও পূজনীয় শাস্ত্ৰীজীয়ে কৰ্তব্য কৰিবলৈ শিকাইছে, সেয়ে ময়ো এয়া কৰিব লাগিব। কিন্তু এই কাৰ্যৰ বাবে যিসকলে পৰিশ্ৰম কৰিলে, বিশেষকৈ পূজনীয় মাধৱপ্ৰিয় দাসজীয়ে ইয়াৰ বাবে পৰিশ্ৰম কৰিলে, ইয়াৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছো আৰু সকলো সৎসংগীৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো। সধাৰণতে আমাৰ দেশত বহু কিবা সুন্দৰ হয়, কিন্তু সেয়া শব্দবদ্ধ নহয়। স্মৃতিত থাকে, প্ৰজন্মৰ মাজত সকলোকে কৈ থাকে। কিন্তু সেয়া সকলো শব্দবদ্ধ হওক আৰু সেয়া সাহিত্যৰ ৰূপত আমাৰ সন্মুখত থাকক, যেতিয়া নৱজীৱনে এক প্ৰকাৰে জন্ম লয়, সেয়ে ধাৰণা হয় যেন আমাৰ মাজতে, শাস্ত্ৰীজী মহাৰাজ আছে, আমি যেতিয়া পঢ়িম তেতিয়া লাগিব যেন চোৱা এয়া শাস্ত্ৰীজী মহাৰাজে আমাক কৈছিল, ব'লা এতিয়া আমি এনেকুৱা কৰিম। নহয় নহয় এয়া কৰিব নোৱাৰি, কিয়নো শাস্ত্ৰীজী মহাৰাজে মানা কৰিছে। কিয়নো ইয়াত এনেকুৱা সৰু সৰু অনেক কথা আছে। বিশেষকৈ সৎসংগৰ কথা। আৰু এক নিৰ্লোভ জীৱন, যি সমাজৰ বাবে নিৰন্তৰ চিন্তা কৰিবলৈ লয়, চিন্তন কৰিবলৈ লয় আৰু সমাজক প্ৰেৰণা দিয়ে আৰু য'ত তপস্যাৰ এক প্ৰাণশক্তিৰ অনুভৱ থাকে। য'ত জ্ঞানৰ এক অবিৰত প্ৰবাহৰ অনুভৱ আমি কৰিব পাৰো। তাৰ আনন্দ ল'ব পাৰো। এক প্ৰকাৰে এই জীৱন সাধনা এক শব্দ সাধনা আমাৰ সন্মুখত সাহিত্যৰ ৰূপত এক অমূল্য পুষ্পৰ ৰূপত আমাৰ হাতত দিয়া হৈছে। আমাৰ কাম হৈছে এইটো যে শাস্ত্ৰীজী মহাৰাজৰ জীৱনক আমাৰ সকলো প্ৰজন্ম, সমগ্ৰ পৰিয়ালে তেওঁক জানক, বুজক, আমি সকলোৱে জানো যে শাস্ত্ৰীজী মহাৰাজৰ উপদেশত দুটা কথা বাৰে বাৰে দেখিবলৈ পোৱা যায়। যাক আমি জীৱন মন্ত্ৰ বুলিব পাৰো। এটা কথা তেওঁ সদায় কৈছিল যে যিয়েই আমি কৰো, সেয়া সৰ্বজন হিতায় হোৱা উচিত। আৰু আনটো কথা তেওঁ এইবুলি কৈছিল যে সদ্বিদ্যা প্ৰৱৰ্তনায়। ই সৰ্বজন হিতৰ কথা কয়, ইয়াৰ পৰাই তো মই কওঁ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। শাস্ত্ৰীজীয়ে যি কৈছিল সেয়াই এই শব্দ। য'ত সৰ্বজন হিতায়, সৰ্বজন সুখায়'ৰ কল্পনা চৰিতাৰ্থ হয়। আৰু এয়াও বাস্তৱ যে আমাৰ ৰাষ্ট্ৰত কেইবা শতিকাজুৰি জ্ঞান, উপাসনা, বিদ্যা মহামূল মন্ত্ৰ হৈ আছে, আমাৰ সকলো ঋষিয়ে যি কোনো নহয় কোনো গুৰুকুল পৰম্পৰাৰে জড়িত আছিল, প্ৰতিজন ঋষিৰ গুৰু পৰম্পৰা এক প্ৰকাৰৰ পৰম্পৰাগত বিশ্ববিদ্যালয় আছিল। য'ত সমাজৰ সকলো শ্ৰেণীৰ লোকে সৰ্বজন হিতায়, য'ত ৰজাৰ সন্তানো তাত থাকে, সাধাৰণ মানুহৰ পৰিজনো তাত থাকে আৰু সকলোৱে লগ লাগি সদ্বিদ্যা আহৰণ কৰিছিল। আমাৰ ইয়াত স্বামীনাৰায়ণ পৰম্পৰাত যি গুৰুকুল পৰম্পৰা আছে, এই গুৰুকুল পৰম্পৰাই আমাৰ ভব্য ভূতকাল আৰু উজ্জ্বল ভৱিষ্যতক সংযুক্ত কৰিব পৰা কৰিছিল। সমাজৰ সাধাৰণ লোকক ধাৰ্মিক প্ৰেৰণা, সাংস্কৃতিক প্ৰেৰণা, যি তেওঁলোকে গুৰুকুলত লাভ কৰিছিল। গুৰুকুলে এনেকুৱা ৰত্ন দিছে, সেয়া আজি পৃথিৱীত বিয়পি আছে। শাস্ত্ৰীজী মহাৰাজৰ এই দৃষ্টি, দিব্য দৃষ্টি যাৰ ফলত পৃথিৱীৰ যিকোনো দেশলৈ যাওক আৰু ভাৰতীয় সমুদায়ৰ সৈতে লগ হ'লে এজন দুজন তো এনেকুৱা মানুহ পাব যি এইবুলি ক'ব যে মই তো দুখীয়া পৰিয়ালৰ পৰা আহিছিলো। আৰু গুৰুকুলত ডাঙৰ হৈছিলো, গুৰুকুলে যি পঢ়ালে আৰু য'ত আছো তাত কাম কৰি আছো। কোৱাৰ অৰ্থ এইটোৱেই যে ইয়াত উপদেশ নাই, আদেশ নাই, শাস্ত্ৰীজীৰ জীৱনত এক অবিৰত সাধনা, তপস্যা আছে। তাৰেই পৰিণাম স্বৰূপে ইমান সময়ৰ পাছতো শাস্ত্ৰীজী মহাৰাজ আমাৰ মাজত উপস্থিত। শৰীৰেৰে উপস্থিত আছে, আত্মিক স্বৰূপেৰে উপস্থিত আছে, আৰু যেতিয়াই এই শব্দসমূহ আৰু সাহিত্যৰ মাজত আখৰেৰে থাকিব তেতিয়া আমাক শাস্ত্ৰীজী মহাৰাজৰ বচন আমাৰ মনত পৰিব। কৰ্তব্যৰ প্ৰেৰণা দিব, মোৰ তো আপোনালোকৰ সৈতে বহুত ওচৰ সম্পৰ্ক। এছজিভিপিলৈ অহা-যোৱা হয়, এমএলএ আমাৰ যি পুৰণা আছিল তেতিয়া ইয়ালৈ তেওঁৰ অনুশীলন বৰ্গলৈও আহিছো, কিয়নো মই জানিছিলো যে এইখন এনেকুৱা পৱিত্ৰ ঠাই য'ত ভাইব্ৰেচনৰ অনুভৱ হয়। মই তো আধুনিকতাও পছন্দ কৰো, মই দেখিছো যে আমাৰ গুৰুকুললৈ বহুত আধুনিকতা আহিছে। মোৰ আনন্দ হয়, যেতিয়া এছজি ৰোডেৰে গৈ থাকো, লাইট জ্বলি থাকে, শিশুহঁতে ক্ৰিকেট, ভলীবল খেলে, সৎসংগ চলায়, মিটিং আৰু প্ৰবৃতিসমূহ চলে, আৰু এয়া সকলো মূল শাস্ত্ৰীজী মহাৰাজে প্ৰেৰণা দিছে, পৰম্পৰা দিছে, তাত প্ৰতিটো প্ৰজন্মই সময়ানুকূল পৰিৱৰ্তন কৰিছে, জড়তা নাই ৰখা, পৰিৱৰ্তনক প্ৰয়োগ কৰিছে, নহয় নহয় এয়া কৰিব নোৱাৰি, এনেকুৱা নহয়, স্বামীনাৰায়ণৰ বিশেষত্বই এয়া প্ৰতিটো কথাৰ প্ৰেক্টিকেল পথ উলিয়ায় । আমি পথ উলিয়ালো, আৰু তাত সুন্দৰ কাম হ'ল, সকলোৱে জানে যে ইমান সুন্দৰ কাম হওক, ইমান ডাঙৰ সৎসংগী পৰিয়াল হওক, আৰু যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছিলো। সেয়ে আপোনালোকে জানে যে আহিছো যেতিয়া মই খালী হাতেৰে নাজাওঁ। আজিও এনেয়ে অহা নাই, মই কিবা তো খুজিম, মাধৱপ্ৰিয়দাসজী, বালস্বামীয়ে নিশ্চয় সমৰ্থন কৰিব, এতিয়া মই যদি কওঁ যে এনেয়ে আহিছো, তেন্তে জোৰেৰে ক'লো হেঁতেন, কিন্তু দূৰৰ পৰা লাহেকৈ ক'ম যে আমাৰ গুৰুকুলৰ পৰা যিমান মানুহ ওলাইছে, তেওঁলোকৰ সকলো পৰিয়াল, এতিয়াৰ বিদ্যাৰ্থীলৈকে সেই সকলোকে সামূহিক শক্তিৰে স্বাধীনতাৰ অমৃত মহোৎসৱ, স্বাধীনতাৰ ৭৫ বছৰ আমাৰ সন্তসকলেও স্বাধীনতাৰ সংগ্ৰামত পৰিৱেশ সৃষ্টি কৰিবলৈ যোগদান দিছিল। স্বয়ং ভগৱান স্বামীনাৰায়ণৰ উপদেশত সমাজ সেৱা আছিল, এয়া সকলো স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণা আছিল। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আপোনালোকৰ সংস্থাৰ দ্বাৰা গুৰুকুল, সৎসংগী, তেওঁলোকৰ পৰিয়ালৰ দ্বাৰা এতিয়ালৈকে পঢ়া সকলো বিদ্যাৰ্থীক কিছুমান কথাৰ আহ্বান জনাইছো, আজি পৃথিৱীৰ স্থিতি লক্ষ্য কৰিলে এনেকুৱা নালাগে যে প্ৰত্যেকৰ বাবে নতুন নতুন সংকট, কৰোণাৰ কাৰণ, ইউক্ৰেইন-ৰাছিয়াৰ যি চলি আছে তাত আমাৰ এয়া অনুভৱ হৈছে যে আজিৰ পৃথিৱীত কেতিয়া বা কি হয়। তাৰ আমাৰ ওপৰত কি প্ৰভাব হ'ব, তাৰ অনুমান কৰা টান, আৰু পৃথিৱী আজি সৰু হৈ গৈছে যে প্ৰভাব নপৰাকৈ কোনো থাকিব নোৱাৰে। তাৰ এটা উপায় হৈছে আত্মনিৰ্ভৰতা, আমি আমাৰ ভৰিৰ ওপৰত, আমাৰ আৱশ্যকতাৰ বাবে আমাৰ শক্তিৰ ওপৰত থিয় হৈ থাকিব লাগিব, তেতিয়াহে দেশ থিয় হৈ থাকিব। আত্মনিৰ্ভৰ ভাৰত অভিযানক শাস্ত্ৰীজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ আগুৱাই নিব পাৰো। এটা কথা বাৰে বাৰে কওঁ যে ভোকেল ফৰ লোকেল, মোৰ এটা কাম কৰক, আমাৰ সকলো গুৰুকুলক, বিদ্যাৰ্থী, পৰিজনক ক'ব যে তেওঁলোকে কাগজ পেঞ্চিল লৈ বহক আৰু টেবুল, পুৱা ৬ৰ পৰা পিছদিনা ৬ বজালৈকে কিমান এনেকুৱা বিদেশী বস্তু আছে যি আমাৰ ঘৰত আছে, আমাৰ দেশত আছে, আৰু যি ভাৰতত পায় আৰু আমি গম নাপাওঁ যে যি ফণী বা যি চাকি আছে, সেয়া বিদেশী। আমি এই কথা গম নাপাওঁ যে যি ফটকা জ্বলাই আছো, সেয়াও বিদেশী। গমেই নাপাওঁ, এবাৰ লিষ্ট বনালে আচৰিত হৈ যাম। মই কি ইমানো আশা কৰিব নোৱাৰো নেকি যে আমাৰ গুৰুকুলৰ সৈতে জড়িত যিকোনো সৎসংগীৰ ঘৰত এনেকুৱা সামগ্ৰী থাকক য'ত ভাৰতৰ মাটিৰ সুগন্ধ থাকিব। এনেকুৱা সামগ্ৰী য'ত ভাৰতৰ কোনো লোকৰ ঘাম থাকিব, যি হিন্দুস্তানৰ ভূমিত নিৰ্মাণ হৈছে, এনেকুৱা সামগ্ৰী আমি কিয় ব্যৱহাৰ নকৰো? ভোকেল ফৰ লোকেলৰ অৰ্থ এইটো নহয় যে দীপাৱলিত চাকি ইয়াৰ পৰা ল'ম, আমাৰ প্ৰয়োজনৰ সকলো সামগ্ৰী আমাৰ ইয়াৰ পৰা ল'ম, তেতিয়া কিমান মানুহে সংস্থাপন পাব, আত্মনিৰ্ভৰ হোৱাৰ গতি কিমান ক্ষিপ্ৰ হ'ব? দেশ কিমান শক্তিশালী হ'ব, এই কামৰ বাবে আপোনাৰ সহায়ৰ প্ৰয়োজন আছে, আনটো হৈছে ছিংগল ইউজ প্লাষ্টিক। স্বচ্ছতা অভিযান, আমাৰ গুৰুকুলত কেৱল আমাৰ কেম্পাছ স্বচ্ছ ৰাখিম, মন্দিৰ স্বচ্ছ ৰাখিম এনেকুৱা নহয়, আমি সপ্তাহত এবাৰ বা মাহত এবাৰ সমূহীয়াকৈ ওলাব লাগে আৰু নিশ্চিত কৰিব লাগে যে কোনো এলেকাৰ কোনো গাঁৱলৈ গৈ দুঘণ্টা চাফাই কৰি আহিম। আপোনালোকৰ ওচৰত কোনো বস্তুৰ অভাৱ নাই, বাহন আছে সকলো আছে, কেতিয়াবা ষ্টেচু অফ ইউনিটীলৈ যোৱাৰ সিদ্ধান্ত লওক, আৰু কিয় তালৈ যাব? ফুৰিবলৈ নহয়, তালৈ গৈ চাফাই কৰিবৰ বাবে। ব'লক সিদ্ধান্ত লওঁ যে এইবাৰ অম্বাজীলৈ যাম। অম্বাজীলৈ গৈ চাফাই কৰো। আমাৰ চহৰৰ ভিতৰত বহুত ষ্টেচু আছে। বাবা আম্বেদকাৰ, লাল বাহাদুৰ শাস্ত্ৰী, ভগত সিঙৰ ষ্টেচু থাকিব, তেতিয়া আমাৰ এনেকুৱা যাতে নহয় যেন ইয়াৰ চাফাই কৰাৰ দায়িত্ব আমাৰ থাকিব। স্বচ্ছতাৰ অনেক ৰূপ থাকে। কিয় আমাৰ প্ৰসাদো প্লাষ্টিকৰ মোনাত দিব, আমাৰ ঘৰত প্লাষ্টিক কিয় থাকে, সৎসংগী পৰিয়াল হ'লে তো প্লাষ্টিক থাকিবই নালাগে। এয়া এটা এনেকুৱা কথা, কিয়নো গুৰুকুলত প্ৰায় সকলো শিশু কৃষক পৰিয়ালৰ গ্ৰামীণ বেকগ্ৰাউণ্ডৰ পৰা অহা, মাধৱপ্ৰিয়দাসজী হওক বা অন্য সন্ত হওক তেওঁলোকৰ পূৰ্বাশ্ৰম কৃষক পৰিয়ালৰ সৈতে জড়িত। আমাৰ গুজৰাটৰ গৱৰ্ণৰ আচাৰ্য দেৱব্ৰতে প্ৰাকৃতিক কৃষিৰ বাবে অভিযান চলাইছিল। পৃথিৱী আমাৰ মাতৃ, সেই মাতৃৰ সেৱাৰ বাবে আমাৰ দায়িত্ব আছে নে নাই? শাস্ত্ৰীজী মহাৰাজে এইবোৰ কৈছেই, তেন্তে ধৰিত্ৰী মাক বিহ দি দি তেওঁক কিমান দিনলৈ আমি প্ৰতাড়িত কৰি থাকিম? ধৰিত্ৰী আইক এই সকলো কেমিকেলৰ বোজাৰ পৰা মুক্তি দিয়ক, আপোনালোকৰ ইয়াত তো গীৰ গায়ৰ গোশালাও আছে। আৰু প্ৰাকৃতিক খেতিৰ যি পদ্ধতি আছে, সেয়া সকলো গুৰুকুলত শিকোৱা হয়। গুৰুকুলৰ পৰা সপ্তাহত গাঁৱলৈ যাওক, গাঁৱে গাঁৱে গৈ এই অভিযান প্ৰত্যেক কৃষকক শিকাওক, ফাৰ্টিলাইজাৰ, কেমিকেল, ঔষধৰ প্ৰয়োজন নাই। প্ৰাকৃতিক খেতি, মই মানিছো যে গুজৰাট আৰু দেশৰ ডাঙৰ সেৱা হ'ব, আৰু শাস্ত্ৰীজী মহাৰাজৰ প্ৰতি সঠিক শ্ৰদ্ধাঞ্জলি হ'ব, এই গ্ৰন্থই গজালি উলিয়াব। আজি যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছো সেয়ে স্বাভাৱিক ৰূপতেই মই মনেৰে আহ্বান জনাইছো, আৰু মাধৱপ্ৰিয়দাসজী মহাৰাজক তো মই অধিকাৰেৰে কওঁ, এনেকুৱা মোৰ অভ্যাসেই হৈ গৈছে যে এনেকৈ কোৱাটো ভুল নহয়। অভ্যাস অনুসৰি আজিও অধিকাৰসহ বিচাৰিছো আমাৰ গুৰুকুল, সৎসংগী, পৰিয়ালৰ লোকে স্বাধীনতাৰ অমৃত মহোৎসৱক নতুন ৰীতিৰে নতুন পদ্ধতিৰে পালন কৰক। আৰু সৰ্বজন হিতায় সৰ্বজন সুখায়, যি আজি শাস্ত্ৰীজী মহাৰাজৰ সংকল্প সেয়া কৰক আৰু আকৌ এবাৰ মই যিহেতু এনেয়ে আহিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছো আৰু সকলোকে ভাৱবন্দনা পৰ্বৰ শুভকামনা, সকলোকে ধন্যবাদ। জয় শ্ৰী স্বামীনাৰায়ণ!
প্ৰধানমন্ত্ৰীৰ আহমদাবাদ, গুজৰাটৰ এছজিভিপি গুৰুকুলত ভাৱ বন্দনা পৰৱ উপলক্ষে দিয়া বাৰ্তাৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80%E0%A6%A4-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A6%AC%E0%A6%BE%E0%A6%A3%E0%A7%80%E0%A6%A4-%E0%A6%AE%E0%A6%A8-%E0%A6%95%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D/
মোৰ শ্ৰদ্ধাৰ দেশবাসী, আজি পবিত্ৰ ৰাম নৱমী। ৰাম নৱমীৰ এই পবিত্র দিনটোত দেশবাসীক বহুত বহুত শুভেচ্ছা জনাইছো। শ্ৰদ্ধাৰ বাপুজীৰ জীৱনত ৰাম নামৰ মাহাত্ম্য কিমান আছিল, তাক আমি তেওঁৰ জীৱনৰ প্রতিটো মুহূর্ততে দেখি আহিছো। যোৱা ২৬ জানুৱাৰীৰ কাৰ্যসূচীত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্রতিনিধিসকলে ভাগ লৈছিল আৰু তেওঁলোকে লগত বিভিন্ন সাংস্কৃতিক দলো আনিছিল। অতি গৌৰৱৰ বিষয় এই যে তেওঁলোকৰ অধিকাংশ দেশেই আমাৰ সন্মুখত ‘ৰামায়ণ’কে উপস্থাপন কৰিছিল। অর্থাৎ কেৱল ভাৰতেই নহয়, পৃথিৱীৰ এই ভূখণ্ডত আছিয়ানৰ সদস্যভূক্ত দেশসমূহতো ৰাম আৰু ৰামায়ণৰ প্রেৰণা আৰু প্রভাৱ সমানেই আছে। মই পুনৰবাৰ আপোনালোক সকলোকে ‘ৰাম নৱমী’ৰ শুভকামনা জনাইছো! মোৰ শ্ৰদ্ধাৰ দেশবাসী, প্রতিবাৰৰ দৰে এইবাৰো মই আপোনালোকৰ পৰা যথেষ্ট চিঠি, ই-মেইল, ফোন কল আৰু মতামত লাভ কৰিছো। মই সংস্কৃতৰ ‘অনলাইন পাঠ্যক্ৰম’ আৰম্ভ কৰাৰ বিষয়ে mygovত কোমল ঠাক্কৰে যি লিখিছিল সেয়া পঢ়িছো। তথ্যপ্রযুক্তি কর্মী হোৱাৰ সমান্তৰালভাৱে সংস্কৃতৰ প্রতি আপোনাৰ এই আগ্ৰহ দেখি মোৰ যথেষ্ট ভাল লাগিল। মই সংশ্লিষ্ট বিভাগক এই বিষয়ে আপোনাক যাৱতীয় তথ্য জনোৱাৰ বাবে আহ্বান জনাইছো। ‘মন কী বাত’ৰ যিসকল শ্রোতাই সংস্কৃতকলৈ কাম কৰিছে, মই তেওঁলোককো অনুৰোধ জনাওঁ, কোমল ঠাক্কৰেৰ এই প্রস্তাৱক কেনেদৰে আগুৱাই নিব পৰা যায়, সেই বিষয়ে চিন্তা-চৰ্চা কৰিব। বিহাৰৰ নালন্দা জিলাৰ বৰাকৰ গাঁৱৰ শ্রী ঘণশ্যাম কুমাৰে ‘নৰেন্দ্র মোদী এপ’ত লিখা মতামত পঢ়িবলৈ পাইছো। ভূগর্ভৰ জলস্তৰ কমি যোৱাৰ প্রসংগত আপুনি যি উদ্বেগ প্রকাশ কৰিছে, সেয়া সচাই অতি চিন্তনীয়। কর্ণাটকৰ শ্রী চকল শাস্ত্রীয়ে খুব সুন্দৰ ভাষাত লিখিছে, ‘আয়ুষ্মাণ ভাৰত’ তেতিয়াহে সম্ভৱ, যেতিয়া ‘আয়ুষ্মাণ ভূমি’ হ’ব। আৰু ‘আয়ুষ্মাণ ভূমি’ তেতিয়াহে সম্ভৱ, যেতিয়া আমি এই ভূমিত বসবাস কৰা প্রতিটো প্রাণীৰ প্ৰতি সজাগ হ’ম। আপুনি গ্রীষ্মকালত পশু-পক্ষীৰ বাবে পানীৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে। চকল জী, আপোনাৰ চিন্তাধাৰাক মই সকলো শ্রোতা বন্ধুৰ ওচৰলৈ প্ৰেৰণ কৰিছো। শ্রী যোগেশ ভদ্রেশাই মোক এইবাৰ যুবকসকলৰ স্বাস্থ্য প্রসংগত কিছু কোৱাৰ বাবে অনুৰোধ জনাইছিল। তেওঁৰ মতে অন্যান্য এছিয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ যুবকসকল শাৰীৰিকভাবে দুর্বল। যোগেশ জী, মই ভাবিলো এইবাৰ স্বাস্থ্য বিষয়ত সকলোৰে সৈতে বিশদভাৱে কথা ক’ম, ‘Fit India’ৰ কথা ক’ম আৰু আপোনালোকৰ দৰে উদীয়ামান যুবকসকলে ‘Fit India’ কার্যসূচীক আগুৱাই নিবলৈ সক্ষম হ’ব। কিছুদিন আগতে ফ্রান্সৰ ৰাষ্ট্রপতি কাশীলৈ গৈছিল। বাৰাণসীৰ শ্রী প্রশান্ত কুমাৰ লিখিছে যে সেই যাত্রাৰ সকলো দৃশ্যই তেওঁৰ মন চুই যোৱাৰ লগতে ই অনুপ্রাণিত কৰিছে। তেওঁ আগ্রহ প্রকাশ কৰে গম পালে যে সেই ফটোবোৰ, ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত প্রচাৰ কৰা উচিৎ। প্রশান্ত জী, ভাৰত চৰকাৰে সেই দিনাই সকলো ফটো ছ’চিয়েল মিডিয়া আৰু ‘নৰেন্দ্র মোদী এপ’ত শ্বেয়াৰ কৰিছে। আপোনালোকে সেইবোৰ ‘লাইক’ কৰি, ‘ৰি-টুইট’ কৰি আপোনালোকৰ চিনাকী লোকসকলৰ মাজত প্ৰচাৰ কৰিছে। চেন্নাইৰ পৰা অংঘা আৰু জায়েশৰ লগতে কেইবাগৰাকী শিশুৱে ‘এক্সজাম ৱাৰিয়াৰ’ গ্ৰন্থখনিৰ শেষত যি Gratitude Cards দিয়া আছে, তাত তেওঁলোকে নিজৰ মনত যি যি ভাৱনা আহে, সেইবোৰত লিখি মোৰ ওচৰলৈ প্ৰেৰণ কৰিছে। অংঘা, জায়েশৰ দৰে সকলো শিশুক ক’ব খোজো যে তেওঁলোকে প্ৰেৰণ কৰা সকলো চিঠি পঢ়িলে মোৰ সমগ্ৰ দিনৰ ভাগৰ, পৰিশ্রম একেবাৰে ছু-মন্তৰ হৈ উৰি যায়। ইমানবোৰ চিঠি, ইমানবোৰ ফোন কল, মতামতৰ ভিতৰত যিবোৰ মই পঢ়িছো, যিবোৰ শুনিবলৈ পাইছে আৰু এইবোৰৰ মাজত বহুত বিষয় আছে, যি আমাৰ হৃদয়-মন চুঁই গৈছে। মই যদি কেৱল তেওঁলোকৰ বিষয়েই কথা কৈ থাকো, সম্ভৱতঃ কেইবা মাহ জুৰি ইয়াৰ উত্তৰকে দি থাকিব লাগিব। এইবাৰৰ বেছিভাগ চিঠিয়েই শিশুসকলৰ পৰা লাভ কৰিছো। তেওঁলোকে তেওঁলোকৰ পৰীক্ষাৰ কথা লিখিছে, ছুটীৰ পৰিকল্পনা বিনিময় কৰিছে, এই গৰমত পশু-পক্ষীৰ পানীৰ ক্ষেত্ৰত হোৱা কষ্টৰ কথাও চিন্তা কৰিছে। ‘কিষাণ মেলা’ আৰু সমাৰোহক লৈ সমগ্ৰ দেশতে যি কাম-কাজ চলি আছে সেই বিষয়ে মোলৈ আমাৰ কৃষক ভাই-ভনীসকলে চিঠি প্ৰেৰণ কৰিছে। জলসংৰক্ষণৰ বিষয়ে একাংশ সচেতন নাগৰিকে মোলৈ পৰামর্শ প্ৰেৰণ কৰিছে। যেতিয়াৰ পৰা আকাশবাণীৰ জৰিয়তে মই এই জনপ্রিয় অনুষ্ঠান ‘মন কী বাত’ প্রচাৰ কৰিছো, তেতিয়াৰ পৰাই মই লক্ষ্য কৰিছো, এই গ্রীষ্মকাল আৰু গৰমৰ সংকটক লৈ অধিক হাৰত চিঠি আহে। পৰীক্ষাৰ আগতে পৰীক্ষার্থীসকলৰ পৰাও তেওঁলোকৰ পৰীক্ষাৰ দুশ্চিন্তাৰ চিঠিও মই লাভ কৰিছো। উৎসৱৰ বতৰত আমাৰ নানান উৎসৱ, আমাৰ সংস্কৃতি আৰু পৰম্পৰা সন্দৰ্ভত অনেক চিঠি আহিছে। অর্থাৎ এই ‘মন কী বাত’ বতৰ পৰিৱর্তনৰ সমান্তৰালভাৱে সলনি হৈছে। যি কি নহওঁক এই ‘মন কী বাতে’ একাংশ লোকৰ জীৱনৰ বতৰো সলনি কৰিছে। তদুপৰি, সলনি নহ’বই কিয়, আপোনালোকে পঠোৱা এই সকলো চিঠিৰ পাতে পাতে আপোনালোকৰ অনুভৱৰ কথা, আপোনালোকৰ প্রেৰণা, আপোনজনৰ ভাষা আৰু তাৰ লগতে নিজৰ মাতৃভূমিৰ প্রতি দায়বদ্ধতাৰ কথাও বাৰে বাৰে উচ্চাৰিত হৈছে। এই সকলো ভাৱনাই দেশৰ আমূল পৰিৱর্তনৰ শক্তি। যেতিয়া আপোনালোকে পঠোৱা চিঠি পঢ়ি মই জানিব পাৰো যে অসমৰ কৰিমগঞ্জ জিলাৰ আহমদ আলি নামৰ এগৰাকী ৰিক্সাচালকে নিজৰ ইচ্ছাশক্তিৰ বলত দুখীয়া শিশুসকলৰ বাবে নখন স্কুল গঢ়ি দিছে, তেতিয়াই এই দেশৰ অদম্য ইচ্ছাশক্তিৰ পৰিচয় পালো। যেতিয়া মই কানপুৰৰ ডা: অজিত মোহন চৌধুৰীৰ কাহিনী শুনো যে তেওঁ পদপথে পদপথে ঘুৰি পদপথৰ বসবাস কৰা ভাই-ভনীসকলৰ চিকিৎসা কৰে আৰু বিনামূলীয়াকৈ ঔষুধো দিয়ে-তেতিয়াই এই দেশৰ সহমর্মিতা আৰু মনুষ্যত্বক লৈ গৌৰৱ বোধ হয়। ১৩ বছৰ মান আগতে চিকিৎসাৰ অভাৱত কলকাতাৰ টেক্সীচালক ছাইদুল লস্কৰৰ ভনীয়েকৰ মৃত্যু হৈছিল। ছাইদুলে তেতিয়াই হাস্পতাল নিৰ্মাণৰ শপত লৈছিল, যাতে চিকিৎসাৰ অভাৱত কোনো দুখীয়া লোকে মৃত্যুক সাৱটিব লগা নহয়। এই প্রতিজ্ঞাৰ বাবে ছাইদুলে নিজৰ ঘৰৰ গহনা বিক্ৰী কৰাৰ লগতে মানুহৰ পৰা দান সংগ্রহ কৰে, আৰু টেক্সী আৰোহীসকলেও তেওঁক আর্থিক সাহায্য আগবঢ়ায়। এগৰাকী যুৱতী অভিযন্তাই তেওঁৰ প্রথম মাহৰ দৰমহা ছাইদুলৰ সৎ কামৰ বাবে প্ৰদান কৰে। এইদৰে অলপ অলপকৈ অর্থ সংগ্রহ কৰি ১২ বছৰ পাছত অসম্ভৱকো সম্ভৱ কৰি ছাইদুলে কলকাতাৰ সমীপৱৰ্তী পুনৰি গাঁৱত ৩০খন বিচনাযুক্ত এখন হাস্পতাল নির্মাণ কৰে। ইয়েই হ’ল ‘New India’ৰ শক্তি। যেতিয়া উত্তৰ প্রদেশৰ এগৰাকী মহিলাই নিজা অদম্য প্ৰচেষ্টাৰে ১২৫টা শৌচালয় নির্মাণ কৰে, তেতিয়া ওচৰ-পাজৰৰ অন্যান্য মহিলাইও অতিকে উৎসাহিত হয়। ইয়ে নতুন মাতৃশক্তিৰ প্রকাশ। এনেধৰণ বহুতো প্রেৰণাদায়ক ঘটনাই আমাৰ দেশৰ পৰিচয় বহন কৰে। আজি সমগ্ৰ বিশ্বই ভাৰতবর্ষক অন্য চকুৰে চায়। আজি যেতিয়া ভাৰতবর্ষৰ নাম অত্যন্ত সম্মানেৰে উচ্চাৰিত হয়, তেতিয়া ইয়াৰ অন্তৰালত এই দেশৰ সন্তান-সন্ততিসকলৰ উদ্যম লুকাই থাকে। আজি সমগ্ৰ দেশৰ যুৱক-যুৱতী, মহিলা, পিছপৰা শ্ৰেণীৰ লোক, দুখীয়া, মধ্যবিত্ত—সকলো শ্ৰেণীৰ লোকৰ মাজত এইটো বিশ্বাস জন্মিছে যে হয় আমি উন্নতিৰ পথত আগুৱাই যাব পাৰিম। আমাৰ দেশো প্রগতিৰ পথত আগুৱাই যাব পাৰে। দেশত আজি আশা-আকাংক্ষাৰে ভৰা আত্মবিশ্বাসৰ এক ইতিবাচক পৰিবেশ গঢ় লৈছে। এই আত্মবিশ্বাস, ইতিবাচক মানসিকতাই ‘New India’ৰ সংকল্পক বাস্তবায়িত কৰিব, ফলত সপোন সার্থক হ’ব। মোৰ শ্ৰ্দ্বাৰ দেশবাসী, অহা কেইটামান মাহ কৃষক ভাই-ভনীসকলৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ হৈ উঠিব। সেইকাৰণে কৃষি সম্পর্কীয় চিঠি প্রচুৰ পৰিমানে আহিছে। এই বাৰ মই দূৰদর্শনেৰ ‘ডি ডি কিষাণ’ চেনেলত কৃষক বন্ধুসকলৰ সৈতে যে আলোচনা কৰিছিলো, সেই অনুষ্ঠানৰ ভিডিঅ’ত মই দেখিছো, আৰু মোৰ বিশ্বাস এই যে দূৰদর্শনেৰ এই ‘ডি ডি কিষাণ’ চেনেল সকলো কৃষকেই চোৱা উচিৎ। তাত প্ৰদান কৰা কৃষি সম্পৰ্কীয় পৰামর্শসমূহ নিজৰ নিজৰ ক্ষেত্ৰত প্রয়োগ কৰা উচিৎ। মহাত্মা গান্ধীৰ কথাই যদি ধৰা যায় বা লাল বাহাদুৰ শাস্ত্রী জী, লোহিয়া জী বা চৌধুৰী চৰণ সিং বা চৌধুৰী দেবীলাল জী—এওঁলোকৰ প্রত্যেকেই কৃষি আৰু কৃষক ভাই-ভনীসকলৰ এই দেশৰ অর্থ ব্যৱস্থা আৰু জনজীৱনৰ এক গুৰুত্বপূর্ণ অংশ বুলি ধাৰণা কৰিছিল। মাটি, খেতি-খোলা আৰু কৃষক ভাইসকলৰ প্রতি মহাত্মা গান্ধীৰ কিমান আগ্ৰহ আছিল, সেয়া তেওঁৰ বক্তব্যত জলজল পটপটকৈ ধৰা দিয়ে। তেওঁ কৈছিল, “To forget how to dig the Earth and to tend the soil is to forget ourselves” অৰ্থাৎ পৃথিৱীক কর্ষণ কৰা আৰ ভূমিৰ যত্ন ৰখা যদি আমি পাহৰি যাও, তেতিয়াহ’লে, এয়া নিজে নিজক পাহৰি যোৱাৰ দৰে হ’ব। শ্রী লালবাহাদুৰ শাস্ত্রীয়ে বৃক্ষ, উদ্ভিদ, অৰণ্য ইত্যাদিৰ সংৰক্ষণ আৰু উন্নত মানৰ কৃষি-পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত সদায় গুৰুত্ব দিছিল। ডঃ ৰাম মনোহৰ লোহিয়াই আমাৰ কৃষকসকলৰ বাবে উন্নতমানৰ উপার্জন, উন্নতমানৰ জলসিঞ্চন ব্যৱস্থা আৰু এই সকলো বিষয়ক সুনিশ্চিত কৰাৰ বাবে তথা খাদ্য আৰু দুগ্ধ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত সার্বিক জনজাগৰণৰ কথা কৈছিল। ১৯৭৯ চনত চৌধুৰী চৰণ সিঙে তেওঁৰ ভাষণত কৃষকসকলৰ নতুন প্রযুক্তিৰ প্রয়োগ আৰু নতুন আৱিষ্কাৰ কৰাৰ বাবে আবেদন জনাইছিল তথা ইয়াৰ আৱশ্যকতাৰ ওপৰত জোৰ দিছিল। মই কিছুদিন আগতে দিল্লীত আয়োজিত কৃষি উন্নতি মেলাত অংশ লৈছিলো। তাত কৃষক ভাই-ভনী আৰু বৈজ্ঞানিকসকলৰ সৈতে মই আলোচনা মিলিত হৈছিলো। কৃষি সংক্রান্তীয় বহু অভিজ্ঞতা জনা, বুজি উঠা, কৃষি সংক্রান্তীয় নতুন আৱিষ্কাৰৰ বিষয়ে জনা ইত্যাদি সকলো দিশেই মোৰ বাবে এক আনন্দদায়ক অনুভূতি প্ৰদান কৰিছিল। তদুপৰি, মেঘালয়ৰ কৃষকসকলৰ পৰিশ্রমৰ কাহিনীয়ে মোক আটাইতকৈ বেছি প্রভাৱিত কৰিছিল। কম পৰিসৰৰ ভূমিৰ ৰাজ্যখনত এক বিশাল কাম কৰি দেখুৱাইছে। আমাৰ মেঘালয়ৰ কৃষকসকলে ২০১৫-১৬ বর্ষত বিগত পাঁচ বছৰৰ তুলনাত অভিলেখ পৰিমাণ উৎপাদন কৰিছে। তেওঁলোক দেখুৱাইছে, যদি লক্ষ্য স্থিৰ থাকে, পূর্ণ আত্মবিশ্বাস থাকে, মনত প্রতিজ্ঞা থাকে, তেতিয়াহ’লে সকলো কামেই সম্ভৱ হয়। আজি কৃষকসকলৰ পৰিশ্রমৰ লগতে প্রযুক্তিৰ মিলন হৈছে। যাৰফলত কৃষি উৎপাদকসকলৰ যথেষ্ট শক্তি লাভ হৈছে। মোলৈ যি চিঠি আহিছে, সেইবোৰৰ ভিতৰত মই দেখিছো, বহু কৃষক বন্ধুৱে ন্যূনতম সমৰ্থিত মূল্য(MSP)ৰ বিষয়ে লিখিছিল আৰু মই এই বিষয়ত তেওঁলোকৰ সৈতে বিস্তাৰিতভাৱে আলোচনা কৰাটো বিচাৰে। ভাই-ভনীসকল, এই বছৰৰ বাজেটত কৃষকসকলৰ শস্যৰ উচিৎ মূল্য দিয়াৰ বাবে এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত এইটো ঠিক কৰা হৈছে যে নির্দিষ্ট শস্যৰ বাবে MSP অতি কমেও ব্যয়ৰ ডেৰ গুণ কৰা হ’ব। যদি মই বিস্তৃতভাৱে কওঁ তেতিয়াহ’লে MSPৰ বাবে যি ব্যয় কৰা হ’ব, তাত অন্য শ্রমিক যিসকলে পৰিশ্রম কৰে, তেওঁলোকৰ পৰিশ্রম, পোহনীয়া জন্তুৰ ব্যয়, যন্ত্ৰ-পাতিৰ খৰচ অথবা ভাড়াত লোৱা যন্ত্ৰ, জন্তুৰ ব্যয়, বীজৰ মূল্য, ব্যৱহাৰ কৰা হৈছে এনে সকলো ধৰণৰ সাৰৰ দাম, জলসিঞ্চনৰ খৰচ, ৰাজ্য চৰকাৰক দিয়া ৰাজহ, কার্যকৰী মূলধনৰ ওপৰত দিয়া সুদ, যদি ভূমি লিজত লোৱা হয়, তেতিয়া হ’লে তাৰ ভাড়া ইত্যাদি। কেৱল ইমানেই নহয়, কৃষকে নিজে যি পৰিশ্রম কৰে, যদি তাৰ পৰিয়ালৰ কোনো কৃষিকাৰ্যত শ্রম দান কৰে, তাৰ মূল্যও উৎপাদন ব্যয় অন্তৰ্ভূক্ত কৰা হ’ব। তদুপৰি, কৃষকসকলক ফচলৰ উচিৎ দাম যাতে দিয়া হয়, তাৰ বাবে দেশত ‘ndia’ৰ ছবিখন একেবাৰেই পৃথক। এইখন আম্বেদকাৰ, দুখীয়া লোক আৰু সকলো পিছপৰা লোকৰ ভাৰতবর্ষ। ড০ আম্বেদকাৰৰ জন্মজয়ন্তীক লৈ ১৪ এপ্রিলৰ পৰা ৫মে’লৈ সমগ্ৰ দেশতে ‘গ্রাম স্বৰাজ অভিযান’ৰ আয়োজন কৰা হৈছে। দেশজুৰি এই অভিযানত থাকিব গ্রামোন্নয়ন, দৰিদ্রকল্যাণ আৰু সামাজিক ন্যায়ৰ বিভিন্ন কার্যসূচী। আপোনালোকৰ প্রতি মোৰ অনুৰোধ এই যে এই ৰাষ্ট্ৰীয় অভিযানত সকলোৱে স্বতঃস্ফূর্তভাবে অংশ লওঁক। মোৰ শ্ৰদ্ধাৰ দেশবাসী, কিছুদিনৰ ভিতৰতে ইটোৰ পিছত সিটোকৈ কেইবাটাও উৎসৱ-পার্বন আহিছে। সেইবোৰ হৈছে-মহাবীৰ জয়ন্তী, হনুমান জয়ন্তী, ইষ্টাৰ আৰু বৈশাখী। মহাবীৰ জয়ন্তী ভগবান মহাবীৰৰ ত্যাগ আৰু তপস্যাক স্মৰণ কৰাৰ দিন। অহিংসাৰ প্রচাৰক ভগবান মহাবীৰৰ জীৱন আৰু দর্শন আমাৰ বাবে প্রেৰণা। সকলো দেশবাসীকে মই মহাবীৰ জয়ন্তীৰ শুভেচ্ছা জনাইছো। ইষ্টাৰ আহিলেই আমাক যীশুখ্রীষ্টৰ কথা মনত পেলায়, যিগৰাকীয়ে মানৱতাৰ প্ৰতি শান্তি, সদ্ভাৱ, ন্যায়, দয়া আৰু কৰুণাৰ বাণী প্ৰেৰণ কৰিছিল। এপ্রিল মাহত পঞ্জাৱ আৰ পশ্চিম ভাৰতত বৈশাখীৰ উৎসৱ পালন কৰা হ’ব আৰু একে সময়তে বিহাৰত জুডশীতল আৰু সেতুৱাইন, অসমত বিহু আৰু পশ্চিমবংগত পহিলা বৈশাখৰ আনন্দ-উল্লাসত মতলীয়া হৈ থাকিব। এই সকলো উৎসৱ পার্বণ কিবা নহয় কিবা প্ৰকাৰে আমাৰ কৃষি-কাৰ্য আৰু অন্নদাতাসকলৰ সৈতে জডিত হৈ আছে। এই সকলো উৎসৱৰ জৰিয়তে আমি ফচল হিচাপে পোৱা অমূল্য উপহাৰৰ বাবে প্রকৃতিক ধন্যবাদ দিছো। পুনৰবাৰ আপোনালোকৰ সকলোকে আগন্তুক সকলো উৎসৱৰ বহুত বহুত শুভকামনা জনাইছো! বহুত বহুত ধন্যবাদ!
আকাশবাণীত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ (২৫ মাৰ্চ, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%8B%E0%A6%9F%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A7%8D%E0%A6%A4-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%8B%E0%A6%9F%E0%A6%BE%E0%A6%A7%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A7%8D%E0%A6%A4-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0/
জীৱনত ৩৪ সংখ্যক বাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ১০৬ বছৰ বয়সীয়া শ্যাম চৰণ নেগীক ভূয়সী প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়: “এয়া নিতান্তই প্ৰশংসনীয় কাৰ্য আৰু আমাৰ গণতান্ত্ৰক শক্তিসমৃদ্ধ কৰিবলৈ নিৰ্বাচনসমূহত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব পৰা এক নিদৰ্শনো।”
ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ১০৬ বছৰীয়া শ্যাম চৰণ নেগীক প্ৰশংসা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0-%E0%A7%B0%E0%A7%8B%E0%A6%9C%E0%A6%97%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0-%E0%A7%B0%E0%A7%8B%E0%A6%9C%E0%A6%97%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%A4/
নমস্কাৰ! মী, সৰ্বত আধী, আপলা সৰ্বাঞ্চে, মনাপসুণ শুভেচ্ছা! আপলা পেকী কহী লোকানা, আজ নিযুক্তিপত্ৰ প্ৰদান হোতে আহে, য়াছা মলা খুপ আনন্দ হোতে আহে৷ মী য়াছাঠী, আপলা, লা, খুপ খুপ শুভেচ্ছা দেতো! চৰকাৰী বিভাগত সামূহিকভাৱে দেশৰ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়াৰ অভিযানত আজি মহাৰাষ্ট্ৰৰ নামো সংযোজন কৰা হৈছে। ধনতেৰাছৰ দিনা কেন্দ্রীয় চৰকাৰে ১০ লাখ চাকৰি প্রদানৰ অভিযান আৰম্ভ কৰিছিল৷ তেতিয়াই মই কৈছিলো যে আগন্তুক দিনত বিভিন্ন ৰাজ্য চৰকাৰেও একেধৰণৰ চাকৰি মেলাৰ আয়োজন কৰিব। এই শৃংখলাত আজি মহাৰাষ্ট্ৰৰ শতাধিক যুৱকক একেলগে নিযুক্তি পত্ৰ দিয়া হৈছে। আজি নিযুক্তি পত্ৰ পোৱা যুৱক-যুৱতীসকলক আন্তৰিক অভিনন্দন জনাইছো। লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দি জী আৰু উপ-মুখ্যমন্ত্ৰী ভাই দেৱেন্দ্ৰ ফাডনাৱীশ জীক অভিনন্দন জনাইছো। ইমান কম সময়ৰ ভিতৰতে নিয়োগ মেলাৰ আয়োজনৰ পৰা স্পষ্ট হৈ পৰিছে যে মহাৰাষ্ট্ৰ চৰকাৰে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ দিশত দৃঢ় সংকল্পৰে আগবাঢ়িছে। মই সুখী হৈছো যে আগন্তুক সময়ত মহাৰাষ্ট্ৰত এনে চাকৰি মেলা আৰু অধিক সম্প্ৰসাৰণ কৰা হ'ব৷ মোক কোৱা হৈছে যে মহাৰাষ্ট্ৰৰ গৃহ বিভাগত হাজাৰ হাজাৰ আৰক্ষী কনিষ্টবল নিযুক্তি দিয়া হ’ব আৰু গ্ৰামোন্নয়ন বিভাগতো নিযুক্তি অভিযান চলোৱা হ’ব। বন্ধুসকল, এই সময়ত দেশত অমৃত স্বাধীনতা উৎসৱ উদযাপন কৰা হৈছে। দেশে এখন উন্নত ভাৰতৰ লক্ষ্যত কাম কৰি আছে৷ এই লক্ষ্যত উপনীত হোৱাত আমাৰ যুৱক-যুৱতীসকল, আপোনালোৰ এক বৃহৎ ভূমিকা আছে৷ পৰিৱৰ্তিত সময়ত চাকৰিৰ প্ৰকৃতি যিদৰে দ্ৰুতগতিত সলনি হৈছে, চৰকাৰেও বিভিন্ন ধৰণৰ চাকৰিৰ বাবে অহৰহ সুযোগ সৃষ্টি কৰি আহিছে। স্বনিয়োজনৰ বাবে নিশ্চয়তা অবিহনে ঋণ দিয়া মুদ্ৰা আঁচনিৰ অধীনত যুৱক যুৱতীসকলক ২০লাখ কোটিৰো অধিক টকাৰ সহায় আগবঢ়াইছে। ইয়াৰ যথেষ্ট সুবিধা লৈছে মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে। চৰকাৰে ষ্টাৰ্ট-আপ, ক্ষুদ্ৰ উদ্যোগ-এমএছএমইসমূহক সকলো সম্ভৱপৰ আৰ্থিক সহায় আগবঢ়াইছে, যাতে যুৱক-যুৱতীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সম্পূৰ্ণ সুযোগ পায়। বন্ধুসকল, চৰকাৰৰ এই প্ৰচেষ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাৰ বাবে এই সংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগসমূহ সমানে উপলব্ধ হৈছে। গ্ৰামাঞ্চলত আত্মসহায়ক গোটকো চৰকাৰে যথেষ্ট প্ৰচাৰ কৰি আছে। বিগত ৮ বছৰত ৮ কোটি মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে। এই আত্মসহায়ক গোটসমূহক ৫ লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। এতিয়া এই গোটসমূহৰ অন্তৰ্গত মহিলাসকলে কেৱল নিজৰ সামগ্ৰী নিজেই নিৰ্মাণ কৰাই নহয় আন মহিলাসকলকো কৰ্মসংস্থাপন প্ৰদান কৰিছে। বন্ধুসকল, চৰকাৰৰ এই প্ৰচেষ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাৰ বাবে এই সংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগসমূহ সমানে উপলব্ধ হৈ পৰিছে। গ্ৰামাঞ্চলত আত্মসহায়ক গোটকো চৰকাৰে যথেষ্ট প্ৰচাৰ কৰি আছে। বিগত ৮ বছৰত ৮ কোটি মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে। এই আত্মসহায়ক গোটসমূহক ৫ লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। এতিয়া এই গোটসমূহৰ অন্তৰ্গত মহিলাসকলে কেৱল নিজৰ সামগ্ৰী নিজেই নিৰ্মাণ কৰাই নহয় আন মহিলাসকলকো কৰ্মসংস্থাপন প্ৰদান কৰিছে। বন্ধুসকল, আজি সমগ্ৰ দেশৰ আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত চৰকাৰে যি অভিলেখ হাৰত বিনিয়োগ কৰি আছে, সেই বিনিয়োগেও অবিৰতভাৱে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আছে। যদি আমি কেৱল মহাৰাষ্ট্ৰৰ কথা কওঁ, তেন্তে ২ লাখ কোটিতকৈও অধিক মূল্যৰ প্ৰায় ২৫০টা প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ কাম হয় চলি আছে নহয় অতি সোনকালে কাম আৰম্ভ হ’ব। আপুনি কল্পনা কৰিব পাৰে, মহাৰাষ্ট্ৰত ৰে’লৱেৰ বাবে ৭৫ হাজাৰ কোটি টকা আৰু আধুনিক পথৰ বাবে ৫০ হাজাৰ কোটি টকাৰ প্ৰকল্প অনুমোদন দিয়া হৈছে। যেতিয়া চৰকাৰে আন্তঃগাঁথনিৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে, তেতিয়া তাৰ বাবেই লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয়। বন্ধুসকল, মই নিশ্চিত যে ভৱিষ্যতেও মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীলৈ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ।
মহাৰাষ্ট্ৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%B6-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%9B-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8-%E0%A7%A8%E0%A7%A6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%B6-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%9B-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8-%E0%A7%A8%E0%A7%A6/
মহামান্য ৰাষ্ট্ৰপতি ছজি, মহামান্য ৰাষ্ট্ৰপতি ৰামাফোচা, মহামান্য ৰাষ্ট্ৰপতি বলচোনাৰো, মহামান্য ৰাষ্ট্ৰপতি পুটিন, প্ৰথমতে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সকলো ব্ৰিকছ দেশত অনুষ্ঠিত হোৱা চমৎকাৰ অনুষ্ঠানৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। আপোনালোকৰ দলৰ পৰা আমি লাভ কৰা সমৰ্থনৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো। মহামান্য, আজি একেৰাহে তৃতীয় বছৰৰ বাবে, আমি ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজত প্ৰায় মিলিত হৈছো। যদিও মহামাৰীৰ পৰিমাণ আগৰ তুলনাত বিশ্বব্যাপী হ্ৰাস পাইছে, অৱশ্যে ইয়াৰ বহুতো কুপ্ৰভাৱ এতিয়াও বিশ্ব অৰ্থনীতিত দৃশ্যমান হৈ আছে। আমি, ব্ৰিকছসদস্য দেশসমূহে, বিশ্ব অৰ্থনীতিৰ শাসনৰ ক্ষেত্ৰত একে ধৰণৰ দৃষ্টিভংগী ৰাখিছো। আৰু সেয়েহে আমাৰ পাৰস্পৰিক সহযোগিতাই ক’ভিডৰ পিছত বিশ্বব্যাপী পুনৰুদ্ধাৰত এক উপযোগী অৱদান আগবঢ়াব পাৰে। বিগত বছৰবোৰত, আমি ব্ৰিকছত কেইবাটাও প্ৰতিষ্ঠানগত সংস্কাৰ সাধন কৰিছো, যাৰ ফলত এই সংগঠনটোৰ কাৰ্যকৰীতা বৃদ্ধি পাইছে। এইটোও সুখৰ বিষয় যে আমাৰ নতুন উন্নয়ন বেংকৰ সদস্যপদো বৃদ্ধি পাইছে। এনে বহুতো ক্ষেত্ৰ আছে য'ত আমাৰ নাগৰিকসকলৰ জীৱন আমাৰ পাৰস্পৰিক সহযোগিতাৰ দ্বাৰা পোনপটীয়াকৈ লাভান্বিত হৈছে। উদাহৰণ স্বৰূপে, ভেকছিনৰ গৱেষণা আৰু বিকাশ কেন্দ্ৰ স্থাপন, কাষ্টম বিভাগবোৰৰ মাজত সমন্বয়, এক অংশীদাৰী উপগ্ৰহ নক্ষত্ৰমণ্ডল স্থাপন, ফাৰ্মা সামগ্ৰীৰ পাৰস্পৰিক স্বীকৃতি ইত্যাদি। এনে ধৰণৰ ব্যৱহাৰিক পদক্ষেপে ব্ৰিকছক এক অনন্য আন্তঃৰাষ্ট্ৰীয় সংগঠন তৈয়াৰ কৰে যাৰ মনোযোগ কেৱল আলোচনাতে সীমাবদ্ধ নহয়। ব্ৰিকছ যুৱ সন্মিলন, ব্ৰিকছ ক্ৰীড়া আৰু আমাৰ নাগৰিক সমাজ সংগঠন আৰু থিংক টেংকসমূহৰ মাজত আদান-প্ৰদান বৃদ্ধিয়ে আমাৰ জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰিছে । মই নিশ্চিত যে আজিৰ আলোচনাই আমাৰ ব্ৰিকছ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বহুতো পৰামৰ্শ আগবঢ়াব। ধন্যবাদ।
দ্বাদশ ব্ৰিকছ সন্মিলন ২০২২ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী মন্তব্যৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%A3%E0%A7%B0%E0%A6%BE%E0%A6%93-%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%A6%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%A3%E0%A7%B0%E0%A6%BE%E0%A6%93-%E0%A6%87%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%A6%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত উপস্থিত থাকে। উপস্থিত ৰাইজৰ আগত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশখন ‘বহুৰত্ন বসুধৰা’ য’ত বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে নিজৰ ধৰণে মহান বৰঙণি যোগাই থৈ গৈছে। যদিও তাৰে বহুতৰ কথা মিডিয়াত চৰ্চিত হৈ থাকে, বহুজন আকৌ মহান বৰঙণি স্বত্তেও ৰাইজৰ অগোচৰে থাকি যায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উকীল চাহাৱ – লক্ষ্মণৰাও ইমানদাৰ তেনে এজন ব্যক্তি। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যদিও মানুহে নাজানিছিল, প্ৰথম সমবায় আন্দোলনৰ নীতি প্ৰতিষ্ঠাতা আছিল তেওঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী ইমানদাৰে এই নীতি মানি চলিছিল আৰু তেওঁৰ জীৱনটো বহুতৰে বাবে প্ৰেৰণাৰ উৎস। প্ৰধানমন্ত্ৰীগৰাকীয়ে চহৰ আৰু গ্ৰাম্যাঞ্চলত সামঞ্জস্যপূৰ্ণ বিকাশ ঘটোৱাৰ লগতে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰ কথাও আলোচনা কৰে।তেওঁ কয় যে এই লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত সমবায় আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমবায় আন্দোলনৰ আত্মা এতিয়াও গ্ৰাম্যাঞ্চলৰ লগত জড়িত হৈ আছে আৰু তাক সংৰক্ষণ কৰা দৰকাৰ। তেওঁ শ্ৰী ইমানদাৰৰ মন্ত্ৰ ‘বিনা সংস্কাৰ, নাই সহকাৰ’ৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয় যে কৃষকসকলে ক্ৰয় কৰে খুচুৰা ব্যৱসায়ীৰপৰা, কিন্তু বিক্ৰী কৰে পাইকাৰী দৰত। মধ্যভোগী নোহোৱা কৰি আয় বৃদ্ধি কৰিবলৈ এইটো প্ৰক্ৰিয়া ওলোটা হোৱা অতি প্ৰয়োজন। দুগ্ধ সমবায়ৰ উদাহৰণ ডাঙি ধৰি তেওঁ কয় যে মানুহৰ সমস্যা সমাধানৰ ক্ষমতা সমবায় আন্দোলনৰ আছে। তেওঁ লগতে কয় যে সমবায় আন্দোলনৰ লগত ভাৰতীয় প্ৰকৃতি আৰু সমাজৰ সামঞ্জস্য আছে। তেওঁ ইউৰিয়াত নিমৰ প্ৰলেপ দিয়া, মৌ-পালন, সাগৰীয় গছৰ খেতি আদি ক্ষেত্ৰৰ কথা উল্লেখ কৰে য’ত সমবায় আন্দোলনে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰী লক্ষ্মণৰাও ইমানদাৰৰ জীৱনভিত্তিক এখন আৰু ‘নাইন জেমছ অৱ ইন্দিয়ান কোপাৰেটিভ মুভমেন্ট’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। উক্ত অনুষ্ঠানত তেওঁ সমবায় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা বঁটাও প্ৰদান কৰে।
লক্ষ্মণৰাও ইমানদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সহকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উপস্থিতি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%81%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%81%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মুৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত উপস্থিত থাকে৷ আন এটি অনুষ্ঠানত তেওঁ পাকালডুল শক্তি প্ৰকল্প আৰু জম্মু ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰে। তেওঁ শ্ৰী মাতা বৈষ্ণো দেৱী শক্তি ব’ৰ্ডৰ টাৰাকোটি মাৰ্গ আৰু মেটেৰিয়েল ৰোপৱে’ উদ্বোধন কৰে৷ দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীয়ে কয় যে তথ্য-প্ৰযুক্তিয়ে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে আৰু দেশৰ যুৱ প্ৰজন্মই এই উন্নয়নত গতি প্ৰদান কৰিছে৷ তেওঁ কয় যে কৃষকৰ উপকাৰৰ বাবে কৃষি ক্ষেত্ৰতো প্ৰযুক্তি উদ্ভাৱনেৰে এক নতুন সংস্কৃতি গঢ় দিয়াৰ প্ৰয়োজন আছে৷ কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু পদক্ষেপসমূহৰ লক্ষ্য হ’ল কৃষকৰ আয় বৃদ্ধি কৰা৷ বৈজ্ঞানিক দৃষ্টিভংগী আৰু প্ৰযুক্তিগত উদ্ভাৱনেৰে ছাত্ৰ-ছাত্ৰীসকলে কৃষি খণ্ডক এক লাভজনক বৃত্তিলৈ পৰিণত কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে৷ পাকালডুল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অনুন্নত অঞ্চলক উন্নয়নৰ লক্ষ্যৰে দায়বদ্ধতাৰে কাম কৰি আছে৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ উল্লেখ কৰে যে টাৰাকোটে মাৰ্গে মাতা বৈষ্ণো দেৱী শক্তিপীঠলৈ এক বিকল্প পথ সৃষ্টি কৰিব, যাৰ সহায়ত তীৰ্থযাত্ৰীসকল উপকৃত হ’ব৷ আধ্যাত্মিক পৰ্যটকসকল জম্মু আৰু কাশ্মীৰৰ উপাজৰ্নৰ এক গুৰুত্বপূৰ্ণ উৎস বুলিও তেওঁ কয়৷
জম্মুত প্ৰধানমন্ত্ৰী; শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ, আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A7%B1%E0%A7%B0-%E0%A6%AE%E0%A7%8B%E0%A6%B9%E0%A6%B2%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A6%BF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%BE%E0%A7%B1%E0%A7%B0-%E0%A6%AE%E0%A7%8B%E0%A6%B9%E0%A6%B2%E0%A6%BF%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A6%AE%E0%A6%BF/
পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানৱাৰী লাল পুৰোহিত জী, মুখ্যমন্ত্ৰী শ্ৰী ভগৱন্ত মান জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ড° জিতেন্দ্ৰ সিং জী, সংসদত মোৰ সহযোগী মনীষ তেৱাৰী জী, সকলো চিকিৎসক, গৱেষক, পেৰামেডিকেল, অন্যান্য কৰ্মচাৰী আৰু পঞ্জাৱৰ প্ৰত্যেক কোণৰ পৰা অহা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল! স্বাধীনতাৰ ‘অমৃত কাল’ত নতুন সংকল্প সাধনৰ দিশত আগবাঢ়িছে দেশ। আজিৰ এই কাৰ্যসূচীও দেশৰ উন্নত স্বাস্থ্য সেৱাৰ প্ৰতিফলন। হোমি ভাভা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰই পঞ্জাৱ, হাৰিয়ানাৰ লগতে হিমাচল প্ৰদেশৰ জনসাধাৰণক উপকৃত কৰিবলৈ গৈ আছে। আজি মই আন এটা কাৰণত এই ভূমিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো। পঞ্জাৱ স্বাধীনতা সংগ্ৰামী, বিপ্লৱী আৰু দেশপ্ৰেমৰ পবিত্ৰ ভূমি হৈ আহিছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ সময়তো পঞ্জাবে এই পৰম্পৰাক উজ্জ্বল কৰি ৰাখিছে। আজি পঞ্জাৱবাসীক, বিশেষকৈ পঞ্জাৱৰ যুৱক-যুৱতীসকলক ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান সফল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, কিছুদিন আগতে আমি সকলোৱে লালকিল্লাৰ পৰা আমাৰ দেশক এখন উন্নত ভাৰত হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লৈছিলোঁ। ভাৰতক উন্নত কৰি তুলিবলৈ হ’লে ইয়াৰ স্বাস্থ্য সেৱাৰ বিকাশ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। যেতিয়া ভাৰতৰ জনসাধাৰণে আধুনিক চিকিৎসালয় আৰু চিকিৎসাৰ বাবে সুবিধা লাভ কৰিব, তেতিয়া তেওঁলোক সোনকালে সুস্থ হ’ব, তেওঁলোকৰ শক্তি সঠিক দিশত চেনেল কৰা হ’ব আৰু তেওঁলোক অধিক উৎপাদনশীল হ’ব। আজি দেশত হোমী ভাভা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ ৰূপত এখন আধুনিক চিকিৎসালয়ও পাইছে। কেন্দ্ৰীয় চৰকাৰৰ টাটা স্মাৰক কেন্দ্ৰই এই আধুনিক সুবিধা স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই কেন্দ্ৰই দেশ আৰু বিদেশত সেৱা আগবঢ়াই কৰ্কট ৰোগীৰ জীৱন ৰক্ষা কৰি আছে। দেশত আধুনিক কৰ্কট ৰোগৰ সুবিধা সৃষ্টিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে অগ্ৰণী ভূমিকা পালন কৰি আছে। মোক কোৱা হৈছে যে টাটা মেম’ৰিয়েল চেণ্টাৰত এতিয়া প্ৰতি বছৰে ডেৰ লাখ নতুন ৰোগীৰ চিকিৎসাৰ সুবিধা আছে। ইয়াৰ ফলত কৰ্কট ৰোগীৰ বাবে এক বৃহৎ সকাহ পোৱা গৈছে। মোৰ মনত আছে, হিমাচলৰ সুদূৰ অঞ্চলৰ পৰা মানুহে কেন্সাৰকে ধৰি বহুতো গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে চণ্ডীগড়ৰ পিজিআইলৈ আহিছিল। পি জি আইত হোৱা বিপুল জনসমাগমৰ বাবে ৰোগীজনৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকলেও বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া হিমাচল প্ৰদেশৰ বিলাসপুৰত এখন স্থাপন কৰা হৈছে আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে এনে এক বৃহৎ সুবিধা সৃষ্টি কৰা হৈছে। বিলাসপুৰৰ ওচৰত থকাসকলে তালৈ যাব আৰু মোহলিৰ ওচৰত থকা সকল ইয়ালৈ আহিব। বন্ধুসকল, দীৰ্ঘদিন ধৰি দেশবাসীয়ে ভাৰতত এনে স্বাস্থ্যসেৱা ব্যৱস্থাৰ আশা কৰি আহিছে, যিয়ে দৰিদ্ৰৰ পৰা অতি দৰিদ্ৰসকলৰ যতন লয়। দুখীয়াৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া, দুখীয়াক ৰোগৰ পৰা ৰক্ষা কৰা আৰু অসুস্থ হ’লে তেওঁক উত্তম চিকিৎসা প্ৰদান কৰা স্বাস্থ্য ব্যৱস্থা। এটা ভাল স্বাস্থ্যসেৱা ব্যৱস্থা মানে কেৱল চাৰিখন দেৱাল নিৰ্মাণ কৰাই নহয়। যিকোনো দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থা তেতিয়াহে শক্তিশালী হৈ উঠে যেতিয়া ই সকলো দিশতে সমাধান প্ৰদান কৰে আৰু ইয়াক পদক্ষেপে পদক্ষেপে সমৰ্থন কৰে। সেয়েহে বিগত ৮ বছৰত দেশত সামগ্ৰিক স্বাস্থ্যসেৱাক শীৰ্ষ অগ্ৰাধিকাৰৰ ভিতৰত স্থান দিয়া হৈছে। যোৱা ৭-৮ বছৰত ভাৰতৰ স্বাস্থ্য খণ্ডত যি পৰিমাণৰ কাম হৈছে, সেই পৰিমাণ যোৱা ৭০ বছৰত কৰা হোৱা নাই। আজি দেশৰ স্বাস্থ্য সুবিধাসমূহৰ উন্নতি আৰু শক্তিশালীকৰণৰ বাবে এটা, বা দুটা নহয়, দৰিদ্ৰতম দৰিদ্ৰ লোকসকলৰ স্বাস্থ্যৰ বাবে একত্ৰিত হৈ এক, বা দুটা নহয়, ছটা ফ্ৰণ্টত কাম কৰি আছে। প্ৰথম ফ্ৰণ্টটো হৈছে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰসাৰ। দ্বিতীয় ফ্ৰণ্টটো হৈছে গাঁৱে-ভূঞে সৰু আৰু আধুনিক চিকিৎসালয় মুকলি কৰা। তৃতীয় ফ্ৰণ্টটো হ’ল চহৰবোৰত মেডিকেল কলেজ আৰু মেডিকেল ৰিচাৰ্চৰ বৃহৎ প্ৰতিষ্ঠান মুকলি কৰা। চতুৰ্থ ফ্ৰণ্টটো হৈছে সমগ্ৰ দেশতে চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা। পঞ্চম ফ্ৰণ্টটো হৈছে ৰোগীক সুলভ মূল্যৰ ঔষধ আৰু সঁজুলি যোগান ধৰা। আৰু ষষ্ঠ ফ্ৰণ্টটো হৈছে প্ৰযুক্তি ব্যৱহাৰ কৰি ৰোগীয়ে সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰা। কেন্দ্ৰীয় চৰকাৰে এই ছয়টা ফ্ৰণ্টত আজি হাজাৰ হাজাৰ কোটি ব্যয় কৰি অভিলেখ বিনিয়োগ কৰিছে। বন্ধুসকল, আমাক সদায় কোৱা হৈছে যে ৰোগ প্ৰতিৰোধেই উত্তম নিৰাময়। এই চিন্তাৰে দেশত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। মাত্ৰ কেইদিনমান আগতে এটা প্ৰতিবেদন আহিছিল য’ত কোৱা হৈছিল যে জল জীৱন মিছনৰ বাবে পানীজনিত ৰোগৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস পাইছে। অৰ্থাৎ আমি যেতিয়া প্ৰতিৰোধৰ বাবে কাম কৰিম তেতিয়া ৰোগ কম হ’ব। পূৰ্বৰ চৰকাৰসমূহে এই পদ্ধতিৰ ওপৰত কাম কৰা নাছিল। কিন্তু আজি আমাৰ চৰকাৰেও বহু অভিযান চলাই জনসচেতনতা সৃষ্টি কৰি মানুহক সজাগ কৰি তুলিছে আৰু লগতে অসুস্থ হোৱাৰ পৰা ৰক্ষা কৰিছে। যোগ আৰু আয়ুষক লৈ দেশত অভূতপূৰ্ব সজাগতা সৃষ্টি হৈছে। বিশ্বত যোগৰ প্ৰতি আকৰ্ষণ বাঢ়িছে। দেশৰ যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে ফিট ইণ্ডিয়া অভিযান। স্বচ্ছ ভাৰত অভিযানে বহু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰিছে। পোষণ অভিযান আৰু জল জীৱন মিছনে অপুষ্টি নিয়ন্ত্ৰণত সহায় কৰিছে। আমাৰ মাতৃ-ভনীসকলক এল পি জি সংযোগ প্ৰদান কৰি আমি তেওঁলোকক ধোঁৱাজনিত ৰোগ আৰু কৰ্কট ৰোগৰ দৰে বিপদৰ পৰাও ৰক্ষা কৰিছো। বন্ধুসকল, যদি আমাৰ গাঁও সমূহত উন্নত চিকিৎসালয় আৰু পৰীক্ষাৰ বাবে অধিক সুবিধা থাকে, তেন্তে সোনকালে ৰোগ ধৰা পৰিব। আমাৰ চৰকাৰে সমগ্ৰ দেশতে এই আনটো ফ্ৰণ্টতো দ্ৰুতগতিত কাম কৰি আছে। আমাৰ চৰকাৰে গাঁওসমূহক আধুনিক স্বাস্থ্য সুবিধাৰ সৈতে সংযোগ কৰিবলৈ ডেৰ লাখৰো অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ গঢ়ি তুলিছে। মই সুখী যে ইতিমধ্যে প্ৰায় ১.২৫ লাখ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰই কাম কৰিবলৈ আৰম্ভ কৰিছে। পঞ্জাৱত ইতিমধ্যে প্ৰায় ৩ হাজাৰ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ চলি আছে। এতিয়ালৈকে সমগ্ৰ দেশৰ এই স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহত প্ৰায় ২২ কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে, ইয়াৰে প্ৰায় ৬০ লাখ পৰীক্ষা কেৱল পঞ্জাৱত কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ত কৰ্কট ৰোগ ধৰা পৰা সকলো বন্ধুকে গুৰুতৰ সমস্যাৰ পৰা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছে। বন্ধুসকল, ৰোগ ধৰা পৰাৰ পিছত এনে চিকিৎসালয়ৰ প্ৰয়োজন হয় য’ত গুৰুতৰ ৰোগৰ সঠিক চিকিৎসা কৰিব পৰা যায়। এই চিন্তাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাতে অন্ততঃ এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যত কাম কৰি আছে। আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত জিলা পৰ্যায়ত আধুনিক স্বাস্থ্য সুবিধা সৃষ্টিৰ বাবে ৬৪ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। এটা সময়ত দেশত মাত্ৰ ৭ টা এইম আছিল। আজি এই সংখ্যাও বৃদ্ধি পাই ২১ জনলৈ বৃদ্ধি পাইছে। পঞ্জাৱৰ বথিন্দাত এইমছে উৎকৃষ্ট সেৱা আগবঢ়াইছে। যদি মই কেৱল কেন্সাৰ হাস্পতালৰ কথা কওঁ, তেন্তে দেশৰ প্ৰতিটো চুকে-কোণে কেন্সাৰ চিকিৎসাৰ আধুনিক ব্যৱস্থা কৰা হৈছে। পঞ্জাৱৰ ইমান ডাঙৰ চেণ্টাৰ এইটো। হাৰিয়ানাৰ ঝজ্জাৰতো নেচনেল কেন্সাৰ ইনষ্টিটিউট স্থাপন কৰা হৈছে। যদি আমি পূব ভাৰতৰ দিশে যাওঁ, তেন্তে বাৰাণসী এতিয়া কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কলকাতাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ দ্বিতীয়টো কেম্পাছতো কাম আৰম্ভ হৈছে। মাত্ৰ কেইদিনমান আগতে অসমৰ ডিব্ৰুগড়ৰ পৰা ৭খন নতুন কৰ্কট চিকিৎসালয় একেলগে উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। আমাৰ চৰকাৰে সমগ্ৰ দেশতে প্ৰায় ৪০ খন বিশেষ কৰ্কট প্ৰতিষ্ঠানক অনুমোদন জনাইছে, ইয়াৰে বহু চিকিৎসালয়ে ইতিমধ্যে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, চিকিৎসালয় নিৰ্মাণ কৰাটো যিমানেই গুৰুত্বপূৰ্ণ, পৰ্যাপ্ত সংখ্যক ভাল চিকিৎসক আৰু অন্যান্য পেৰামেডিকেল ষ্টাফ থকাটোও সমানেই গুৰুত্বপূৰ্ণ। এই দিশত দেশত মিছন মুডেৰে কাম কৰা হৈছে। ২০১৪ চনৰ আগতে দেশত ৪০০ খনতকৈও কম মেডিকেল কলেজ আছিল।অৰ্থাৎ ৭০ বছৰত ৪০০ খনতকৈও কম মেডিকেল কলেজ আছিল। একে সময়তে বিগত ৮ বছৰত দেশত ২০০ৰো অধিক নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। মেডিকেল কলেজৰ সম্প্ৰসাৰণৰ অৰ্থ হ’ল মেডিকেলৰ আসনৰ সংখ্যা বৃদ্ধি পাইছে। মেডিকেলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুযোগ বাঢ়িছে। আৰু দেশৰ স্বাস্থ্যৰ যত্ন লোৱা স্বাস্থ্য পেছাদাৰীৰ সংখ্যা বৃদ্ধি পাইছে। অৰ্থাৎ স্বাস্থ্য খণ্ডতো বহু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। আমাৰ চৰকাৰেও পাঁচ লাখৰো অধিক আয়ুষ চিকিৎসকক এলোপেথিক চিকিৎসক হিচাপে স্বীকৃতি দিছে। ইয়াৰ ফলত ভাৰতত চিকিৎসক-ৰোগীৰ অনুপাতো উন্নত হৈছে। বন্ধুসকল, ইয়াত বহি থকা আটাইকেইজনেই অতি সাধাৰণ পৰিয়ালৰ। আমাৰ সকলোৰে অভিজ্ঞতা আছে যে কোনো ৰোগ হ’লে দুখীয়াই নিজৰ ঘৰ বা মাটি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। সেয়ে আমাৰ চৰকাৰে ৰোগীক সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসা প্ৰদান কৰাত সমানে গুৰুত্ব আৰোপ কৰিছে। আয়ুস্মান ভাৰতে দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে। ইয়াৰ অধীনত এতিয়ালৈকে ৩.৫ কোটি ৰোগীয়ে চিকিৎসা সম্পন্ন কৰিছে আৰু তেওঁলোকে এটকাও খৰচ কৰিব লগা হোৱা নাছিল। আৰু ইয়াৰ ভিতৰত বহু কৰ্কট ৰোগীও আছে। আয়ুষ্মান ভাৰতৰ কোনো সুবিধা নহ’লে দৰিদ্ৰ ৰাইজে পকেটৰ পৰা ৪০ হাজাৰ কোটি টকা খৰচ কৰিব লগা হ’লহেঁতেন৷ আপোনাৰ দৰে পৰিয়ালৰ বাবে ৪০ হাজাৰ কোটি টকা ৰাহি হৈছে। কেৱল এয়াই নহয়, পঞ্জাৱকে ধৰি সমগ্ৰ দেশতে জনঔষধী কেন্দ্ৰৰ এটা নেটৱৰ্ক আছে, য’ত অতি কম খৰচত কেন্সাৰ ঔষধো উপলব্ধ। পূৰ্বে অতি ব্যয়বহুল হৈ থকা ৫০০ৰো অধিক কৰ্কট ঔষধৰ দাম প্ৰায় ৯০ শতাংশ হ্ৰাস কৰা হৈছে। অৰ্থাৎ পূৰ্বতে ১০০ টকা ব্যয় হোৱা ঔষধ এতিয়া জন আউষাধি কেন্দ্ৰত ১০ টকাত প্ৰদান কৰা হৈছে। গড়ে প্ৰতি বছৰে ৰোগীয়ে প্ৰায় ১০০০ কোটি টকা ৰাহি কৰি আছে। দেশজুৰি প্ৰায় ৯ হাজাৰ জন ঔষধি কেন্দ্ৰত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সমস্যা দূৰ কৰাত সুলভ মূল্যৰ ঔষধেও সহায় কৰিছে। ভাই-ভনীসকল, চৰকাৰৰ সামগ্ৰিক স্বাস্থ্যসেৱা অভিযানত আধুনিক প্ৰযুক্তিয়ে এক নতুন মাত্ৰা সংযোজন কৰিছে। স্বাস্থ্যখণ্ডতো প্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিসৰত আধুনিক প্ৰযুক্তিৰ সন্নিৱিষ্ট কৰা হৈছে। আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য মিছনে প্ৰতিজন ৰোগীক সময়মতে আৰু সৰলতাৰে গুণগত মানৰ স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়াইছে। টেলিমেডিচিন আৰু টেলিকনছালটেচনৰ সুবিধাৰ বাবে আজি কোনোবা দুৰ্গম গাঁৱত বাস কৰা ব্যক্তি এজনেও চহৰৰ চিকিৎসকৰ পৰা প্ৰাৰম্ভিক পৰামৰ্শ ল’বলৈ সক্ষম হৈছে। এতিয়ালৈকে কোটি কোটি লোকে সঞ্জীৱনী এপৰ সুবিধা লৈছে। এতিয়া দেশত মুকলি কৰা হৈছে মেড ইন ইণ্ডিয়া ৫জি সেৱা। ইয়াৰ ফলত দূৰৱৰ্তী স্বাস্থ্যসেৱা খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব। ইয়াৰ লগে লগে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে বাৰে বাৰে ডাঙৰ ডাঙৰ চিকিৎসালয়লৈ যাবলৈ বাধ্য হোৱাটোও কমি যাব। বন্ধুসকল, দেশৰ প্ৰতিজন কৰ্কট ৰোগৰ পৰা ৰক্ষা পোৱা আৰু তেওঁলোকৰ পৰিয়াললৈ এটা কথা ক’ব বিচাৰিছো। তোমাৰ বেদনা মই সম্পূৰ্ণৰূপে বুজিব পাৰিছো। কিন্তু কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন আছে আৰু ইয়াক ভয় নকৰাৰ প্ৰয়োজন আছে। ইয়াৰ চিকিৎসা সম্ভৱ। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত জয়ী হৈ আজি সুখেৰে জীৱন যাপন কৰা এনে বহু লোকক মই চিনি পাওঁ। এই যুঁজত আপোনালোকক যি সহায়ৰ প্ৰয়োজন তাকে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে। লগতে এই চিকিৎসালয়খনৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ এটা বিশেষ অনুৰোধ জনালোঁ যে কৰ্কট ৰোগৰ ফলত হোৱা হতাশাৰ বিৰুদ্ধে যুঁজ দিয়াত আমি ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিব লাগিব। প্ৰগতিশীল সমাজ হিচাপে মানসিক স্বাস্থ্যৰ প্ৰতি আমাৰ চিন্তাধাৰাত পৰিৱৰ্তন আৰু মুকলি মনৰতা অনাটোও আমাৰ দায়িত্ব। তেতিয়াহে এই সমস্যাৰ সঠিক সমাধান হ’ব। মই স্বাস্থ্যসেৱাৰ সৈতে জড়িত মোৰ সহকৰ্মীসকলকো অনুৰোধ কৰিম যে আপুনি গাঁৱত শিবিৰ আয়োজন কৰাৰ সময়তো এই সমস্যাটোৰ ওপৰত নিশ্চিতভাৱে মনোনিৱেশ কৰক। ‘সবকা প্ৰয়াস’ (সকলোৰে প্ৰচেষ্টাৰে) আমি কৰ্কট ৰোগৰ বিৰুদ্ধে দেশৰ যুঁজখন শক্তিশালী কৰিম। এই বিশ্বাসেৰে পঞ্জাৱ আৰু হিমাচলৰ জনসাধাৰণক উপকৃত কৰিব পৰা এই বিশাল উপহাৰটো উৎসৰ্গা কৰি মই সন্তুষ্ট আৰু গৌৰৱ অনুভৱ কৰিছো। আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বহুত বহুত ধন্যবাদ!
পঞ্জাৱৰ মোহলিস্থিত হোমি ভাবা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%97%E0%A7%81%E0%A6%B2%E0%A7%B0-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%97/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A1%E0%A6%BF%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%97%E0%A7%81%E0%A6%B2%E0%A7%B0-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A7%80%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%97/
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিজী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিনজী, উপাচাৰ্য ডঃ কে এম আন্নামালাইজী, উপাচাৰ্য অধ্যাপক গুৰমিত সিংজী, গান্ধীগ্ৰাম গ্ৰাম্য প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল আৰু সহায়ক কৰ্মচাৰীসকল, সম্ভাৱনাময় উজ্জ্বল শিক্ষাৰ্থীসকল আৰু তেওঁলোকৰ গৌৰৱান্বিত অভিভাৱকসকল, ৱানাক্কাম! আজি ইয়াত যিসকল শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী লাভ কৰিছে সেই সকল তৰুণ শিক্ষাৰ্থীক মোৰ অভিনন্দন। মই শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলকো অভিনন্দন জনাইছোঁ। আপোনাসৱৰ ত্যাগৰ বাবেই আজি এই বিশেষ দিনটো আমি সকলোৱে দেখা পাইছোঁ। শিক্ষক আৰু অ-শিক্ষক কৰ্মচাৰী সকলোৱে ইয়াৰ বাবে প্ৰশংসাৰ যোগ্য। বন্ধুসকল, ইয়াত এই সমাৱৰ্তনত উপস্থিত থাকিব পৰাটো মোৰ বাবে এটা অতি অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা। গান্ধীগ্ৰামৰ উদ্বোধন মহাত্মা গান্ধীয়ে নিজেই কৰিছিল। ইয়াৰ সৰল অথচ মননশীল পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য, স্থিৰ গ্ৰাম্য জীৱন, মহাত্মা গান্ধীৰ গ্ৰাম্য বিকাশৰ ধাৰণাবোৰৰ ভাবনা ইয়াত পৰিলক্ষিত হয়। মোৰ যুৱ বন্ধুসকল, আপোনাসৱ সকলোৱে এক অতি গুৰুত্বপূৰ্ণ সময়ত স্নাতক হৈছে। গান্ধীবাদী মূল্যবোধ অতি প্ৰাসংগিক হৈ পৰিছে। সংঘৰ্ষৰ সমাপ্তিৰ বিষয়েই হওঁক বা জলবায়ু সংকটৰ বিষয়েই হওঁক, মহাত্মা গান্ধীৰ ধাৰণাবোৰত আজিৰ বহুতো জ্বলন্ত সমস্যাৰ উত্তৰ আছে। গান্ধীবাদত বিশ্বাসী শিক্ষাৰ্থী হিচাপে, আপোনাসৱৰ ওচৰত আজি এক উত্তম সুযোগ আছে এই মূল্যবোধক আৰু আগুৱাই লৈ যোৱাৰ। বন্ধুসকল, মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল তেওঁৰ অতি প্ৰিয় চিন্তা-ভাবনাক অনুসৰণ কৰা। খাদী বহুদিন ধৰি অৱহেলিত আৰু বিস্মৃতিপ্ৰায় হৈছিল। কিন্তু 'খাদী ফৰ নেশ্যন, খাদী ফৰ ফেশ্বন'ৰ আহ্বানৰ জৰিয়তে ই অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা ৮ বছৰত, খাদী খণ্ডৰ বিক্ৰী ৩০০% তকৈও অধিক বৃদ্ধি পাইছে। খাদী আৰু গ্ৰামদ্যোগ আয়োগে যোৱা বছৰ ১ লাখ কোটি টকাৰ অভিলেখ টাৰ্ণঅ'ভাৰ কৰিছে। এতিয়া, আনকি বিশ্বৰ ডাঙৰ ডাঙৰ ফেশ্বন ব্ৰেণ্ডবোৰৰ মাজতো পোছাক প্ৰস্তুতৰ ক্ষেত্ৰত খাদী ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। কিয়নো ই এক পৰিৱেশ-অনুকূল বস্ত্ৰ, যি এই পৃথিৱীৰ বাবে উপযোগী। এইটো ব্যাপক উৎপাদনৰ বিপ্লৱ নহয়। এইটো সাধাৰণ লোকৰ দ্বাৰা উৎপাদনৰ এক বিপ্লৱ। মহাত্মা গান্ধীয়ে খাদীক গাওঁসমূহত আত্মনিৰ্ভৰশীলতাৰ সঁজুলি হিচাপে দেখিছিল। গাওঁসমূহৰ আত্মনিৰ্ভৰশীলতাত তেওঁ আত্মনিৰ্ভৰশীল ভাৰতৰ বীজ দেখিছিল। তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি আত্মনিৰ্ভৰ ভাৰতৰ দিশত কাম কৰি আছোঁ। তামিলনাডু স্বদেশী আন্দোলনৰ এটা মুখ্য কেন্দ্ৰ আছিল। এই ৰাজ্যখনে আকৌ এবাৰ আত্মনিৰ্ভৰ ভাৰতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বন্ধুসকল, মহাত্মা গান্ধীৰ গ্ৰাম্য উন্নয়নৰ দৃষ্টিভংগী উপলব্ধি কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ বিচাৰিছিল যে গাওঁবোৰৰ উন্নতি হওক। একে সময়তে, তেওঁ গ্ৰাম্য জীৱনৰ মূল্যবোধ সংৰক্ষণ কৰাটো বিচাৰিছিল। গ্ৰামীণ বিকাশ সম্পৰ্কে আমাৰ চিন্তা-ভাবনা তেওঁৰ আদৰ্শৰেই অনুপ্ৰাণিত। আমাৰ লক্ষ্য হৈছে-আত্মা গাঁৱৰ, সুবিধা চহৰৰ। বা "ग्रामत्तिन् आण्माw, नगरत्तिन् वसदि" নগৰ আৰু গ্ৰামাঞ্চলৰৰ মাজত যি পাৰ্থক্য আচে সেয়া মই স্বীকাৰ কৰোঁ। কিন্তু এই দুই জীৱনযাত্ৰাৰ মাজত কোনো বৈষম্য আমি মানি লব নোৱাৰোঁ। দীৰ্ঘদিন ধৰি নগৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত বৈষম্য আছিল। কিন্তু আজি, ৰাষ্ট্ৰই ইয়াক সংশোধন কৰি আছে। সম্পূৰ্ণ গ্ৰাম্য অনাময় ব্যৱস্থা সম্পূৰ্ণ, ৬ কোটিতকৈও অধিক ঘৰলৈ নলৰ পানী, ২.৫কোটি বিদ্যুৎ সংযোগ, অধিক গ্ৰাম্য পথ- এই সকলোবোৰে উন্নয়নক জনসাধাৰণৰ দুৱাৰমুখলৈ লৈ গৈছে। মহাত্মা গান্ধীৰ বাবে অনাময় এটা অতি প্ৰিয় ধাৰণা আছিল। স্বচ্ছ ভাৰতৰ জৰিয়তে এইটো বিপ্লৱ ঘটিছে। কিন্তু আমি কেৱল মৌলিক বিষয়বোৰ প্ৰদান কৰাতেই আমাৰ কামৰ সীমাবদ্ধ ৰখা নাই। আজি আনকি আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধাও গাওঁসমূহত উপনীত হৈছে। প্ৰায় ২ লাখ গাঁও পঞ্চায়তক সংযোগ কৰিবলৈ ৬ লাখ কিলোমিটাৰ অপ্টিক ফাইবাৰ কেবল স্থাপন কৰা হৈছে। গ্ৰাম্য অঞ্চলবোৰে কম ব্যয়ত ইণ্টাৰনেট ব্যৱহাৰৰ সুযোগৰ জৰিয়তে লাভান্বিত হৈছে। সমীক্ষাত প্ৰকাশ যে নগৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলত ইণ্টাৰনেটৰ ব্যৱহাৰ যথেষ্ট দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়ে সুযোগৰ পৃথিৱীখন মুকলি কৰে। স্বামিত্ব আঁচনিৰ অধীনত, আমি ভূমিৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰি আছোঁ। আমি মানুহক সম্পত্তি কাৰ্ডো প্ৰদান কৰিছোঁ। কৃষকসকল বহুতো এপৰ সৈতে সংযুক্ত হৈ আছে। তেওঁলোকে কোটি কোটি মাটিৰ স্বাস্থ্য কাৰ্ডৰ সহায় লাভ কৰিছে। বহুতো কাম কৰা হৈছে কিন্তু আৰু বহুত কৰিব লাগিব। আপোনাসৱ যুৱ, উজ্জ্বল প্ৰজন্ম। আপোনাসৱ এই ভেটিটো তৈয়াৰ কৰিবলৈ যথেষ্ট সক্ষম। বন্ধুসকল, গ্ৰামোন্নয়নৰ কথা যেতিয়া আহে আমি নিৰন্তৰতাক গুৰুত্ব দিব লাগিব। যুৱপ্ৰজন্মই ইয়াৰ নেতৃত্ব প্ৰদান কৰিব লাগিব। গ্ৰাম্য অঞ্চলৰ ভৱিষ্যতৰ বাবে বহনক্ষম কৃষি গুৰুত্বপূৰ্ণ। প্ৰাকৃতিক কৃষি, ৰাসায়নিক-মুক্ত কৃষিৰ বাবে যথেষ্ট আগ্ৰহ বৃদ্ধি পাইছে। ইয়াৰ ফলত সাৰ আমদানিৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। ই মাটিৰ স্বাস্থ্য আৰু মানৱ স্বাস্থ্যৰ বাবেও ভাল। আমি ইতিমধ্যে এই দিশত কাম আৰম্ভ কৰিছোঁ। আমাৰ জৈৱিক কৃষি আঁচনিয়ে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত আশ্চৰ্যকৰ কাম কৰি আছে। যোৱা বছৰৰ বাজেটত, আমি প্ৰাকৃতিক কৃষিৰ সৈতে সম্পৰ্কিত এক নীতি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আপোনাসৱে গাওঁবোৰত প্ৰাকৃতিক কৃষিৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বহনক্ষম কৃষিৰ ক্ষেত্ৰত, যুৱপ্ৰজন্মই আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। কৃষিক মনো-সংস্কৃতিৰ পৰা ৰক্ষা কৰাৰ সময় আহি পৰিছে। বহুতো দেশীয় প্ৰকাৰৰ শস্য, বাজৰা আৰু অন্যান্য শস্য পুনৰুজ্জীৱিত কৰা প্ৰয়োজন।এই সংগম অৰ্থাত্, মিশ্ৰণ বা সংকৰৰ যুগতো বহু প্ৰকাৰৰ বাজৰাৰ কথা উল্লেখ কৰা হৈছে। প্ৰাচীন তামিলনাডুৰ জনসাধাৰণৰ মাজত ই এসময়ত অতি প্ৰিয় আছিল। এইবোৰ পুষ্টিকৰ আৰু জলবায়ু-অনুকূল। তদুপৰি, শস্যৰ বিবিধতাই মাটি আৰু পানী ৰক্ষা কৰাত সহায় কৰে। আপোনাসৱৰ নিজৰ বিশ্ববিদ্যালয়ত নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰা হয়। যোৱা ৮ বছৰত সৌৰ শক্তি স্থাপন ক্ষমতা প্ৰায় ২০ গুণ বৃদ্ধি পাইছে। যদি গাওঁবোৰত সৌৰ শক্তি বিস্তৃত হৈ পৰে, ভাৰত শক্তিৰ ক্ষেত্ৰতো স্বাৱলম্বী হৈ উঠিব পাৰিব। বন্ধুসকল, গান্ধীবাদী চিন্তাবিদ বিনোবা ভাবে এটা কথা কৈছিল। তেওঁ কৈছিল যে গাওঁ পৰ্যায়ৰ বিভিন্ন সংস্থাসমূহৰ নিৰ্বাচনে বিভাজন আনে। সম্প্ৰদায় আৰু আনকি পৰিয়ালবোৰো ইয়াৰ ফলত ভাঙি পৰে। গুজৰাটত, ইয়াৰ প্ৰতিৰোধ কৰিবলৈ আমি সমৰস গ্ৰাম যোজনা আৰম্ভ কৰিছিলোঁ। সহমতৰ জৰিয়তে নেতা বাছনি কৰা গাওঁবোৰক কিছুমান উদগনি দিয়া হৈছিল। এইটোৱে সামাজিক সংঘাত বহুত হ্ৰাস কৰিছিল। যুৱ প্ৰজন্মই সমগ্ৰ ভাৰতত একে ধৰণৰ প্ৰণালী বিকশিত কৰিবলৈ গাওঁবাসীৰ সৈতে কাম কৰিব পাৰে। যদি গাওঁবোৰ একত্ৰিত হয়, তেতিয়াহলে অপৰাধ, ড্ৰাগছ আৰু অসামাজিক উপাদানৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াটো সম্ভৱ। বন্ধুসকল, মহাত্মা গান্ধীয়ে ঐক্যবদ্ধ আৰু স্বাধীন ভাৰতৰ বাবে যুঁজ দিছিল। গান্ধীগ্ৰাম নিজেই ভাৰতৰ একতাৰ সেই কাহিনীৰ সাক্ষী। ইয়াতেই হাজাৰ হাজাৰ গাওঁবাসীয়ে গান্ধীজীক এবাৰ চাবলৈ এখন ৰেললৈ আহিছিল। তেওঁ কোন ৰাজ্যৰ লোক আছিল সেয়া গুৰুত্বপূৰ্ণ নাছিল। গুৰুত্বপূৰ্ণ কথাটো হ'ল গান্ধীজী আৰু গাওঁবাসী সকলো ভাৰতীয় আছিল। তামিলনাডু সদােয় ৰাষ্ট্ৰীয় চেতনাৰ এক জাগ্ৰত ভূমি ৰূপে পৰিচিত হৈ আহিছে। ইয়াতেই স্বামী বিবেকানন্দই বিদেশৰ পৰা উভতি অহাৰ পিছত বীৰোচিত আদৰণি লাভ কৰিছিল। আনকি যোৱা বছৰো, আমি 'বীৰ বনক্কম'ৰ মন্ত্ৰধ্ধনি প্ৰত্যক্ষ কৰিছিলো। তামিল জনসাধাৰণে জেনেৰেল বিপিন ৰাৱটৰ প্ৰতি যিধৰণে সন্মান প্ৰদৰ্শন কৰিছিল সেয়া আছিল গভীৰভাৱে হৃদয়স্পৰ্শী। ইফালে, কাশী তামিল সংগম শীঘ্ৰেই কাশীত বাস্তৱায়িত হব। ইয়াৰ মাজেদিয়ে উদযাপিত হব কাশী আৰু তামিলনাডুৰ মাজৰ পাৰস্পৰিক বন্ধনৰ বিষয়টো। কাশীৰ লোকসকলে তামিলনাডুৰ ভাষা, সংস্কৃতি আৰু ইতিহাস উদযাপন কৰিবলৈ আগ্ৰহী। এয়া হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত। ইজনে সিজনৰ প্ৰতি থকা এই মৰম আৰু সন্মান আমাৰ একতাৰ আধাৰ। মই ইয়াত স্নাতক হোৱা শিক্ষাৰ্থীসকলক বিশেষকৈ একতাক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, আজি, মই এনে এক অঞ্চলত আহি উপস্থিত হৈছোঁ যি আছিল নাৰী শক্তিৰ এক বিশেষ উৎস্থল। ব্ৰিটিছৰ সৈতে সংগ্ৰামকালত ৰাণী ভেলু নাচিয়াৰ ইয়াতেই আছিল। আজি স্নাতক ডিগ্ৰী লাভ কৰা ইয়াৰ যুৱতীসকলৰ মাজত মই পৰিৱৰ্তনকাৰী হৈ উঠাৰ উজ্বল সম্ভাৱনা দেখিছোঁ। আপোনাসৱে গ্ৰাম্য মহিলাসকলক সফল হোৱাত সহায় কৰিব। তেওঁলোকৰ সফলতাই হৈছে দেশৰ সফলতা। বন্ধুসকল, সমগ্ৰ বিশ্বই যি সময়ত এক আটাইতকৈ কঠিন সংকটৰ সন্মুখীন হৈছিল, তেনে সময়তো ভাৰত এক মজবুত হৈ আছিল। বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানেই হওঁক, আটাইতকৈ দৰিদ্ৰ লোকৰ বাবে খাদ্য সুৰক্ষাই হওঁক, বা বিশ্বৰ চালিকা শক্তি হৈ উঠক-এই সকলোৰ জৰিয়তে ভাৰতে প্ৰমাণ কৰিছে যে ইয়াৰ প্ৰকৃত শক্তি কি। বিশ্বই আশা কৰে যে ভাৰতে আৰু ডাঙৰ কাম কিছু কৰি দেখুৱাব। কাৰণ ভাৰতৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ 'সকলো কাম কৰি দেখুৱাব পৰা' প্ৰজন্মৰ হাতত আছে। যুৱপ্ৰজন্ম, যিয়ে কেৱল প্ৰত্যাহ্বান গ্ৰহণেই নকৰে, বৰং কামৰ মাজেৰে তেওঁলোকে আনন্দও বিচাৰি পায়। যুৱপ্ৰজন্ম, যিয়ে কেৱল প্ৰশ্নই নকৰে, উত্তৰ বিচাৰাৰো চেষ্টা কৰে, যুৱপ্ৰজন্ম, যি কেৱল নিৰ্ভীকেই নহয়, নিৰলস পৰিশ্ৰমীও। যুৱপ্ৰজন্ম, যি কেৱল সপোনেই নেদেখে, তাক কিদৰে সফল কৰি তুলিব লাগে সেয়াও জানে। গতিকে আজি স্নাতক হোৱা শিক্ষাৰ্থীসকললৈ মোৰ বাৰ্তা হৈছে, আপোনাসৱ নতুন ভাৰতৰ ৰূপকাৰ। স্বাধীনতাৰ অমৃত কাল অৰ্থাৎ পৰৱৰ্তী ২৫ বছৰত ভাৰতক নেতৃত্ব দিয়াৰ দায়িত্ব আপোনালোকৰ হাততেই আছে। পুনৰ এবাৰ, আপোনালোক সকলোকে অভিনন্দন আৰু আন্তৰিক শুভকামনা জনাইছোঁ।
ডিণ্ডিগুলৰ গান্ধীগ্ৰাম গ্ৰাম্য প্ৰতিষ্ঠানৰ ৩৬ তম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AD%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A3%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE/
১. ভাৰত চৰকাৰ আৰু ম্যানমাৰ চৰকাৰৰ মাজত সামূদ্ৰিক নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্থায়ী সচিব ব্ৰিগেডিয়াৰ ছান ৱিন ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ২. ২০১৭-২০২০ৰ ভিতৰত ভাৰত চৰকাৰ আৰু ম্যানমাৰ চৰকাৰৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী ধৰ্মীয় পৰিক্ৰমা আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ স্থায়ী সচিব ইউ টুন অন ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৩. ম্যানমাৰৰ য়ামেথিন থকা মহিলা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নয়নৰ তথা বিকাশৰ সহযোগিতাৰ অৰ্থে ভাৰত চৰকাৰ আৰু ম্যানমাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৪. ভাৰতীয় নৌ সেনা আৰু ম্যানমাৰ নৌ সেনাৰ মাজত হোৱাইট শ্বিপিং সম্পর্কীয় তথ্য বিনিময়ৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰ মুখ্য ৰিয়েৰ এডমাইৰেল মো আং (ম্যানমাৰ নৌ সেনা) ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৫. উপকূলীয় এলেকাৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰ আৰু ম্যানমাৰৰ মাজত কাৰিকৰী চুক্তি স্বাক্ষৰ মুখ্য ৰিয়েৰ এডমাইৰেল মো আং (ম্যানমাৰ নৌ সেনা) ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৬. চিকিৎসা সম্পৰ্কীয় সামগ্ৰী উৎপাদনত নিয়ন্ত্ৰণৰ সহযোগিতাৰ বাবে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াস কল্যান মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰক সংস্থা (CDSCO) আৰু ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ খাদ্য আৰু ঔষধ বিভাগৰ মাজত বুজাবুজি স্বাক্ষৰ। ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ড০ থান টুট ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৭. স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াস কল্যান মন্ত্ৰালয় আৰু ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ড০ থান টুট ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৮. এমআইআইটি প্ৰতিষ্ঠা সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ ম্যাদ সম্প্ৰসাৰণৰ পত্ৰ বিনিময় উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ড০ থেইন ৱিন ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ৯. তথ্য প্রযুক্তিৰ ক্ষেত্রত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত-ম্যানমাৰ কেন্দ্র স্থাপনৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তি প্রসাৰ সম্পর্কীয় চুক্তি গৱেষণা আৰু উদ্ভাৱন বিভাগৰ সঞ্চালক প্ৰধান ইউ ৱিন খাৱিং মো ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ১০. ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ম্যানমাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ মাজত নিৰ্বাচনৰ ক্ষেত্ৰত বুজাবুজি চুক্তি ম্যানমাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সচিব ইউ টিন টুন ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি ১১. ভাৰতীয় প্ৰেছ কাউন্সিল আৰু ম্যানমাৰ প্ৰেছ কাউন্সিলৰ মাজত সহযোগিতামুলক বুজাবুজি চুক্তি উপাধ্যক্ষ ইউ আং লা টুন(আই) প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ ন্যায়াধীশ চন্দ্ৰামৌলি কুমাৰ প্ৰসাদ
ম্যানমাৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰ কৰা বুজাবুজি চুক্তিৰ তালিকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%86%E0%A6%B6%E0%A6%BE%E0%A6%A7%E0%A6%BF-%E0%A6%8F/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%86%E0%A6%B6%E0%A6%BE%E0%A6%A7%E0%A6%BF-%E0%A6%8F/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশাধি একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে পূৰ্বৰ মন কি বাতৰ এটা স্নিপেটো শ্বেয়াৰ কৰে, য'ত তেওঁ ৱাৰ্কাৰী পৰম্পৰা আৰু পান্ধৰপুৰৰ দৈৱত্বৰ বিষয়ে কথা পাতিছিল। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "আশাধি একাদশীৰ পৱিত্ৰ উপলক্ষত সকলোকে শুভেচ্ছা জনাইছো। ভগৱান ভিত্থালৰ আশীৰ্বাদ আমাৰ ওপৰত থাকক আৰু আমাৰ সমাজত সুখৰ মনোভাৱ বৰ্তি থাকক। পূৰ্বৰ মন কী বাতৰএটা স্নিপেট শ্বেয়াৰ কৰিছো, য'ত আমি ৱাৰ্কাৰী পৰম্পৰা আৰু পান্ধৰপুৰৰ দৈৱত্বৰ বিষয়ে কথা পাতিছিলো।" প্ৰধানমন্ত্ৰীয়ে দেহুত তেওঁৰ ভাষণৰ ভিডিঅ'টো শ্বেয়াৰ কৰে য'ত তেওঁ কেইসপ্তাহমান আগতে সন্ত তুকাৰাম জীৰ প্ৰতি সমৰ্পিত এটা মন্দিৰ উদ্বোধন কৰিছিল। তেওঁ এইদৰে টুইট কৰে: "কেইসপ্তাহমান আগতে মই দেহুত আছিলো সন্ত টুকাৰম জীক উৎসৰ্গিত এটা মন্দিৰ উদ্বোধন কৰিবলৈ। মোৰ ভাষণত মই তেওঁৰ উচ্চ শিক্ষাৰ ওপৰত আলোকপাত কৰিলোঁ আৰু মহান ৱাৰকাৰী সন্ত আৰু দ্ৰষ্টাসকলৰ পৰা আমি সকলোৱে কি শিকিব পাৰো সেই বিষয়ে ক’লোঁ।" তদুপৰি, প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰৰ নৱেম্বৰ মাহত প্ৰদান কৰা ৱাৰকাৰী পৰম্পৰাৰ ওপৰত তেওঁৰ ভাষণ শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় : "যোৱা বছৰৰ নৱেম্বৰ মাহত মই পান্ধৰপুৰত আধ্যাত্মিক পৰ্যটনক বৃদ্ধি কৰিব পৰা মূল প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰাৰ গৌৰৱ লাভ কৰিছিলোঁ। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ৱাৰকাৰী পৰম্পৰাক অধিক জনপ্ৰিয় কৰাৰ বাবে আমাৰ প্ৰচেষ্টাৰ এটা অংশ।"
প্ৰধানমন্ত্ৰীয়ে আশাধি একাদশী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%B8%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4/
“জয় মাতা নৈণা দেবীয়া ৰী, জয় বজিয়ে বাবে ৰী”। “বিলাসপুৰা আল্যো…আউ ধন্য ঔই গয়া, আজ্জ…মিঞ্জো…দশেৰে ৰে, ইছ পাৱন মৌকে পৰ, মাতা নৈণা দেৱীয়া ৰে, আশীৰ্বাদ নে, তুহাঁ সাৰয়াঁ ৰে দৰ্শনা ৰা সৌভাগ্য মিল্যা! তুহাঁ সাৰয়াঁ জো, মেৰা ৰাম-ৰাম। কনে এম্স ৰী বড়ী-বড়ী বদাই”। হিমাচলৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকৰ জী, হিমাচলৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান জয়ৰাম ঠাকুৰ জী, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, আমাৰ সকলোৰে মাৰ্গদৰ্শক আৰু এইখন ৰাজ্যৰে সন্তান শ্ৰীমান জে পি নাড্ডা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী আৰু আমাৰ সাংসদ শ্ৰী অনুৰাগ সিং ঠাকুৰ জী, হিমাচল ভাজপাৰ অধ্যক্ষ আৰু সংসদত মোৰ সতীৰ্থ সুৰেশ কাশ্যপ জী, সংসদত মোৰ সতীৰ্থ কিশন কাপুৰ জী, ভগ্নী ইন্দু গোস্বামী জী, ড০ সিকন্দৰ কুমাৰ জী, অন্য মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কবৃন্দ, আৰু বিপুল সংখ্যাত সমবেত হৈ আমাৰ সকলোকে আশীৰ্বাদ দিবলৈ অহা মোৰ প্ৰিয় ভাই-ভনীসকল! আপোনালোক আটাইৰে লগতে দেশবাসীক ‘বিজয়া দশমী’ৰ এই উপলক্ষত অনন্ত অনন্ত শুভকামনা জনাইছোঁ। এই পবিত্ৰ পৰ্বই সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লভি, অমৃত কালৰ বাবে যি পণ দেশে লৈছে, সেই সংকল্প সাৰোগত কৰি আগবাঢ়ি যোৱাৰ বাবে সকলোকে নতুন শক্তি প্ৰদান কৰিব। মোৰ সৌভাগ্য যে ‘বিজয়া দশমী’ৰ দিনা মই হিমাচল প্ৰদেশলৈ আহিবলৈ যুযোগ পাইছো, স্বাস্থ্য, শিক্ষা, কৰ্ম-সংস্থান আৰু আন্তঃগাঁথনি উন্নয়ণৰ বাবে বহু হাজাৰ কোটি টকীয়া এলানি প্ৰকল্প আপোনালোকৰ হাতত অৰ্পণ কৰা সুযোগ পাইছো। আৰু সংযোগ চাওকচোন, ‘বিজয়া দশমী’ৰ দিনাই বিজয়ৰ ৰণশিঙা ফুঁকাৰো সুযোগ মিলিছে, এয়া ভৱিষ্যৰ প্ৰতিটো বিজয়ৰ সংকেত লৈ আহিছে। বিলসপুৰেতো শিক্ষা আৰু স্বাস্থ্যৰ ‘ডাবল গিফ্ট’ লাভ কৰিছে। “কহলুৰা ৰী…বদলে ধাৰা উপৰ, হাৰড্ৰ কালেজ…কনে তল্লে এইমছ…হুণ এথী ৰী পহচান হুণী”! ভাই-ভনীসকল, ইয়াত উন্নয়ণী যোজনাসমূহ আপোনালোকৰ হাতত অৰ্পণ কৰাৰ পিচত, যেনেদৰে জয়ৰাম জীয়ে জানিবলৈ দিছে, আৰু এটা সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হ’বলৈ যাম আৰু বহু বছৰৰ পিচত মই আকৌ এবাৰলৈ ‘কুল্লু দশেৰা’ত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিম। বহু দেৱী-দেৱতাৰ সৈতে ‘ভগবান ৰঘুনাথ জী’ৰ যাত্ৰাত অংশগ্ৰহণ কৰি মই দেশৰ বাবেও আশীৰ্বাদ বিচাৰিম। আৰু আজি যেতিয়া এই বিলাসপুৰলৈ আহিছোৱেই তেতিয়াতো পুৰণি দিনৰ স্মৃতি মনলৈ অহাটো তেনেই স্বাভাৱিক। সেয়াও এটা সময় আছিল, ইয়াত খোজ কাঢ়ি ঘূৰি ফুৰিছিলো। কেতিয়াবা মই, ধুমল জী, নাড্ডা জী, খোজ কাঢ়ি গৈ ইয়াৰ বজাৰত সোমাইছিলোগৈ। আমি এটা বহুত ডাঙৰ ৰথযাত্ৰাৰ কাৰ্যক্ৰম গ্ৰহণ কৰি বিলাসপুৰৰ আলিয়ে-গলিয়ে পৰিক্ৰমা কৰিছিলো। আৰু তেতিয়া ‘স্বৰ্ণ জয়ন্তী ৰথযাত্ৰা’ ইয়াৰ মাজেৰ গৈ ‘মেইন মাৰ্কেট’ৰে ওলাই গৈছিল আৰু তাত এক জনসভাত সকলো মিলিত হৈছিলো। ইয়াৰ পিচতো বহু বাৰ মই ইয়ালৈ আহিছো, আপোনালোকৰ মাজত থাকিছিলোহি। হিমাচল, এই মাটিত কাম কৰি মই সদায়ে হিমাচলৰ বিকাশ যাত্ৰাৰ সহযোত্ৰী হোৱাৰ সুযোগ পাইছিলো। আৰু মই এতিয়া শুনিবলৈ পাইছিলো, অনুৰাগ জীয়ে বৰ ডাঙৰকৈয়ে কৈ আছিল, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৈছে। আমাৰ নাড্ডা জীয়েও কৈ আছিল, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, আৰু আমাৰ মুখ্যমন্ত্ৰী জয়ৰাম জীয়েও কৈ আছিল এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে, এয়া মোদী জীয়ে কৰিছে। কিন্তু মই প্ৰকৃত সত্যটো কৈ দিওনে, আচলতে কোনেনো কৰিছে, কৈ দিওনে? এইবোৰ যিয়েই হৈ আছে নহয়, সেয়া সকলো আচলতে আপোনালোকেহে কৰিছে। আপোনালোকৰ বাবেহে এয়া সম্ভৱ হৈছে। যদি আপোনালোকে দিল্লীৰ বাবে কেৱল মোদী জীকেই আশীৰ্বাদ দিলেহেতেন আৰু হিমাচল প্ৰদেশত মোদী জীৰ লগৰীয়াসকলক আশীৰ্বাদ নিদিলেহেতেন তেতিয়া এই সকলোবোৰ কামৰ ক্ষেত্ৰত সেইসকলে হেঙাৰ দিলেহেতেন। এয়াতো হৈছে জয়ৰাম জী আৰু তেওঁৰ টীময়ে, যিবোৰ কাম মই দিল্লীৰ পৰা লৈ আনো, সেইবোৰ কাম দ্ৰুত গতিৰে এইসকল লোকে আগুৱাই নিয়ে, সেই বাবেইহে কামবোৰ হৈ আছে। আজি যদি ‘এইমছ’ নিৰ্মাণ হৈছে, তেন্তে সেয়া আপোনালোকৰ ভোটৰ শক্তিৰেহে হৈছে, যদি ‘সুৰংগ’ স্থাপন হৈছে, সেয়াও আপোনালোকৰ ভোটৰ শক্তিৰে হৈছে, ‘হাইড্ৰ ইঞ্জিনীয়াৰিং কলেজ’ স্থাপন হৈছে সেয়াই আপোনালোকৰ ভোটৰ শক্তিৰে, যদি ‘চিকিত্সা উপকৰণৰ উদ্যান’ স্থাপিত হৈছে, সেয়াও সম্ভৱ হৈছে আোপনালোকৰ ভোটৰ শক্তিৰে। আৰু সেয়ে, আজিও হিমাচলৰ আশা-আকাংক্ষাৰ প্ৰতি দৃষ্টি ৰাখিয়েই এটাৰ পিচত এটাকৈ উন্নয়ণৰ কাম সম্পাদিত কৰি থকা হৈছে। উন্নয়ণৰ বাবে আমি দেশত দীৰ্ঘ দিন ধৰি এটা বিকৃত মানসিকতাই গা কৰি উঠা দেখিবলৈ পাইছিলো। এই মনোভাৱ কি আছিল বাৰু? ভাল পথ এটা যদি হয় সেয়া হ’ব কেইখনমান ৰাজ্যত, কেইখনমান ডাঙৰ নগৰত, দিল্লীৰ আশে-পাশে হ’ব। ভাল শিক্ষা প্ৰতিষ্ঠান হয় যদি সেয়াও হ’ব ডাঙৰ ডাঙৰ নগৰত। ভাল হাস্পটাল হয় যদি হ’ব সেয়াটো দিল্লীতেই হ’ব লাগিব, বাহিৰত হোৱাটো সম্ভৱেই নহয়। উদ্যোগ-বাণিজ্য যিয়েই নহওক কিয় ডাঙৰ ডাঙৰ ঠাইবোৰত হ’ব, আৰু বিশেষকৈ দেশৰ পাহাৰীয়া ৰাজ্যসমূহত বুনিয়াদী সা-সুবিধাবোৰো সকলোৰে শেহত হ’ব লাগিব, বহু বছৰৰ অপেক্ষাৰ পিচতহে হ’বগৈ। সেই পুৰণি মানসিকতাৰ পৰিণতি এয়াই হ’লগৈ যে দেশত উন্নয়ণৰ এক ডাঙৰ অসমতুলতাৰ সৃষ্টি হ’লগৈ। ইয়াৰ ফলতে দেশৰ এটা বৃহত্ অংশ, সেই অঞ্চলসমূহৰ ৰাইজে অসুবিধা, অভাৱৰে সহবাস কৰিবলগীয়া হৈছিল। বিগত ৮টা বছৰত দেশে এতিয়া সেই পুৰণি মানসিকতা পিচত এৰি থৈ, আধুনিক মানসিকতাৰ সৈতে আগবাঢ়িবলৈ লৈছে। এতিয়া চাওকচোন, দীৰ্ঘ সময় ধৰি, আৰু মইতো যেতিয়াই ইয়ালৈ আহিছিলো, মই সদায়ে দেখিছিলো যে ইয়াত এখন বিশ্ববিদ্যালয়কে লৈ দিন পাৰ কৰিবলগীয়া হৈছিল। আৰু চিকিত্সাই হওক কিম্বা চিকিত্সা বিষয়ক শিক্ষাই হওক, ‘আইজিএমচি-চিমলা’ আৰু ‘টাটা মেডিকেল কলেজ’ৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছিল। জটিল ৰোগৰ চিকিত্সাই হওক কিম্বা শিক্ষা বা জীৱিকা যিয়েই নহওক কিয়, সেই সময়ত দিল্লী নতুবা চণ্ডীগড়লৈ ঢপলিয়াব লগাত পৰিছিল। কিন্তু বিগত ৮টা বছৰত আমাৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে হিমাচলৰ বিকাশগাঁথাক এক নতুন মাত্ৰা প্ৰদান কৰিলে। আজি হিমাচল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ো আছে, ‘আইআইটি’, ‘ত্ৰিপল আইআইটি’, ‘ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট’(আইআইএম)ৰ দৰে প্ৰতিষ্ঠিত সংস্থানো আছে। দেশৰ চিকিত্সাশিক্ষা আৰু স্বাস্থ্যখণ্ডৰ সকলোতকৈ ডাঙৰ সংস্থান ‘এইমছ’-য়েও এতিয়া বিলাসপুৰ আৰু হিমাচল প্ৰদেশৰ মান-সন্মান বৃদ্ধি কৰিব। বিলাসপুৰৰ ‘এইমছ’খন আৰু এটা পৰিৱৰ্তনৰো প্ৰতীক আৰু ‘এইমছ’সমূহৰ ভিতৰতো এইখন ‘গ্ৰীণ এইমছ’ হিচাপে প্ৰসিদ্ধ হ’ব। কিয়নো এইখন হৈছে সম্পূৰ্ণ ভাবে ‘পৰিৱেশ অনুকূল এইমছ’, ‘প্ৰকৃতিপ্ৰেমী এইমছ’। অলপতে আমাৰ সকলো মিত্ৰই জানিবলৈ দিছে যে আগতে চৰকাৰী শিলান্যাস কৰা হয় আৰু নিৰ্বাচনৰ পিচত সকলোবোৰ পাহৰি পেলেৱা হয়। আজিও হিমাচললৈ গ’লে, আমাৰ ধুমল জীয়ে এবাৰ কাৰ্যক্ৰম কৰিছিল যে ক’ত ক’তনো কিমান আধাৰশিলা আছে বিচাৰি উলিওৱাৰ, আৰু পোৱা গ’ল যে এনে বহুবোৰ অধাৰশিলা আধাৰশিলা হৈয়ে পৰি ৰ’ল, কাম কিন্তু হোৱাই নাছিল। মোৰ মনত আছে মই এবাৰ ৰে’লবিভাগৰ কামৰ পৰ্যালোচনা কৰি আছিলো, উনাৰ ওচৰত এটা ৰে’লপথ স্থাপন কৰাৰ কথা আছিল। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৩৫ বছৰৰ আগতে, ৩৫ বছৰৰ আগতে। সংসদত ঘোষণা কৰা হৈছিল, আৰু সেই ফাইল বন্ধ হৈ গ’ল। হিমাচলক কোনেনো সুধিব ভাই? কিন্তু এওঁটো হিমাচলৰ ল’ৰা আৰু হিমাচলক পাহৰিবই নোৱাৰে। কিন্তু আমাৰ চৰকাৰৰ পৰিচয়েই হৈছে যে যিটো প্ৰকল্পৰ শিলান্যাস কৰা হ’ল, সেইটো প্ৰকল্পৰ লোকাৰ্পণো কৰা হয়। ৰখাই থোৱা, ঘূৰাই ফুৰোৱা, বিপথে পৰিচালিত কৰাৰ সেইদিন এতিয়া অতীত হ’ল বন্ধুসকল। বন্ধুসকল, ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত হিমাচল প্ৰদেশৰ সদায়ে বহুত ডাঙৰ অৱদান আছে, যিখন হিমাচল সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বীৰসকলৰ বাবে প্ৰসিদ্ধ সেইখন হিমাচলে এতিয়াৰে পৰা এইখন এইমছৰ সুবাদত জীৱনৰক্ষাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ণ কৰিব। ২০১৪ চন পৰ্যন্ত হিমাচল প্ৰদেশত মাত্ৰ ৩খন চিকিত্সা মহাবিদ্যালয়হে আছিল, ইয়াৰে ২খন আছিল চৰকাৰী। পিচে, বিগত ৮টা বছৰত হিমাচলত ৫খন নতুন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰা হৈছে। ২০১৪ চন পৰ্যন্ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসন মিলাই মাত্ৰ ৫০০ শিক্ষাৰ্থীয়েহে শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছিল, কিন্ত আজি এই সংখ্যা ১২০০ৰো অধিক হৈছেহি, অৰ্থাত্, দুগুণৰো অধিক হৈছেহি। ‘এইমছ’ৰ পৰা প্ৰতি বছৰে বহু সংখ্যক নতুন চিকিত্সক ওলাব, নাৰ্ছিং-ৰে জড়িত হোৱা যুৱক-যুৱতীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। আৰু মই জয়ৰাম জীৰ টীমটোক, জয়ৰাম জীক, ভাৰত চৰকাৰৰ আৰোগ্য মন্ত্ৰী আৰু আৰোগ্য মন্ত্ৰালয়ক বিশেষ ভাবে অভিনন্দন জনাব লাগিব। যেতিয়া নাড্ডা জী স্বাস্থ্য মন্ত্ৰী আছিল, সেই সময়তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো যেতিয়া নাড্ডা জীয়ে বহুত বেছি দায়িত্ব লবলগীয়া হৈছিল, মই শিলান্যাসো কৰি গৈছিলো। এই সময়তে কৰোনাৰ ভয়ংকৰ মহামাৰীৰ প্ৰদুৰ্ভাৱ ঘটিল আৰু আমি সকলোৱে জানো যে হিমাচলৰ সোকেতো হিমাচলত নিৰ্মাণৰ যিয়েই নকৰক কিয়, কিমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়! এটা এটা বস্তু পাহাৰলৈ খুপি খুপি উঠাবলগীয়া হয়, এই কাম দুৰূঢ়। যিটো কাম তলত এঘণ্টাতে কৰি শেষ কৰিব পৰা যায় সেইটো কামেই এই পাহাৰত কৰিবলৈ গোটেই দিনটোৰে প্ৰয়াজন হয়। ইমানৰ পিচতো কিন্তু, কৰোনাৰ সমস্যাৰ পিচতো ভাৰত চৰকাৰৰ আৰোগ্য মন্ত্ৰালয় আৰু জয়ৰাম জীৰ ৰাজ্য চৰকাৰৰ টীমে একেলগে মিলি যি কাম কৰিলে, আজি ‘এইমছ’ সম্পূৰ্ণ হৈ উঠিল, ‘এইমছ’-য়ে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিলে। চিকিত্সা মহাবিদ্যালয়েই কেৱল নহয়, আমি আৰু দিশত আগবাঢ়িবলৈ সক্ষম হ’লো, ঔষধ আৰু জীৱনৰক্ষক প্ৰতিষেধকৰ নিৰ্মাতাৰ ৰূপতো হিমাচলৰ ভূমিকাৰ পৰিসৰ বিস্তাৰিত কৰা হৈছে। ‘বাল্ক ড্ৰাগছ পাৰ্ক’ৰ বাবে দেশৰ কেৱল তিনিখন ৰাজ্যক নিৰ্বাচিত কৰা হৈছে, আৰু তাৰ ভিতৰত এখন ৰাজ্যৰ নাম কি ভাইসকল? হিমাচল, আপোনালোকৰ গৰ্ববোধ হৈছে নহয়নে বাৰু? এয়া আপোনালোকৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আধাৰশিলা নহয়নে বাৰু? এয়া আপোনালোকৰ সন্তানসকলৰ ভৱিষ্যতৰ ‘গেৰাণ্টী’ নহয়নে বাৰু? আমি কামবোৰ খুবেই শক্তিশালী ৰূপত কৰো আৰু আজিৰ প্ৰজন্মৰ বাবেও কৰো আৰু আগন্তুক প্ৰজন্মসমূহৰ বাবেও কৰো। সেইদৰেই ‘মেডিকেল ডিভাইচ পাৰ্ক’ৰ বাবে ৪খন ৰাজ্য নিৰ্বাচিত কৰা হৈছে, য’ত চিকিত্সা ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হ’বলৈ ধৰিছে। এনে পৰিস্থিতিত বিশিষ্ট শ্ৰেণীৰ উপকৰণৰ প্ৰয়োজন হয়, সেইবোৰ তৈয়াৰ কৰাৰ বাবে দেশে চাৰিখন ৰাজ্য নিৰ্বাচিত কৰিছে। ইমান বিশাল এই হিন্দুস্তান, ইমান বিশাল ইয়াৰ জনসংখ্যা, হিমাচলতো মোৰ তেনেই সৰু এখন ৰাজ্য, কিন্তু এইখন যে বীৰসকলৰ জন্মভূমি আৰু মই এই ৰাজ্য অন্ন খাইছো, মই সেই ঋণো সুজিব লাগিব। আৰু সেয়ে চতুৰ্থখন ‘মেডিকেল ডিভাইচ পাৰ্ক’ ক’ত নিৰ্মাণ কৰা হৈছে, এই চতুৰ্থখন ‘মেডিকেল ডিভাইচ পাৰ্ক’ ক’ত নিৰ্মাণ কৰি থকা হৈছে- আপোনালোকৰ হিমাচলত বন্ধুসকল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ লোকসকল ইয়ালৈ আহিব। নালাগঢ়ত এই ‘মেডিকেল ডিভাইচ পাৰ্ক’ৰ শিলান্যাস হৈছে ইয়াৰে অংশ। এই ‘ডিভাইচ পাৰ্ক’ৰ নিৰ্মাণৰ বাবে কেবা হাজাৰ কোটি টকাৰ বিনিয়োগ ইয়াত হ’ব। ইয়াৰ সৈতে সম্পৰ্কিত অনেক ক্ষুদ্ৰ আৰু লক্ষূ উদ্যোগ আশে-পাশে বিকশিত হ’ব। ইয়াৰ জৰিয়তে এই অঞ্চলৰ হাজাৰ হাজাৰ যুৱক-যুৱতী সংস্থাপিত হোৱাৰ সুযোগ পাব। বন্ধুসকল, হিমাচলৰ আৰু এটা পক্ষ আছে, য’ত ইয়াৰ বিকাশৰ অনন্ত সম্ভাৱনা লুকাই আছে। এইটো পক্ষ হৈছে ‘মেডিকেল টুৰিজম’ৰ। ইয়াৰ অৱহাৱা, ইয়াৰ বাতাবৰণ, ইয়াৰ তৰু-তৃণ, সু-স্বাস্থ্যৰ বাবে ইয়াৰ আদৰ্শ বাতাবৰণ। আজি ভাৰতৰ ‘মেডিকেল টুৰিজম’ক লৈ পৃথিৱীৰ এটা বহুত ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। যেতিয়া দেশ আৰু বিদেশৰ লোকসকলে হিন্দুস্তানলৈ চিকিত্সা গ্ৰহণৰ বাবে আহিব খুজিব, তেওঁলোকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব বিচাৰিব। এক প্ৰকাৰে তেওঁলোকৰ বাবে আৰোগ্যৰ লাভৰ লগতে পৰ্যটনৰ লাভ আদায়ৰো সুযোগো হৈ উঠিব। হিমাচল প্ৰদেশৰ বাবেতো এয়া ‘দুটা হাততে দুটা লাডু’ কথা সদৃশ হ’ব। বন্ধুসকল, দুখীয়া আৰু মধ্যবিত্তীয় শ্ৰেণীৰ ৰাইজৰ চিকিত্সা কেনেকৈ কম খৰছী কৰি তুলিব পৰা যায়, কেনেকৈ তেওঁলোকক উন্নত চিকিত্সাৰ সুযোগ প্ৰদান কৰিব পৰা যায়, কেনেকৈ বেছি দূৰলৈ নোযোৱাকৈ তেওঁলোকক চিকিত্সা গ্ৰহণ কৰাব পৰা যায়, সেয়া নিশ্চিত কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে। সেয়ে আজি ‘এইমছ’, মেডিকেল কলেজ, জিলা হাস্পটালসূহত ‘ক্ৰিটিকেল কেয়াৰ’ৰ সুবিধসমূহো উপলব্ধ কৰোৱাৰ লগতে গাঁওসমূহত ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ স্থাপন কৰিব পৰাকৈ এক মসৃণ যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আমি কাম কৰি আছো। সেই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত হিমাচলৰ সৰহ সংখ্যক পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদানৰ সুবিধা আগবঢ়োৱা হৈছে। এই যোজনাৰ জৰিয়তে এই পৰ্যন্ত দেশৰ ৩ কোটি ৬০ লাখ ৰোগীয়ে বিনামূলীয়া চিকিত্সা লাভ কৰিছে, আৰু ইয়াৰে ডেৰ লাখ হিতাধিকাৰীতো মোৰ এই হিমাচলৰে হয়। দেশত এই সকলো বন্ধুৰ চিকিত্সাৰ বাবে চৰকাৰে এই পৰ্যন্ত ৪৫ হাজাৰ কোটি টকা খৰছ কৰিছে। যদি ‘আয়ুষ্মান ভাৰত যোজনা’ নহ’লহেতেন তেন্তে ইয়াৰ প্ৰায় দুগুণ অৰ্থাত্ প্ৰায় ৯০ হাজাৰ কোটি টকা এইসকল ৰোগীৰ পৰিয়ালে ব্যয় কৰিবলগীয়াত পৰিলহেতেন। বন্ধুসকল, মোৰ বাবে আৰু এটা সন্তোষৰ কথা আছে। চৰকাৰৰ এই ধৰণৰ যোজনাসমূহৰ সকলোতকৈ অধিক লাভ আমাৰ আইসকল, আমাৰ ভগ্নীসকল আৰু আমাৰ ছোৱালীহঁতে লাভ কৰিছে। আৰু আমিতো জানো যে আমাৰ আইসকল-ভগ্নীসকলৰ স্বভাৱ হৈছে তেওঁলোকৰ যিমানেই সমস্যা নহওক কিয়, শৰীৰত যিমানেই পীড়া নহওক কিয়, তেওঁলোকে কিন্তু পৰিয়ালৰ অসুবিধা হ’ব বুলি ভাবেয়েই নোকোৱাকৈ থাকে। তেওঁলোকে সকলো সহিও কাম কৰি থাকে, সম্পূৰ্ণ পৰিয়ালটোকে চম্ভালি থাকিব বিচাৰে। তেওঁলোকে ভাবে তেওঁৰ অসুখৰ কথা যদি পৰিয়ালৰ লোকসকলে জানি যায়, তেন্তে তেওঁলোকে ধাৰ-ঋণ কৰি হ’লেও তেওঁৰ চিকিত্সা কৰাব বিচাৰিব। কিন্তু মায়ে বিচাৰে লাগিলে বেমাৰ গাত লৈয়ে দিন কটাম তথাপি ধাৰ লবলৈ নিদিও, পৰিয়াল ঋণগ্ৰস্থ হবলৈ নিদিও। কিন্তু এইসকলৰ আইৰ বাবে চিন্তা কোনে কৰিব! আমাৰ আইসকলে কি এইদৰেই দুখ-যাতনা সহ্য কৰিয়েই দিন কটাব লাগিব! আৰু সেই চিন্তাৰ আধাৰতে ‘আয়ুষ্মান ভাৰত যোজনা’ৰ ৰূপায়ণ কৰা হ’ল। ‘আয়ুষ্মান যোজনা’ৰ জৰিয়তে লাভ হোৱা সকলৰ ৫০শতাংশৰো অধিক হৈছে আমাৰ আই-ভগ্নীসকল। আমাৰ আই-ভনী আৰু আমাৰ ছোৱালীহঁত। বন্ধুসকল, লাগিলে শৌচালয় নিৰ্মাণৰ স্বচ্ছ ভাৰত অভিযানেই হওক, বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়া উজ্বলা যোজনাই হওক, বনামূলীয়া ‘ছেনিটেৰী নেপকিন’ দিয়া অভিযানেই হওক, ‘মাতৃবন্দন যোজনা’ৰ অধীনত প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক পুষ্টিকৰ আহাৰ যোগানৰ বাবে বহু হাজাৰ টকাৰ সহায়েই হওক, অথবা এতিয়া ঘৰে ঘৰে পানীৰ যোগান দিয়া অভিযানেই হওক, এই সকলো যোজনা মোৰ আই-ভনীহঁতৰ সবলূকৰণৰ উদ্দেশ্যেই ৰূপায়ণ কৰা হৈছে। আই-ভনী-কন্যাহঁতৰ সুখ, সন্মান, সুৰক্ষা আৰু স্বাস্থ্য হৈছে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ বিশেষ প্ৰাথমিকতা। কেন্দ্ৰীয় চৰকাৰে যি যোজনাই নবনাওক কিয় জয়ৰাম জীৰ টীমে, তেওঁৰ চৰকাৰে বহুত দ্ৰুত গতিৰে এই সকলো যোজনা ৰূপায়ণৰ দিহা কৰি সেইসমূহ যোজনাৰ সুফল বৃদ্ধি কৰাৰ প্ৰয়াস কৰি আহিছে। ‘হৰ ঘৰ নল চে পানী’ যোগানৰ কাম ইয়াত কিমান দ্ৰুত গতিৰে আগবাঢ়িছে সেয়া আমি সকলোৱে দেখি আছো। বিগত ৭টা দশকত যিমান নলৰ সংযোগ হিমাচল হৈছিল, তাতোকৈ দুগুণৰো অধিক কেৱ যোৱা তিনিটা বছৰতে সম্ভৱ কৰা হৈছে। এই তিনিটা বছৰত চাৰে ৮ লাখৰো অধিক পৰিয়াললৈ পানীৰ যোগান ধৰা হৈছে। ভাই-ভনীসকল, জয়ৰাম জী আৰু তেওঁৰ টীমৰ আৰু এটা কথাত দেশে প্ৰশংসা কৰিছে। এই প্ৰশংসা সামাজিক সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰয়াসক বিস্তাৰিত কৰাৰ বাবেই কৰা হৈছে। আজি হিমাচলৰ চাগৈ এনে কোনো পৰিয়াল নোলাব, যাৰ কোনোবা নহয় কোনোবা সদস্যই পেন্সনৰ আক্ৰান্ত কৰিছে, এনেবোৰ পৰিয়ালক পেন্সন আৰু চিকিত্সা সাহায্য প্ৰদানৰ প্ৰয়া নিতান্তই আদৰণীয় পদক্ষেপ। হিমাচল প্ৰদেশৰ বহু হাজাৰ পৰিয়ালে ‘ৱান-ৰেংক ৱান পেন্সন’ৰ সূচনা সুবিধা নোপোৱাকৈ আছে। বিশেষকৈ যিসকলৰ সহায় কৰোতা কেওঁ নাই, যিসকলক ৰোগে হোৱাৰ পৰাও বিশেষ ভাবে উপকৃত হ’ব পাৰিছে। বন্ধুসকল, ‘ডিজিটেল কানেক্টিভিটী’ৰ ক্ষেত্ৰতো হিমাচলত অভুতপূৰ্ব কাম হৈছে। যোৱা ৮টা বছৰত ‘মে’ড ইন ইণ্ডিয়া মোবাইল ফোন’ সস্তা হোৱাৰ লগতে গাঁৱে গাঁৱে ‘নেটৱৰ্ক’ উপলব্ধ হৈছে। উন্নত ‘৪জি কানেক্টিভিটী’ৰ বাবে হিমাচল প্ৰদেশ ‘ডিজিটেল লেনদন’তো বহুত দ্ৰুতগতিৰে আগুৱাই যাব পাৰিছে। এতিয়াতো দেশত প্ৰথমবাৰৰ বাবে ‘মে’ড ইন ইণ্ডিয়া ৫জি সেৱা’ও আৰম্ভ হৈছে, যাৰ লাভ হিমাচলেও অচিৰেই ল’ব পাৰিব। ভাৰতে ‘ড্ৰোন’ সংক্ৰান্ত যি নিয়ম তৈয়াৰ কৰিছে, সলনি কৰিছে, আৰু তাৰ পিচত, আৰু মই ইয়াৰ বাবেও হিমাচল প্ৰদেশক অভিনন্দন জনাইছো, দেশৰ প্ৰথমখন ৰাজ্য হিচাপে হিমাচলে ‘ড্ৰোন নীতি’ যুগুতাই উলিয়াইছে। এতিয়া ড্ৰোনৰ জৰিয়তে পৰিবহণৰ হাৰ বাৰুকৈয়ে বাঢ়িব বুলি আশা কৰা হৈছে। মোৰ ভাল লাগিছে যে ‘বিজয়া দশমী’ৰ পবিত্ৰ পৰ্বত বিজয় নাদ কৰাৰ বাবে সুযোগ পালো আৰু মই ৰণশিঙা বজাই বিজয়ৰ সংকেত দিয়াৰ সুযোগ লাভ কৰিলো। আৰু এই সকলো আপোনালোকৰ আশীৰ্বাদৰ মাজত কৰিবলৈ পালো। মই পুনৰবাৰ ‘এইমছ’ সহ সকলো উন্নয়ণী পৰিযোজনাৰ বাবে আপোনালোক আটাইকে বহুত বহুত অভিনন্দন জনালোঁ। দুহাতৰ মুঠি ধৰি মোৰ সৈতে কওক- ভাৰত মাতা কী -জয়। সৰ্বশক্তিৰে কওক- ভাৰত মাতা কী -জয়। ভাৰত মাতা কী -জয়। ভাৰত মাতা কী -জয়। বহুত বহুত ধন্যবাদ!
হিমাচল প্ৰদেশৰ বিলাসপুৰত বিভিন্ন উন্নয়ণমূলক প্ৰকল্পৰ উদ্বোধনী সমাৰোহত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%B6%E0%A7%8B%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A6%B9/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE-%E0%A6%B6%E0%A7%8B%E0%A6%95%E0%A6%BE%E0%A6%AC%E0%A6%B9/
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। “মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত বাছ দুৰ্ঘটনাটো অতি দুৰ্ভাগ্যজনক। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ সমবেদনা জনাইছো আৰু আহত লোকসকলৰ আশু-আৰোগ্য কামনা কৰিছো। দুৰ্ঘটনাটোত ভুক্তভোগীসকললৈ সাম্ভাৱ্য সকলোধৰণৰ সাহায্য আগবঢ়াব মহাৰাষ্ট্ৰ চৰকাৰে।” – প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।
মহাৰাষ্ট্ৰত হোৱা শোকাবহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সমবেদনা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A6%E0%A7%B0%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A6%A4-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A6%E0%A7%B0%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%B0-%E0%A6%86%E0%A6%87%E0%A6%8F%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A6%A4-%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A8/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএছবি হায়দৰাবাদৰ বিংশতিতম বৰ্ষপূৰ্তি উদযাপনত অনুষ্ঠানত অংশগ্ৰহণ কৰি ২০২২ চনৰ পিজিপি শ্ৰেণীৰ স্নাতকসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। আৰম্ভণিতে প্রধানমন্ত্রীয়ে প্রতিষ্ঠানটোক বর্তমান গৌৰৱপূৰ্ণ অৱস্থালৈ নিয়াৰ বাবে যিসকলে অৰিহণা যোগাইছে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁলোকক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০০১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই অনুষ্ঠানটো দেশৰ বাবে উৎসৰ্গা কৰিছিল। তেতিয়াৰে পৰা আইএছবিৰ পৰা ৫০ সহস্ৰাধিকক কাৰ্যবাহী উত্তীৰ্ণ হৈছে। বৰ্তমান আইএছবি এছিয়াৰ শীৰ্ষ বিজনেছ স্কুলৰ ভিতৰত অন্যতম। আইএছবিৰ পৰা উত্তীৰ্ণ পেছাদাৰীসকলে শীৰ্ষ কোম্পানীসমূহক প্ৰসিদ্ধ কৰি আছে আৰু দেশৰ ব্যৱসায়ক গতি প্ৰদান কৰিছে। ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে শ শ ষ্টাৰ্টআপ সৃষ্টি কৰিছে আৰু ইউনিকৰ্ণ সৃষ্টিত ভূমিকা পালন কৰিছে। তেওঁ কয়, “এয়া আইএছবিৰ এক কৃতিত্ব আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কাৰণ।” তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰত হৈছে জি-২০ দেশৰ গোটত সৰ্বাধিক দ্ৰুতগতিত বিকশিত অৰ্থনীতি। স্মাৰ্টফোন ডাটা উপভোগৰ ক্ষেত্ৰত ভাৰত এক নম্বৰত আছে। যদি আমি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যালৈ চাওঁ, তেন্তে ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। তেওঁ কয় যে গ্ল’বেল ৰিটেইল ইনডেক্সতো ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম আছে ভাৰতত। বিশ্বৰ তৃতীয় বৃহত্তম গ্ৰাহক বজাৰো ভাৰতৰে। ভাৰতে এতিয়া বিকাশৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা বছৰ ভাৰতত সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছিল। বৰ্তমান বিশ্বই উপলব্ধি কৰিছে যে ভাৰত মানে ব্যৱসায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বজুৰি প্ৰায়ে ভাৰতীয় সমাধানসমূহ কাৰ্যকৰী কৰা হৈছে। সেয়েহে “আজি এই গুৰুত্বপূৰ্ণ দিনটোত মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকৰ ব্যক্তিগত লক্ষ্যক দেশৰ লক্ষ্যৰ সৈতে সংযোগ কৰক”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সংস্কাৰৰ প্ৰয়োজনীয়তা সদায় অনুভৱ কৰা হৈছিল, কিন্তু ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ সদায় আছিল। যোৱা তিনিটা দশকত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ বাবে দেশত দীৰ্ঘদিন ধৰি ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ দেখা গৈছে। সেইবাবেই দেশত সংস্কাৰৰ পৰা আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছিল। ২০১৪ চনৰ পৰা আমাৰ দেশত ৰাজনৈতিক ইচ্ছাশক্তি দেখা গৈছে আৰু ইয়াৰ সমান্তৰালভাৱে সংস্কাৰৰ কাম নিৰন্তৰভাৱে চলি আছে। দৃঢ়তাৰে আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰে সংস্কাৰৰ কাম হাতত ল’লে জনসমৰ্থন আৰু জনপ্ৰিয় সমৰ্থন নিশ্চিত হয়। এই উপলক্ষে তেওঁ জনসাধাৰণে ডিজিটেল পেমেণ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ দাঙি ধৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰীৰ সময়ত স্বাস্থ্য খণ্ডৰ সুস্থিতিৰতা আৰু শক্তি প্ৰমাণিত হৈছিল। ক’ভিড ভেকচিন সন্দৰ্ভত দেশত বিদেশী ভেকচিন উপলব্ধ হ’ব নে নহ’ব সেইলৈ সকলো উদ্বেগ হৈছিল। কিন্তু ভাৰতে নিজাকৈ ভেকচিন প্ৰস্তুত কৰিলে। বহু পৰিমাণৰ ভেকচিন প্ৰস্তুত কৰা হৈছে যে ভাৰতত ১৯০ কোটিতকৈ অধিক ড’জ দিয়া হৈছে। ভাৰতে বিশ্বৰ শতাধিক দেশলৈও ভেকচিন প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ কথাও কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সংস্কাৰ প্ৰক্ৰিয়াত আমোলাতন্ত্ৰেও দৃঢ় অৱদান আগবঢ়াইছে। চৰকাৰৰ আঁচনিসমূহৰ সফলতাত জনসাধাৰণৰ অংশগ্ৰহণকে কৃতিত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে যেতিয়া জনতাই সহযোগ কৰে তেতিয়া দ্ৰুত আৰু উন্নত ফলাফল নিশ্চিত হয়। ব্যৱস্থাটোত এতিয়া চৰকাৰে সংস্কাৰ কৰে, আমোলাতন্ত্ৰই কাম কৰে আৰু জনসাধাৰণৰ অংশগ্ৰহণে পৰিৱৰ্তনৰ দিশত আগুৱাই লৈ যায়। তেওঁ আইএছবিৰ ছাত্ৰ-ছাত্ৰীসকলক সংস্কাৰ, পাৰদৰ্শিতা আৰু পৰিৱৰ্তনৰ ব্যৱস্থাটো অধ্যয়ন কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পাছত আমি প্ৰতিটো খেলতে অসাধাৰণ প্ৰদৰ্শন দেখিবলৈ পোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আমাৰ খেলুৱৈসকলৰ আত্মবিশ্বাস। তেওঁ লগতে কয় যে যেতিয়া সঠিক প্ৰতিভা আৱিষ্কাৰ হয়, যেতিয়া প্ৰতিভাৰ হাতত ধৰি ৰখা হয়, যেতিয়া স্বচ্ছ নিৰ্বাচন হয় আৰু প্ৰশিক্ষণ, প্ৰতিযোগিতাৰ বাবে উন্নত আন্তঃগাঁথনি উপলব্ধ হয়, তেতিয়াই আত্মবিশ্বাস আহে। খেলো ইণ্ডিয়া আৰু টপছ আঁচনিৰ দৰে সংস্কাৰৰ বাবে ক্ৰীড়াক্ষেত্ৰত অহা পৰিৱৰ্তন আমি চকুৰ সন্মুখতে দেখিবলৈ পাইছো বুলিও তেওঁ লগতে কয়। একেদৰে তেওঁ ৰাজহুৱা নীতিৰ ক্ষেত্ৰত কৰ্ম সম্পাদন, মূল্য সংযোজন, উৎপাদনশীলতা আৰু প্ৰেৰণাৰ এক মহান উদাহৰণ হিচাপে আকাংক্ষিত জিলা কাৰ্যসূচীৰ কথা উল্লেখ কৰে। আনুষ্ঠানিক, অনানুষ্ঠানিক, ক্ষুদ্ৰ-বৃহৎ ব্যৱসায়ীসকলে নিজৰ পৰিসৰ বৃদ্ধি কৰি কোটি কোটি লোকক কৰ্মসংস্থাপন দি অহা পৰিৱৰ্তিত ব্যৱসায়িক পৰিৱেশৰ সন্দৰ্ভত মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলক বিকাশৰ বাবে অধিক সুযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নতুন স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ স্থাপন কৰাত তেওঁলোকক সহায় কৰক। তেওঁলোকৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰতক ভৱিষ্যতৰ বাবে সাজু কৰিবলৈ হ’লে আমি নিশ্চিত কৰিব লাগিব যাতে ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠে। আইএছবিৰ দৰে অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালনৰ আশা দেখিছিল। “ইয়াত আপোনালোক সকলো ব্যৱসায়িক বৃত্তিধাৰীৰ ডাঙৰ ভূমিকা আছে। আৰু এয়া আপোনালোকৰ বাবে দেশ সেৱাৰ এক মহান উদাহৰণ হ’ব”, এই মন্তব্যৰে তেওঁ ভাষণ সামৰে।
হায়দৰাবাদৰ আইএছবিত ২০২২ চনৰ পিজিপি শ্ৰেণীৰ স্নাতক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A7%8D%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত ইয়াৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক কাৰ্যালয়টো ভাৰতত দেশীয় কাৰ্যালয় হিচাপে কাম কৰাৰ দিশত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰে। নতুন দিল্লীত ২০১৮ৰ ১৩ মাৰ্চত এই চুক্তিখন স্বাক্ষৰ কৰা হয়। এই দ্বিপাক্ষিক চুক্তিয়ে ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত সহযোগিতা বৃদ্ধি উৎসাহ যোগাব। ইয়াৰ জৰিয়তে ভাৰতৰ জন স্বাস্থ্যৰ স্থিতি উন্নত কৰিব।
ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত ইয়াৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক কাৰ্যালয়টো ভাৰতত দেশীয় কাৰ্যালয় হিচাপে কাম কৰাৰ দিশত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰিলে কেবিনেটক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A6%87%E0%A6%89/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%87-%E0%A6%87%E0%A6%89/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাই ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ(ইউপিইউ)সংবিধানত গৃহীত সংশোধনত অনুমোদন জনাইছে। ২০২১ চনৰ ৯-২৭ আগষ্টলৈ আইভৰী কষ্টৰ ৰাজধানী আবিদজানত অনুষ্ঠিত ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ ২৭ তম কংগ্ৰেছত সংবিধানৰ এই একাদশ অতিৰিক্ত প্ৰটোকলটি স্বাক্ষৰিত হয়। এই অনুমোদনৰ ফলত ভাৰত চৰকাৰৰ ডাক বিভাগে লাভ কৰিব ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত "ইনষ্ট্ৰুমেণ্ট অৱ ৰেটিফিকেশ্যন"। একেদৰে ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ আন্তৰ্জাতিক ব্যুৰোৰ সঞ্চালক প্ৰধানৰ ওচৰত ই জমা থাকিব। ই ইউপিইউ সংবিধানৰ অনুচ্ছেদ ২৫ আৰু ৩০ ৰ পৰা উদ্ভৱ হোৱা দায়বদ্ধতাবোৰ পূৰণ কৰিব। ইয়াৰ ফলত সদস্য দেশসমূহে যিমান সম্ভৱ সোনকালে ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ কংগ্ৰেছত গৃহীত সংবিধানৰ সংশোধনত অনুমোদন জনাব পাৰিব। চমুকৈ, ২৭ তম ইউপিইউ কংগ্ৰেছত গৃহীত সংবিধানৰ সংশোধনীবোৰে সংঘৰ আইনী স্বচ্ছতা আৰু স্থিৰতা নিশ্চিত কৰিব। ইয়াৰোপৰি ইয়ে পৰিভাষাবাচক স্থিৰতা আনিব, পাঠৰ বহুতো দীৰ্ঘদিনীয়া বিসংগতি সমাধান কৰিব আৰু ১৯৬৯ চনৰ মৈত্ৰী চুক্তি আইন সংক্ৰান্তীয় ভিয়েনা সন্মিলনৰ সৈতে সামঞ্জস্য ৰাখি আইনসমূহৰ 'গ্ৰহণযোগ্যতা বা অনুমোদন'ৰ বাবে ব্যৱস্থা ৰাখিব।
কেন্দ্ৰীয় মন্ত্ৰীসভাই ইউনিভাৰ্চেল পোষ্টেল ইউনিয়নৰ সংবিধানৰ একাদশ অতিৰিক্ত প্ৰটোকলৰ অনুমোদনত মঞ্জুৰি দিছে
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0-2/
ভাৰত-ৰাছিয়া : পৰিৱর্তনশীল বিশ্বৰ এক স্থায়ী অংশীদাৰ ১. নতুন দিল্লীত ৪ আৰু ৫ অক্টোবৰত ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি শ্রী ভ্লাদিমিৰ পুটিনে দুয়োখন দেশৰ মাজৰ ১৯সংখ্যক বার্ষিক দ্বিপাক্ষিক সন্মিলনত মিলিত হয়। ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা ১৯৭১ চনৰ শান্তি, মৈত্রী আৰু সহযোগিতা চুক্তিৰ সুদৃঢ় ভেঁটিৰ ওপৰত আধাৰিত হোৱাৰ উপৰি ১৯৯৩ চনতো দুয়োখন দেশৰ মাজত মৈত্রী আৰু সহযোগিতা সম্পৰ্কীয় এক চুক্তি, ২০০০ চনত দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ বিষয়ত ঘোষণাপত্র আৰু ২০১০ চনত দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বক বিশেষ সুবিধাপ্রাপ্ত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ ক্ষেত্ৰত যৌথ বিবৃতিয়ে দুয়োখন দেশৰ মাজত সম্পর্কৰ ভেঁটি হিচাপে কাম কৰিছে। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সহযোগিতাৰ বিষয়টো বিভিন্ন ক্ষেত্রলৈ সম্প্রসাৰিত হৈছে আৰু ৰাজনৈতিক আৰু কৌশলগত সহযোগিতা, সামৰিক আৰু প্রতিৰক্ষা সহযোগিতা, অর্থনীতি, শক্তি, শিল্প, বিজ্ঞান, প্রযুক্তি, সংস্কৃতি আৰু মানবীয় সহযোগিতাৰ বিষয়টোও ইয়াত অন্তর্ভুক্ত হৈছে। ২. ২০১৮ চনৰ ২১ মে’ত ৰাছিয়াৰ ছ’চিত দুয়োখন দেশৰ মাজত যি ঘৰুৱা সন্মিলন হৈছিল, তাৰ সমসাময়িক প্রাসংগিকতা আৰু তাৎপর্যক লৈ দুই দেশে উচ্চ পৰ্যায়ৰ মূল্যায়ন কৰিছে। এই সন্মিলন আছিল প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি পুটিনৰ মাজৰ গভীৰ আস্থা আৰু বিশ্বাসৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্রত এক অনন্য বাৰ্তালাপ। এই বৈঠকত দুয়ো দেশৰ মাজত নিয়মীয়া যোগাযোগ ৰক্ষা আৰু পাৰস্পৰিক স্বার্থ-সংশ্লিষ্ট বিভিন্ন বিষয়ত সঘন আলোচনা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রৰ বিভিন্ন প্রধান বিষয়ত জনমত গঢ়ি তোলাৰ লক্ষ্যৰে উভয় দেশৰ ইচ্ছাপ্রসূত প্ৰচেষ্টা। ছ’চি সন্মিলন ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা আৰু আলোচনাৰ ভিত্তিত এক বহু মেৰুসম্পন্ন বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ প্ৰচেষ্টা। উভয় দেশে নিয়মীয়াকৈ এই ধৰণৰ অনানুষ্ঠানিক বৈঠক আৰু সকলো স্তৰত কৌশলগত যোগাযোগ ৰক্ষা কৰি চলাৰ বিষয়ত একমতত উপনীত হয়। ৩. ভাৰত আৰু ৰাছিয়াৰ মাজত এক বিশেষ আৰু সুবিধাযুক্ত কৌশলগত অংশীদাৰিত্ব বজায় ৰখাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্রতি পুনৰবাৰ দৃঢ় আস্থা ব্যক্ত কৰে। তেওঁলোকে ঘোষণা কৰে যে তেওঁলোকৰ সম্পর্ক বিশ্ব শান্তি আৰু সুস্থিৰতাৰ পক্ষে এক গুৰুত্বপূর্ণ বিষয় আৰু বিশ্বৰ ভিতৰত অন্যতম প্রধান শক্তি হিচাপে বিশ্বৰ শান্তি আৰু সুস্থিৰতা বজাই ৰাখিবলৈ যৌথ দায়িত্ব পালনত উভয় দেশৰ ভূমিকা বিশেষভাবে প্রশংসনীয়। ৪. দুয়োখন দেশে গভীৰ আস্থাৰ ভিত্তিত প্ৰতিষ্ঠিত সম্পর্ক আৰু পাৰস্পৰিক বিশ্বাস, শ্রদ্ধা আৰু ইখনে সিখনৰ ওপতৰ নিৰ্ভৰশীলতাৰ বিষয়ত গভীৰ বুজাবুজিৰ সন্দৰ্ভত তেওঁলোকে সহমত প্রকাশ কৰে। ভাৰত আৰু ৰাছিয়া বহু সাংস্কৃতিক, বহু ভাষিক আৰু বহু ধর্মভিত্তিক সমাজ হিচাপে আধুনিক সময়ৰ প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰাত দুয়োখন দেশৰ সভ্যতাকেন্দ্রিক জ্ঞানক কামত লগোৱাৰ বিষয়ত দৃঢ় আস্থা ব্যক্ত কৰে। উভয় দেশে আৰু অধিক আন্তঃসংযোগ আৰু বৈচিত্র্যপূর্ণ বিশ্ব গঢ়ি তোলাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ প্ৰতিশ্ৰুতি দিয়ে। ৫. আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত উত্তেজনা হ্ৰাস কৰাৰ লক্ষ্যৰে কাম কৰাৰ বাবে বিশ্বৰ সকলো ৰাষ্ট্রৰ প্রতি আহ্বান জনাই দুয়ো দেশে সহিষ্ণুতা, সহযোগিতা, স্বচ্ছতা আৰু আন্তঃৰাষ্ট্রীয় সম্পর্কত মুকলি দৃষ্টিভংগীৰে কাম কৰাৰ দিশত সহমত প্রকাশ কৰিছে। বর্তমান বিশ্বৰ আটাইতকৈ গুৰুত্বপূর্ণ আৰু প্রাথমিক প্ৰত্যাহ্বান হিচাপে ক্ষীপ্ৰ পৰিৱেশ অনুকূল সুষম অর্থনৈতিক উন্নয়ন নিশ্চিত কৰা, দৰিদ্ৰতা দূৰীকৰণ, ৰাষ্ট্রসমূহৰ মাজৰ অসমতা হ্ৰাস কৰা আৰু সকলো ৰাষ্ট্রৰ নাগৰিকৰ বাবে ন্যূনতম স্বাস্থ্য সেৱাৰ ব্যৱস্থাকে দুয়ো দেশেই স্বীকৃতি দিছে। এইবোৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰত আৰু ৰাছিয়াই এখনে আনখন সৈতে সহযোগিতা আগবঢ়োৱাৰ শপত লৈছে। ৬. দুয়ো পক্ষই দুয়োখন দেশৰ যোগাযোগ ব্যৱস্থাৰ বিকাশত সন্তুষ্টি ব্যক্ত কৰিছে। দুয়ো দেশৰ মাজত মন্ত্রী পর্যায়ৰ ৫০তকৈও অধিক ভ্ৰমণে দুয়োখন দেশৰ সম্পর্কত এক নতুন গতি সঞ্চাৰ কৰিছে। ২০১৭-১৮ চনৰ ভিতৰত দুয়ো দেশৰ বৈদেশিক বিষয় সম্পৰ্কত আলোচনা প্র’ট’কলৰ ভ্ৰমণ ৰূপায়ণৰ পৰিপ্রেক্ষিতত দুয়ো দেশে আৰু পাঁচ বছৰৰ বাবে (২০১৯-২০২৩) এই আলোচনাৰ সময়সীমা বৃদ্ধিৰ ক্ষেত্ৰত আৰু এটি প্র’ট’কল স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত একমতত উপনীত হৈছে। ৰাছিয়াই দেশখনৰ একাটেৰিনবার্গ আৰু অস্ত্রাখানত ভাৰতৰ অবৈতনিক বাণিজ্যিক দূত নিয়োগৰ সিদ্ধান্তক আদৰণী জনাইছে। এই সিদ্ধান্তই দুয়ো দেশৰ বিভিন্ন অঞ্চল আৰু জনসাধাৰণৰ মাজত আৰু অধিক ভালকৈ যোগাযোগ গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ৭. দুয়ো দেশে ২০১৭ চনৰ নৱেম্বৰ মাহত আভ্যন্তৰীণ নিৰাপত্তা, মাদক দ্ৰব্য সৰবৰাহ বন্ধ, দুৰ্যোগ ব্যৱস্থাপনা, দুয়ো দেশৰ মাদক দ্ৰব্য নিয়ন্ত্রণ সংস্থাৰ মাজত যুটীয়া কর্মপৰিকল্পনা আৰু ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্রালয় আৰু ৰাছিয়াৰ আভ্যন্তৰীণ মন্ত্রালয়ৰ মাজত সহযোগিতা সম্পৰ্কীয় চুক্তিক আদৰণি জনাইছে। ২০১৮-২০২০ পর্যন্ত এই চুক্তিখন কার্যকৰী হৈ থাকিব। ভাৰতে প্রাকৃতিক দুৰ্যোগ মোকাবিলাৰ ক্ষেত্রত ৰাছিয়াৰ প্রযুক্তিগত কৃৎকৌশলক স্বীকৃতি দিছে। দুয়ো দেশেই প্রাকৃতিক দুৰ্যোগ মোকাবিলাৰ ক্ষেত্রত কর্মী প্রশিক্ষণ আৰু জৰুৰীকালীন সহায়ৰ ব্যৱস্থা গঢ়ি তোলাৰ সম্ভাৱনাৰ সন্দৰ্ভত আলোচনা চলাই যোৱাৰ ক্ষেত্ৰত একমত হৈছে। ৮। ভাৰত আৰু ৰাছিয়াৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বর্ষপূর্তি অনুষ্ঠানৰ সফল সামৰণীৰ জৰিয়তে দুয়ো দেশৰ লোকসকলৰ মাজত উৎসাহ আৰু দুয়ো দেশৰ জনতাৰ মাজত সম্পর্ক আৰু অধিক সুদৃঢ় হোৱাৰ বিষয়টো দুয়োখন দেশে লক্ষ্য কৰিছে। ২০১৭ত স্বাক্ষৰিত চুক্তিৰ ভিত্তিত ২০১৭-২০১৯ চনৰ ভিতৰত সাংস্কৃতিক বিনিময় কার্যসূচী ৰূপায়ণৰ সন্দৰ্ভত দুয়ো দেশই সন্তোষ ব্যক্ত কৰিছে। তেওঁলোকে ভাৰতত বার্ষিক ৰাছিয়া উৎসৱ আৰু ৰাছিয়াত বার্ষিক ভাৰত উৎসৱ আয়োজনৰ সিদ্ধান্তক আদৰণি জনাইছে। বর্তমান অব্যাহত থকা যুৱপ্ৰজন্মৰ ভ্ৰমণ বিনিময় কার্যসূচী, লেখকসকল ভ্ৰমণ বিনিময় কার্যসূচী আৰু দুয়ো দেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্র উৎসৱত ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাকো দুয়োখন দেশে আদৰণি জনাইছে। যোৱা দুবছৰত দুয়ো দেশৰ মাজত পর্যটকৰ প্ৰবাহৰ হাৰ বৃদ্ধিৰ বিষয়টোও দুয়ো পক্ষই আদৰণি জনাই এই ইতিবাচক প্রৱণতাক আগুৱাই নিয়া একমত হৈছে। ২০১৮ৰ ফিফা ফুটবল বিশ্বকাপ সফলতাৰে আয়োজন কৰাৰ বাবে ভাৰতে ৰাছিয়াৰ প্রশংসা কৰিছে। দুয়ো দেশে কেইবা দশক ধৰি ভাৰত-ৰাছিয়া সম্পর্কৰ উন্নয়নত ইনষ্টিটিউট অফ অৰিয়েণ্টেল ষ্টাডিজ আৰু ৰাছিয়া একাডেমী অফ ছায়েন্সৰ অৱদানক স্বীকৃতি প্ৰদান কৰিছে। প্রধানমন্ত্রী মোদীয়ে জনাই যে এই ইনষ্টিটিউট স্থাপনৰ ২০০তম বৰ্ষপূর্তি অনুষ্ঠান সফল কৰি তুলবলৈ ভাৰতে বিশেষ অৱদান আগবঢ়াব। অর্থনীতি ৯. বাণিজ্য, অর্থনীতি, বিজ্ঞান, প্রযুক্তি, সাংস্কৃতিক সহযোগিতা বিষয়ক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ যি বৈঠক ২০১৮ৰ ১৪ ছেপ্টেম্বৰত মস্কোত অনুষ্ঠিত হয়, দুয়োখন দেশে তাক আদৰণি জনাইছে। আয়োগৰ ২৩সংখ্যক এই বৈঠকত ৰাছিয়াৰ উপ-প্রধানমন্ত্রী ইউৰি আই বৰিছ’ভ আৰু ভাৰতৰ বিদেশ মন্ত্রী সুষমা স্বৰাজে যুটীয়াভাৱে সভাপতিত্ব কৰে। ১০। দুয়োখন দেশে ২০২৫ চনৰ ভিতৰত তিনি হাজাৰ কোটি মার্কিন ডলাৰ পাৰস্পৰিক বিনিয়োগৰ লক্ষ্যত উপনীত হোৱাৰ অগ্রগতি পর্যালোচনা কৰিছে আৰু এই লক্ষ্য অর্জনৰ কাম সুন্দৰভাবে আগুৱাই যোৱাত দুয়ো দেশে সন্তোষ ব্যক্ত কৰিছে। তেওঁলোকে উল্লেখ কৰে যে ২০১৭ চনত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২০ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে আৰু এই বাণিজ্যিক লেনদেনক আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে কাম কৰাৰ বাবে সহমত পোষণ কৰিছে। দুয়ো দেশে নিজ নিজ দেশৰ ৰাষ্ট্ৰীয় মুদ্রাৰ দ্বিপাক্ষিক বাণিজ্যক আগুৱাই নিয়াত তেওঁলোকৰ সমর্থন ব্যক্ত কৰিছে। ১১. ভাৰতৰ নীতি আয়োগ আৰু ৰাছিয়াৰ অর্থনৈতিক উন্নয়ন মন্ত্রালয়ৰ মাজত কৌশলগত অর্থনৈতিক আলোচনাৰ প্রথম বৈঠক ২০১৮ৰ শেষ ভাগত ৰাছিয়াত অনুষ্ঠিত কৰাৰ বাবে দুয়োখন দেশে সিদ্ধান্ত গ্ৰহণ কৰিছে। ১২. দুয়োখন দেশে ইউৰেছিয়ান ইকন’মিক ইউনিয়ন আৰু ইয়াৰ সদস্য ৰাষ্ট্রসমূহ তথা ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বিষয়ত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকে এই আলোচনাক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণৰ সন্দৰ্ভতো একমত হৈছে। ১৩. দুয়োখন দেশৰ মাজত বাণিজ্যিক অর্থনৈতিক সম্পর্কৰ উন্নয়ন আৰু বিনিয়োগৰ ক্ষেত্রত সহযোগিতা সম্পৰ্কীয় এক যৌথ কৌশল স্থিৰ কৰিবলৈ যৌথ সমীক্ষা চলোৱাৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু এই কামক আগুৱাই নিবলৈ ভাৰতৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেইন ট্রেড আৰু ৰাছিয়াৰ অল ৰাছিয়ান একাডেমী অফ ফৰেইন ট্রেডক মনোনীত কৰিছে। ১৪. ৰাছিয়াৰ বিনিয়োগকাৰীসকলে যাতে ভাৰতত বিনিয়োগ কৰিব পাৰে, সেই লক্ষ্যৰে ‘ইনভেষ্ট ইণ্ডিয়া’ নামৰ সন্মিলনৰ কামত সন্তুষ্টি ব্যক্ত কৰাৰ লগতে ভাৰতীয় কোম্পানীসমূহে যাতে ৰাছিয়াত বিনিয়োগ কৰিব পাৰে তাৰ বাবে ৰাছিয়াৰ অর্থনৈতিক উন্নয়ন মন্ত্রালয় কর্তৃপক্ষক ‘একক খিড়িকী সেৱা’ আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। ১৫. ২০১৮ চনৰ ৪-৫ অক্টোবৰত ১৯তম বার্ষিক সন্মিলনৰ সমান্তৰালভাৱে নতুন দিল্লীত ভাৰত-ৰাছিয়া বাণিজ্যিক সন্মিলন সংগঠনৰ সিদ্ধান্তক দুয়ো পক্ষই আদৰণি জনাইছে। এই বৈঠকত দুয়োখন দেশৰ বৃহৎ বাণিজ্যিক প্রতিনিধিদলে অংশগ্রহণ কৰিছে আৰু ইয়াৰ ভিতৰত বাণিজ্যিক লেনদেনৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাক লৈ দুয়োখন দেশৰ আগ্রহ প্রতিফলিত হৈছে। দুয়োখন দেশে বাণিজ্য ক্ষেত্রত বিনিয়োগ আৰু অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাত একমত হৈছে। ১৬. দুয়োখন দেশে খনি, ধাতৱজাত সামগ্ৰী উৎপাদন, বিদ্যুৎ, তেল আৰু প্ৰাকৃতিক গেছ, ৰে’ল, ঔষধ-পাতি, তথ্য-প্রযুক্তি, ৰাসায়নিক দ্রব্য, আন্তঃগাঁথনি, অ’টোম’বাইল, অসামৰিক পৰিৱহণ, মহাকাশ, জাহাজ নির্মাণ আৰু বিভিন্ন ধৰণৰ যন্ত্রাংশ উৎপাদনৰ দৰে অগ্রাধিকাৰপ্রাপ্ত বিনিয়োগ প্রকল্প ৰূপায়ণৰ ক্ষেত্রত অগ্রগতি পর্যালোচনা কৰিছে। দুয়োখন দেশে ৰাছিয়াত এডভান্সড ফার্মা কোম্পানী কর্তৃপক্ষক ঔষধ কাৰখানা স্থাপনৰ সিদ্ধান্তক আদৰণি জনাইছে। ভাৰতলৈ ৰাছিয়াৰ পৰা সাৰ আমদানি বৃদ্ধিৰ কৰাৰ আগ্রহৰ সন্দৰ্ভত সেই দেশক অৱগত কৰা হৈছে। দুয়োখন দেশে এলুমিনিয়ামৰ ক্ষেত্রত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ১৭. ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰক দুয়োখন দেশে আদৰণি জনাইছে। ১৮. আন্তঃগাঁথনিমূলক উন্নয়নক দুয়োখন দেশৰ ৰাষ্ট্ৰীয় অগ্রাধিকাৰপ্রাপ্ত ক্ষেত্র হিচাপে চিহ্নিত কৰি দুয়োখন দেশে এই ক্ষেত্রত সহযোগিতাৰ বিপুল সুযোগক লৈ সহমত প্ৰকাশ কৰিছে। ভাৰতৰ উদ্যোগ কৰিড’ৰ উন্নয়নত ৰাছিয়াৰ কোম্পানিসমূহক অংশগ্রহণৰ বাবে আহ্বান জনোৱা হৈছে। ইফালে, চড়ক আৰু ৰে’ল পৰিকাঠামো, সৰু চহৰ উন্নয়ন, ডবা নির্মাণ আৰু যৌথ উদ্যোগত এটি পৰিৱহণ কোম্পানী গঢ়ি তোলাৰ ক্ষেত্রতো ভাৰতে ৰাছিয়াৰ সংস্থাসমূহক অংশগ্রহণৰ বাবে আহ্বান জনাইছে। ৰাছিয়াৰ উদ্যোগ কৰিড’ৰ আন্তঃগাঁথনিৰ ক্ষেত্রত ভাৰতক উপগ্রহ-ভিত্তিক প্রযুক্তি ব্যৱহাৰ কৰি কৰ সংগ্রহৰ প্রযুক্তি প্রদানৰ বাবে কোৱা হৈছে। ভাৰতৰ ৰে’ল মন্ত্রালয়ে ৰে’লসমূহৰ গতি বৃদ্ধিৰ যি প্রকল্প গ্রহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতামূলক ভৱনৰ ক্ষেত্রত ৰাছিয়াই অংশগ্রহণ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। দুয়ো পক্ষই পৰিৱহণ, কর্মী প্রশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱহণ কৰিড’ৰ প্রকল্প ৰূপায়ণত প্রযুক্তিগত সহায়ৰ দৰে ক্ষেত্রত সহযোগিতাৰ ওপৰত গুৰুত্ব দিছে। এইবোৰ ক্ষেত্রত কামৰ বাবে দুয়োখন দেশে ভাৰতেৰ বদোদৰাৰ ৰাষ্ট্ৰীয় ৰে’ল আৰু পৰিৱহণ প্ৰতিষ্ঠান আৰু ৰাছিয়াৰ ইউনিভাচিটী অফ ট্রান্সপোর্টৰ মাজত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ বাবে একমতত উপনীত হৈছে। ১৯. দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উত্তৰ-দক্ষিণ পৰিৱহণ কৰিড’ৰ উন্নয়নৰ জৰিয়তে যোগাযোগ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেয়েহে এই কাম আগুৱাই নিবলৈ হ’লে সংশ্লিষ্ট দেশসমূহৰ সীমাশুল্ক কর্তৃপক্ষৰ মাজত বকেয়াক লৈ আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, ৰে’ল আৰু চড়ক আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব, দ্বিপাক্ষিক পর্যায়ত আলোচনাৰ জৰিয়তে আর্থিক লেনদেনৰ উপযুক্ত ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু অন্যান্য সহযোগী দেশসমূহৰ সৈতে এই বিষয়ত আলোচনা কৰি সমগ্র বিষয়টো চূড়ান্ত কৰিব লাগিব। ইয়াৰ পৰিপ্রেক্ষিতত মস্কোত ‘পৰিৱহণ সপ্তাহ-২০১৮’ অনুষ্ঠানৰ মাজতে ভাৰত, ৰাছিয়া আৰু ইৰানৰ মাজত ত্রিপাক্ষিক বৈঠকক দুয়োখন দেশে আদৰণি জনাইছে। এই বৈঠকত ইৰানৰ ভূখণ্ডই দি ভাৰতীয় সামগ্ৰী ৰাছিয়ালৈ পৰিৱহণ কৰাক লৈ আলোচনা কৰা হয়। ভাৰতে ৰাছিয়াক আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী পৰিৱহণ সংক্রান্তীয় সীমাশুল্ক চুক্তিত ভাৰতৰ অন্তর্ভুক্তিৰ বিষয়টো জনাই দিছে। দুয়োখন দেশে এই বিষয়ত এক মন্ত্রী পর্যায়ৰ সমন্বয় বৈঠক আয়োজনৰ ক্ষেত্ৰত একমত হৈছে। ২০. দুয়োখন দেশৰ মাজত বাণিজ্যিক লেনদেনক উৎসাহিত কৰিবলৈ দুয়োখন দেশে বাধ্যতামূলক পৰিদর্শন/নিয়ন্ত্রণ সংক্রান্তীয় যিবোৰ বিষয়ত কোনো পণ্যদ্রব্যৰ আমদানি বা ৰপ্তানিৰ সময়ত ৰ’বলগীয়া হয়, তাত বিলম্ব এৰাই চলাৰ ক্ষেত্ৰত প্ৰচেষ্টা ল’বলৈ সহমত প্ৰকাশ কৰে। ২১. দুয়োখন দেশে তেওঁলোকৰ বাণিজ্যিক প্রদর্শনী আৰু বাণিজ্য মেলাৰ তালিকা বিনিময় আৰু ৰপ্তানি উন্নয়ন পৰিষদ বা ৰপ্তানি সংক্রান্তীয় বিভিন্ন সংস্থাৰ তালিকা বিনিময় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন দেশৰ আমদানি বা ৰপ্তানি কৰাৰ সময়ত যাতে সংশ্লিষ্ট সামগ্ৰীৰ বাণিজ্যিক লেনদেন বিষয়ত সকলো ধৰণৰ বিস্তৃত খবৰ প্রদর্শনী বা আমদানি-ৰপ্তানি সংস্থাৰ পৰা পাব পাৰে, সেই লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২২. ভাৰত আৰু ৰাছিয়াৰ মাজত সামগ্ৰী পৰিৱহণৰ সুবিধার্থে সীমাশুল্ক সম্পৰ্কীয় নিয়মকানুনৰ সৰলীকৰণৰ লক্ষ্যৰে ‘সেউজ কৰিড’ৰ’ প্রকল্প আৰম্ভ কৰাৰ সন্দৰ্ভত দুয়োখন দেশ একমত হৈছে। পাৰস্পৰিক বাণিজ্যি লেনদেন বৃদ্ধিৰ লক্ষ্যৰে এয়া অত্যন্ত গুৰুত্বপূর্ণ পদক্ষেপ বুলি দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে। এই প্রকল্পটোৰ আৰম্ভ হোৱাৰ পাছত দুয়োখন দেশৰ সীমাশুল্ক প্রশাসনে এইক্ষেত্রৰ সহযোগিতাক আৰু অধিক প্রসাৰিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি স্থিৰ কৰা হৈছে। ২৩. দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্য উদ্যোগ আৰু চৰকাৰী সংস্থাসমূহৰ মাজত প্রত্যক্ষ যোগাযোগ আৰু অধিক বৃদ্ধিৰ লক্ষ্যৰে দুয়োখন দেশে উদ্যোগ গ্রহণৰ ক্ষেত্ৰত একমত হৈছে। তদুপৰি, দুয়োখন দেশৰ বিভিন্ন ৰাজ্যৰ মাজত পৃথক চুক্তি স্বাক্ষৰৰ বিষয়টোকো দুয়োখন দেশে আদৰণি জনাইছে। যেনেকৈ, অসম আৰু সাখালিন, হাৰিয়ানা আৰু বাস্কোৰতোস্তান, গোৱা আৰু কালিনিনগ্রাদ, ওড়িশা আৰু ইৰকুট্‌স্ক, বিশাখাপট্টনম আৰু ব্লাদিভোস্তকৰ মাজত এই ধৰণৰ চুক্তি স্বাক্ষৰিত হৈছে। ছেইন্ট পিটার্ছবার্গত আয়োজিত আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ফ’ৰাম, পূর্বাঞ্চলীয় অর্থনৈতিক ফ’ৰাম আৰু অংশীদাৰিত্ব শীর্ষ সন্মিলনৰ দৰে অনুষ্ঠানত আঞ্চলিক পর্যায়ৰ প্রতিনিধিদলৰ অংশগ্রহণক দুয়োখন দেশে আদৰণি জনাইছে। একেদৰে, দুয়োখন দেশে ভাৰত-ৰাছিয়া আন্তঃআঞ্চলিক ফ’ৰামৰ বৈঠক আয়োজনৰ সিদ্ধান্তক আদৰণি জনাইছে। ২৪. দুয়োখন দেশৰ মাজত প্রাকৃতিক সম্পদৰ সুদক্ষ আৰু উপযুক্ত ব্যৱহাৰৰ লক্ষ্যৰে যুটীয়া প্রকল্প গঢ়ি তোলা হ’বনে নাই, সেই বিষয়ে উদ্যোগ গ্রহণৰ বাবে দুয়োখন দেশ একমত হৈছে। উপযুক্ত প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে অথচ একেলগে পৰিবেশ অনুকূল পদ্ধতিত প্রাকৃতিক সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত উদ্যোগ গ্রহণত দুয়োখন দেশে সন্মিতি প্ৰকাশ কৰিছে হৈছে। দুয়োখন দেশে কৃষি খণ্ডক সহযোগিতাৰ এক গুৰুত্বপূর্ণ ক্ষেত্র হিচাপে চিহ্নিত কৰিছে আৰু দুয়োখন দেশৰ মাজত বাণিজ্যিক প্রতিবন্ধকতাসমূহ দূৰ কৰা, উৎপাদন বৃদ্ধি কৰা আৰু কৃষিজাত সামগ্ৰীৰ বাণিজ্যিক লেনদেন বৃদ্ধিৰ ক্ষেত্ৰত একমত হৈছে। ২৫. দুয়োখন দেশে হীৰাৰ ব্যৱসায়ৰ ক্ষেত্রত সহযোগিতাৰ মাত্রা বৃদ্ধি পোৱাক লৈ সন্তোষ ব্যক্ত কৰিছে। বিশেষকৈ, ৰাছিয়াৰ পিজেএছচি আলৰোছা কোম্পানীৰ কর্তৃপক্ষই ভাৰতীয় প্ৰতিষ্ঠানসমূহক অপৰিশোধিত হীৰা খণ্ড যোগানক লৈ দীর্ঘম্যাদী চুক্তি স্বাক্ষৰ, মুম্বাইত আলৰোছা কোম্পানীৰ এটি কাৰ্যালয় খোলা, ভাৰতীয় বজাৰত দুয়োখন দেশৰ হীৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ সহযোগিতাত উৎপাদিত হীৰাৰ বিপণনৰ ক্ষেত্রত থকা সহযোগিতাক আৰু অধিক বৃদ্ধি কৰাৰ বিষয়ত একমত হৈছে। ৰাছিয়াৰ দূৰপ্ৰাচ্য অঞ্চলত ভাৰতীয় কোম্পানীসমূহে হীৰা উৎপাদনৰ ক্ষেত্রত কৰা শেহতীয়া বিনিয়োগকো দুয়োখন দেশে আদৰণি জনাইছে। মূল্যবান ধাতু, খনিজ দ্রব্য আৰু অন্যান্য প্রাকৃতিক সম্পদ, বনজ সম্পদৰ দৰে ক্ষেত্রত যৌথ প্ৰচেষ্টা গঢ়ি তোলাৰ সম্ভাৱনীয়তা দুয়োখন দেশ একমত হৈছে। ২৬. ৰাছিয়াত ভাৰতৰ বিভিন্ন কোম্পানীৰ বাবে সেই দেশৰ দূৰপ্রাচ্য হিচাপে চিহ্নিত প্রদেশত বিনিয়োগৰ আহ্বান জনোৱা হৈছে। মুম্বাইত ৰাছিয়াৰ দূৰপ্রাচ্য সংস্থাৰ এক কাৰ্যালয় খোলা বিষয়টোক ভাৰতীয় কোম্পানীসমূহে আদৰণি জনাইছে। ২০১৮ৰ ছেপ্টেম্বৰত ব্লাদিভোষ্টকত পূর্বাঞ্চলীয় অর্থনৈতিক ফ’ৰামৰ বৈঠকত ভাৰতৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী শ্রী সুৰেশ প্রভুৰ নেতৃত্বত এক প্রতিনিধি দলে অংশগ্রহণ কৰে। একেদৰে, ৰাছিয়াৰ এক উচ্চপর্যায়ৰ প্রতিনিধি দলে সেই দেশৰ দূৰপ্রাচ্যত আৰু অধিক পৰিমাণে ভাৰতীয় কোম্পানীৰ বিনিয়োগক উৎসাহিত কৰিবলৈ ভাৰতত ৰোড শ্ব’ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৭. দুয়োখন দেশে ৰে’ল, শক্তি আৰু অন্যান্য ক্ষেত্রত কোনো তৃতীয় দেশত প্রযুক্তি আৰু সাহায়্য সম্পদভিত্তিক যৌথ প্রকল্প গঢ়ি তোলাৰ ক্ষেত্ৰত সক্রিয় প্ৰচেষ্টা গ্রহণ কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ একমত হৈছে। বিজ্ঞান আৰু প্রযুক্তি ২৮. দুয়ো পক্ষই বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ প্রয়োজনীয়তাক লৈ একমত হৈছে আৰু বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্ৰত দশম ভাৰত-ৰাছিয়াৰ কর্মীগোটৰ সফল বৈঠকক আদৰণি জনাইছে। ২০১৮ৰ ফেব্রুৱাৰীত দুয়োখন দেশৰ বিজ্ঞান আৰু প্রযুক্তি দপ্তৰৰ যুটীয়া উদ্যোগত এই বৈঠক আয়োজন কৰা হৈছিল। ২৯. মৌল আৰু প্রায়োগিক ক্ষেত্রত বিজ্ঞান আৰু প্রযুক্তিৰ যৌথ গৱেষণাৰ দশম বর্ষপূর্তি উদযাপনৰ সফলতাৰ ক্ষেত্ৰত দুয়ো দেশৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ সহযোগিতাত উভয় পক্ষই সন্তোষ ব্যক্ত কৰিছে। দুয়োখন দেশৰ মাজত বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত দীর্ঘম্যাদী সুসংহত কার্যসূচীত শক্তিশালী সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। এই কার্যসূচীত দুয়োখন দেশৰ গৱেষণাগাৰ, বিশ্ববিদ্যালয় আৰু বিজ্ঞান-প্রযুক্তি সংগঠনসমূহৰ মাজত সহযোগিতা সংক্রান্তীয় এক ৰূপৰেখা প্রণয়নৰ বিষয়ত দুয়োখন দেশ একমত হৈছে। ৩০. দুয়ো দেশে তথ্য আৰু যোগাযোগ প্রযুক্তি, বিশেষকৈ বৈদ্যুতিন ব্যৱস্থা নির্মাণ আৰু উৎপাদন, ছফটৱেৰ উৎপাদন, ছুপাৰ কম্পিউটিং, ই-গভর্নেন্স, জনসেৱা ব্যৱস্থা, নেটৱর্ক নিৰাপত্তা, তথ্য আৰু যোগাযোগ প্রযুক্তিৰ ব্যৱহাৰৰ নিৰাপত্তা, আর্থিক প্রযুক্তি, ইণ্টাৰনেট অফ থিংছ, ৰেডিঅ’ ফ্রিকুৱেন্সি স্পেকট্রামৰ নিয়ন্ত্রণ ব্যৱস্থা ইত্যাদিৰ দৰে ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একমত হৈছে। ব্রিক্‌ছ আৰু আইটিইউৰ দৰে মঞ্চত দুয়োখন দেশে পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় সাধনৰ বিষয়ত কাম কৰাৰ বাবে একমত হৈছে। ৩১. ২০১৮ চনৰ মার্চ মাহত নতুন দিল্লীত ভাৰতৰ বাণিজ্য মন্ত্রানয় আৰু ৰাছিয়াৰ অর্থনৈতিক উন্নয়ন মন্ত্রালয়ৰ উদ্যোগত আয়োজিত অর্থনৈতিক সহযোগিতা সম্পৰ্কীয় যৌথ ঘোষণাপত্র স্বাক্ষৰক আদৰণি জনাইছে। ২০১৮ চনৰ ডিচেম্বৰত ভাৰত আৰু ৰাছিয়াৰ মাজত ষ্টার্ট-আপৰ সন্মিলন আয়োজনৰ সিদ্ধান্তকো দুয়োখন দেশে আদৰণি জনাইছে। ভাৰতীয় উদ্যোগ মহাসংঘ আৰু ৰাছিয়াৰ স্কলক’ভ’ ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত এই সন্মিলন আয়োজন কৰা হ’ব। এই লক্ষ্যৰে দুয়োখন দেশৰ ষ্টার্ট-আপ বিনিয়োগকাৰীৰ উদ্ভাৱন সংস্থা আৰু উদীয়মান উদ্যোগপতিসকলে নিজৰ মাজত আলোচনাৰ বাবে এটি অনলাইন প’র্টেল আৰম্ভ কৰাৰ সিদ্ধান্তকো দুয়ো দেশ আদৰণি জনাইছে। ৩২. বৰ্হিঃমহাকাশৰ গৱেষণাৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘম্যাদী আৰু পাৰস্পৰিক সুবিধাৰ সহযোগিতাৰ গুৰুত্বৰ ক্ষেত্ৰত দুয়োখন দেশে জোৰ দিছে আৰু ভাৰতৰ আঞ্চলিক নেভিগেচন ছেটেলাইট ব্যৱস্থাৰ গ্রাউণ্ড ষ্টেচন মাৰফৎ তথ্য সংগ্রহৰ কামক আদৰণি জনাইছে। শান্তিপূর্ণ কামত বৰ্হিঃমহাকাশৰ ব্যৱহাৰ আৰু মানৱপৰিবাহী মহাকাশ যান কার্যসূচীকে ধৰি বিভিন্ন ধৰণৰ বিজ্ঞানভিত্তিক প্রকল্পত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো একমত হৈছে। দুয়োখন দেশে ব্রিক্‌ছৰ দূৰসংবেদী উপগ্রহ ব্যৱস্থাৰ উন্নয়নত সহযোগিতাৰ ক্ষেত্রতো একমত হৈছে। ৩৩. মেৰু অঞ্চলত দুয়ো দেশৰ স্বার্থজড়িত প্রকল্পত সহযোগিতাৰ ক্ষেত্রত দুয়োখন দেশে আগ্রহ প্রকাশ কৰিছে। কুমেৰু অঞ্চলত দীৰ্ঘম্যাদী সহযোগিতাৰ কামৰ অগ্রগতিত ভাৰত আৰু ৰাছিয়াৰ বিজ্ঞানীসকলে যি কাম কৰিছে, তাক লৈ দুয়ো দেশই সন্তুষ্টি ব্যক্ত কৰিছে। ৩৪. দুয়োখনখন দেশৰ উচ্চশিক্ষা প্রতিষ্ঠানসমূহৰ মাজত সংযোগ বৃদ্ধি আৰু ভাৰত আৰু ৰাছিয়াৰ বিশ্ববিদ্যালয়সমূহ লৈ গঢ়ি উঠা নেটৱর্কৰ কাম-কাজৰ অগ্রগতিত সন্তোষ ব্যক্ত কৰিছে। ২০১৫ চনত এই নেটৱর্ক প্রতিষ্ঠাৰ পাছত ৪২গৰাকী সদস্যৰে গঠিত এই সংস্থাৰ তিনিখন বৈঠক অনুষ্ঠিত হৈছে। ছাত্র, গৱেষক আৰু শিক্ষকসকলৰ বাবে ভ্ৰমণ বিনিময় আৰু যৌথ উদ্যোগত বিজ্ঞান-ভিত্তিক আৰু শিক্ষা সম্পৰ্কীয় প্রকল্প ৰূপায়ণত দেখুওৱা আগ্ৰহক লৈ দুই দেশে সন্তোষ ব্যক্ত কৰিছে। শক্তি ৩৫. ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিক্ষেত্রত সহযোগিতা বৃদ্ধিৰ গুৰুত্বক লৈও দুয়োখন পক্ষ একমত হৈছে। ভাৰতত ৰাছিয়াৰ শক্তিসম্পদৰ ক্ষেত্রত, বিশেষকৈ প্রাকৃতিক গেছৰ ক্ষেত্রত বিশেষ আগ্রহ দেখুৱাইছে। তদুপৰি, দুয়োখন দেশে যৌথ প্ৰচেষ্টাত নবীকৰণযোগ্য শক্তিৰ ক্ষেত্রত প্রকল্প ৰূপায়ণৰ সম্ভাৱনীয়তাক গুৰুত্ব দিবলৈ সন্মত হৈছে। ৩৬. শক্তি খণ্ডত দুয়োখন দেশৰ স্বার্থজড়িত বিভিন্ন ক্ষেত্রত সহযোগিতাৰ সম্ভাৱনাক লৈ দুয়োখন দেশ আগ্রহ প্রকাশ কৰিছে আৰু নিজ নিজ দেশৰ কোম্পানীসমূহক শক্তিখণ্ডত দীৰ্ঘম্যাদী চুক্তি, যৌথ উদ্যোগ আৰু শক্তি সম্পদৰ পাৰস্পৰিক অধিগ্রহণ আৰু কোনো তৃতীয়খন দেশৰ সৈতে সম্ভাব্য সহযোগিতাক স্বীকাৰ কৰিছে। ৩৭. দুয়োখন দেশে ৰাছিয়া আৰু ভাৰতৰ শক্তি কোম্পানীসমূহৰ মাজত চলি থকা বিভিন্ন প্রকল্পৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাক আদৰণি জনাইছে। বিশেষকৈ, ৰাছিয়াৰ ভাংকোৰনেফ্‌ট আৰু তাছইউৰিয়াখ নেফ্‌টেগাজোডোবাইকাত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বিনিয়োগ আৰু ভাৰতৰ এছাৰ অইল কেপিটেলৰ সৈতে ৰাছিয়াৰ পিজিএছচি ৰ’ছনেম অইল কোম্পানীৰ যৌথ প্ৰচেষ্টাক আদৰণি জনাইছে। ভেংকোৰ শক্তি প্লাষ্টাৰত দুয়োখন দেশৰ কোম্পানীসমূহৰ মাজত সৰ্বাংগীন সহযোগিতাৰ বাবে আলোচনা চূড়ান্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাক দুয়োখন দেশে আদৰণি জনাইছে। ৩৮. তৰলীকৃত প্রাকৃতিক গেছৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ কোম্পানীসমূহৰ মাজত সহযোগিতা আগবঢ়াবলৈ আগ্রহ প্ৰকাশ কৰিছে। ভাৰতৰ গেইল ইণ্ডিয়া লিমিটেড আৰু ৰাছিয়াৰ গাজপম গ্রুপৰ মাজত এলএনজি যোগানক লৈ দীৰ্ঘম্যাদী চুক্তি ৰূপায়ণৰ কাম আৰম্ভ হোৱাৰ বাবে দুয়ো দেশে ইয়াক আদৰণি জনাইছে। ৩৯. দুয়োখন দেশে পিজেএছচি নোভাটেক আৰু ভাৰতৰ শক্তি কোম্পানীসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে আলোচনাক আদৰণি জনাইছে আৰু এলএনজিৰ ক্ষেত্রত যৌথ উদ্যোগত প্রকল্প ৰূপায়ণৰ প্রয়াসক আদৰণি জনোৱা হৈছে। ৪০. ৰাছিয়াৰ মেৰু অঞ্চলত, বিশেষকৈ পেচোৰা আৰু ওখটস্ক সাগৰত যৌথ উদ্যোগত খনিজ তেল উত্তোলনৰ প্রকল্পত সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দুয়োখন দেশৰ বিভিন্ন কোম্পানীসমূহৰ মাজৰ আলোচনাক দুয়ো দেশে আদৰণি জনাইছে। ৪১. ২০১৭ চনত ৰাছিয়া আৰু অন্যান্য দেশৰ পৰা ভাৰত হৈ গেছ সৰবৰাহৰ বাবে পাইপলাইন স্থাপনত যি যৌথ সমীক্ষা চলোৱা হৈছে, দুয়োখন দেশে তাক আদৰণি জনাইছে আৰু গেছ পাইপলাইন নির্মাণৰ সম্ভাৱনাৰ দিশত ভাৰত আৰু ৰাছিয়াৰ সংশ্লিষ্ট মন্ত্রালয়ৰ মাজৰ আলোচনাক আৰু আগুৱাই নিয়াৰ বাবে দুয়ো দেশৰ ফালৰ পৰা সহায়ৰ আশ্বাস দিয়া হৈছে। দুয়োখন দেশৰ সংশ্লিষ্ট মন্ত্রালয়ৰ মাজত এই সংক্ৰান্তত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱত উভয়ে আদৰণি জনাইছে। ৪২. ভাৰত আৰু ৰাছিয়াৰ মাজত অসামৰিক ক্ষেত্রত আনৱিক সহযোগিতা দুয়োখন দেশৰ কৌশলগত সম্পর্কৰ এক গুৰুত্বপূর্ণ অংগ। ই ভাৰতৰ শক্তি নিৰাপত্তাৰ বাবে বিশেষভাবে গুৰুত্বপূর্ণ আৰু জলবায়ু পৰিৱর্তন সম্পৰ্কীয় পেৰিছ চুক্তিত দুয়োখন দেশে প্ৰদান কৰা প্রতিশ্রুতিসমূহ পূৰণো এই ক্ষেত্রত সহযোগিতাৰ বিশেষ ভূমিকা আছে। দুয়োখন দেশে তামিলনাড়ুৰ কুণ্ডামকুলাম আনৱিক শক্তি উৎপাদন কেন্দ্রৰ বাকী ৬টা ইউনিট নির্মাণ কাৰ্যৰ অগ্রগতিত সন্তোষ ব্যক্ত কৰিছে। তদুপৰি, স্থানীয় পর্যায়ত এই ধৰণৰ পৰমাণু শক্তি উৎপাদন কেন্দ্রৰ যন্ত্রাংশ নির্মাণৰ প্ৰচেষ্টাকো আদৰণি জনাইছে। দুয়োপক্ষই ভাৰতত ৰাছিয়া পৰিকল্পিত নতুন পাৰমানৱিক শক্তি উৎপাদন কেন্দ্র স্থাপনৰ বিষয়ে আলোচনা, পাৰমানৱিক যন্ত্রাংশৰ যৌথ উৎপাদন আৰু তৃতীয় কোনো দেশত এই সম্পৰ্কীয় সহযোগিতাক আদৰণি জনাইছে। বাংলাদেশৰ ৰূপপুৰ আনৱিক শক্তি প্রকল্প ৰূপায়ণত ত্রিপাক্ষিক সহযোগিতা সংক্রান্তীয় যি বুজাবুজি চুক্তি হৈছে, সেয়া পূৰণত কামৰ অগ্রগতিৰ বিষয়ে দুয়ো দেশে পর্যালোচনা কৰিছে। দুয়োখন দেশে আনৱিক ক্ষেত্রত যুটীয়া প্ৰচেষ্টাত চিহ্নিত বিষয়ত সহযোগিতাৰ বিষয়টোক অগ্রাধিকাৰভিত্তিক ৰূপায়ণৰ বাবে কর্মপৰিকল্পনা স্বাক্ষৰক আদৰণি জনোৱাৰ লগতে সন্তোষ ব্যক্ত কৰিছে। ৪৩. জলবিদ্যুৎ আৰু নবীকৰণযোগ্য বিদ্যুৎ শক্তিৰ উৎসৰ বিষয়ে সহযোগিতাৰ সম্ভাৱনাক লৈ দুয়োখন দেশ একমত হৈছে। তদুপৰি, শক্তি সক্ষমতা আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ হ্রাস কৰা বাবে গ্ৰহণ কৰা প্ৰচেষ্টাকো দুয়োখন দেশে আদৰণি জনাইছে। সামৰিক প্রযুক্তিগত সহযোগিতা ৪৪. দুয়োখন দেশে বিশ্বাস কৰে যে ইয়াৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্রত সামৰিক প্রযুক্তিগত সহযোগিতাৰ বিষয়টো এক গুৰুত্বপূর্ণ স্তম্ভস্বৰূপ, দুয়োখন দেশে ২০১৮ৰ ডিচেম্বৰ মাহত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ বৈঠকত সামৰিক প্রযুক্তিগত সহযোগিতাৰ বিষয়ে আলোচনাৰ সম্ভাৱনাক আদৰণি জনাইছে। দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত প্রশিক্ষণ আৰু জ্যেষ্ঠ সামৰিক কর্মকর্তাসকলৰ ভ্ৰমণ বিনিময়, কর্মীচাৰীসকলৰ মাজত আলাপ-আলোচনা আৰু যৌথ সমূহীয়া অনুশীলন ইত্যাদিৰ ক্ষেত্রত সামৰিক সহযোগিতাৰ ৰূপৰেখা এই ক্ষেত্রত সহযোগিতাৰ পথকে আৰু অধিক প্রশস্ত কৰিছে বুলি দুয়োখন দেশে ভাৱে। ৰাছিয়াত ২০১৮ৰ আর্মি গেম্‌ছ, আর্মি, ২০১৮ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংক্রান্তীয় মস্কো সন্মিলনত ভাৰতৰ অংশগ্রহণকে ইতিবাচক ৰূপত আদৰণি জনোৱা হৈছে। দুয়োখন দেশে তিনিওটা বাহিনীৰ ত্ৰিপাক্ষিক অনুশীলন ‘ইন্দ্র, ২০১৭’ক আদৰণি জনাইছে আৰু ২০১৮ত নৌ-সেনা, স্থলবাহিনী আৰু বায়ুসেনাৰ ‘ইন্দ্র’ পর্যায়ৰ যৌথ সমূহীয়া অনুশীলন চলাইয়ে যোৱাৰ বিষয়ে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ হয়। ৪৫. দুয়োখন দেশে ‘এছ-৪০০’ শ্রেণীৰ ভূপৃষ্ঠৰ পৰা আকাশত ক্ষেপণযোগ্য ক্ষেপণাস্ত্র ব্যৱস্থা ভাৰতলৈ যোগান ধৰাৰ বাবে চুক্তি সম্পাদনক আদৰণি জনাইছে। দুয়োখন দেশে সামৰিক প্রযুক্তিগত সহযোগিতা আৰু অধিক বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে। দুয়োখন দেশৰ মাজত এই ক্ষেত্রত পাৰস্পৰিক সহযোগিতা আৰু আস্থাৰ এক দীর্ঘ ইতিহাস আছে। সামৰিক প্রযুক্তিগত ক্ষেত্রত বিভিন্ন প্রকল্পত উল্লেখযোগ্য অগ্রগতিত দুয়োখন দেশে সন্তোষ ব্যক্ত কৰিছে আৰু দুয়োখন দেশৰ মাজত সামৰিক যন্ত্রাংশ উৎপাদন আৰু এই সম্পৰ্কীয় গৱেষণাক স্বীকৃতি দিছে। ভাৰত চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ নীতিক উৎসাহ দিয়াৰ বাবে সামৰিক উদ্যোগ ক্ষেত্রত এই প্ৰচেষ্টাই বিশেষ ভূমিকা পালন কৰিব বুলি উভয়ে একমত হৈছে। ২০১৭ৰ নৱেম্বৰ মাহত উচ্চপ্রযুক্তিৰ ক্ষেত্রত সহযোগিতা সম্পৰ্কীয় যি উচ্চপর্যায়ৰ কমিটি আছে, তাৰ বৈঠকক দুয়োখন দেশে আদৰণি জনাইছে। এই বৈঠকৰ পৰাই পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন ক্ষেত্রত যুটীয়া প্ৰচেষ্টাত গৱেষণা আৰু উন্নয়নৰ বিভিন্ন বিষয়ক চিহ্নিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ ৪৬. দুয়োখন দেশে ৰাষ্ট্রসংঘৰ চনদ অনুসৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ সার্বজনীন স্বীকৃত সমতা, পাৰস্পৰিক আস্থা আৰু অন্য দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা নীতিৰ প্রতি প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। তদুপৰি, ৰাষ্ট্রসংঘৰ চনদৰ সৈতে সংগতি ৰাখি বিভিন্ন ৰাষ্ট্রৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু সহযোগিতাৰ ক্ষেত্রত ১৯৭০ চনত আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিসমূহৰ প্রতি তেওঁলোকৰ আস্থা ব্যক্ত কৰিছে। ৪৭. ২০১৮ চনৰ জুলাই মাহত দক্ষিণ আফ্রিকাত ব্রিক্‌ছ সন্মিলনৰ দশম বর্ষপূর্তিৰ ফলাফলৰ কথা উল্লেখ কৰি এই সংগঠনৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ৰাছিয়াৰ আগ্রহক পুনৰ দোঁহাৰে। আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্রসংঘৰ চনদৰ ভিত্তিতে এক নীতিনিষ্ঠ বহু মেৰুৰ বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ কামক অগ্রাধিকাৰ প্রদান কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশে সহমত প্রকাশ কৰিছে। ৪৮। দুয়োখন দেশে আফগানিস্তানত সেই দেশৰ নেতৃত্বত ৰাষ্ট্ৰীয় শান্তি আলোচনাৰ প্রক্রিয়াৰ প্রতি সমর্থন জনাইছে। আফগানিস্তানত ক্রমৱর্ধমান হিংসাত্মক ঘটনাৰ ফলত সেই দেশৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটাক লৈ উদ্বেগ প্রকাশ কৰি অঞ্চলটোৰ ওপৰতত পৰা ইযাৰ নেতিবাচক প্রভাৱক লৈ নিজৰ মাজত আলোচনা কৰে। দুয়োখন দেশে মস্কো ফৰমেট আৰু আফগানিস্তান সম্পৰ্কীয় এছচিঅ’ যোগাযোগ গোটৰ জৰিয়তে সেই দেশৰ সমস্যাৰ সমাধানত কাম কৰাৰ সিদ্ধান্ত লৈছে। আফগানিস্তানৰ দীর্ঘদিনীয়া বিৰোধ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰাৰ অৰ্থে সসকলো স্বীকৃত পদ্ধতিত কাম আগবঢ়াই নিয়া, সন্ত্রাসবাদীৰ কাৰ্যকলাপ নির্মূল কৰা, সন্ত্রাসবাদীৰ আশ্রয়দানৰ ঘটনা বন্ধ কৰা আৰু ক্রমৱর্ধমান চোৰাং মাদক দ্ৰব্যৰ সমস্যা নিৰ্মূলৰ বাবে প্ৰচেষ্টা গ্ৰহণত গুৰুত্ব আৰোপ কৰিছে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ বাবে আফগানিস্তানত কোনো বহিৰাগত হস্তক্ষেপ বন্ধ কৰাৰ লক্ষ্যৰে যৌথ প্ৰচেষ্টা গ্রহণৰ আহ্বান জনাইছে। তদুপৰি, আফগান অর্থনীতিৰ পুনৰুত্থান, সেই দেশৰ শান্তি আৰু নিৰাপত্তাত অৱদান যোগাৱা আৰু এক সুস্থিৰ, সমৃদ্ধ আৰু স্বাধীন আফগানিস্তান গঢ়ি তোলাৰ লক্ষ্যৰে আর্থ-ৰাজনৈতিক উন্নয়নৰ বাবে কাম কৰাৰ বিষয়ত দুয়োখন দেশ একমত হৈছে। ৪৯. দুয়োখন দেশে ছিৰিয়াৰ সংঘাতৰ ৰাজনৈতিক সমাধানৰ লক্ষ্যৰে ছিৰিয়াৰ নেতৃত্বত ৰাষ্ট্রীয় সার্বভৌমত্বৰ ৰক্ষাকবচকে ধৰি ছিৰিয়াৰ অখণ্ডতা আৰু স্বাধীনতা বজাই ৰাখি প্ৰচেষ্টা গ্রহণৰ আহ্বান জনাইছে। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱ অনুসৰি আৰু জেনেভা আৰু আস্তানা আলোচনা-চক্ৰত গৃহীত পদক্ষেপ অনুসৰি কাম কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ প্ৰতি আহ্বান জনাইছে। সংশ্লিষ্ট সকলোৰে প্ৰতি এক শান্তিপূর্ণ, সুস্থিৰ আৰু সার্বভৌম ছিৰিয়া গঢ়ি তোলাৰ লক্ষ্যৰ লগতে ছিৰিয়াৰ গোষ্ঠীসমূহৰ মাজত চর্ত অবিহনে আৰু বহিৰাগত হস্তক্ষেপ অবিহনে আলোচনা প্রক্রিয়াৰ প্রতি সমর্থন ব্যক্ত কৰা হৈছে। ছিৰিয়াৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দূৰ্ভোগ দূৰ কৰিবলৈ মানৱীক সাহায্যৰ কথা আৰু ততালিকে সেই দেশৰ পুনন গঠনৰ প্রয়োজনীয়তা, গৃহযুদ্ধৰ ফলত উৎখাত হোৱা শৰণার্থীসকলক দেশৈল ঘুৰাই পঠোৱা আৰু দেশৰ অভ্যন্তৰত গৃহহীন লোকৰ পুনৰ সংস্থাপনৰ লক্ষ্যৰে প্ৰচেষ্টা জোৰদাৰ কৰাৰ আহ্বান জনোৱা হৈছে। ৫০. দুয়োখন দেশে ইৰানৰ পাৰমানৱিক কার্যসূচী বিষয়ত যৌথ সার্বিক কর্মপৰিকল্পনা ৰূপায়ণৰ গুৰুত্বৰ ওপৰতত জোৰ দিছে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ স্বার্থত আৰু আনৱিক শক্তি প্রসাৰ ৰোধ ব্যৱস্থাক শক্তিশালী কৰিবলৈ উদ্যোগ গ্রহণৰ ওপৰত দুয়োখন দেশে জোৰ দিছে। তদুপৰি, ইৰানৰ সৈতে স্বাভাৱিক অর্থনৈতিক সহযোগিতা গঢ়ি তোলাৰ কথাও দুয়োখন দেশ সদৰি কৰিছে। ইৰানৰ পাৰমানৱিক কর্মসূচী বিষয়ক সমস্ত সমস্যা শান্তিপূর্ণভাবে আলোচনাৰ জৰিয়তে সমাধান কৰাৰ আহ্বানো দুয়োখন দেশৰ ফালৰ জনোৱা হৈছে। ৫১. দুয়োখন দেশে কোৰিয়া উপদ্বীপৰ ইতিবাচক ঘটনাৱলীক আদৰণি জনাইছে আৰু এই অঞ্চলত কূটনৈতিক আলোচনাৰ জৰিয়তে স্থায়ী শান্তি আৰু সুস্থিৰতা অনাৰ প্ৰচেষ্টাৰ প্রতি দুয়োখন দেশে তেওঁলোকৰ সমর্থন ব্যক্ত কৰিছে। কিন্তু কোৰীয়া উপদ্বীপৰ সমস্যাৰ সমাধানৰ লগতে এই সমস্যাৰ সৈতে জড়িত পৰমাণু শক্তিৰ প্রসাৰৰ বিষয়টোও উপযুক্তভাৱে গুৰুত্ব দিয়া উচিৎ বুলি দুয়োখন দেশে মত প্রকাশ কৰিছে। ৫২. দুয়োখন দেশে বৰ্হিঃমহাকাশত অস্ত্র প্রতিযোগিতাৰ সম্ভাৱনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে আৰু বৰ্হিঃমহাকাশক সামৰিক সংঘাতৰ মঞ্চত পৰিণত নকৰাৰ বাবে সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে। দুয়োখন দেশে বৰ্হিঃমহাকাশত অস্ত্র প্রতিযোগিতাৰ সম্ভাৱনা বন্ধ কৰাৰ জৰিয়তেহে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্রৰ সাম্ভাব্য বিপদ এৰাই চলা সম্ভৱ বুলি কয়। ৰাষ্ট্রসংঘৰ চৰকাৰী বিশেষজ্ঞ গোটৰ প্রথম অধিৱেশনত বৰ্হিঃমহাকাশত অস্ত্র প্রতিযোগিতা বন্ধক লৈ এক আইনগত বাধ্যতামূলক চুক্তি অথবা ব্যৱস্থা গঢ়ি তোলাৰ বিষয়ত যি আলোচনা হৈছে, দুয়োখন দেশে তাক আদৰণি জনাইছে। এই ক্ষেত্রত বিভিন্ন দেশৰ কামৰ মাজত স্বচ্ছতা আৰু আস্থাবর্ধক প্ৰচেষ্টা বিশেষ কার্যকৰী হ’ব পাৰে বুলি দুয়োখন দেশে মত ব্যক্ত কৰিছে। ৫৩. দুয়োখন দেশে ৰাসায়নিক অস্ত্র উৎপাদন, জমা কৰা আৰু ব্যৱহাৰ নিষিদ্ধকৰণ বিষয়ে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ কার্যকৰী ব্যৱস্থাক বজায়ই ৰখাৰ বাবে লোৱা প্ৰচেষ্টাৰ প্রতি তেওঁলোকৰ সমর্থন আগবঢ়াইছে। তদুপৰি, ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ সংগঠনৰ কামৰ ৰাজনীতিকৰণ বন্ধৰ দিশতো ব্যৱস্থা গ্রহণতো একমত হৈছে। ৰাছিয়াত সেই দেশৰ ৰাসায়নিক অস্ত্র ভাণ্ডাৰ ধ্বংস কৰাৰ কাম দ্রুতগতিত শেষ কৰাৰ বাবে ভাৰতে এই ক্ষেত্ৰত আদৰণি জনাইছে। ৰাসায়নিক অস্ত্রমুক্ত এক বিশ্ব গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই কাৰ্যই অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি দুয়োখন দেশে জনাইছে। ৫৪. দুয়োখন দেশ যি কোনো ধৰণৰ সন্ত্রাসবাদৰ গৰিহণ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ প্রতিৰোধত কোনো ধৰণৰ দুমুখীয়া নীতি অভিহনে সন্মিলিতভাবে কঠোৰ ব্যবস্থা গ্রহণৰ আহ্বান জনাইছে। দুয়োখন দেশে সন্ত্রাসবাদীৰ নেটৱর্ক ধ্বংস কৰা, তেওঁলোকৰ আয়ৰ পথ বন্ধ কৰা, অস্ত্র আৰু অন্যান্য সৰবৰাহ চেনেল বন্ধ কৰা, তেওঁলোকৰ আদর্শ, প্রচাৰ আৰু নিয়োগ বন্ধ কৰাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ কথা কয়। দুয়োখন দেশে সীমান্তৰ সন্ত্রাসবাদ ধৰি যি কোনো ধৰণৰ সন্ত্রাসবাদৰ প্রতি আগবঢ়োৱা ৰাষ্ট্রীয় সমর্থনৰ নিন্দা কৰিছে আৰু দ্রুত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ প্রতিৰোধত এক সৰ্বাংগীন চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দীর্ঘদিন ধৰি ৰাষ্ট্রসংঘত মীমাংসা নোহোৱাকৈ থকা এই চুক্তিখন যাতে আন্তঃৰাষ্ট্ৰীয় আইনত পৰিণত হয়, দুয়োখন দেশে তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ প্ৰতি আহ্বান জনাইছে। ৰাসায়নিক আৰু জৈৱ সন্ত্রাসৰ সমস্যা সমাধান কৰিবলৈ ভাৰত আৰু ৰাছিয়াই নিৰস্ত্রীকৰণ সংক্রান্তীয় সন্মিলনত বহুপাক্ষিক আলোচনা আৰম্ভ কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিছে। কোনো কাৰণতে যাতে গোপনে ৰাসায়নিক আৰু জৈৱ সন্ত্রাসবাদৰ কাম কৰিব নোৱাৰে, তাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদনৰ কথাও দুয়োখন দেশে সদৰি কৰিছে। ৫৫. দুয়োখন দেশ আন্তঃৰাষ্ট্ৰীয় আইনেৰ নীতিৰ প্রতি তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰি আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ ক্ষেত্রত ৰাষ্ট্রসঙ্ঘেৰ কেন্দ্রীয় ভূমিকাৰ ওপৰত বিশেষ জোৰ দিছে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় আইনকানুনেৰ ক্ষেত্রত আস্থাৰ বিষয়টোক সাধাৰণ নীতি হিচাপে গ্রহণ কৰে দুপন্থীয়া স্ববাৱ এৰি এখন ৰাষ্ট্রই আনৰ ওপৰত দায় ঠেলি আনফালে আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী শক্তি প্রয়োগ কৰা এনে ধৰণৰ কামৰ বিৰোধীতা কৰিছে। দুয়োখন দেশে সংশ্লিষ্ট সকলোৰে স্বার্থৰ প্ৰতি গুৰু্ত্ব আৰোপ কৰি গণতান্ত্রিক মূল্যবোধভিত্তিক এক বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। ৫৬. দুয়োখন দেশে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰত সংস্কাৰত জোৰ দিয়াৰ লগতে বর্তমান বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলাৰ প্ৰতি অতি ক্ষীপ্ৰতাৰে এই কাম সম্পন্ন কৰাৰ আহ্বান জনাইছে। ৰাছিয়াই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্রতি তেওঁলোকৰ সমর্থনৰ কথা পুনৰ দোঁহাৰে। দুয়োখন দেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত শান্তি, নিৰাপত্তা আৰু সমতাৰ ভিত্তিত উন্নয়ন সুনিশ্চিত কৰিবলৈ একেলগে কাম কৰিবলৈ সন্মত হৈছে আৰু বিশ্ব ব্যৱস্থাত সুস্থিতিৰতা অনাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত তেওঁলোকৰ কামৰ মাজত সমন্বয় সাধনৰ কথা উল্লেখ কৰে। ৫৭. দুয়োখন দেশে ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সম্পৰ্কীয় কার্যসূচী ৰূপায়ণৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি সমতাৰ ভিত্তিত সৰ্বাংগীন আৰু উদ্ভাৱনকেন্দ্রিক অন্তর্ভুক্ত উন্নয়ন সুনিশ্চিত কৰিবলৈ আৰু অর্থনৈতিক, সামাজিক আৰু পৰিৱেশীয় সুষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ কাম কৰাৰ কথা সদৰি কৰিছে। এই ক্ষেত্রত ৰাষ্ট্রসংঘৰ গুৰুত্বপূর্ণ ভূমিকা, বিশেষকৈ সুষম উন্নয়ন সংক্রান্তীয় উচ্চপর্যায়ৰ ৰাজনৈতিক মঞ্চ, ২০৩০ৰ বহনক্ষম উন্নয়ন লক্ষ্যৰ বিষয়ত কাম-কাজৰ সমন্বয় আৰু পর্যালোচনাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি দুয়োখন দেশে মত ব্যক্ত কৰিছে। ৰাষ্ট্রসংঘৰ উন্নয়ন ব্যৱস্থাৰ সংস্কাৰ আৰু যথা সময়ত প্রতিশ্রুতি প্রদান কৰা মতে আর্থিক সাহায্য প্রদান কৰি উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ বাবে প্রয়োজনীয় সাহায্য সম্পদৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। ৫৮. দুয়োখন দেশে পৰিৱেশ অনূকুল উন্নয়ন আৰু কম কার্বন নির্গমনৰ অর্থনীতিক তুলি ধৰিবলৈ তেওঁলোকৰ দৃঢ় বিশ্বাস ব্যক্ত কৰিছে। সুষম উন্নয়ন আৰু দাৰিদ্র্য দূৰীকৰণৰ পৰিপ্রেক্ষিতত তেওঁলোকে পেৰিছ চুক্তিৰ সম্পূর্ণ ৰূপায়ণৰ ওপৰত জোৰ দিছে। এই ক্ষেত্রত জলবায়ু পৰিৱর্তন সংক্রান্তীয় ৰাষ্ট্রসংঘৰ ফ্রেমৱর্ক কনভেনচনত যি অভিন্ন কিন্তু স্বতন্ত্র দায়িত্ব আছে, সেয়া পালনৰ কথা কোৱা হৈছে আৰু উন্নত দেশসমূহক আর্থিক, প্রযুক্তিগত আৰু অন্যান্য সহায় আগঢ়াবলৈ আহ্বান জনাইছে। ৫৯. দুয়ো পক্ষই বিশ্বব্যাপী পৰমাণু শক্তিৰ প্রসাৰ ৰোধৰ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। ৰাছিয়া, ‘পাৰমানৱিক সৰঞ্জাম সৰবৰাহ গোষ্ঠী’ত ভাৰতৰ সদস্যপদৰ সমর্থন ব্যক্ত কৰিছে। ৬০. দুয়ো পক্ষই তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্রত বিভিন্ন ৰাষ্ট্রৰ দায়বদ্ধ কামৰ বিষয়ত নীতি-নিয়ম প্রণয়নৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিছে। তদুপৰি, তথ্য আৰু যোগাযোগ প্রযুক্তিক অপৰাধমূলক কামত ব্যৱহাৰ বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে এই ক্ষেত্রত এক আন্তঃৰাষ্ট্ৰীয় আইন ব্যৱস্থা প্ৰস্তুত কৰাৰ প্রয়োজনীয়তা দুয়োখন দেশে গুৰুত্ব দিছে। ইয়াৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রসংঘৰৰ ৭৩তম সাধাৰণ সভাত এই বিষয়ত এক প্রস্তাৱ গ্রহণৰ ওপৰত দুয়োখন দেশে জোৰ দিছে। দুয়োখন দেশে এই ক্ষেত্রত সহযোগিতামূলক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ ব্রিক্‌ছ দেশসমূহে নিজৰ মাজত আলোচনাৰ কৰাৰ কথা কৈছে আৰু এই বিষয়ত সহযোগিতামূলক ব্রিক্‌ছভুক্ত আন্তঃচৰকাৰী চুক্তি সম্পাদনৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰতো মত প্রকাশ কৰিছে। ৬১. দুয়োখন দেশ তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্রত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এক অভিন্ন অৱস্থান গ্রহণ কৰা আৰু দ্বিপাক্ষিক পর্যায়ত দুয়ো দেশেৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত সহযোগিতা শক্তিশালীৰ কৰাৰ আগ্রহ প্রকাশ কৰিছে। তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱহাৰৰ নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা সংক্রান্ত এক আন্তঃচৰকাৰী চুক্তিত উপনীত হোৱাৰ লক্ষ্যৰে দুয়ো দেশৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত আলোচনা চলাই নিয়াৰ ক্ষেত্ৰতো ঐকমত উপনীত হয়। ৬২. দুয়োখন দেশে এছিয়া, প্রশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত সমতাৰ ভিত্তিত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এক আঞ্চলিক নিৰাপত্তা কাঠামো প্রতিষ্ঠাৰ প্রস্তাৱৰ প্রতি সহমত পোষণ কৰিছে। পূব এছিয়া সন্মিলন আৰু অন্যান্য আঞ্চলিক মঞ্চৰ মাজত এই লক্ষ্যৰে বহুপাক্ষিক আলোচনা চলাই যোৱাৰ ওপৰত দুয়োখন দেশে গুৰুত্ব আৰোপ কৰিছে। দুয়োখন দেশে বিশ্বাস কৰে যে আঞ্চলিক ব্যৱস্থাক শক্তিশালী কৰাৰ যি কোনো ধৰণৰ প্ৰচেষ্টাক বহুপাক্ষিকতা, স্বচ্ছতা, অন্তর্ভুক্তি, পাৰস্পৰিক আস্থা আৰু সমৃদ্ধি তথা অগ্রগতিৰ লক্ষ্যৰে সমন্বিত প্রচেষ্টাৰ ভিত্তিত আগৱাই নিয়া দৰকাৰ। আনহাতে, এই কাম যাতে কোনো দেশৰ বিৰুদ্ধে পৰিচালিত নহয়, তাক লৈয়ো দুয়োখন দেশে ২০১৮ চনৰ ২৪ আগষ্টত মস্কোত ৰাছিয়াৰ উপ-বিদেশমন্ত্রী ইগৰ মৰগুলভ আৰু ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেৰ মাজত যি গঠনমূলক আলোচনা হয়, তাক আদৰণি জনাইছে। ৬৩. দুয়োখন দেশে ব্রিক্‌ছ, জি-২০, এছচিঅ’, আৰআইচি, ইষ্ট এছিয়া সন্মিলনৰ দৰে বহুপাক্ষিক আঞ্চলিক মঞ্চত তেওঁলোকৰ অৱস্থান আৰু কামৰ ক্ষেত্রত পাৰস্পৰিক সমন্বয় বজাই ৰখাৰ প্রতি প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। ভাৰতে ইউৰেছিয়ান ইকন’মিক ইউনিয়নৰ সৈতে সহযোগিতা আৰু অধিক ব্যাপক কৰাৰ প্ৰতি আগ্রহ প্রকাশ কৰিছে। ৬৪. দুয়োখন দেশে ২০১৮ চনৰ জুন মাহত কুইনডাওত ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্রপ্রধানসকলৰ বৈঠকত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অংশগ্রহণক সেই সংস্থাৰ পূর্ণ সদস্য হিচাপে ভাৰতৰ সফল অন্তর্ভুক্তি বুলি গণ্য কৰিছে। ছাংহাই সহযোগিতা সংস্থাৰ চনদ, নিয়মনীতি আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ প্রতি দুয়ো দেশে তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। এই সংস্থাৰ কামৰ সম্ভাৱনাক সকলো ফালৰ পৰা বাস্তবায়িত কৰাৰ লক্ষ্যৰে দুয়োখন দেশে সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ সিদ্ধান্ত লৈছে। নিৰাপত্তা আৰু সুস্থিতিৰতা, সন্ত্রাসবাদী সমস্যা সমাধান, মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু সংগঠিত অপৰাধ মোকাবিলা সম্পৰ্কীয় বিষয়ত বিশেষ জোৰ দিয়া হ’ব বুলি দুয়োখন দেশ স্থিৰ কৰিছে। ইয়াৰ ফলত, সংগঠনৰ আঞ্চলিক পর্যায়ত সন্ত্রাসবাদ বিৰোধী কাঠামোগত সহযোগিতা আৰু অধিক বৃদ্ধি পাব বুলি উভয়ে মত প্রকাশ কৰিছে। ৰাছিয়াত সন্ত্রাসবাদ বিৰোধী সামৰিক অনুশীলন ‘শান্তি অভিযান, ২০১৮’ত অংশগ্রহণক আদৰণি জনোৱা হৈছে। দুয়ো পক্ষই ছাংহাই সহযোগিতা সংস্থাৰ অর্থনৈতিক বিষয়টোক তুলি ধৰাটো এক গুৰুত্বপূর্ণ কাম বুলি গণ্য কৰে। ইয়াৰ ভিতৰত সংস্থাভুক্ত দেশসমূহে নিজৰ মাজত পৰিৱহণৰ আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণতো আছে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ছাংহাই সহযোগিতা সংস্থাৰ ক্রমৱর্ধমান ভূমিকাৰ প্রতি সহমত পোষণ কৰি ৰাষ্ট্রসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় তথা আঞ্চলিক সংস্থাৰ সহযোগিতাৰ কথা সদৰি কৰিছে। তদুপৰি, এই সংস্থাৰ মাজত সাংস্কৃতিক আৰু মানৱীয় সংযোগক অধিক সুদৃঢ় কৰাৰ বিষয়ত দুয়োখন দেশ একমত হৈছে। ৬৫. দুয়োখন দেশে এক উন্মুক্ত, অন্তর্ভুক্তিমূলক, স্বচ্ছ, বৈষম্যহীন আৰু আইন-ভিত্তিক বহুপাক্ষিক বাণিজ্যিক ব্যৱস্থাক শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পর্কৰ বিচ্ছিন্নতা প্রতিৰোধ কৰা আৰু বাণিজ্যিক লেনদেনৰ ক্ষেত্রত যিকোনো ধৰণৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে মাতি মাতিছে। ৬৬. এক বৃহত্তৰ ইউৰেছিয়ান অংশীদাৰিত্ব গঢ়ি তুলিবলৈ ৰাছিয়াই গ্ৰহণ কৰা প্ৰচেষ্টাসমূহক ভাৰতে আদৰণি জনাইছে। এই প্ৰচেষ্টাৰ মাজত ৰাষ্ট্ৰীয় পর্যায়ৰ উন্নয়নমূকল কার্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় আইন, সমতাৰ নীতি, পাৰস্পৰিক আস্থাৰ ভিত্তিত গঠনমূলক সহযোগিতাৰ মঞ্চ হিচাপে বিভিন্ন প্রকল্পৰ ৰূপায়ণৰ কথা ভবা হৈছে। ৬৭. দুয়োখন দেশেই ভাৰত আৰু ৰাছিয়াৰ সম্পর্ক, অভিন্ন স্বার্থ আৰু বিভিন্ন দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ অভিন্ন অৱস্থান গ্রহণক আদৰণি জনাইছে আৰু বিভিন্ন ক্ষেত্রত ঘনিষ্ঠ সহযোগিতাৰ সমন্বয় আৰু বিশেষ তথা সুবিধাপ্রাপ্ত অংশীদাৰিত্বক অধিক আগৱাই নিবলৈ দুয়োখন দেশৰ স্বার্থক সংহত কৰিবলৈ সহমত প্ৰকাশ কৰিছে। ৬৮. ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে তেওঁক জনোৱা আতিথ্যৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জনাই আৰু ২০১৯ চনত দুয়োখন দেশৰ মাজত ২০সংখ্যক বার্ষিক সন্মিলনত অংশগ্রহণৰ বাবে আমন্ত্রণ জনায়। প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অতি আনন্দৰ এই আমন্ত্রণ গ্রহণ কৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত ভাৰত-ৰাছিয়াৰ যুটীয়া বিবৃতি (৫ অক্টোবৰ, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%9F-%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%A8-%E0%A6%A6%E0%A6%BE%E0%A6%B8%E0%A6%AE%E0%A7%81%E0%A6%A8%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%9F-%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A6%A8-%E0%A6%A6%E0%A6%BE%E0%A6%B8%E0%A6%AE%E0%A7%81%E0%A6%A8%E0%A7%8D/
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰিয় ৰঞ্জন দাসমুন্সিৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্কাশ কৰিছে। এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী প্ৰিয় ৰঞ্জন দাসমুন্সি ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতাৰে সমৃদ্ধ এগৰাকী জনপ্ৰিয় নেতা আছিল। ভাৰতত ফুটবলৰ জনপ্ৰিয়তাৰ বাবে তেওঁ যথেষ্টখিনি উল্লেখযোগ্য কাম কৰিছিল। তেওঁৰ মৃত্যুত দুঃখিত হৈছো। দীপা দাসমুন্সি আৰু তেওঁৰ পৰিয়ালৰ লগতে সকলো শুভাকাংক্ষীলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছো।”
শ্ৰী প্ৰিয় ৰঞ্জন দাসমুন্সিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%B7/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ দিৱস উপলক্ষে মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এই ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিত অভূতপূৰ্ব অৱদান আগবঢ়াইছে। ৰাজ্যখনৰ জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে। মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো।
প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%8C%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%8C%E0%A6%A4-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A7%8B%E0%A7%B1%E0%A6%BE/
নমস্কাৰ! মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰাধামোহন সিং মহোদয়, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় তথা যশস্বী মুখম্যন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ ডাঙৰীয়া, জাপান চৰকাৰৰ সহযোগী ডেপুটি মিনিষ্টাৰ তকামী নাকাডা মহোদয়, ইজৰাইলৰ ৰাষ্ট্ৰদূত মায়া কাডোশ মহোদয়, কৃষি জগতৰ বৈজ্ঞানিক সমাজ, অন্য মহানুভৱ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ মোৰ মৰমৰ কৃষক ভাই–ভনীসকল! প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগীয়া অৰ্ধ কুম্ভৰ বাবে আৰু কেইটামান মাহ বাকী আছে৷ কিন্তু উত্তৰ প্ৰদেশৰ ভূমিত আজিৰ পৰা আন এক কুম্ভ আৰম্ভ হৈছে৷ উত্তৰ প্ৰদেশৰ বিভিন্ন গাঁৱৰ প্ৰায় ৫০হাজাৰ কৃষক, দেশ–বিদেশৰ পৰা অহা বৈজ্ঞানিক, উদ্যমী, লক্ষ্ণৌৰ এই কৃষি কুম্ভৰ অংশীদাৰ হৈছে৷ মই আপোনালোক সকলোকে অভিবাদন জনাইছোঁ, স্বাগতম জনাইছোঁ৷ আৰু উত্তৰ প্ৰদেশৰ সাংসদ হোৱাৰ পৰিপ্ৰেক্ষিতত মোৰ কৰ্তব্য যে আপোনালোকৰ সুখ–দুখৰ সমভাগী হৈ আপোনালোকৰ বিকাশ যাত্ৰাৰ বাবে প্ৰয়াস কৰাটো৷ কিছুমাহ পূৰ্বে কৃষি উন্নতি মেলাৰ সময়ত মই বৃহৎ কৃষক মেলা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিলো৷ তাৰেই ফলাফল আজি আমি কৃষি কুম্ভৰ ৰূপত দেখিবলৈ পাইছোঁ৷ এই উত্তম প্ৰয়াসৰ বাবে মই যোগী মহোদয় আৰু তেওঁৰ দলটোক অভিনন্দন জনাইছোঁ৷ মই ইজৰাইল আৰু জাপানৰ চৰকাৰৰো ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ কিয়নো তেওঁলোক আমাৰ এই আয়োজনত সহযোগীৰূপে উপস্থিত আছে৷ ঠিক তেনেদৰে সহযোগী ৰাজ্যৰ ৰূপত হাৰিয়ানাইও এই আয়োজনৰ পৰা যথেষ্ট লাভান্বিত হ’ব৷ বন্ধুসকল, কুম্ভ শব্দ যেতিয়া কোনো আয়োজনৰ সৈতে জড়িত হয় তেতিয়াৰ তাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি হয়৷ কুম্ভ এটা দিশৰ পৰা মানৱতাৰ, বিচাৰ–বিমৰ্শৰ এক অনন্ত–প্ৰবাহস্বৰূপ৷ মোৰ বিশ্বাস যে এই পৰম্পৰা, এই ভাৱনাক এই কৃষি কুম্ভই বাস্তৱায়িত কৰিব আৰু অনাগত দিনক কৃষি ক্ষেত্ৰক বিকশিত কৰাৰ বাবে প্ৰযুক্তি আৰু অন্য অৱকাশৰ পথ মুকলি হ’ব৷ বন্ধুসকল, মোক কোৱা হৈছে যে এই মেলাত প্ৰায় ২০০টা ষ্ট’ল স্থাপন কৰা হৈছে য’ত কৃষকসকলক নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত কৰোৱা হৈছে, কৃষিৰ সৈতে জড়িত নতুন যন্ত্ৰ–পাতি ৰখা হৈছে৷ মোৰ বিশ্বাস যে কৃষকসকলে ইয়ালৈ আহি লাভান্বিত হ’ব আৰু উৎপাদন বৃদ্ধিৰ সৈতে গুণগতমানো সুনিশ্চিত কৰাত কৃষকসকলে সহায় লাভ কৰিব৷ বন্ধুসকল, সমগ্ৰ দেশত খাৰিফ শস্যৰ বতৰ সমাপ্ত হোৱাৰ পথত৷ সকলো কৃষক ভাই–ভনীসকল আজিকালি অত্যন্ত ব্যস্ত৷ এইবাৰো অভিলেখ সংখ্যক উৎপাদন হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷ উত্তৰ প্ৰদেশত পৰিশ্ৰমী কৃষকসকলে দেশৰ খাদ্যান্নৰ প্ৰায় ২০ শতাংশ উৎপাদন কৰে৷ ইয়াৰ বাবেও মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ৷ দেশৰ সমগ্ৰ বজাৰত ধান আৰু দাইলসহিতে বিভিন্ন ফচলৰ ক্ৰয় বিক্ৰয় চলিব ধৰিছে৷ মোক কোৱা হৈছে যে ৰাজ্যসমূহৰ বিভিন্ন স্থানত ইয়াৰ বাবে ব্যাপক ব্যৱস্থাপনাও কৰা হৈছে৷ এইবাৰ কৃষকসকলে নতুন সমৰ্থন মূল্যৰ ভিত্তিত মূল্য লাভ কৰিছে৷ আপোনালোক সকলোৱে জানে যে চৰকাৰে ৰবি আৰু খাৰিফৰ ২১ বিধ ফচলৰ সমৰ্থন মূল্যত ঐতিহাসিক বৃদ্ধি কৰিছে৷ এই ফচলসমূহত এতিয়া লাভৰ অতিকমেও ৫০ শতাংশ প্ৰত্যক্ষ লাভ কৃষকসকলে যাতে পায় সেয়া নিশ্চিত কৰা হৈছে৷ বন্ধুসকল, উত্তৰ প্ৰদেশৰ কৃষকসকলে অভিলেখ কৰাৰ সময়তে যোগী মহোদয়ৰ চৰকাৰে কৃষকৰ পৰা সামগ্ৰী ক্ৰয় কৰাত অভিলেখ গঢ়িব ধৰিছে৷ আৰু সেইবাবে মই যোগী মহোদয়ৰ চৰকাৰক অভিনন্দন জনাইছোঁ৷ ঘেঁহুৰ ক্ষেত্ৰত এইবাৰ প্ৰায় ৫০–৫৫ লাখ মেট্ৰিকটন ঘেঁহু ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ চৰকাৰে কেৱল ৭–৮ লাখ মেট্ৰিক টনহে ক্ৰয় কৰিছিল৷ অৰ্থাৎ ৭–৮ গুণ কৃষকৰ পৰা ক্ৰয় কৰি তেওঁলোকে যাতে উপযুক্ত দাম পায় সেই চিন্তা ভাৰতীয় জনতা দলৰ যোগী মহোদয়ৰ চৰকাৰে কৰিছে৷ কেৱল এয়াই নহয়, যি ক্ৰয় কৰা হৈছে সেয়া ই–উপাৰ্জন অৰ্থাৎ প্ৰযুক্তিৰ জৰিয়তে প্ৰত্যক্ষভাৱে কৃষকসকলক প্ৰদান কৰা হৈছে, যাৰ দ্বাৰা মধ্যভোগীসকল প্ৰণালীৰ পৰা নোহোৱা হৈছে৷ বন্ধুসকল, এই পৰিৱৰ্তন কেৱল ধান আৰু ঘেঁহুৰ ক্ষেত্ৰতেই নহয়, কুঁহিয়াৰৰ ক্ষেত্ৰতো এই পৰিৱৰ্তন স্পষ্টভাৱে পৰিলক্ষিত হৈছে৷ এই ঋতুত প্ৰায় ২৭ হাজাৰ কোটিতকৈও অধিক টকা কৃষকসকলক প্ৰদান কৰা হৈছে৷ কেৱল এয়াই নহয়, যোৱা বাৰৰ বকেয়াৰ পৰাও প্ৰায় ১১ হাজাৰ কোটি কৃষকসকলক প্ৰদান কৰা হৈছে৷ মোক কোৱা হৈছে যে চেনীৰ মিলত যি বকেয়া বাকী আছে সেয়াও অতিশীঘ্ৰে প্ৰদান কৰাৰ প্ৰয়াস যোগী চৰকাৰে কৰি আছে৷ উত্তৰ প্ৰদেশৰ চৰকাৰে প্ৰথমবাৰলৈ আলু ক্ৰয় কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ দ্বাৰা মই অতিশয় সুখী হৈছোঁ৷ ইয়াৰ দ্বাৰা নিশ্চিত ৰূপত পূৰ্বে আলুৰ উচিত মূল্য পোৱাত সমস্যা পোৱা কৃষকসকল লাভান্বিত হ’ব৷ বন্ধুসকল, উত্তৰ প্ৰদেশ হোৱা এই প্ৰয়াসসমূহ কেন্দ্ৰীয় চৰকাৰৰ সেইসমূহ প্ৰতিশ্ৰুতিৰ অংশ যাৰ দ্বাৰা গাঁও আৰু কৃষক আমাৰ আৰ্থিক চিন্তনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে৷ আমাৰ স্পষ্ট অভিমত যে কৃষকসকলক কোনেও আগলৈ লৈ নানে, তাৰ পৰিৱৰ্তে কৃষকসকলে দেশক আগুৱাই লৈ যায়৷ এই কাৰণতেই চৰকাৰে কৃষি আৰু কৃষকৰ সৈতে জড়িত সমস্যাসমূহ সামান্য পৰিমাণে সম্পন্ন কৰাৰ পৰিৱৰ্তে সামূহিক ৰূপত সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ আমাৰ ধ্যান কৃষকসকলৰ সৰু সৰু সমস্যাসমূহ দূৰ কৰাত কেন্দ্ৰিত হৈছে৷ বন্ধুসকল, ২০২২ চনত যেতিয়া ভাৰতীয় স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষ সমাপ্ত হ’ব, সেইসময়ত দেশৰ কৃষকসকলৰ আয় যাতে দুগুণ হয় তাৰবাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে কম কষ্ট, অধিক লাভৰ নীতি দোহাৰি কৃষিখণ্ডত বৈজ্ঞানিক প্ৰযুক্তিৰ অভূতপূৰ্ব সমাবেশ ঘটোৱা হৈছে৷ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ এক শক্তিশালী ব্যৱস্থা দেশত প্ৰণয়ন কৰা হৈছে৷ ভূমি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বজাৰলৈ সংশোধন কৰাৰ অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সমগ্ৰ দেশত প্ৰায় ১৬ কোটিতকৈও অধিক ভূমি স্বাস্থ্য কাৰ্ড কৃষকসকলক প্ৰদান কৰা হৈছে যাৰ ৩ কোটি এই উত্তৰ প্ৰদেশতেই বিতৰণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে এয়া নিশ্চিত কৰাত সহজ হ’ব যে কোনবিধ ফচল সেই মাটিৰ বাবে উপযুক্ত হ’ব অথবা কোনবিধ সাৰ কিমান মাত্ৰাত প্ৰয়োগ কৰিব লাগিব৷ বন্ধুসকল, ভূমিৰ গুণগতমানৰ সৈৰে ইয়াৰ উপজাত শক্তি বাহাল ৰখাৰ বাবে জৈৱিক কৃষিক উৎসাহ প্ৰদান কৰা হৈছে, জাৱৰৰ পৰা যি সাৰ প্ৰস্তুত হয় তাৰ অধিক উপযোগিতাৰ বাবে কৃষকসকলক উৎসাহ প্ৰদান কৰা হৈছে৷ কিন্তু দেশৰ আৱশ্যক অনুসাৰে উৎপাদনো যাতে হওক তাৰবাবে ইউৰিয়াৰ দৰে সাৰৰ পৰ্যাপ্ত উপলব্ধতাও সুনিশ্চিত কৰা হৈছে৷ সেইদৰে জনসিঞ্চনৰ ব্যৱস্থাও শক্তিশালী কৰা হৈছে৷ বৃহৎ জলসিঞ্চন প্ৰকল্পৰ উপৰিও নতুন প্ৰযুক্তিক উৎসাহিত কৰা হৈছে৷ প্ৰতিটো টোপালত অধিক শস্যৰ বাবে কৃষকসকলক উৎসাহিত কৰা হৈছে৷ টোপাল জলসিঞ্চন, সুক্ষ্ণ সিঞ্চন আদি বৈজ্ঞানিক পদ্ধতি আমাৰ জলসিঞ্চন ব্যৱস্থাৰ অংশ হৈ পৰিছে৷ ইজৰাইলে জলসিঞ্চনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে৷ সেইদৰে জাপানো কৃষিৰ সৈতে জড়িত প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক ৰূপত কাম কৰি আছে৷ এই কৃষি কুম্ভৰ সহযোগী হোৱা হেতুকে আপোনালোক সকলোৱে, সমগ্ৰ দেশে এই দুয়োখন দেশৰ বিশেষজ্ঞৰ পৰা লাভান্বিত হ’ব পাৰিব৷ বন্ধুসকল, ইয়াৰ সৈতে বিদ্যুৎ তথা ডিজেল চালিত পাম্পসমূহ সৌৰ পাম্পলৈ পৰিৱৰ্তিত কৰাৰ দিশতো আগবাঢ়িছোঁ৷ এই ব্যৱস্থাসমূহৰ উপৰিও সিঞ্চনৰ এক ডাঙৰ সংসাধন হ’ল আমাৰ পাম্প, সেয়ে এই দিশতো আমি প্ৰয়াস কৰিছোঁ৷ বিদ্যুৎ অথবা ডিজেল চালিত এই পাম্পসমূহক সূৰ্যৰ শক্তিক দ্বাৰা চলোৱা পাম্পলৈ পৰিৱৰ্তিত কৰাৰ ব্যাপক অভিযান চলিব ধৰিছে৷ ইয়াৰ অধীনত অনাগত চাৰিটা বৰ্ষৰ ভিতৰত প্ৰায় ২৮ লাখ কৃষকৰ খেতিত সৌৰ পাম্প লগোৱা হ’ব৷ ইয়াৰ দ্বাৰা কৃষকসকলে বিনামূলীয়া বিদ্যুৎ লাভ কৰাৰ লগতে প্ৰয়োজন অনুসৰি বিদ্যুৎ বিতৰক কোম্পানীসমূহক বিক্ৰীও কৰিব পাৰিব৷ বন্ধুসকল, এটা সময় আছিল যেতিয়া আমাৰ কৃষকসকল আমাৰ অন্নদাতা আছিল, আজি তেওঁলোক উৰ্জাদাতা হোৱাৰ পথত আগবাঢ়িছে৷ অন্নদাতাও হয় আৰু এতিয়া উৰ্জাদাতাও হৈ পৰিব৷ বন্ধুসকল, এই অভিযানৰ দ্বাৰা কৃষকসকলৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিছে ইয়াৰ প্ৰমাণ পাইছিলো যেতিয়া কিছুদিন পূৰ্বে মই গুজৰাটলৈ গৈছিলোঁ তেতিয়া তাত এখন গাঁৱত কৃষক পৰিয়াল কিছুমানে একত্ৰিতভাৱে সৌৰ পেনেল আৰু সৌৰ পাম্পৰ কাম আৰম্ভ কৰা দেখা পাইছিলো৷ সূৰ্যৰ ৰশ্মিৰ দ্বাৰা বিদ্যুৎ উৎপন্ন কৰি তেওঁলোকে খেতিৰ কাম কৰিছিল, পাম্প চলাইছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ বিদ্যুতৰ প্ৰয়োজন পূৰণ হোৱাৰ লগতে প্ৰায় ৫০ হাজাৰ টকা প্ৰতিবৰ্ষত বিদ্যুৎ বিক্ৰী কৰি লাভ কৰিছে৷ বন্ধুসকল, বিজ্ঞানৰ প্ৰত্যক্ষ লাভ যাতে কৃষকসকলে লাভ কৰিব পাৰে তাৰবাবে চৰকাৰে গভীৰ প্ৰয়াস কৰিছে৷ কৃষক আৰু বৈজ্ঞানিকৰ দ্বাৰা, অনুসন্ধান কেন্দ্ৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ কাম কৰা হৈছে৷ যাতে যি কৃষিৰ সৈতে জড়িত, বীজৰ সৈতে জড়িত যিবোৰ নতুন তথ্য পোৱা যায়, সেইবোৰ অতি কম সময়ৰ ভিতৰতে যাতে কৃষকসকলে লাভ কৰিব পাৰে৷ ইয়াৰ বাবে সমগ্ৰ দেশৰ প্ৰায় ৭০০টা কৃষি বিজ্ঞান কেন্দ্ৰক এই দায়িত্ব প্ৰদান কৰা হৈছে৷ কৃষিৰ গৱেষণাৰ সৈতে জড়িত আধুনিক সংস্থা নিৰ্মাণ কৰা হৈছে৷ বাৰাণসীত নিৰ্মিত ৰাইচ ৰিছাৰ্চ চেণ্টাৰ এই দিশত এক বৃহৎ প্ৰয়াস হিচাপে পৰিগণিত হৈছে৷ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ অধিক দাম দিয়াৰ বাবে মূল্য সংযোজনৰ বাবেও চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ খাদ্য সংসাধন ক্ষেত্ৰত এশ শতাংশ এফডিআই কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে৷ আমিও জানো যে কেৱল বিলাহী বিক্ৰী কৰিলে দাম সস্তা হয় কিন্তু বিলাহীৰ চুপ অথবা বটলত ভৰাই বিক্ৰী কৰিলে অধিক টকা পোৱা যায়৷ কেঁচা আম বিক্ৰী কৰি দাম কম পোৱা যায় কিন্তু ইয়াৰ আচাৰ বনাই বিক্ৰী কৰিলে অধিক টকা পোৱা যায়৷ এয়াই হ’ল মূল্য সংযোজন৷ ইয়াৰোপৰি এই বৰ্ষত বাজেটত বিলাহী, পিয়াঁজ আৰু আলুৰ উৎপাদনৰ সৈতে জড়িত মূল্য সংযোজনৰ বাবে ৫০০ কোটি টকাৰ পৰিমাণেৰে টিঅ’পি যোজনাৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ দ্বাৰাও উত্তৰ প্ৰদেশৰ আলু কৃষকসকল যথেষ্ট লাভান্বিত হ’ব৷ ইয়াৰ জৰিয়তে কৃষি ক্ষেত্ৰত বিনিয়োগৰ পথ মুকলি হ’ব৷ মোক কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ বিনিয়োগকাৰীৰ সন্মিলনত খাদ্য সংসাধন কেন্দ্ৰ অৰ্থাৎ কৃষি উৎপাদন ক্ষেত্ৰত মূল্য বৃদ্ধিত প্ৰায় ১৬ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পোৱা গৈছিল৷ ইয়াৰে চাৰে তিনি হাজাৰ কোটিৰ ১৪টা যোজনাৰ ইতিমধ্যেই লোকাৰ্পণো হৈছে৷ বন্ধুসকল, এয়া এনেকুৱা কাম য’ত কৃষিকো লাভজনক হিচাপে প্ৰস্তুত কৰিব পাৰি, ইয়াৰোপৰি অন্য মাধ্যমৰ জৰিয়তেও কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে৷ সেউজ বিপ্লৱৰ সফল প্ৰয়োগৰ পিছত এতিয়া আমি শ্বেত বিপ্লৱ, মিঠা বিপ্লৱ, নীলা বিপ্লৱৰ দৰে নতুন পথত অগ্ৰসৰ হৈছোঁ৷ দুগ্ধ উৎপাদনেই হওক, মৌ উৎপাদনেই হওক, কণী অথবা মীন উৎপাদনেই হওক, দেশে নতুন নতুন অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে৷ দুদিন পূৰ্বেই ভাৰত চৰকাৰে মীন উৎপাদনৰ সৈতে জড়িত কৃষক পৰিয়ালসমূহক, মাছুৱৈ ভাই–ভনীসকলৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰে চাৰে সাত হাজাৰ কোটি টকাৰ এক নতুন পুঁজিৰ অনুমোদন জনাইছে৷ বন্ধুসকল, এই কৃষি কুম্ভত উপস্থিত আপোনালোক সকলো কৃষক, কৃষিৰ সৈতে জড়িত বিশেষজ্ঞ, বৈজ্ঞানিক, ভাৰতৰ অৰ্থ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ৷ কাৰণ আপোনালোকে যি কাম কৰি আছে ইয়াৰ দ্বাৰা অনাগত সময়ত দ্ৰুত গতিত উত্থান হোৱা আমাৰ আৰ্থিক সামৰ্থত এক বৃহৎ প্ৰভাৱ পৰিব৷ মই আপোনালোকৰ পৰা আশা কৰিছোঁ যে এই কৃষি কুম্ভত কৃষকসকলৰ সৈতে বহি কৃষিৰ সৈতে জড়িত প্ৰযুক্তিৰ ওপৰত গভীৰ আলোচনা কৰক৷ খাদৰ ব্যৱহাৰ কিদৰে কম হওক, কম পানীৰ উচিত ব্যৱহাৰ কিদৰে হওক, ফচল ভাণ্ডাৰৰ প্ৰযুক্তি কিদৰে উন্নত হওক, ৰবট আৰু ড্ৰোণৰ দৰে প্ৰযুক্তি কৃষিত কিদৰে কৰা হওক, এনে অনেক বিষয় আছে যাৰ ওপৰত আৰু অধিক কাম কৰাৰ প্ৰয়োজন আছে৷ ইয়াৰোপৰি নৰাসমূহ যাক আমি জাবৰ বুলি কওঁ, তাকো কিদৰে প্ৰযুক্তিৰ জৰিয়তে সম্পত্তিলৈ পৰিৱৰ্তিত কৰিব পাৰি, কৃষিৰ কোনোটো বস্তুৱেই অযথা নহয়, ফচলৰ পূৰ্বেও আৰু ফচলৰ পিছতো৷ খেতিৰ প্ৰতিটো বস্তুৱেই সোণ৷ কৃষতে যদি সেয়া সোণাৰীৰ দৰে ব্যৱহাৰ কৰে তেন্তে খেতিৰ কোনোটো বস্তুৱে পেলনি নাযাব৷ জাবৰো সোণ হৈ পৰিব৷ জাবৰো সম্পত্তি হৈ পৰিব৷ ইয়াৰ ওপৰতো ব্যাপক ৰূপত কাম কৰাৰ প্ৰয়োজন আছে৷ চৰকাৰে এতিয়া নৰাসমূহ জ্বলোৱাটো ৰোধ কৰিবলৈ কৃষকসকলক মেচিনৰ বাবে ৫০ৰ পৰা ৮০ শতাংশলৈ ৰেহাই প্ৰদান কৰি আছে৷ কিন্তু আমি প্ৰযুক্তিভিত্তিক কিছু এনে দিশত আগবাঢ়িব লাগিব যাৰ দ্বাৰা আমাৰ কৃষক ভাইসকলে নৰা জ্বলোৱাৰ পৰা বিৰত থাকিব পাৰে আৰু ইয়াৰ দ্বাৰা প্ৰকৃতিও সুৰক্ষিত হৈ থাকিব৷ মোৰ বিশ্বাস যে অনাগত তিনিটা দিনত কৃষিক্ষেত্ৰক লাভদায়ক কৰাৰ বাবে এই বিষয়সমূহৰ ওপৰত আৰু ইয়াত মূল্য সংযোজন কিদৰে হ’ব, এই বিষয়ত আপোনালোকে চৰ্চা কৰিব৷ বিশেষ ৰূপত উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত, তাৰে আৱশ্যক অনুসৰি কিদৰে নতুন প্ৰয়োগ কৰা হ’ব, ইয়াৰ ওপৰতো চৰ্চা কৰা হ’ব৷ এই কৃষি কুম্ভই উত্তৰ প্ৰদেশৰ সৈতে সমগ্ৰ দেশৰ কৃষি ব্যৱস্থাক এক নতুন দিশ প্ৰদান কৰিব, এই আশাৰ সৈতে পুনৰ বাৰ আপোনালোক সকলোকে অশেষ শুভকামনা যাছিলো৷ বহুত বহুত ধন্যবাদ!
লক্ষ্ণৌত অনুষ্ঠিত হোৱা ‘কৃষি কুম্ভ ২০১৮’ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%9C%E0%A6%BE-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AE-%E0%A6%9C%E0%A6%BF%E0%A6%97%E0%A6%AE%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%9C%E0%A6%BE-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%AE-%E0%A6%9C%E0%A6%BF%E0%A6%97%E0%A6%AE%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগ্যেল ৱাংচুকক সাক্ষাৎ কৰে৷ দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাৰত-ভূটানৰ ঘনিষ্ঠ আৰু অনন্য বন্ধুত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ধাৰণাৰ বিষয়ে আলোচনা কৰে। শ্ৰী মোদীয়ে ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত একেৰাহে ড্ৰুক গ্যালপ’ছে প্ৰদান কৰা পথ প্ৰদৰ্শক দৃষ্টিভংগীৰো শলাগ লয়।” এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “ভূটানৰ মহামহিম ৰজাৰ সৈতে এখন উষ্ম বৈঠকত মিলিত হ’লো৷ আমি ভাৰত-ভূটানৰ মাজৰ ঘনিষ্ঠ আৰু অনন্য বন্ধুত্বক আৰু অধিক শক্তিশালী কৰিবলৈ বিভিন্ন ধাৰণাৰ বিষয়ে আলোচনা কৰিলো। আমাৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত একেৰাহে ড্ৰুক গ্যালপ’ছে প্ৰদান কৰা পথ প্ৰদৰ্শক দৃষ্টিভংগীৰ শলাগ লৈছো।”
ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগ্যেল ৱাংচুকক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%97%E0%A6%A4-%E0%A7%AE-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A6%A4-%E0%A6%AF%E0%A7%81%E0%A7%B1%E0%A6%95-%E0%A6%AF%E0%A7%81%E0%A7%B1%E0%A6%A4%E0%A7%80%E0%A6%B8%E0%A6%95%E0%A6%B2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%97%E0%A6%A4-%E0%A7%AE-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A6%A4-%E0%A6%AF%E0%A7%81%E0%A7%B1%E0%A6%95-%E0%A6%AF%E0%A7%81%E0%A7%B1%E0%A6%A4%E0%A7%80%E0%A6%B8%E0%A6%95%E0%A6%B2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত যুৱক-যুৱতীসকলৰ বিকাশ সাধনৰ বাবে লোৱা পদক্ষেপৰ সবিশেষ শ্বেয়াৰ কৰে৷ তেওঁ তেওঁৰ ৱেবছাইট, নমো এপ আৰু মাইগভৰ পৰা এই ক্ষেত্ৰত লোৱা পদক্ষেপৰ সন্দৰ্ভত লিখা প্ৰৱন্ধ আৰু টুইটসমূহ শ্বেয়াৰ কৰে৷ প্ৰধানমন্ত্ৰীয়ে টুইটত কয়, “ভাৰতৰ যুৱ শক্তি আমাৰ বাবে ডাঙৰ শক্তি৷ আমাৰ যুৱক-যুৱতীসকলে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিত অৱদান আগবঢ়াইছে৷ এই প্ৰৱন্ধসমূহে যুৱ প্ৰজন্মৰ বিকাশৰ ক্ষেত্ৰত লোৱা মুল পদক্ষেপসমূহক প্ৰতিফলিত কৰিছে৷ #8SaalYuvaShaktiKeNaam” আমাৰ ৮ বছৰীয়া চৰকাৰে যুৱক-যুৱতীসকলৰ সপোন বাস্তৱ কৰাৰ লগতে তেওঁলোকৰ সম্ভাৱনাক পৰিপূৰ্ণ কৰিছে৷ ইয়াৰ বাবে চাওক… #8SaalYuvaShaktiKeNaam” “দেশৰ যুৱ শক্তি নতুন ভাৰতৰ মুলস্তম্ভ আৰু বিগত আঠ বছৰত আমি তেওঁলোকক শক্তিশালী কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰখা নাই৷ নতুন শিক্ষা নীতিয়েই হওক বা আইআইটি আৰু আইআইএমৰ প্ৰসাৰেই হওক, নতুন ষ্টাৰ্টআপ আৰু ইউনিকৰ্ণৰ পৰা আদি কৰি খেলো ইণ্ডিয়া কেন্দ্ৰলৈকে, যুৱক-যুৱতীসকলৰ বাবে প্ৰতিটো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।”
বিগত ৮ বছৰত যুৱক-যুৱতীসকলৰ বিকাশ সাধনৰ বাবে লোৱা পদক্ষেপৰ সবিশেষ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A7%A8%E0%A7%AF-%E0%A7%A7%E0%A7%A6-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AD-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95-%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88-%E0%A7%A8%E0%A7%AF-%E0%A7%A7%E0%A7%A6-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%AD-%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE%E0%A6%9F%E0%A6%95-%E0%A6%AD/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কৰ্ণাটক ভ্ৰমণ কৰিব। দিনযোৰা ভ্ৰমণৰ সময়ত তেওঁ তিনিখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। ধৰমশালাৰ শ্ৰী মঞ্জুনাথা স্বামী মন্দিৰত পূজা অৰ্চনাৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ পাতনি মেলিব। ইয়াৰ পাছতে উজিৰত তেওঁ এখন জনসভাত ভাষণ আগবঢ়োৱাৰ লগতে শ্ৰী ক্ষেত্ৰ ধৰমশালা গ্ৰামোন্নয়ন প্ৰকল্পৰ হিতাধিকাৰীক ৰুপে কাৰ্ড প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আত্মসহায়ক গোটসমূহে নগদবিহীন ডিজিটেল লেনদেন কৰিবলৈ সক্ষম হ’ব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে বাংগালুৰুলৈ যাত্ৰা কৰিব, য’ত তেওঁ দশামহ সৌন্দৰ্য লহৰী পৰানোৎসৱ মহাসমৰ্পনেত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব। সৌন্দৰ্য লহৰী হৈছে আদি শংকৰাচাৰ্যৰ দ্বাৰা ৰচিত শ্লোকৰ সমষ্টি। এই শ্লোকসমূহ একেলগ কৰি বিশাল পৰিসৰত জপ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলি ভাগত বিদাৰত প্ৰধানমন্ত্ৰীয়ে বিদাৰ-কলাবুৰাগী সংযোগী নতুন ৰে’ল পথৰ শুভাৰম্ভ কৰাৰ লগতে এখন ৰাজহুৱা সভাৰ ভাষণ আগবঢ়াব।
কাইলৈ (২৯-১০-২০১৭) কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A6%97%E0%A6%A1%E0%A6%BC%E0%A7%B0-%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9B%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A6%97%E0%A6%A1%E0%A6%BC%E0%A7%B0-%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত ছত্তিশগড়ৰ শিল্পী শ্ৰী শ্ৰৱণ কুমাৰ শৰ্মাক সাক্ষাৎ কৰে। শিল্পীগৰাকীয়ে তেওঁ অংকন কৰা প্ৰধানমন্ত্ৰীৰ এখন চিত্ৰ শ্ৰী মোদীৰ হাতত তুলি দিয়ে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "ছত্তিশগড়ৰ প্ৰতিভাশালী শিল্পী শ্ৰী শ্ৰৱণ কুমাৰ শৰ্মাক সাক্ষাৎ কৰিলোঁ। তেওঁ বহু বছৰ ধৰি ছবি আঁকি আহিছে আৰু জনজাতীয় কলাৰ প্ৰতি অতি উৎসাহী।"
ছত্তিশগড়ৰ শিল্পী শ্ৰী শ্ৰৱণ কুমাৰ শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%A4%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%87%E0%A6%9B-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%A4%E0%A7%87%E0%A6%B2-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A7%87%E0%A6%9B-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সোমবাৰে বিশ্বৰ তেল আৰু গেছ প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে এক আলোচনাত মিলিত হয়। ৰছনেফট্‌, বিপি, ৰিলায়েন্স, ছৌদি আৰামকো, এক্সন মোবিল, ৰয়েল ডাচ্চ শেল, বেদান্ত, উড মেকেনজী, আইএইচএছ মার্কিট, স্কালমবার্গাৰ, হালিবাৰ্টন্, এক্সকোল, অ’এনজিচি, ইণ্ডিয়ান অইল, গেইল, পেট্রোনেট এলএনজি, অইল ইণ্ডিয়া, এইচপিচিএল, ডেলোনেক্স এনার্জি, এনআইপিএফপি, ইন্টাৰনেচনেল গেছ ইউনিয়ন, বিশ্ব বেংক আৰু ইন্টাৰনেচনেল এনার্জি এজেন্সিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। আলোচনাত কেন্দ্রীয় মন্ত্রী শ্রী ধর্মেন্দ্র প্রধান আৰু শ্রী আৰ কে সিঙৰ উপৰি নীতি আয়োগ, প্রধানমন্ত্রীৰ কাৰ্যালয়, পেট্র’লিয়াম মন্ত্রালয় তথা বিত্ত মন্ত্রানয়ৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। এই আলোচনামুলৰ বৈঠকৰ আয়োজন কৰে নীতি আয়োগে। বৈঠকত কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ বিভাগৰ মন্ত্রী শ্রী ধর্মেন্দ্র প্রধান আৰু শ্রী ৰাজীৱ কুমাৰ সিং তথা নীতি আয়োগৰ উপাধ্যক্ষই তেল আৰু গেছ খণ্ডৰ কাম-কাজ তথা সাফল্যৰ এটি চমু খতিয়ান তুলি ধৰে। ভাৰতৰ বিদ্যুৎ আৰু ৰন্ধন গেছৰ খণ্ডৰ সম্ভাব্য চাহিদাৰ বিষয়টো তেওঁলোকে বৈঠকত ব্যাখ্যা আগবঢ়ায়। বৈদ্যুতিকৰণ আৰু এলপিজিৰ প্রসাৰৰ ক্ষেত্রত যি গুৰুত্বপূর্ণ অগ্রগতি লক্ষ্য কৰা হৈছে, সেই সন্দৰ্ভতো ব্যখা আগবঢ়ায়। চমু উপস্থাপনৰ জৰিয়তে সাম্প্রতিক সময়ত ভাৰতৰ তেল আৰু গেছ খণ্ডৰ যি উন্নয়ন আৰু প্ৰত্যাহ্বান লক্ষ্য কৰা গৈছে, তাৰ বিষয়ে সকলোৰে আগত তুলি ধৰে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্রী অমিতাভ কান্তে। বৈঠকত উপস্থিত মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়াসকলে যোৱা তিনি বছৰত প্ৰধানমন্ত্ৰীয়ে ভাৰত লোৱা সংস্কাৰ আৰু অগ্রগতিমুলক প্রচেষ্টাৰ ভুয়সী প্রশংসা কৰে। শক্তি খণ্ডৰ সংস্কাৰমুলক প্রচেষ্টাত যি গতি আৰু চালিকা শক্তি ৰূপে বহন কৰিছে, সেই ক্ষেত্ৰতো প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ শলাগ লয় মুখ্য কাৰ্যবাহী বিষয়াসকলে। এটা একক শক্তি নীতি, ঠিকা সম্পর্কীয় পৰিকাঠামো ব্যৱস্থা, ভূ-কম্পন সম্পর্কীত তথ্য আৰু পৰিসংখ্যা, জৈৱ শক্তি ব্যৱহারত উৎসাহ যোগোৱা, গেছৰ যোগান বৃদ্ধি, এটি গেছ হাব গঢ়ি তোলা আৰু নিয়ন্ত্রণ ব্যৱস্থা সম্পর্কীত বিভিন্ন বিষয়ৰ সন্দৰ্ভতো তেওঁলোকে আলোকপাত কৰে। জিএছটি’ৰ পৰিকাঠামোত গেছ আৰু বিদ্যুতৰ অন্তর্ভুক্তিৰ সমর্থনত অংশগ্রহণকাৰী বিষয়াসকলৰ অধিকাংশই পৰামৰ্শ প্ৰদান কৰে। এই সন্দৰ্ভত কেন্দ্রীয় ৰাজহ সচিব শ্রীহংসমুখ আধিয়াই তেওঁৰ বক্তব্যত তেল আৰু গেছ খণ্ডৰ সম্পর্কে জিএছটি পৰিষদৰ শেহতীয়া সিদ্ধান্তসমূহ উল্লেখ কৰে। বৈঠকত উপস্থিত অন্যান্য লোকসকলে আগবঢ়োৱা আলোচনা আৰু মতামতৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনায়। তেওঁ কয় যে ২০১৬ বৰ্ষত অনুষ্ঠিত অন্তিম বৈঠককে এনে বহু প্রস্তাৱ আৰু পৰামৰ্শ পোৱা গৈছিল, যি নীতি ৰচনাৰ ক্ষেত্রত বিশেষভাবে সহায় কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এতিয়াও বিভিন্ন ক্ষেত্রত যথেষ্ট পৰিমাণে সংস্কাৰৰ সুযোগ আৰু সম্ভাৱনা আছে বুলি উল্লেখ কৰে। আজিৰ বৈঠক উপস্থিত থকা মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য বিষয়াসকলে যিদৰে মূল্যবান প্রস্তাৱ আৰু পৰামর্শ আগবঢ়ালে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে ধন্যবাদ জনায়। বৈঠকত অংশগ্রহণকাৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়াসকলে কেৱল তেওঁলোকৰ নিজৰ নিজৰ সংস্থা আৰু প্রতিষ্ঠানৰ সমস্যা তথা সম্ভাৱনাকে তুলি নধৰি তেল আৰু গেছ খণ্ডৰ সৰ্বাংগীন উন্নয়নত যিভাবে মতামত আগবঢ়ালে, তাৰবাবে বিষয়াসকলক ভুয়সী প্রশংসা কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে যিবোৰ প্রস্তাৱ আৰু পৰামর্শ আজিৰ বৈঠকত উত্থাপন হৈছে, সেয়া নীতি, প্রশাসন আৰু নিয়ন্ত্রক ব্যৱস্থাৰ বাবে যথেষ্ট মূল্যবান। প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ শক্তি আৰু ৰন্ধন গেছৰ সহযোগিতা প্রসাৰত প্ৰতিস্ৰুতি প্ৰদান কৰাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ৰছনেফ্‌ট কর্তৃপক্ষক অশেষ ধন্যবাদ জনায়। ২০৩০ চনৰ লক্ষ্যৰে ছৌদি আৰৱৰ সৈচে গৃহীত দৃষ্টিভংগীৰো বিশেষ প্রশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ ছৌদি আৰৱ ভ্ৰমণৰ স্মৃতি ৰোমন্থণ কৰি প্রধানমন্ত্রীয়ে কয় যে সেই দেশত শক্তি খণ্ডৰ প্রসাৰ আৰু উন্নয়নত কেইবাটাও সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্রহণ কৰা হৈছে। অদূৰ ভৱিষ্যতে ভাৰত আৰু ছৌদি আৰবৰ মাজত সহযোগিতাৰ নতুন নতুন সুযোগ পৰিলক্ষিত হ’ব বুলি আশা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ শক্তি খণ্ডত বর্তমান যি অৱস্থাত আছে, তাৰ উন্নতি ঘটোৱা অতি প্রয়োজন। এক সুসংবদ্ধ শক্তি নীতি অনুসৰণৰ বাবে বিভিন্ন প্রস্তাৱ আৰু পৰামর্শক আদৰণী জনাই প্ৰধানমন্ত্ৰীয়ে। পূর্ব ভাৰতত শক্তি আন্তঃগাঁথনিৰ প্রসাৰ আৰু সুলভ মুল্যত বিদ্যুৎ প্ৰদানৰ প্রয়োজনীয়তা আছে বুলি তেওঁ বিশ্বাস কৰে। জৈৱ শক্তিৰ সম্ভাৱনাৰ বিষয়টো বিশেষভাবে গুৰুত্ব আৰোপ কৰে প্রধানমন্ত্রীয়ে। কয়লাৰ পৰা গেছ উৎপাদনৰ লক্ষ্যৰে যৌথ উদ্যোগৰ ওপৰত জোৰ দি তেল আৰু গেছ খণ্ডৰ উদ্ভাৱন আৰু গৱেষণা প্রচেষ্টাৰ সম্ভাৱনাৰ বিষয়সমূহক আন্তৰিকতাৰে আদৰণী জনায় প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে ভাৰত বর্তমান অধিক স্বচ্ছতাৰ লক্ষ্যৰে আগুৱাই গৈছে। সেয়েহে স্বচ্চ শক্তিৰ উদ্ভাৱন আৰু বিদ্যুতৰ জৰিয়তে এক দক্ষ অর্থনীতিৰ বিকাশ ঘটোৱা প্রয়োজন। ইয়াৰ সুফল যাতে সমাজৰ সকলো স্তৰৰ মানুহে লাভ কৰে, বিশেষকৈ দৰিদ্রসকলৰ ওচৰত পায়, সেই লক্ষ্যৰে সামূহিক প্রচেষ্টাৰ আহ্বান জনায় প্রধানমন্ত্রীয়ে।
বিশ্বৰ তেল আৰু গেছ প্ৰতিষ্ঠাসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A6%87%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A6%A8-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B9%E0%A6%BE%E0%A6%87%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%AC%E0%A6%A8-%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%A4-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত হাইড্র’কার্বন খণ্ডত ভাৰত-বাংলাদেশ সহযোগিতামুলক পৰিকাঠামো চুক্তিৰ (FOU)স্বাক্ষৰৰ প্রস্তাৱত আজি অনুমোদন জনায়। সহযোগিতা পৰিকাঠামো চুক্তি স্বাক্ষৰৰ প্ৰধান উদ্দেশ্য হৈছে হাইড্র’কার্বন খণ্ডত সমতা আৰু পাৰস্পৰিক কল্যাণৰ এক উন্নত সহযোগিতামুলক পৰিবেশৰ ভিত্তিত ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সহযোগিতা প্রসাৰত এক প্রতিষ্ঠানগত ব্যৱস্থা গঢ়ি তোলা। চুক্তি পৰিকাঠামো স্বাক্ষৰৰ প্রস্তাৱত স্থানীয় তথা আঞ্চলিক পর্যায়ত দ্বিপাক্ষিক সহযোগিতা প্রসাৰৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ফলত এফালে যিমান উন্নয়নমূলক কাম-কাজে বিশেষ গতি লাভ কৰিব, আনফালে সিমানেই বিকাশৰ লক্ষ্যৰে দুটি দেশৰ সপোন আৰু আশা-আকাংক্ষা বাস্তবায়িত হ’ব আৰু এখন সমৃদ্ধিশালী আৰু শান্তিপূর্ণ দক্ষিণ এছিয়া গঢ় দিয়াৰ লক্ষ্যৰে ভাৰত আৰু বাংলাদেশ উভয়ৰে এটা সাধাৰণ দৃষ্টিভংগী আছে। প্ৰস্তাৱিত চুক্তিখন বাধ্যতামুলক নহয় আৰু এইখন কেৱল ৫ বছৰৰ বাবে বৈধ থাকিব।
হাইড্র’কার্বন খণ্ডত ভাৰত-বাংলাদেশৰ মাজত সহযোগিতামুলক পৰিকাঠামো চুক্তিৰ স্বাক্ষৰৰ বাবে কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%BF%E0%A6%9F%E0%A7%80-%E0%A6%86%E0%A7%9F%E0%A7%8B%E0%A6%97%E0%A7%87-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%95%E0%A7%B0%E0%A6%BE-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%BF%E0%A6%9F%E0%A7%80-%E0%A6%86%E0%A7%9F%E0%A7%8B%E0%A6%97%E0%A7%87-%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BF%E0%A6%A4-%E0%A6%95%E0%A7%B0%E0%A6%BE-2/
আপোনালোকে কালিৰে পৰা নিজৰ বহুমুলীয়া সময় ব্যয় কৰি দেশত কি আছে, কেনে আছে, কিয় আছে ইত্যাদি দিশত মন্থন কৰি আছে। নিজৰ নিজৰ অভিজ্ঞতাৰে বেলেগ দৃষ্টিভংগীৰে দেশৰ ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখিছে। চৰকাৰ যি নীতি নিৰ্ধাৰক টীম আছে, সকলো আজি ইয়াত সমবেত হৈছে। আপোনালোকৰ প্ৰতিটো কথা মই ভালদৰে বুজিবলৈ চেষ্টা কৰিছোঁ। চৰকাৰে বিভিন্ন এটা দৃষ্টিভংগীৰে কাম কৰিলে, আন এটা থাকি যায়। কিন্তু এনে আলোচনাই এই সকলো দিশ খৰচি মাৰি নিবলৈ সক্ষম হয়। এনে আলোচনাই নীতি প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে ইয়াৰ কাৰ্যকৰী কৰাৰ ৰোড মেপ প্ৰস্তুত কৰে, সেয়েহে এনে আলোচনা যথেষ্ট কামত আহে। এনেকুৱা হ’ব নোৱাৰে যে প্ৰধানমন্ত্ৰীৰ মনত যি আহে, তাকে চৰকাৰে কাৰ্যকৰী কৰিব। অন্যথা দেশ আগবাঢ়িব নোৱাৰিব। কেতিয়াবা কেতিয়াবা প্ৰধানমন্ত্ৰীয়েও নিজৰ বিচাৰ ত্যাগ কৰিব লগাত পৰে। আপোনালোকেও যিমানবোৰ ক’লে, সেইবোৰৰ কিছুমান কামত নাহে। যিবোৰ কামত আহিব সেইবোৰে নিশ্চিতভাৱে পৰিৱৰ্তন আনিব। আপোনালোকে যি দায়ৱদ্ধতাৰে কাম কৰি আছে, সেইবোৰ ফলাফল কেন্দ্ৰিক। জনতাৰ কল্যান সাধনেই সকলো দৃষ্টিভংগীৰ মুল। চৰকাৰৰ মুল কাম হৈছে দেশৰ একেবাৰে দুখীয়া লোকসকলৰ কল্যান সাধন কৰা। প্ৰত্যেকৰে মনত বেলেগ চিন্তাধাৰা আছে, কিন্তু চৰকাৰে এই সকলোবোৰ পুৰণ কৰিব পৰাটো সম্ভৱ নহয়। কিন্তু তেওঁলোকৰ চিন্তাধাৰাক লৈ কাম কৰিলে, তেওঁলোকক চৰকাৰৰ সৈতে জড়িত কৰিব পৰা যাব আৰু ইয়াৰ ফলত নিশ্চিতভাৱে কামত আহিব। কিন্তু যদি চৰকাৰৰ এজেণ্ট হিচাপে ইয়াত বহি আছে, তেন্তে আপোনালোকৰ কথা কোৱাৰ ধৰণ বেলেগ হ’ব। যদি চৰকাৰৰ সহযোগী হিচাপে আহিছে, তেন্তে এনে কথা ক’ব, যিটো আমি বাস্তৱ ৰূপ দিব পৰা যায়। অৰ্থাৎ সকলো লোকৰ মনত নিজৰ দেশ খনৰ প্ৰতি সহানুভূতি জাগ্ৰত কৰি সকলো সমস্যা, জটিলতা সমাধানৰ প্ৰতি মই গুৰুত্ব দিছোঁ। সকলোকে সামৰি লোৱাৰ যত্ন কৰিছোঁ। আমাৰ দেশ ৬০০ বছৰ পৰাধীন হৈ আছিল, কিন্তু এনেকুৱা নাছিল যে কোনেও কেতিয়াও স্বাধীনতাৰ বাবে দাবী উত্থাপন কৰা নাছিল। স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰা লোক কম নাছিল। এজনক ফাঁচি দিলে, আন এজন সংগ্ৰামত নামি পৰিছিল। এনেকৈয়ে এজন পিছত আন এজনে মৃত্যুক আকোঁৱালি লৈছিল। সকলোৱে আত্ম বলিদান দি দেশ সেৱা কৰিছিল। এনে পৰিপেক্ষিতত মহাত্মা গান্ধীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছিল, সেই কথাবোৰে আমাক ২১০৭ ৰ পৰা ২০২২ চনৰ ভিতৰত কেনেদৰে আগবাঢ়িব পাৰে, তাৰ উপায় নিশ্চয় দিব। তেওঁ আন্দামান নিকোবৰৰ কাৰাগাৰত থাকিও দেশবাসীক স্বাধীনতাৰ সকলো কৌশল প্ৰস্তুত কৰিছিল। নিজৰ অন্যান্য কাম থকা সত্ত্বেও মহাত্মা গান্ধীয়ে সকলো ভাৰতীয়ক স্বাধীনতা সংগ্ৰামৰ যোদ্ধা কৰি তুলিছিল। সেইদৰেই স্বাধীনতা সংগ্রামক জনসাধাৰণৰ এক আন্দোলন ৰূপে গঢ়ি তোলাৰ কামতো তেওঁ বিশেষভাবে সহায় কৰিছিল। উন্নয়ন প্রচেষ্টাকো জনসাধাৰণৰ এক আন্দোলন ৰূপে গঢ়ি তোলা প্রয়োজন। সকলোৰে মাজত এনে এক শক্তি আৰু আগ্রহ জগাই তোলা দৰকাৰ, যাতে অহা ২০২২ চনৰ ভিতৰত নতুন ভাৰত গঠনৰ লক্ষ্যৰে আমি কিবা নহয় কিবা ধৰণৰ নিজা অৱদান আগবঢ়াব পাৰোঁ। যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক উদ্দেশ্য কৰি তেওঁ কয় যে আপোনালোকক লৈয়েই মোৰ কর্মী গোট গঢ লৈ উঠিছে আৰু আমি সকলোৱে মিলি ভাৰতক বহু দূৰ আগুৱাই নিব পাৰিম। কৃষি ক্ষেত্রত মূল্য সংযোজনৰ জৰিয়তে কৃষকসকলৰ উপার্জন দুগুণ কৰি তোলাৰ দৰে নির্দিষ্ট লক্ষ্য পুৰণত বিভিন্ন পক্ষক লগত লৈ আমাৰ প্রচেষ্টা অব্যাহত ৰাখিব লাগিব। আমি খাদ্য প্রস্তুতকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আমাৰ দেশত আন্তঃগাঁথনিৰ অভাৱে কৃষি খণ্ডত ব্যাপক ক্ষতিসাধন কৰিছে। আমাৰ চৰকাৰৰ একাধিক গুৰুত্বপূর্ণ সিদ্ধান্তই দেশৰ বিভিন্ন ক্ষেত্ৰত মৌলিক পৰিৱর্তনৰ সূচনা কৰিছে। ইউৰিয়াৰ যোগান আৰু উৎপাদন সুলভ কৰি তুলিবলৈ যিবোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। অতিৰিক্ত উৎপাদনৰ বাবে বিশেষ মজুৰি, সাৰ উৎপাদনত গেছৰ মূল্য স্থিৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে, দেশত বর্তমান যি অতিৰিক্ত ২০ লাখ টন ইউৰিয়া উৎপাদন হৈছে। সাৰৰ উৎপাদন নিম কোটিংযুক্ত কৰাৰ ফলত অনা-কৃষি খণ্ডত ইউৰিয়াৰ ব্যৱহাৰৰ প্রৱণতা বন্ধ কৰা সম্ভৱ হৈছে। আমাৰ কেন্দ্রীয় চৰকাৰে দেশক নগদহীন লেনদেনৰ দিশলৈ অনাৰ বাবে আগ্রহী। এই ব্যৱস্থাৰ প্রসাৰৰ অৰ্থে চৰকাৰক সহযোগ কৰাৰ বাবে মই যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক আহ্বান জনাইছোঁ। একেদৰে, আমি যদি উৎসৱৰ বতৰত উপহাৰ হিচাপে খাদীৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, তেন্তে দৰিদ্র লোকসকল বিশেষভাবে উপকৃত হ’ব। জীৱনৰ প্রতিটো স্তৰত দৰিদ্র লোকসকলক লগত লৈ আগবঢ়াৰ পৰিৱেশ সৃষ্টিত বিশেষ গুৰুত্ব দিয়া উচিত। চৰকাৰী বজাৰ ব্যৱস্থাৰ জৰিয়তে ক্ষুদ্র ব্যৱসায়ীসকলে চৰকাৰী বজাৰত সামগ্রীৰ যোগান দি বিভিন্ন ধৰণে উপকৃত হৈছে। এই বিপণন ব্যৱস্থাত এতিয়ালৈকে প্ৰায় ১ হাজাৰ কোটি টকা লেনদেন সম্ভৱ হৈ উঠিছে। চৰকাৰী বিপণন ব্যৱস্থাৰ মঞ্চ ব্যৱহাৰ কৰি ২৮ হাজাৰ সামগ্ৰী সৰবৰাহকাৰী লাভৱান হৈছে। ইয়াৰ দেশৰ বাবে প্রত্যেক ভাৰতীয়ই গৌৰৱবোধ কৰা উচিত। আমাৰ পর্যটন কেন্দ্রসমূহৰ প্ৰচাৰত সকলোৱে গুৰুত্ব দিয়া প্ৰয়োজন। ‘পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ’ উৎপাদনত যে একাংশ উদ্যোগী জড়িত হৈ আছে। এনে কাৰ্যসূচীয়ে স্বচ্চ ভাৰত আৰু প্ৰদূষণমুক্ত পৰিবেশ গঢ়ি তোলাত ই ব্যাপক সহায় কৰিব। দেশৰ সাধাৰণ লোকসকলৰ সমস্যা সমাধানৰ নতুন নতুন সামগ্ৰী উৎপাদন কৰাটোৱেই উদ্যোগী আৰু ব্যৱসায়ীসকলৰ প্রচেষ্টাৰ লক্ষ্য হোৱা উচিৎ। বৰ্তমান সমগ্ৰ বিশ্বই বৈশ্বিক বজাৰৰ প্ৰতি গুৰুত্ব দিছে। আমিও এই প্ৰতিযোগিতামুলক বজাৰত টিকি থাকিবলৈ দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰাটো আৱশ্যক হৈ পৰিছে। কিন্তু আমাৰ দেশত বৰ্তমানলৈকে এইটো সমস্যা হিচাপে ধৰা দিছে। ইয়াৰ উপায় উলিয়াব পৰা নাযায় নে? যিদিনাই এনে প্ৰকল্প সম্ভৱ হ’ব, তেতিয়াই আমি এখন বৃহৎ বজাৰ পাবলৈ সক্ষম হ’ম। ইয়াক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেই শক্তিৰেই আমি বৈশ্বিক বজাৰত প্ৰবেশ কৰিবলৈ সক্ষম হ’ম। বিদেশৰ পৰা আমি বহুত বস্তু আমদানি কৰিব লগাত পৰে, ফলত আমাৰ দেশৰ টকা বিদেশলৈ যায়। ২০২২ চনৰ ভিতৰত আমি এইটো সংকল্প ল’ব নোৱাৰো নে যে এই পাঁচ বছৰত অতি কমেও পাঁচ বিধ সামগ্ৰী আমি দেশতে উৎপাদন কৰি আমদানি ৰোধ কৰিম। এনেহ’লে আমাৰ টকাও বাহিৰলৈ নাযায়। আমি কৰিব নোৱাৰা একো নাই। স্বাস্থ্যখণ্ডত ব্যৱহৃত ইলেক্ট্ৰনিক সঁজুলি প্ৰস্তুত কৰি বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তা পুৰণ কৰিব পৰা নাযায় নে? ডায়েলিছিছৰ বাবে প্ৰয়োজনীয় সঁজুলি আমি প্ৰস্তুত কৰিলে আমাৰ দেশৰ বহুত নাটনি দূৰ হ’ব আৰু অনাগত সময়ত এখন বৃহৎ বজাৰ সৃষ্টি কৰিব। বিভিন্ন গ্ৰুপত বিভক্ত হৈ এইবোৰৰ চৰ্চা কৰি এনে সামগ্ৰী উৎপাদন কৰিলে মই ভাৱো ২০২২ চনৰ ভিতৰত আমাৰ সপোন কিছু পৰিমাণে হ’লেও পুৰণ হ’ব। আমি নতুন পৰিৱৰ্তন অনাৰ বাবে কাম কৰি আছোঁ, সেয়েহে আপোনালোকে যিমানে যোগ দিব সিমানে ফল পাব। মই আজি বিশেষকৈ নিটী আয়োগৰ অধ্যক্ষ শ্ৰী অৰৱিন্দ পানাগেৰিয়া ডাঙৰীয়াক অভিনন্দ জনাব বিচাৰিছোঁ। মিচন লৈ কেনেদৰে কাম কৰিব লাগে লক্ষ্য কৰক। তেওঁ ৪৫ বছৰ ধৰি আমেৰিকাতে আছিল। ভাৰতলৈ কেতিয়াও অহাৰ কথা ভবা নাছিল। পৰিয়াল লৈ তাতে সংস্থাপিত হৈছিল। মোৰ লগত তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। মই ক’লো যে বহুত উপাৰ্জন কৰিলে, এতিয়া আমাকো অলপ সময় দিয়ক। মোৰ এটা কথাত তেওঁ ভাৰতলৈ আহিলে। তিনি বছৰ ধৰি তেওঁ নিটী আয়োগ পৰিচালনা কৰি আছে। পূৰ্বৰ পৰিকল্পনা আয়োগত কৈ যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম। সুখৰ কথা এই যে অহা সপ্তাহত তেওঁ পুনৰ আমেৰিকালৈ যাত্ৰা কৰিব, কিন্তু আজিও এই কামত লাগি আছে। এয়া সামান্য কথা নহয়। মই ভাবো আমাৰ দেশত এনে লোকৰ অভাৱ নাই। আৰু এওঁলোকৰ ভৰষাতে ২০২২ চনৰ এটা সপোন লৈ আমি আগবাঢ়িছোঁ। অৰবিন্দ ডাঙৰীয়াই কৰা কামৰ বাবে তেওঁক মই শুভকামনা জনাইছোঁ। বহুত ভাল কাম কৰিলে তেওঁ। এই দেশক তেওঁ যেন সদায় মনত ৰাখে। তেওঁৰ সেৱাক সদায় ভাৰতবাসীয়ে মনত ৰাখিব, এই অনুষ্ঠান তেওঁৰ পৃষ্ঠপোষতাত সম্পন্ন হৈছে। আপোনালোকৰ সৈতে দুদিন ধৰি বহি আছে। তেওঁৰ অমায়িক স্বভাৱৰ বাবে কোনেও সোনকালে তেওঁ প্ৰকৃততে কোন জানিব নোৱাৰে। সেয়াই তেওঁক গুণ। তেওঁ সদায় নিজকে পিছুৱাই ৰাখে। কিন্তু মই ভাৱো ভাল প্ৰয়াসৰ জৰিয়তে ভাল ফল পোৱা যায় আৰু এই ক্ষেত্ৰত আপোনালোক সদায় আগুৱাই আহক, আৰু আপোনালোক সদায় জড়িত হৈ থাকিব। চৰকাৰৰ সৈতে আপোনালোকৰ পোনপটীয়া সম্পৰ্ক থাকিব লাগে। আপোনালোকৰ পৰা পৰামৰ্শ সদায় পোৱাটো কামনা কৰোঁ। সম্ভৱত অনাগত সময়ত বিভিন্ন প্ৰকল্পৰ সন্দৰ্ভত আপোনালোকেই উপস্থাপন কৰিব লাগিব। মই প্ৰযুক্তিৰ সহায়ত যেতিয়াই, যিকোনো সময়তে আপোনালোকৰ সৈতে জড়িত হ’ব পাৰোঁ। মই ইয়াৰ সৈতে লাগি থাকিম। এই দিশত আপোনালোকৰ অৱদানৰ বাবে মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। বহুত বহুত ধন্যবাদ।
নিটী আয়োগে অনুষ্ঠিত কৰা “পৰিৱৰ্তনৰ চেম্পিয়ন” শীৰ্ষক অনুষ্ঠানত দেশৰ যুৱ মুখ্য কাৰ্যবাহী বিষয়াসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8-%E0%A6%8F%E0%A6%AE%E0%A6%9C%E0%A6%BF%E0%A6%86%E0%A7%B0%E0%A6%95-%E0%A6%A4%E0%A7%87%E0%A6%93%E0%A6%81%E0%A7%B0-%E0%A6%9C/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8-%E0%A6%8F%E0%A6%AE%E0%A6%9C%E0%A6%BF%E0%A6%86%E0%A7%B0%E0%A6%95-%E0%A6%A4%E0%A7%87%E0%A6%93%E0%A6%81%E0%A7%B0-%E0%A6%9C/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন এমজিআৰৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়: "মোৰ ভাৰত ৰত্ন এমজিআৰৰ জন্ম জয়ন্তীত মনত আছে। তেওঁক সকলোৱে এজন প্ৰভাৱশালী প্ৰশাসক হিচাপে প্ৰশংসা কৰে যিয়ে সামাজিক ন্যায় আৰু সবলীকৰণক যথেষ্ট অগ্ৰাধিকাৰ দিছিল। তেওঁৰ আঁচনিবোৰে দৰিদ্ৰ লোকসকলৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন আনিছিল। তেওঁৰ চলচ্চিত্ৰ প্ৰতিভাও যথেষ্ট প্ৰশংসিত।"
ভাৰতৰত্ন এমজিআৰক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%A4%E0%A6%BE%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%87-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%A4%E0%A6%BE%E0%A6%AC/
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিংহ কোশিয়াৰী জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী উদ্ধৱ ঠাকৰে জী, মহাৰাষ্ট্ৰৰ বিৰোধী নেতা শ্ৰী দেৱেন্দ্ৰ ফাড়ণৱীস জী, মুম্বাই সমাচাৰৰ এমডি শ্ৰী এইচ এন কামা জী, শ্ৰী মেহৰৱান কামা জী, এডিটৰ ভাই নিলেশ দৱে জী, কাকতৰ সৈতে জড়িত সকলো বন্ধু, দেৱীসকল আৰু সজ্জনসকল! প্ৰথমতে নিলেশভায়ে যি ক'লে তাৰ সন্মুখত মোৰ বিৰোধ প্ৰকট কৰিছো, তেওঁ কৈছে যে ভাৰত ভাগ্য বিধাতা, কিন্তু ভাৰতৰ ভাগ্য বিধাতা জনতা জনাৰ্দন, ১৩০ কোটি দেশবাসী আছে, মই তো সেৱক। মোৰ ধাৰণা হয় যে আজি মই নহা হ'লে, মই বহুত কিবা হেৰুৱালো হেঁতেন, কিয়নো ইয়াৰ পৰা যদি চাবলৈ আৰম্ভ কৰো, তেন্তে প্ৰায় সকলো জনাজাত চেহেৰা দেখা যায়। ইমান বেছি মানুহৰ দৰ্শন কৰাৰ সুযোগ পোৱাটো বিশেষ আনন্দৰ অৱসৰ আৰু কি হ'ব পাৰে। তাৰ পৰা হাত ওপৰলৈ তুলি বন্দন কৰি আছে। মুম্বাই সমাচাৰৰ সকলো পাঠক, সাংবাদিক আৰু কৰ্মচাৰীক এই ঐতিহাসিক বাতৰি কাকতৰ দুই শতাব্দী বৰ্ষপূৰ্তিত আন্তৰিক শুভকামনা!! এই দুটা শতিকাত বহু প্ৰজন্মৰ জীৱনক, তেওঁলোকৰ পাৰস্পৰিক সম্বন্ধই মুম্বাই সমাচাৰে কণ্ঠ দিছে। মুম্বাই সমাচাৰে স্বাধীনতা সংগ্ৰামকো কণ্ঠ দিলে আৰু আকৌ স্বাধীন ভাৰতৰ ৭৫ বছৰকো সকলো বয়সৰ পাঠকলৈ লৈ গৈছে। ভাষাৰ মাধ্যম জৰুৰ গুজৰাটী, কিন্তু পাৰস্পৰিক সম্বন্ধ ৰাষ্ট্ৰীয় আছিল। বিদেশীৰ প্ৰভাৱত যেতিয়া এই চহৰ বম্বে হ'ল, বম্বই হ'ল, তেতিয়াও এই কাকতে নিজৰ লোকেল কানেক্ট নেৰিলে, নিজৰ শিপাৰ সৈতে সংযুক্তি নেৰিলে। ই তেতিয়াও সাধাৰণ মুম্বাইকাৰৰ কাকত আছিল আৰু আজিও সেয়াই হয়- মুম্বাই সমাচাৰ! মুম্বাই সমাচাৰৰ প্ৰথম সম্পাদক, মহেৰজী ভাইৰ লেখা তো সেই সময়তো বহুত উদ্বিগ্নতাৰে পঢ়া হৈছিল। এই কাকতত ছপা হোৱা খবৰৰ প্ৰামাণিকতা সন্দেহৰ ওপৰত। মহাত্মা গান্ধী আৰু চৰদাৰ পেটেলেও প্ৰায়ে মুম্বাই সমাচাৰৰ উদ্ধৃতি দিছিল। আজি ইয়াত যি পোষ্টেল ষ্টাম্প ৰিলিজ হ'ল, বুক কভাৰ ৰিলিজ হ'ল, যি ডক্যুমেণ্টৰী দেখুওৱা হ'ল, তাৰ মাধ্যমত আপোনালোকৰ এই অদ্ভুত যাত্ৰা দেশ আৰু দুনিয়ালৈ গৈ পাব। বন্ধুসকল, আজিৰ সময়ত যেতিয়া আমি এইবুলি শুনো যে কোনো নিউজপেপাৰ ২০০ বছৰৰ পৰা চলি আছে তেন্তে আচৰিত হোৱাটো বহুত স্বাভাৱিক। আপোনালোকে চাওক, যেতিয়া এই কাকতখন আৰম্ভ হৈছিল, তেতিয়া ৰেডিঅ'ৰ আৱিষ্কাৰ হোৱা নাছিল, টিভিৰতো প্ৰশ্নই নুঠে। যোৱা ২ বছৰত আমি সকলোৱে বহুবাৰ ১০০ বছৰৰ আগতে বিয়পা স্পেনিছ ফ্লুৰ চৰ্চা কৰিছো। কিন্তু এইখন কাকতে সেই বিশ্বজোৰা মহামাৰীতকৈও ১০০ বছৰৰ আগৰ পৰা আৰম্ভ হৈছিল। দ্ৰুতগতিত সলনি হোৱা সময়ত যেতিয়া এনেকুৱা তথ্য সন্মুখলৈ আহে তেতিয়া আমি আজি মুম্বাই সমাচাৰৰ ২০০ বছৰ হোৱাৰ মহত্ব আৰু অধিক উপলব্ধি হয়। আৰু এইটোও বহুত আনন্দৰ কথা যে মুম্বাই সমাচাৰৰ ২০০ বছৰ আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ সংযোগ এই বছৰতে হৈছে। সেয়ে আজিৰ এই সুযোগতে আমি কেৱল ভাৰতৰ সাংবাদিকতাৰে উৎসৱ পালন কৰি থকা নাই, বৰং এই আয়োজনে স্বাধীনতাৰ অমৃত মহোৎসৱৰো শোভা বঢ়াই আছে। যিবিলাক সংস্কাৰ, যিবোৰ সংকল্পক লৈ আপোনালোক চলিছে, মোৰ বিশ্বাস আছে যে ৰাষ্ট্ৰক সজাগ কৰাৰ আপোনালোকৰ এই মহাযজ্ঞ, অবাধে এনেকৈয়ে অব্যাহত থাকিব। বন্ধুসকল, মুম্বাই সমাচাৰ কেৱল এক বাতৰিৰ মাধ্যমেই নহয়, বৰং এক আমানত। মুম্বাই সমাচাৰ ভাৰতৰ দৰ্শন, ভাৰতৰ অভিব্যক্তি। ভাৰতে কেনেকৈ সকলো ধুমুহা সত্বেও, অটল হৈ আছে, তাৰ ৰেঙনি আমি মুম্বাই সমাচাৰতো পাওঁ। সময়-কাল পৰিস্থিতিৰ প্ৰত্যেক পৰিৱৰ্তনৰ সৈতে ভাৰতে নিজক সলনি কৰিছে, কিন্তু নিজৰ মূল সিদ্ধান্তসমূহ আৰু শক্তিশালী কৰিছে। মুম্বাই সমাচাৰেও প্ৰতিটো পৰিৱৰ্তনক ধাৰণ কৰিছে। সপ্তাহত এবাৰৰ পৰা সপ্তাহত দুবাৰ, পাছত দৈনিক আৰু এতিয়া ডিজিটেল, প্ৰতিটো সময়ৰ নতুন প্ৰত্যাহ্বান এই কাকতখনে ভালদৰে মোকাবিলা কৰিছে। নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকি, নিজৰ মূলৰ ওপৰত গৌৰৱ কৰি, কেনেকৈ পৰিৱৰ্তনক অংগীকাৰ কৰিব পাৰি, মুম্বাই সমাচাৰ ইয়াৰো প্ৰমাণ। বন্ধুসকল, মুম্বাই সমাচাৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া দাসত্বৰ অন্ধকাৰ গভীৰ হৈ আহিছিল। এনে কালখণ্ডত গুজৰাটীৰ দৰে ভাৰতীয় ভাষাত কাকত উলিওৱা ইমান সহজ নাছিল। মুম্বাই সমাচাৰে সেই সময়ত ভাষাগত সাংবাদিকতাক বিস্তাৰ দিলে। ইয়াৰ সফলতাই ইয়াক মাধ্যম বনালে। লোকমান্য তিলক জীয়ে কেসৰী আৰু মৰাঠা সাপ্তাহিক কাকতেৰে স্বাধীনতা আন্দোলনক শান দিয়ে। সুব্ৰমণিয়ম ভাৰতীৰ কবিতা, তেওঁৰ লেখাবোৰে বিদেশী সত্বাৰ ওপৰত প্ৰহাৰ কৰে। বন্ধুসকল, গুজৰাটী সাংবাদিকতাও স্বাধীনতা যুঁজৰ বহুত প্ৰভাৱশালী মাধ্যম হৈ পৰিছিল। ফৰ্দুনজীয়ে গুজৰাটী সাংবাদিকতাৰ এটা শক্তিশালী ভেটি গঢ়ে। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা নিজৰ প্ৰথম কাকত ইণ্ডিয়ান অপিনিয়ন আৰম্ভ কৰিছিল, যাৰ সম্পাদক জুনাগড়ৰ বিখ্যাত মনসুখ লাল নাজৰ আছিল। ইয়াৰ পাছত পূজ্য বাপুৱে প্ৰথমবাৰ এডিটৰ হিচাপে গুজৰাটী কাকত নৱজীৱনৰ দায়িত্ব পালন কৰে, যিখন ইন্দুলাল য়াগ্নিক জীয়ে তেওঁক সঁপিছিল। এটা সময়ত, এ ডি গোৰৱালাৰ অপিনিয়ন দিল্লীত শাসনত থকা লোকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। ইমাৰজেঞ্চীৰ সময়ত ছেন্সৰশ্বিপৰ বাবে প্ৰতিবন্ধকতা লগাত ইয়াৰ ছাইক্লোষ্টাইল প্ৰকাশিত হ'বলৈ ধৰিছিল। স্বাধীনতাৰ যুঁজ হওক বা গণতন্ত্ৰৰ পুনৰ স্থাপন, সাংবাদিকতাৰ এক বিশেষ ভূমিকা আছে। ইয়াতো গুজৰাটী সাংবাদিকতাৰ ভূমিকা উচ্চ শিখৰত আছে। বন্ধুসকল, স্বাধীনতাৰ অমৃতকালতো ভাৰতীয় ভাষাৰ এক বিশেষ ভূমিকা থাকিব। যি ভাষাক আমি জীওঁ, য'ত আমি ভাবোঁ, তাৰ মাধ্যমত আমি ৰাষ্ট্ৰৰ সৃষ্টিশীলতাক বিকশাব বিচাৰো। এই ভাবনাৰেই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত মেডিকেলৰ পঢ়া হওক, বিজ্ঞান আৰু প্ৰযুক্তিৰ পঢ়া হওক, সেয়া স্থানীয় ভাষাত কৰোৱাৰ বিকল্প দিয়া গৈছে। এই ভাবনাৰেই ভাৰতীয় ভাষাত পৃথিৱীৰ বেষ্ট কণ্টেণ্টৰ নিৰ্মাণত জোৰ দিয়া হৈছে। বন্ধুসকল, ভাষাগত সাংবাদিকতাই, ভাৰতীয় ভাষাৰ সাহিত্যই স্বাধীনতাৰ আন্দোলনত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। জনসাধাৰণৰ মাজলৈ নিজৰ কথা লৈ যাবৰ বাবে পূজ্য বাপুৱেও সাংবাদিকতাক প্ৰধান স্তম্ভ বনায়। নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰেডিঅ'ক ইয়াৰ মাধ্যম বনায়। বন্ধুসকল, আজি আৰু এটা পক্ষৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছো। আপোনালোকেও জানে যে এই কাকতখন আৰম্ভ কৰে ফৰ্দুনজী মুৰ্জবানে আৰু যেতিয়া ইয়াৰ ওপৰত সংকট আহে তেতিয়া ইয়াক চম্ভালে কামা পৰিয়ালে। এই পৰিয়ালটোৱে এই বাতৰি কাকতখনক নতুন উচ্চতা দিয়ে। যি লক্ষ্যৰে ইয়াক আৰম্ভ কৰা হৈছিল, তাক শক্তি দিয়ে। বন্ধুসকল, ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসে আমাক বহু কথা শিকায়। ইয়ালৈ যিয়েই আহিছে, সৰু হওক বা ডাঙৰ, দুৰ্বল হওক বা বলৱান, সকলোকে মা ভাৰতীয়ে নিজৰ কোলাত ফলা-ফুলাৰ ভৰপূৰ সুযোগ দিছে আৰু পাৰসী সমুদায়তকৈ ভাল ইয়াৰ উদাহৰণ কোনো হ'ব নোৱাৰে। যি কেতিয়াবা ভাৰতলৈ আহিছিল, তেওঁলোকে আজি নিজৰ দেশক প্ৰতিটো ক্ষেত্ৰত শক্তিশালী কৰি আছে। স্বাধীনতাৰ আন্দোলনৰ পৰা আৰম্ভ কৰি ভাৰতৰ নৱনিৰ্মাণলৈকে পাৰসী ভগ্নী-ভাতৃসকলৰ যোগদান বহুত ডাঙৰ। সংখ্যাৰ হিচাপত সমুদায়টো দেশৰ সবাতোকৈ সৰু সমুদায়ৰ এটা, একপ্ৰকাৰৰ মাইক্ৰো-মাইনৰিটী, কিন্তু সামৰ্থ্য আৰু সেৱাৰ হিচাপত বহুত ডাঙৰ। ভাৰতীয় উদ্যোগ, ৰাজনীতি, সমাজ সেৱা, ন্যায়তন্ত্ৰ, খেল আৰু সাংবাদিকতা আনকি সেনা, ফৌজত প্ৰতিটো ক্ষেত্ৰত পাৰসী সমুদায়ৰ এটা ছাপ দেখা যায়। বন্ধুসকল, ভাৰতৰ এয়াই পৰম্পৰা, এয়াই মূল্য, যি আমাক শ্ৰেষ্ঠ কৰি তোলে। বন্ধুসকল, গণতন্ত্ৰত লাগে জনপ্ৰতিনিধি হওক, ৰাজনীতিক দল হওক, সংসদ হওক বা ন্যায়পালিকা হওক, প্ৰত্যেক ঘটকৰে নিজৰ নিজৰ ভূমিকা আছে, নিজৰ নিজৰ নিশ্চিত ভূমিকা আছে। এই ভূমিকাৰ তাৎক্ষণিক নিৰ্বাহ বহুত আৱশ্যক। গুজৰাটীত এটা প্ৰবাদ আছে- জেনু কাম তেনু থায়; বিজা কৰে তো গোতা খায়। অৰ্থাৎ যাৰ যি কাম, তেৱেঁই কৰা উচিত। ৰাজনীতি হওক, মিডিয়া হওক বা কোনো বেলেগ ক্ষেত্ৰ, সকলোৰে বাবে এই প্ৰবাদ প্ৰাসংগিক। বাতৰি কাকতৰ, মিডিয়াৰ কাম হৈছে বাতৰি বিলোৱা, লোক শিক্ষাৰ, সমাজ আৰু চৰকাৰৰ কিবা নাটনি আছে যদি তাক সন্মুখলৈ অনা। মিডিয়াৰ যিমান অধিকাৰ সমালোচনাৰ, সিমানেই ডাঙৰ দায়িত্ব সকাৰাত্মক খবৰবোৰ সন্মুখলৈ অনাৰো। যোৱা বছৰবিলাকত মিডিয়াৰ এটা বৃহৎ অংশই ৰাষ্ট্ৰহিতৰ সৈতে জড়িত, সমাজহিতৰ সৈতে জড়িত অভিযানবিলাকক ব্যাপক ৰূপত আকোৱালি লয়, তাৰ সকাৰাত্মক প্ৰভাৱ আজি দেশে অনুভৱ কৰি আছে। স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে যদি দেশৰ গাঁও আৰু গৰীবৰ জীৱন, তেওঁলোকৰ স্বাস্থ্য ভাল হৈ আছে, তেন্তে ইয়াত কিছু মিডিয়াৰ মানুহেও ডাঙৰ ভূমিকা পালন কৰিছিল, প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। আজি ভাৰত যদি ডিজিটেল পেমেণ্টৰ বিষয়ত পৃথিৱীত অগ্ৰণী, তেন্তে লোক শিক্ষাৰ যি অভিযান মিডিয়াই চলালে, তাৰ ফলত দেশৰ সহায় হ'ল। আপোনালোকে আনন্দ পাব, ডিজিটেল লেনদেন পৃথিৱীৰ ৪০% কাৰবাৰ অকল হিন্দুস্তানে কৰিছে। যোৱা ২ বছৰত কৰোণা কালত যেনেদৰে আমাৰ সাংবাদিক বন্ধুসকলে ৰাষ্ট্ৰহিতত এক কৰ্মযোগীৰ দৰে কাম কৰিলে, তাকো সদায়েই স্মৰণ কৰা হ'ব। ভাৰতৰ মিডিয়াৰ সকাৰাত্মক যোগদানৰ ফলত ভাৰতে ১০০ বছৰৰ এই সবাতোকৈ ডাঙৰ সংকটৰ সৈতে মোকাবিলা কৰাত বহুত সহায় হ'ল। মোৰ বিশ্বাস আছে যে স্বাধীনতাৰ অমৃত কালত দেশৰ মিডিয়াই নিজৰ সকাৰাত্মক ভূমিকা অধিক বিস্তাৰিত কৰিব। এই দেশ ডিবেট আৰু ডিস্কাছনেৰে আগবঢ়া সমৃদ্ধ পৰিপাটীৰ দেশ। বন্ধুসকল, আজি মই মুম্বাই সমাচাৰৰ প্ৰবন্ধকসকল, সাংবাদিকসকলক বিশেষভাৱে আৱেদন জনাব বিচাৰো। আপোনালোকৰ ওচৰত ২০০ বছৰৰ যি আৰ্কাইভ আছে, য'ত ভাৰতৰ ইতিহাসৰ বহু টাৰ্ণিং পইণ্ট আছে, সেয়া দেশ-দুনিয়াৰ সন্মুখত ৰখাটো বহুত জৰুৰী। মোৰ পৰামৰ্শ হৈছে যে মুম্বাই সমাচাৰে নিজৰ এই সাংবাদিকতাৰ সম্পদক বেলেগ বেলেগ ভাষাত কিতাপৰ ৰূপত দেশৰ সন্মুখলৈ অনাৰ প্ৰয়াস কৰক। আপোনালোকে মহাত্মা গান্ধীৰ বিষয়ে যি ৰিপৰ্ট কৰিলে, স্বামী বিবেকানন্দ জীৰ ৰিপ'ৰ্ট কৰিলে, ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ উত্থান পতনক তন্ন তন্নকৈ বুজিলে বুজালে। এই সকলো এতিয়া মাত্ৰ ৰিপ'ৰ্টেই নহয়। এয়া সেই পল যি ভাৰতৰ ভাগ্য সলনি কৰাত ভূমিকা পালন কৰিলে। সেয়ে অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বহুত ডাঙৰ মাধ্যম, বহুত ডাঙৰ সম্পদ কামা চাহেব আপোনাৰ ওচৰত আছে আৰু দেশে অপেক্ষা কৰি আছে। ভৱিষ্যতে সাংবাদিকতাৰ বাবেও এটা ডাঙৰ শিক্ষা আপোনাৰ ইতিহাসত লুকাই আছে। এই দিশত আপোনালোক সকলোৱে নিশ্চয় প্ৰয়াস কৰিব আৰু আজি ২০০ বছৰ মই আগতেও কৈছো যে এই যাত্ৰাই কিমান উত্থান-পতন দেখিছে চাগৈ আৰু ২০০ বছৰলৈকে নিয়মীয়াকৈ চলা, এয়াও এক বহুত ডাঙৰ শক্তি। এই মহত্বপূৰ্ণ উপলক্ষত আপোনালোক সকলোৱে মোক নিমন্ত্ৰণ কৰিলে, আপোনালোক সকলোৰে মাজলৈ অহাৰ সুযোগ পালো, ইমান ডাঙৰ বিশাল সমুদায়ৰ সৈতে লগ হোৱাৰ সুযোগ পালো আৰু মই কেতিয়াবা এবাৰ ইয়াত মুম্বাইত সাহিত্যৰ কাৰ্যক্ৰমলৈ আহিছিলো, হয়তো আমাৰ সূৰজ ভাই দলালে মোক মাতিছিল। সেইদিনা মই কৈছিলো যে মুম্বাই আৰু মহাৰাষ্ট্ৰ এয়া গুজৰাটৰ ভাষাৰ মোমাইৰ ঘৰ। এবাৰ আকৌ আপোনালোক সকলোকে মুম্বাই সমাচাৰৰ ২০০ বছৰ হোৱাৰ বহুত বহুত শুভকামনা দিছো। কামা পৰিয়ালক আপুনি ৰাষ্ট্ৰৰ বহুত ডাঙৰ সেৱা কৰিছে, সমগ্ৰ পৰিয়াল আপোনাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু মই মুম্বাই সমাচাৰৰ সকলো পাঠককো, বাচককো হৃদয়ৰ পৰা বহুত বহুত অভিনন্দন জনাইছো। কামা চাহেবে যি ক'লে সেয়া কেৱল শব্দ নাছিল, ২০০ বছৰলৈকে, প্ৰজন্মৰ পাছত প্ৰজন্ম এখন ঘৰত এখন কাকত নিয়মীয়াকৈ পঢ়া, চোৱা, শুনা, এয়া নিজে নিজেই সেই কাকতৰ বহুত ডাঙৰ শক্তি। আৰু সেই শক্তি দিওঁতা আপোনালোক সকলো আৰু সেয়ে মই গুজৰাটীসকলৰ এই সামৰ্থ্যক অভিনন্দন দিব খোজো। মই নাম ল'ব বিচৰা নাই, আজিও এখন দেশ এনেকুৱা আছে য'ত এখন চহৰত, মই বিদেশৰ কথা কৈ আছো, সবাতোকৈ বেছি প্ৰচলন থকা কাকত গুজৰাটী। ইয়াৰ অৰ্থ হৈছে এইটোৱেই যে গুজৰাটী মানুহে হয়তো সোনকালে বুজি পায় কি বস্তুত ক'ত শক্তি আছে। ব'লক হাঁহি-তামাচাৰ সন্ধিয়াৰ সৈতে বহুত বহুত ধন্যবাদ!
মুম্বাই সমাচাৰৰ দ্বিশতাব্দী মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%9C%E0%A6%BF-%E0%A7%A8%E0%A7%A6-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%A8%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7/
উপস্থিত অভ্যাগতবৃন্দ, ডিজিটেল পৰিৱৰ্তন হৈছে আমাৰ যুগৰ আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তন। দৰিদ্ৰতাৰ বিৰুদ্ধে দশকজোৰা বিশ্বব্যাপী যুঁজত ডিজিটেল প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ এক শক্তি গুণক বা multiplier হ’ব পাৰে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত ডিজিটেল সমাধানো সহায়ক হ’ব পাৰে – যিদৰে আমি সকলোৱে কোভিডৰ সময়ত দূৰৱৰ্তী কাম কৰা আৰু কাগজবিহীন সেউজকাৰ্যালয়ৰ উদাহৰণত দেখিছিলো। কিন্তু আমি এই লাভালাভবোৰ তেতিয়াহে পাম যেতিয়া ডিজিটেল প্ৰৱেশাধিকাৰ সঁচাকৈয়ে অন্তৰ্ভুক্ত হয়, যেতিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ সঁচাকৈয়ে ব্যাপক হয়। দুৰ্ভাগ্যবশতঃ, এতিয়ালৈকে আমি এই শক্তিশালী সঁজুলিটো কেৱল সাধাৰণ ব্যৱসায়ৰ চৰ্তৰ ওপৰতহে দেখিছোঁ, এই শক্তি লাভ আৰু লোকচানৰ কিতাপত বান্ধি ৰখা হৈছে। ডিজিটেল পৰিৱৰ্তনৰ লাভালাভ মানৱজাতিৰ এটা সৰু অংশত সীমাবদ্ধ থাকিব নালাগে। যোৱা কেইবছৰমানৰ ভাৰতৰ অভিজ্ঞতাই আমাক দেখুৱাইছে যে যদি আমি ডিজিটেল স্থাপত্যক অন্তৰ্ভুক্ত কৰোঁ, ই আৰ্থ-সামাজিক পৰিৱৰ্তন আনিব পাৰে। ডিজিটেল ব্যৱহাৰত স্কেল আৰু গতি আনিব পাৰি। শাসনত স্বচ্ছতা আনিব পাৰি। ভাৰতে ডিজিটেল ৰাজহুৱা সামগ্ৰী বিকশিত কৰিছে যাৰ মৌলিক স্থাপত্যৰ অন্তৰ্নিহিত গণতান্ত্ৰিক নীতি আছে। এই সমাধানবোৰ মুক্ত উৎস, মুক্ত এপিআই, মুক্ত মানদণ্ডৰ ওপৰত আধাৰিত, যিবোৰ আন্তঃকাৰ্যকৰী আৰু ৰাজহুৱা। আজি ভাৰতত চলি থকা ডিজিটেল বিপ্লৱৰ ওপৰত আধাৰিত এইটো আমাৰ দৃষ্টিভংগী। উদাহৰণ স্বৰূপে, আমাৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ ইউ.পি.আই. লওঁক। যোৱা বছৰ, বিশ্বৰ ৪০ শতাংশতকৈও অধিক বাস্তৱ-সময়ৰ পৰিশোধ লেনদেন ইউ.পি.আই.-ৰ জৰিয়তে হৈছিল। একেদৰে, আমি ডিজিটেল পৰিচয়ৰ আধাৰত ৪৬০ নিযুত নতুন বেংক একাউণ্ট খুলিছো, যি আজি ভাৰতক বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতা কৰি তুলিছে। আনকি মহামাৰীৰ সময়তো, আমাৰ open source CoWIN প্লেটফৰ্মে মানৱ ইতিহাসৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান সফল কৰি তুলিছিল। মহামহিমসকল, ভাৰতত, আমি ডিজিটেল প্ৰৱেশাধিকাৰ ৰাজহুৱা কৰি আছো, কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, এতিয়াও এক বৃহৎ ডিজিটেল বিভাজন আছে। পৃথিৱীৰ বেছিভাগ উন্নয়নশীল দেশৰ নাগৰিকৰ কোনো ধৰণৰ ডিজিটেল পৰিচয় নাই। মাত্ৰ ৫০ খন দেশতে ডিজিটেল পৰিশোধ প্ৰণালী আছে। আমি একেলগে প্ৰতিশ্ৰুতি ল’ব পাৰোঁ নেকি যে অহা দহ বছৰত আমি প্ৰতিজন মানুহৰ জীৱনত ডিজিটেল পৰিৱৰ্তন আনিম, পৃথিৱীৰ কোনো ব্যক্তি ডিজিটেল প্ৰযুক্তিৰ লাভালাভৰ পৰা বঞ্চিত নহ’ব! অহা বছৰ ইয়াৰ জি-২০ অধ্যক্ষতাকালত, ভাৰতে এই উদ্দেশ্যেৰে সকলো জি-২০ অংশীদাৰ দেশৰ সৈতে কাম কৰিব। “বিকাশৰ বাবে তথ্য” নীতিটো আমাৰ প্ৰেচিডেন্সিৰ “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত” ৰ সামগ্ৰিক বিষয়বস্তুৰ এক অবিচ্ছেদ্য অংশ হৈ থাকিব। বহু বহু ধন্যবাদ। টোকা – এয়া হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণৰ এক আনুমানিক অনুবাদ। ভাষণটো হিন্দী ভাষাত দিয়া হৈছিল।
বালিত জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ, তৃতীয় অধিৱেশনঃ ডিজিটেল ৰূপান্তৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7-%E0%A7%AB-%E0%A6%B2%E0%A6%BE%E0%A6%96-%E0%A6%B8%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%A4%E0%A6%BE-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%B8%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7-%E0%A7%AB-%E0%A6%B2%E0%A6%BE%E0%A6%96-%E0%A6%B8%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%A4%E0%A6%BE-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%B8%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ১.৫ লাখ আয়ুষ্মান ভাৰত- স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ লক্ষ্য প্ৰাপ্তিৰ ফলত নতুন ভাৰতত নতুন শক্তি ৰক্ষা হ'ব। তেওঁ কয় যে ভাৰতৰ সমৃদ্ধি স্বাস্থ্যৱান নাগৰিকৰ ওপৰত নিহিত আছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: "ভাৰতৰ সমৃদ্ধি স্বাস্থ্যৱান নাগৰিকৰ ওপৰত নিহিত আছে। ৰেকৰ্ড সংখ্যাত নিৰ্মিত এই স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰবোৰে এই দিশত এক ডাঙৰ ভূমিকা পালন কৰিব। এই সাফল্যই নতুন ভাৰতত এক নতুন শক্তি প্ৰদান কৰিবলৈ গৈ আছে। "
১.৫ লাখ সুস্থতা কেন্দ্ৰ স্থাপনৰ লক্ষ্য প্ৰাপ্তিৰ প্ৰশংসা প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%BE%E0%A6%B2-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A7%B0-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9C%E0%A6%AF/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B2%E0%A6%BE%E0%A6%B2-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A7%B0-%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%9C%E0%A6%AF/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীজীৰ জয়ন্তী উপলক্ষে বিজয় ঘাটলৈ গৈ পুষ্পাঞ্জলি অৰ্পণ কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; “বিজয় ঘাটলৈ গৈ ভাৰতৰ ইতিহাসত বিশেষ অৱদান আগবঢ়োৱা লাল বাহাদুৰ শাস্ত্ৰীজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ।”
লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত বিজয় ঘাটত পুষ্পাঞ্জলি অৰ্পণ প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভলোদিমিৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। নেতাদ্বয়ে ইউক্ৰেইনত অব্যাহত সংঘাত সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সোনকালেই শত্ৰুতাৰ অৱসানৰ লগতে আলোচনা আৰু কূটনীতিৰ পথ অৱলম্বনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেখেতে সংঘাতৰ সমাধান সামৰিক পন্থাৰে নহয় বুলি দৃঢ় বিশ্বাস প্ৰকাশেৰে সকলো ধৰণৰ শান্তি প্ৰচেষ্টাত অৰিহণা যোগাবলৈ ভাৰতৰ আগ্ৰহ ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱাৰ গুৰুত্বৰ কথাও পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনকে ধৰি পাৰমাণৱিক প্ৰতিষ্ঠানসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব আৰোপৰ কথা কয়। তেখেতে পাৰমাণৱিক সুবিধাসমূহ বিপন্ন হোৱাৰ ফলত জনস্বাস্থ্য আৰু পৰিবেশৰ বাবে দীৰ্ঘম্যাদী আৰু বিপৰ্যয়জনক পৰিণতি হ’ব পাৰে বুলি উল্লেখ কৰে। ২০২১ ৰ নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত অন্তিম বৈঠকৰ পিছত দুয়োজন নেতাই দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সন্দৰ্ভতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%B1%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%B1%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%A4-%E0%A6%B8%E0%A6%82%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%B8/
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী লোককে কঠোৰ শাস্তি বিহা হ’ব। তেওঁ কয় যে এই ঘটনাৰ সৈতে জড়িত লোকৰ লগতে এই ঘটনাক উচতনি দিয়া লোকসকলে এয়া ডাঙৰ ভুল কৰিলে আৰু ইয়াৰ বাবে তেওঁলোকে ভুগিব লাগিব। এইক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিবৰ বাবে লগতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰাপত্তা বাহিনীক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে, ইফালে পাকিস্তানকো কঠোৰ সকীয়নী দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাকিস্তানে ভাবিব নালাগে যে এই ঘটনাই ভাৰতক দুৰ্বল কৰি পেলাব। উল্লেখ্য যে নতুন দিল্লী ৰে’লৱে ষ্টেশ্যনৰ পৰা নতুন দিল্লী আৰু বাৰাণসীৰ মাজত চলিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণত উল্লেখ কৰে এই কথা। তলত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজীৰ প্ৰাথমিক খচৰাৰ সাৰাংশ আগবঢ়োৱা হৈছে – “এনে এক দুঃসহ সময়ত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ জোৱানসকললৈ মোৰ শ্ৰদধ নিবেদন কৰিছো। দেশৰ বাবেই প্ৰাণাহুতি দিলে তেওঁলোকে। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈও মোৰ সমবেদনা যাচিছোঁ। মই জানো, তাত যি হৈছিল সেই বিষয়ে শুনিলে, সেয়া দেখিলে ক্ষোভত অন্তৰাত্মা জ্বলি উঠে, খংত তেজ গৰম হৈ উঠে। এনে এক জটিল সময়ত তেনে অনুভৱ তেনেই স্বাভাৱিক। আমি আমাৰ নিৰাপত্তা কৰ্মীসকলক পূৰণ স্বাধীনতা দিছো এই ক্ষেত্ৰত তদন্ত চলাবলৈ। আমাৰ সুৰক্ষা বাহিনীৰ সাহস আৰু শৌৰ্যৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। মই বিশ্বাসী যে দেশপ্ৰেমৰ ভাৱনাৰে প্ৰতিগৰাকী লোকেই আমাৰ এজেন্সিবোৰক এই ঘটনাৰ সৈতে জড়িত কালপ্ৰীতবোৰক ধৰা পেলোৱাৰ ক্ষেত্ৰত সঠিক তথ্য প্ৰদান কৰিব। মই সেই সন্ত্ৰাসবাদী সংগঠনৰ লগতে সন্ত্ৰাসবাদক উদগনি যোগোৱা প্ৰতিটো অপশক্তিকে কওঁ যে তেওঁলোকে এয়া ডাঙৰ ভুল কৰিছে। ইয়াৰ বাবে তেওঁলোকে খুব বেয়াকৈ ভুগিব লাগিব। মই দেশবাসীক নিশ্চিতি দিওঁ যে এই আক্ৰমণৰ ঘটনাৰ আঁৰত থকা সকলক কঠোৰ শাস্তি বিহা হ’ব। আমাক এই মুহুৰ্তত সমালোচনা কৰি থকা সকলৰ মনোবৃত্তি মই বুজিছো। সমালোচনা কৰাৰ বাবে তেওঁলোকৰ পূৰ্ণ অধিকাৰ আছে। তথাপি, মই মোৰ সকলো বন্ধু-বান্ধৱকে কওঁ যে এইখিনি সময় বৰ স্পৰ্শকাতৰ সময়, বৰ আবেগিক সময়, এইখিনি সময় আমি সমগ্ৰ দেশবাসীয়ে একেলগে থিয় হওঁ আহক, সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে মাত মাতো আহক। আমি সমস্বৰে মাত মাতিব লাগিব আৰু এয়া হ’ব লাগিব ৰাজনীতিৰ উৰ্ধ্বত। এই বাৰ্তা সমগ্ৰ বিশ্বজুৰি প্ৰসাৰিত হ’ব লাগিব, সকলোৱে জানিব লাগিব যে আমি এক দেশ এক কন্ঠ আৰু আমাৰ যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধে, আৰু আমি এই যুদ্ধত জয়ী হ’মেই। সমগ্ৰ বিশ্বই এঘৰীয়া কৰা আমাৰ প্ৰতিবেশী দেশখনে এতিয়াও স্বপ্নত বিভোৰ হৈ আছে, তেওঁলোকে যদিহে এই ঘটনাৰ ফলত ভাৰত বিধ্বস্ত হৈ পৰা বুলি ভাবিছে, তেন্তে তেওঁলোকে চৰম ভুল কৰিছে। চৰম অৰ্থনৈতিক সংকটৰ গৰাহত পৰি থকা আমাৰ এই প্ৰতিবেশী দেশখনে এয়া দিবাস্বপ্ন পৰিহাৰ কৰা উচিত। তেওঁলোকে জনা উচিত যে এনেধৰণৰ ঘৃণনীয় কাৰ্যৰ উদ্দেশ্য কেতিয়াও সফল নহয়। সময়ে আক এবাৰ প্ৰমাণ কৰিলে যে এনেধৰণৰ পন্থা গ্ৰহণ কৰাসকলে সদায়েই নিজকে শেষ কৰি দিয়ে। ইফালে আমি গ্ৰহণ কৰিছো প্ৰগতি, বিকাশ আৰু উন্নয়নৰ পথ। তেওঁলোকৰ এনে ঘৃণনীয় কাৰ্যৰ সমুচিত উত্তৰ দিব দেশৰ ১৩০ কোটি ভাৰতীয়ই। বহু শক্তিশালী দেশেও ইতিমধ্যেই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে আৰু সদায়েই ভাৰতৰ বিপদৰ সময়ত কাষত থকাৰ প্ৰতিশ্ৰুতি দি আহিছে, তেওঁলোকে এইক্ষেত্ৰতো ভাৰতৰ প্ৰতি সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। এই আটাইবোৰ দেশৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু তেওঁলোকক আহ্বান জনাইছো যে ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ পৰাই সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে যেন একত্ৰিত হৈ আগবাঢ়ি আহে। সন্ত্ৰাসবাদৰ এনে ভয়াবহতা তেতিয়াহে নিৰ্মূল হ’ব বা নিয়ন্ত্ৰিত হ’ব, যেতিয়া বিশ্বৰ সকলোবোৰ দেশেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়ি আহে। বন্ধুসকল, পুলৱামাৰ আক্ৰমণৰ পিছত আমি শোকস্তব্ধ হৈ পৰিছো, লগতে ক্ৰোধান্বিত হৈ পৰিছো। তথাপি আপোনালোকক আশ্বস্ত কৰি কওঁ যে এনেধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ হাতেৰে দমন কৰিব। কোনোপধ্যেই ভাৰতে পিছহুহকি নাহে এনে পৰিস্থিতিত। আমাৰ সাহসী বীৰ জোৱানসকলে দেশৰ বাবে প্ৰাণ আহুতি দিছে। এই শ্বহীদসকলে কেৱল দুটা স্বপ্ন লৈয়েই জীয়াই থাকে, এটা হৈছে দেশৰ সুৰক্ষা, আৰু আনটো হৈছে দেশৰ সমৃদ্ধি। মই শতকোটি প্ৰণিপাত জনাইছো তেওঁলোকলৈ, মোৰ অশ্ৰুঅঞ্জলি যাচিছোঁ। তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছো যে তেওঁলোকৰ স্বপ্নৰ ভাৰতখন গঢ়ি তোলাৰ ক্ষেত্ৰতযেন আমি কেতিয়াও অকণো আপোচ কৰিবৰ প্ৰয়োজন নহয়। আমাৰ দেশৰ শ্বহীদসকললৈ সন্মান জনাবলৈ দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কঠোৰ পৰিশ্ৰম কৰি যাম। বন্দে ভাৰত এক্সপ্ৰেছৰ ধাৰণা, ডিজাইন আৰু কাৰ্যকৰীকৰণৰ বাবে নিদে নিশাই কাম কৰা দেশৰ প্ৰতিগৰাকী অভিযন্তা, কৰ্মীকে মোৰ অভিনন্দন জনাইছো। চেন্নাইৰ কাৰখানাত নিৰ্মাণ কৰা এই ৰে’লখনে আজি নতুন দিল্লী আৰু বাৰাণসীৰ মাজত ইয়াৰ প্ৰথমটো যাত্ৰা সম্পন্ন কৰিব। এয়াই হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ শক্তি আৰু ইয়াৰেই ফল বন্দে ভাৰত।
ফুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিবৃতি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%97%E0%A7%81%E0%A6%9C%E0%A7%B0%E0%A6%BE%E0%A6%9F-%E0%A6%9A%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%A8-%E0%A6%AE/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জনসেৱাৰ ক্ষেত্ৰত শ্ৰী পেটেলৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ "গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ দেহাৱসানত মৰ্মাহত হৈছো। জনসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো … ঔম শান্তি।"
গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শো
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A7%A9%E0%A7%AA%E0%A7%A6%E0%A7%A6-%E0%A6%95/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%A4-%E0%A7%A9%E0%A7%AA%E0%A7%A6%E0%A7%A6-%E0%A6%95/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ মানাত ৩,৪০০ কোটিৰো অধিক টকা মূল্যৰ পথ আৰু ৰজ্জুপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ ভ্ৰমণ কৰি শ্ৰী কেদাৰনাথ মন্দিৰত দৰ্শন আৰু পূজা অৰ্চনা কৰে। তেওঁ আদি গুৰু শংকৰাচাৰ্য্য সমাধি স্থলতো উপস্থিত হৈ মন্দাকিনী আস্থাপথ আৰু সৰস্বতী আস্থাপথৰ কাষে কাষে চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে বদ্ৰীনাথতো উপস্থিত হৈ শ্ৰী বদ্ৰীনাথ মন্দিৰত দৰ্শন আৰু পূজা অৰ্চনা কৰে। ইয়াৰ পিছতে তেওঁ অলকনন্দা নদীৰ পাৰত চলি থকা কামৰ পৰ্যালোচনা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে মন্দিৰসমূহত দৰ্শন আৰু পূজা সম্পন্ন কৰি আনন্দৰ অনুভৱ প্ৰকাশ কৰে। “মোৰ জীৱন ধন্য হৈ পৰিল, মনটো আনন্দিত হ’ল আৰু এই মুহূৰ্তবোৰ সজীৱ হৈ পৰিল”, তেওঁ কয়। এই দশকটো উত্তৰাখণ্ডৰ হ’ব বুলি পূর্বৰ ভ্রমণত কোৱা কথাবোৰ দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে বাবা কেদাৰ আৰু বদ্রী বিশালে সেই কথাবোৰ আশীর্বাদ কৰিব বুলি তেওঁৰ পূৰ্ণ বিশ্বাস আছে৷ “আজি মই আপোনালোকৰ মাজত এই নতুন প্ৰকল্পসমূহৰ সৈতে একেটা সংকল্পৰ পুনৰাবৃত্তি কৰিবলৈ আহিছো”, তেওঁ কয়। মানা গাঁও ভাৰতৰ সীমান্তত শেষ গাঁও হিচাপে জনাজাত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “মোৰ বাবে সীমান্তৰ প্ৰতিখন গাঁও দেশৰ প্ৰথমখন গাঁও আৰু সীমান্তত বাস কৰা লোকসকলে দেশৰ শক্তিশালী নিৰাপত্তা গঢ়ি তোলে৷ প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি তেওঁৰ নিৰন্তৰ সমৰ্থনৰ কথা দোঁহাৰে৷ তেওঁ তেওঁলোকৰ সমৰ্থন আৰু আত্মবিশ্বাসৰ সন্দৰ্ভতো সদৰিকৰে। তেওঁ মানাবাসীৰ নিৰন্তৰ মৰম আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ উন্নত ভাৰতৰ দুটা প্ৰধান স্তম্ভৰ বিষয়ে কয়। “প্ৰথম, আমাৰ ঐতিহ্যৰ প্ৰতি গৌৰৱ আৰু দ্বিতীয়তে, উন্নয়নৰ বাবে সকলো সম্ভাৱ্য প্ৰচেষ্টা। তেওঁ কয়, “আজি উত্তৰাখণ্ডে এই দুয়োটা স্তম্ভক শক্তিশালী কৰি তুলিছে৷” তেওঁ জনায় যে কেদাৰনাথ আৰু বদ্ৰী বিশাল দৰ্শন কৰি ধন্য হৈছে আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ পৰ্যালোচনাও কৰে কিয়নো “১৩০ কোটি মানুহ মোৰ বাবেও ঈশ্বৰৰ এক ৰূপ।” প্ৰধানমন্ত্ৰীয়ে কয়৷ কেদাৰনাথৰ পৰা গৌৰীকুণ্ডলৈ আৰু হেমকুণ্ড ৰজ্জুপথ দুটাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণা আৰু অগ্ৰগতিৰ কৃতিত্ব বাবা কেদাৰনাথ, বদ্ৰী বিশাল আৰু শিখ গুৰুসকলৰ আশীৰ্বাদৰ কৃতিত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বৰ ভক্তসকলে এই অভূতপূৰ্ব পদক্ষেপত আনন্দিত হ’ব। প্ৰধানমন্ত্ৰীয়ে শ্ৰমজীৱী আৰু এই প্ৰকল্পসমূহৰ সৈতে জড়িত অন্যান্য কৰ্মীসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে এই কঠিন কৰ্ম পৰিস্থিতিত তেওঁলোকৰ ভক্তিক স্বীকাৰ কৰে। “তেওঁলোকে ঈশ্বৰৰ কাম কৰি আছে, আপোনালোক তেওঁলোকৰ যত্ন লয়, তেওঁলোকক কেতিয়াও কেৱল দৰমহা পোৱা শ্ৰমিক বুলি নাভাবিব, তেওঁলোকে এটা ঐশ্বৰিক প্ৰকল্পত অৰিহণা যোগাইছে”, প্ৰধানমন্ত্ৰীয়ে কয়। কেদাৰনাথত শ্ৰমজীৱীসকলৰ সৈতে হোৱা পাৰস্পৰিক মত বিনিময়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰমিক আৰু অভিযন্তাসকলে নিজৰ কাম-কাজক বাবা কেদাৰক পূজা কৰাৰ লগত তুলনা কৰাটো এক মহান অভিজ্ঞতা৷ ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত হ’বলৈ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক জনোৱা আহ্বান স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত এই আহ্বান জনোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰি দাসত্বৰ মানসিকতাই দেশবাসীক ইমান গভীৰভাৱে বান্ধি থৈছে বুলি কয় আৰু একাংশ লোকে দেশৰ উন্নয়নৰ কামক অপৰাধ হিচাপে গণ্য কৰিছিল। “দেশৰ উন্নয়নৰ ক্ষেত্ৰত যি অগ্ৰগতিৰ মাপকাঠি দাসত্বৰ বীম স্কেলৰ জৰিয়তে জোখা হয়”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে দীৰ্ঘদিন ধৰি দেশৰ উপাসনাস্থলীসমূহক হেয়জ্ঞান কৰা হৈছে। “বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে এই মন্দিৰসমূহৰ প্ৰশংসা কৰাটো কেতিয়াও বন্ধ নকৰে”, তেওঁ লগতে কয়। বিগত প্ৰচেষ্টাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে সোমনাথ মন্দিৰ আৰু ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত যি ঘটিছিল সকলোৰে মনত আছে। শ্ৰী মোদীয়ে কয়, “এই মন্দিৰসমূহৰ জৰাজীৰ্ণ অৱস্থা আছিল দাসত্ব মানসিকতাৰ স্পষ্ট চিন৷” তেওঁ লগতে কয় যে আনকি এই মন্দিৰলৈ যোৱা পথবোৰো অতি দুখীয়া অৱস্থাত আছে। “ভাৰতৰ আধ্যাত্মিক কেন্দ্ৰসমূহ দশক দশক ধৰি অৱহেলিত হৈ থাকিল”, তেওঁ লগতে কয়। “আৰু ইয়াৰ কাৰণ আছিল পূৰ্বৰ চৰকাৰৰ স্বাৰ্থপৰতা।” তেওঁ আঙুলিয়াই দিয়ে যে এই লোকসকলে কোটি কোটি ভাৰতীয়ৰ বাবে এই আধ্যাত্মিক কেন্দ্ৰসমূহৰ অৰ্থ কি সেই কথা পাহৰি গৈছে। প্ৰধানমন্ত্ৰীয়ে হস্তক্ষেপ কৰি কয় যে আমাৰ আধ্যাত্মিক কেন্দ্ৰসমূহৰ তাৎপৰ্য্যও তেওঁলোকৰ প্ৰচেষ্টাৰ দ্বাৰা নিৰ্ধাৰিত নহয় বা এই আধ্যাত্মিক কেন্দ্ৰসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসৰ কোনো হ্ৰাস হোৱা নাই। “আজি কাশী, উজ্জয়িনী, অযোধ্যা আৰু বহুতো আধ্যাত্মিক কেন্দ্ৰই নিজৰ হেৰুৱা গৌৰৱ আৰু উত্তৰাধিকাৰ পুনৰ লাভ কৰিছে। কেদাৰনাথ, বদ্ৰীনাথ আৰু হেমকুন্দ চাহাবে সেৱাসমূহক প্ৰযুক্তিৰ সৈতে সংযোগ কৰাৰ সমান্তৰালভাৱে বিশ্বাসক ধৰি ৰাখিছে৷ অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা গুজৰাটৰ পাভাগড়ৰ মা কালিকা মন্দিৰলৈকে ভাৰতৰ সাংস্কৃতিক আৰু পৰম্পৰাগত উন্নীতকৰণৰ কথা ঘোষণা কৰিছে।” তেওঁ লগতে কয় যে তীৰ্থযাত্ৰীসকলে এই বিশ্বাসৰ কেন্দ্ৰসমূহত সহজে উপস্থিত হ’ব আৰু যিবোৰ সেৱাৰ প্ৰৱৰ্তন কৰা হৈছে, সেইবোৰে বৃদ্ধ লোকসকলৰ জীৱন সহজ কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে এই উপাসনাস্থলীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ আন এটা দিশ অৰ্থাৎ পাহাৰীয়া অঞ্চলৰ লোকসকলৰ সজহ জীৱন ধাৰণৰ দিশ আৰু এই অঞ্চলসমূহৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগৰ ওপৰত আলোকপাত কৰে। “ৰে’ল, পথ আৰু ৰজ্জুপথই কৰ্মসংস্থাপনৰ বাট প্ৰশস্ত কৰে আৰু জীৱনটোক সহজ আৰু শক্তিশালী কৰি তোলে। এই সুবিধাসমূহে পৰ্যটন বৃদ্ধি কৰে আৰু পাহাৰীয়া অঞ্চলত যাতায়ত সহজ কৰি তোলে। এই কঠিন অঞ্চলসমূহত লজিষ্টিক উন্নত কৰাৰ বাবে ড্ৰোন ব্যৱহাৰ কৰাৰো পৰিকল্পনা কৰা হৈছে”, শ্ৰী মোদীয়ে লগতে কয়। স্থানীয় আত্মসহায়ক গোটসমূহৰ স্থানীয় সামগ্ৰী আৰু প্ৰচেষ্টাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ আহ্বান জনায়। তেওঁ দেশৰ যিকোনো প্ৰান্তত পৰ্যটনৰ বাবে যোৱা লোকসকলক তেওঁলোকৰ ভ্ৰমণ বাজেটৰ ৫ শতাংশ উলিয়াই স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ কয়। “ইয়াৰ ফলত স্থানীয় সামগ্ৰীসমূহক উদ্গনি যোগাব আৰু আপোনালোককো অপৰিসীম সন্তুষ্টি প্ৰদান কৰিব”, প্ৰধানমন্ত্ৰীয়ে কয়। পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ ধৈৰ্যক অজুহাত হিচাপে লোৱা কাৰ্যত প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমী স্বভাৱ আৰু শক্তিক অজুহাত হিচাপে ব্যৱহাৰ কৰি তেওঁলোকক কোনো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। সা-সুবিধাৰ বাবে তেওঁলোকক শেষতহে গুৰুত্ব দিয়া হৈছিল। আমি এইটো সলনি কৰিলো বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ বিশদভাৱে কয়, “পূৰ্বতে যিবোৰ অঞ্চলক দেশৰ সীমান্তৰ সীমা হিচাপে আওকাণ কৰা হৈছিল, আমি সেইবোৰক সমৃদ্ধিৰ আৰম্ভণি হিচাপে চিহ্নিত কৰি তাৰ পৰাই কাম আৰম্ভ কৰিছিলো। আমি পাহাৰৰ এই প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিছিলো, যিবোৰে আগতে স্থানীয় ৰাইজৰ বহু শক্তি অপচয় কৰিছিল।” তেওঁ সকলো গাঁৱৰ বিদ্যুৎকৰণ, হৰ ঘৰ জল, পঞ্চায়তসমূহক অপটিকেল ফাইবাৰৰ সৈতে সংযোগ কৰা, প্ৰতিখন গাঁৱতে স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ, টিকাকৰণৰ সময়ত পাহাৰীয়া অঞ্চলক অগ্ৰাধিকাৰ দিয়া, মহামাৰীৰ সময়ত দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচন দিয়া আদি পদক্ষেপসমূহক সহজ জীৱন ধাৰণক আগুৱাই নিয়াৰ ব্যৱস্থা হিচাপে উল্লেখ কৰে আৰু এই জনসাধাৰণক মৰ্যাদা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সুবিধাসমূহে যুৱক-যুৱতীসকলক নতুন নতুন সুযোগ প্ৰদান কৰাৰ লগতে পৰ্যটন বৃদ্ধি কৰে। “মই সুখী যে ডাবল ইঞ্জিন চৰকাৰে যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে হোমষ্টেৰ সুবিধা উন্নত কৰাৰ বাবে নিৰন্তৰ আৰ্থিক সহায় আগবঢ়াইছে। সীমান্ত অঞ্চলৰ যুৱক-যুৱতীসকলক এনচিচিৰ সৈতে সংযোগ কৰাৰ অভিযানে তেওঁলোককো এক উজ্জ্বল ভৱিষ্যতৰ বাবে সাজু কৰি তুলিছে।’ প্ৰধানমন্ত্ৰীয়ে কয়, “আধুনিক সংযোগ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ নিশ্চয়তা।” তেওঁ আঙুলিয়াই দিয়ে যে বিগত ৮ বছৰে চৰকাৰে এই দিশত ইটোৰ পিছত সিটো পদক্ষেপ গ্ৰহণ কৰি আছে। কেইবছৰমান পূর্বে আৰম্ভ হোৱা দুটা ডাঙৰ সংযোগী আঁচনিৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রীয়ে ভাৰতমালা আৰু সাগৰমলাৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ জনায় যে ভাৰতমালাৰ অধীনত দেশৰ সীমান্ত অঞ্চলসমূহক উত্তম আৰু বহল ঘাইপথৰ সৈতে সংযোগ কৰা হৈছে আৰু সাগৰমালাৰ সৈতে ভাৰতৰ সাগৰৰ পাৰৰ সংযোগ শক্তিশালী কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আৰু জনায় যে চৰকাৰে যোৱা ৮ বছৰত জম্মু-কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ সীমান্ত সংযোগৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ কাম ৰূপায়ণ কৰিছে। ‘২০১৪ চনৰ পৰা সীমান্ত পথ সংস্থাই প্ৰায় ৭,০০০ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰি শ শ দলং নিৰ্মাণ কৰিছে। বহু গুৰুত্বপূৰ্ণ সুৰংগৰ কামো সম্পূৰ্ণ হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে পাহাৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা পৰ্বত মালা যোজনাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে উত্তৰাখণ্ড আৰু হিমাচলত এই আঁচনিৰ অধীনত ৰজ্জুপথৰ এক বিশাল নেটৱৰ্ক নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে সামৰিক প্ৰতিষ্ঠানৰ দৰেই সীমান্ত অঞ্চলৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “আমি এনে প্ৰচেষ্টা চলাইছো যাতে এই অঞ্চলসমূহৰ এক স্পন্দনশীল জীৱন লাভ কৰে য’ত উন্নয়নৰ উদযাপন কৰা হয়।” প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মানাৰ পৰা মানা পাছলৈ নিৰ্মাণ হ’বলগীয়া পথটোৱে অঞ্চলটোক অপৰিসীম উপকৃত কৰিব। যোশীমথৰ পৰা মালাৰীলৈ যোৱা পথটো বহল কৰাৰ লগে লগে সাধাৰণ লোকৰ লগতে আমাৰ জোৱান সকলেও সীমান্তত উপনীত হোৱাটো অতি সহজ হ’ব বুলিও তেওঁ কয়৷ ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডক কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে ৰাজ্যৰ আশা-আকাংক্ষা পূৰণৰ দিশত সদায় কাম কৰিব বুলি আশ্বাস দিয়ে। “এই আস্থা পূৰণৰ বাবে বাবা কেদাৰ আৰু বদ্ৰী বিশালৰ পৰা আশীৰ্বাদ বিচাৰি মই ইয়ালৈ আহিছো”, প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে। অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰীযুত পুষ্কৰ সিং ধামি, উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল গুৰমিত সিং, সাংসদ শ্ৰী তিৰাথ সিং ৰাৱট, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী শ্ৰী ধন সিং ৰাৱট আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট উপস্থিত থাকে। পটভূমিঃ কেদাৰনাথ ৰজ্জুপথ প্ৰায় ৯.৭ কিলোমিটাৰ দীঘল হ'ব আৰু ই গৌৰীকুণ্ডক কেদাৰনাথৰ সৈতে সংযোগ কৰিব, যাৰ ফলত দুয়োটা স্থানৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ ৬-৭ ঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস হ'ব। হেমকুণ্ড ৰ'পৱেই গোবিন্দঘাটক হেমকুণ্ড চাহিবৰ সৈতে সংযোগ কৰিব। ই প্ৰায় ১২.৪ কিলোমিটাৰ দীঘল হ'ব আৰু ভ্ৰমণৰ সময় এদিনৰ পৰা মাত্ৰ ৪৫ মিনিটলৈ হ্ৰাস কৰিব। ৰজ্জুপথটোৱে ঘাংঘাৰিয়াকো সংযোগ কৰিব, যি হৈছে ফুলৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। ৰজ্জুপথটো প্ৰায় ২৪৩০ কোটি টকাৰ সামগ্ৰিক ব্যয়ত বিকশিত কৰা হ'ব। ই হ'ব পৰিবহনৰ এক পৰিৱেশ-অনুকূল মাধ্যম, যি আন্দোলনক সুৰক্ষা আৰু স্থিৰতা প্ৰদান কৰিব। এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ বিকাশে ধৰ্মীয় পৰ্যটনক উৎসাহিত কৰিব, যি অঞ্চলটোত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব আৰু একে সময়তে বহুতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। এই ভ্ৰমণকালত প্ৰায় ১০০০ কোটি টকাৰ পথ প্ৰশস্তকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হ'ব। দুটা পথ বহল প্ৰকল্প – মানাৰ পৰা মানা পাছ (০৭নং ৰাষ্ট্ৰীয় ঘাইপথ) আৰু যোশীমঠৰ পৰা মালাৰীলৈ (১০৭ বি নং ৰাষ্ট্ৰীয় ঘাইপথ)-আমাৰ সীমান্ত অঞ্চলত সকলো বতৰৰ পথ সংযোগ প্ৰদানৰ দিশত আন এক পদক্ষেপ হিচাপে প্ৰমাণিত হ'ব। সংযোগ বৃদ্ধিৰ উপৰিও, এই প্ৰকল্পবোৰ কৌশলগতভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব। কেদাৰনাথ আৰু বদ্ৰীনাথ আটাইতকৈ গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰসমূহৰ ভিতৰত অন্যতম। এই অঞ্চলটো এটা শিখ তীৰ্থস্থানৰ বাবেও জনাজাত য'ত এটা শ্ৰদ্ধাশীল-হেমকুণ্ড চাহিব আছে। এই স্থানসমূহত হাতত লোৱা সংযোগ প্ৰকল্পসমূহৰ ভিতৰত ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানসমূহত প্ৰৱেশাধিকাৰ সহজ কৰা আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হয়। Related PM performs darshan and pooja at Shri Kedarnath Dham in Uttarakhand PM performs darshan and pooja at Badrinath Dham in Uttarakhand From PIB ct 2017
উত্তৰাখণ্ডৰ মানাত ৩৪০০ কোটিৰো অধিক টকা মূল্যৰ পথ আৰু ৰজ্জুপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A7%B0-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A7%8D/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব। এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “দেশ বিভাজনৰ যন্ত্রণা কেতিয়াও পাহৰিব নোৱাৰি৷ আমাৰ লাখ লাখ ভাই-ভনী গৃহহীন হ’ল আৰু বহু লোকৰ মনত অদ্ভূত ঘৃণা আৰু হিংসাৰ বাবেই প্রাণ হেৰুৱাইছিল৷ আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব। #PartitionHorrorsRemembranceDayএ আমাৰ সামাজিক বিভাজন আৰু বৈষম্যৰ বিষবাস্প দূৰ কৰি ঐক্য, সামাজিক সম্প্রীতি আৰু জনসাধাৰণৰ সবলীকৰণৰ চেতনাক আৰু অধিক শক্তিশালী কৰি তোলাৰ প্রয়োজনীয়তাৰ কথা মনত পেলাই দিয়ে।”
আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’বঃ প্রধানমন্ত্র
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%95-%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA-%E0%A6%9B%E0%A7%8B/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A7%82%E0%A6%9F%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%95-%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA-%E0%A6%9B%E0%A7%8B/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ ড্ৰুক ন্যামৰূপ ছোগপাৰ অধ্যক্ষ ড০ লোটে ছেৰিঙৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ড০ লোটে ছেৰিঙক ভূটানৰ তৃতীয় সাধাৰণ নিৰ্বাচনত তেওঁৰ দলৰ বিজয়ৰ লগতে নেচনেল এছেম্বলিৰ তেওঁৰ নিজৰ নিৰ্বাচনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণ নিৰ্বাচন সফলতাৰে অনুষ্ঠিত কৰাক লৈ আদৰণি জনোয়, যি ব্যৱস্থাই ভূটানত গণতন্ত্ৰ সুদৃঢ়কৰণত এক গুৰুত্বপূৰ্ণ মাইলৰখুঁটি হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে জনায় যে ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণ তথা সহযোগিতামূলক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতে সৰ্ব্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰে, যিটো পাৰস্পৰিক আগ্ৰহ আৰু মূল্যবোধ, অগাধ বিশ্বাস, মংগল কামনা আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰত আৰু ভূটানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উদযাপনৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে নতুন চৰকাৰৰ সৈতে পূৰ্বৰ চৰকাৰক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই দেশখনৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ দিশত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰচেষ্টা আৰু ভূটানবাসীৰ আশা-আকাংক্ষাৰ প্ৰতি অগ্ৰাধিকাৰভিত্তিত কাম কৰিব বুলি পুনৰ সদৰি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ড০ লোটে ছেৰিঙক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। ড০ লোটে ছেৰিঙে প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা অভিনন্দন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাৰত ভ্ৰমণৰ বাবে জনোৱা নিমন্ত্ৰণ সাদৰেৰে গ্ৰহণ কৰে। দুয়োগৰাকী নেতাই ভূটান আৰু ভাৰতৰ লোকসকল উপকৃত হোৱাৰ স্বাৰ্থত একক আৰু বহুমুখী দ্বিপাক্ষিক সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সহমত প্ৰকাশ কৰে।
ভূটানৰ ড্ৰুক ন্যামৰূপ ছোগপাৰ অধ্যক্ষ ড০ লোটে ছেৰিঙৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ; ভূটানৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দলৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%AE%E0%A7%8B%E0%A6%A6%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%AE%E0%A7%8B%E0%A6%A6%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2-2/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনাৰ্জী আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱে আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে বাংলাদেশত তিনিটা প্রকল্পৰ শুভাৰম্ভ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্রীমতী সুষমা স্বৰাজ আৰু বাংলাদেশৰ বৈদেশিক মন্ত্রীয়ে ক্ৰমে নতুন দিল্লী আৰু ঢাকাৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে প্রকল্পসমূহৰ শুভাৰম্ভণী অনুষ্ঠানত যোগ দিয়ে। সেইবোৰৰ ভিতৰত–(ক) বাংলাদেশৰ ভিৰামাৰা আৰু ভাৰতৰ বহৰমপুৰৰ মাজত বর্তমান সংযুক্ত বিদ্যুৎ লাইনৰ জৰিয়তে বাংলাদেশক অতিৰিক্ত ৫০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা। (খ) আখাউৰা-আগৰতলাৰ মাজত ৰে’ল সংযোগ আৰু (গ) বাংলাদেশ ৰে’লৰ কুলাউৰা-ছাহবাজপুৰ শাখাৰ পুনৰ স্থাপন উল্লেখযোগ্য। এই উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে ইয়াৰ পূৰ্বে কাঠমাণ্ডুত বিমষ্টেক সন্মিলন, শান্তি নিকেতন আৰু লণ্ডনত আয়োজিত কমনৱেল্‌থ সন্মিলনত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা স্মৰণ কৰে। প্রতিবেশী দেশসমূহৰ সৈতে প্রতিবেশীসুলভ সম্পর্কৰ কথা দোঁহাৰি প্রধানমন্ত্রীয়ে কয় যে প্রচলিত প্র’ট’কলৰ পৰা ওলাই আহি নেতৃবৃন্দৰ সৈতে আলোচনা আৰু কম সময়ৰ ব্যৱধানত ইখন-সিখন দেশে ভ্ৰমণ অব্যাহত ৰাখিব লাগিব। তেওঁ কয় যে প্রতিবেশী দেশসমূহৰ সৈতে ঘনিষ্ঠতা তেওঁৰ আৰু বাংলাদেশৰ প্রধানমন্ত্রীৰ মাজত কম সময়ৰ ব্যৱধানত হোৱা আলোচনা তথা সাক্ষাতৰে প্রতিফলন ঘটিছে। দুয়ো দেশৰ মাজত ১৯৬৫ৰ পূৰ্বে যি ধৰণৰ যোগাযোগ ব্যৱস্থা আছিল, সেয়া পুনৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত বিগত কেইবছৰমানৰ অগ্রগতিক লৈ সন্তোষ প্রকাশ কৰে। তেওঁ লগতে কয় যে আজি আমি বিদ্যুৎ সৰবৰাহ বৃদ্ধি তথা ৰে’ল যোগাযোগ সম্প্ৰসাৰণৰ দুটা প্রকল্পও আৰম্ভ কৰিছো। ২০১৫ চনত তেওঁৰ বাংলাদেশ ভ্ৰমণৰ কথা সুঁৱৰি প্রধানমন্ত্রী মোদীয়ে কয় যে তেতিয়াই বাংলাদেশক অতিৰিক্ত ৫০০ মেগাৱাট বিদ্যুৎ সৰবৰাহ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পশ্চিমবংগ আৰু বাংলাদেশৰ মাজত বিদ্যুৎ সংযোগ ব্যৱস্থাক ব্যৱহাৰ কৰি সৰবৰাহৰ কাম কৰা হৈছে। বিদ্যুৎ সৰবৰাহৰ কাম সুস্থভাৱে সম্পন্ন হোৱাৰ বাবে তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ ভূমিকাকো প্রশংসা কৰে। তেওঁ লগতে কয় যে এই প্রকল্পৰ কাম শেষ হোৱাৰ ফলত ভাৰতৰ পৰা বাংলাদেশলৈ ১.১৬ জিগাৱাট বিদ্যুৎ সৰবৰাহ কৰা হৈছে। বিদ্যুৎ সৰবৰাহ মেগাৱাটৰ পৰা জিগাৱাটলৈ নিয়াৰ এই যাত্রাক ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পর্কৰ মাজত এক সোনালী যুগৰ প্রতীক বুলি প্ৰধানমন্ত্ৰী আখ্যা দিয়ে। প্রধানমন্ত্রীয়ে লগতে কয় যে আখাউৰা-আগৰতলা ৰে’ল সংযোগে দুয়ো দেশৰ মাজত সীমান্তৰ যোগাযোগৰ ক্ষেত্রত আন এক যোগসূত্র স্থাপন কৰিব। সুস্থভাবে এই কাম সম্পন্ন কৰাৰ বাবে ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱৰ ভূমিকাৰো প্রশংসা কৰে প্রধানমন্ত্রীয়ে। প্রধানমন্ত্রী মোদীয়ে ২০২১ চনত বাংলাদেশক মধ্যবিত্ত আয়ৰ দেশ হিচাপে আৰু ২০৪১ৰ ভিতৰত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ বাবে প্রধানমন্ত্রী শ্বেইখ হাছিনাক প্রশংসা কৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে দুয়ো দেশৰ মাজত ঘনিষ্ঠ সম্পর্ক আৰু ইয়াৰ লোকসকলৰ মাজত যোগাযোগে দেশ দুখনৰ উন্নয়ন আৰু সমৃদ্ধিক এক নতুন উচ্চতাত উপনীত কৰিব।
প্রধানমন্ত্রী মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু পশ্চিমবংগ আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে যুটীয়াভাৱে বাংলাদেশত শুভাৰম্ভ কৰিলে তিনিটা প্রকল্পৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE%E0%A6%9C%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A6%B7-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A6%B8%E0%A7%81%E0%A7%B0-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A6%BE%E0%A6%9C%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%AD%E0%A6%BE%E0%A6%B7-%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A6%B8%E0%A7%81%E0%A7%B0-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল প্ৰতিমূৰ্তি সম্পূৰ্ণ নোহোৱালৈকে প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰী, ২০২২ তাৰিখে নেতাজীৰ জন্ম জয়ন্তীত তেওঁৰ হলোগ্ৰাম প্ৰতিমূৰ্তি উন্মোচন কৰিব। এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; যি সময়ত সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী উদযাপন কৰিছে সেই সময়ত মই আনন্দিত যে গ্ৰেনাইটেৰে নিৰ্মিত তেওঁৰ বিশাল মূৰ্তিটো ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব। এইটো তেওঁৰ প্ৰতি ভাৰতৰ ঋণ আদায় কৰাৰ প্ৰতীক হ'ব। নেতাজী বসুৰ বিশাল মূৰ্তিটো সম্পূৰ্ণ নোহোৱালৈকে, তেওঁৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে স্থাপিত হ’ব। মই নেতাজীৰ জন্ম জয়ন্তীত ২৩ জানুৱাৰীত তেওঁৰ হলোগ্ৰামৰ মূৰ্তিটো উন্মোচন কৰিম।"
নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল মূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AB%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A7%B0/
মোৰ বন্ধু, ফ্রান্সৰ ৰাষ্ট্রপতি মেক্ৰঁ, সন্মানীয় প্রতিনিধিবৰ্গ আৰু সংবাদমাধ্যমৰ সদস্যবৃন্দ, নমস্কাৰ, মই ৰাষ্ট্ৰপতি মেক্রঁ আৰু তেওঁৰ সৈতে অহা প্রতিনিধিবৰ্গক উষ্ণ আদৰণী জনাইছো। মাননীয় ৰাষ্ট্রপতি, কেইটামান মাহৰ আগতে আপুনি বিগত বছৰ পেৰিছত মোক স্বাগতম জনাইছিল। আজি ভাৰতৰ মাটিত মই আপোনাকে আদৰণী জনোৱাৰ সুযোগ পাই মই অত্যন্ত আনন্দিত হৈছো। মাননীয় ৰাষ্ট্রপতি, আমি উভয়েই এই মঞ্চত উপস্থিত হৈছো। আমি যে কেৱল দুই শক্তিশালী স্বাধীন আৰু বৈচিত্র্যময় গণতান্ত্রিক দেশৰ নেতা সিমানেই সেয়া নহয়, দুই সমৃদ্ধ আৰু সক্ষম ঐতিহ্যৰ উত্তৰসূৰী। যদিও আমাৰ কৌশলগত অংশীদাৰিত্ব ২০ বছৰৰ পুৰণি, কিন্তু আমাৰ সভ্যতাৰ আধ্যত্মিক সহযোগিতা শ-শ বছৰৰ পুৰণি। উনবিংশ শতিকাৰ সময়ৰ পৰা ফৰাছী চিন্তাবিদসকলে পঞ্চতন্ত্রৰ কাহিনীৰ জৰিয়তে ৰাম-কৃষ্ণ আৰু শ্রী অৰবিন্দৰ দৰে মহান ব্যক্তিসকলৰ কাহিনীক লৈ বেদ, ঊপনিষদ আৰু মহাকাব্যৰ জৰিয়তে ভাৰতৰ আত্মাৰ অভ্যন্তৰত প্রৱেশ কৰি আহিছে। ভলটেয়াৰ, ভিক্টৰ হিউগো, ৰোমা ৰোলাঁ, ৰেনে দাওমল আৰু আন্দ্রে মেলৰক্সৰ দৰে মহানব্যক্তিসকলৰ একাধিক চিন্তাধাৰাই ভাৰতীয়সকলক অনুপ্রাণিত কৰি আহিছে। মাননীয় ৰাষ্ট্রপতি, আমাৰ আজিৰ বৈঠকত কেবল দুয়ো দেশৰ দুই নেতাৰ বৈঠক নহয়, বৰঞ্চ এয়া অভিন্ন ধাৰণা আৰু ইয়াৰ সমষ্টিগত ঐতিহ্য সম্বলিত দুই সভ্যতাৰ মিলন। সেয়েহে, আচৰিত হ’বলগীয়া একো নাই যে সাম্য, মৈত্রী আৰু স্বাধীনতাৰ প্ৰতিধ্বনি কেৱল ফ্রান্সতে নহয়, ভাৰতৰ সংবিধানতো প্রতিফলিত হৈছে। দুয়ো দেশৰ সমাজ এই মূল্যবোধৰ ভিত্তিত গঢ় লৈছে। আমাৰ বীৰ সৈনিকসকলে এই মূল্যবোধৰ বাবেই দুখনকৈ বিশ্বযুদ্ধত তেওঁলোকৰ প্রাণ আহুতি দিছে। বন্ধুসকল, একেখন মঞ্চত ফ্রান্স আৰু ভাৰতৰ উপস্থিতিয়ে এক মুক্ত, সমৃদ্ধ, শান্তিপূর্ণ বিশ্বৰ সুবর্ণ সংকেত বহন কৰিছে। দুয়োখন দেশৰ স্বাধীন আৰু স্বশাসিত বৈদেশিক নীতিয়ে কেৱল যে ইয়াৰ দেশবাসীৰ স্বার্থত ৰচিত হৈছে তেনে নহয়, এইবোৰে সার্বজনীন মানবীয় মূল্যবোধকো প্ৰদৰ্শিত কৰিছে। আজি ভাৰত আৰু ফ্রান্সে এখন দেশে আনখনৰ সৈতে হাতত হাত মিলাই যিকোনো ধৰণৰ বৈশ্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সক্ষম। মাননীয় ৰাষ্ট্রপতি, আপোনাৰ নেতৃত্বই এই কাম অধিক সহজ কৰি তুলিছে। ২০১৫ চনত ফ্রান্সৰ ৰাষ্ট্রপতিৰ সৈতে যৌথভাবে পেৰিছত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ শুভাৰম্ভ হৈছিল। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ কাইলৈ অনুষ্ঠিত হ’ব লগীয়া প্রথম সন্মিলন হৈছে আমাৰ অভিন্ন দায়বদ্ধতা লগতে সচেতনতাৰ এক স্পষ্ট উদাহৰণ। মই অতিশয় আনন্দিত যে এই শুভ কামত ফ্রান্সৰ মাননীয় ৰাষ্ট্রপতিৰ সৈতে যৌথভাবে সম্পন্ন হ’ব। বন্ধুসকল, প্রতিৰক্ষা, নিৰাপত্তা, মহাকাশ আৰু উচ্চ প্রযুক্তিৰ ক্ষেত্রত ভাৰত আৰু ফ্রান্সৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ ইতিহাস অতি প্ৰাচীন। দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পর্কৰ সন্দৰ্ভত এখন চুক্তিও স্বাক্ষৰিত হৈছে। দুয়ো দেশৰ ক্ষমতাত যি চৰকাৰেই নাহক কিয়, আমাৰ সম্পর্কৰ গতিৰেখা সদায়েই ঊর্ধ্বমুখী হৈ আছে। আজিৰ সম্পন্ন হোৱা চুক্তিৰ জৰিয়তে বিভিন্ন ধৰণৰ সিদ্ধান্ত আৰু আলাপ-আলোচনাৰ বিষয়ে আপোনালোকে বিস্তাৰিত ভাৱে জানিব পাৰিছে। সেয়েহে মই এই আলোচনাত তিনিটা বিশেষ বিষয়ে মোৰ ধাৰণা ব্যক্তি কৰিম। প্রথমতে, প্রতিৰক্ষা খণ্ডত আমাৰ সম্পর্ক অতি গভীৰ আৰু আমি ফ্রান্সক আটাইতকৈ বিশ্বাসযোগ্য প্রতিৰক্ষা অংশীদাৰৰ অন্যতম হিচাবে বিবেচনা কৰো। আমাৰ সেনাবাহিনীৰ মাজত নিয়মীয়া আলাপ-আলোচনা আৰু যৌথ সামৰিক অনুশীলন হৈ থাকে। প্রতিৰক্ষা সঁজুলি আৰু উৎপাদনৰ ক্ষেত্রতো আমাৰ সম্পর্ক অতি শক্তিশালী। মই প্রতিৰক্ষা খণ্ডত ‘মেক ইন ইণ্ডিয়া’ আঁচনিত ফ্রান্সৰ সহযোগিতামুলক কাম-কাজৰ প্রতিশ্রুতিক আদৰণী জনাইছো। আজি মই আমাৰ প্রতিৰক্ষা সহযোগিতাৰ ইতিহাসত দুয়ো দেশৰ সেনাবাহিনীৰ মাজত পাৰস্পৰিক পৰিবহণ সাহায্যমুলক চুক্তিখনক এক অতি তাৎপর্যপূর্ণ পদক্ষেপ বুলি ভাবো। দ্বিতীয়তে, আমি উভয়ে বিশ্বাস কৰো যে বিশ্বৰ সুখ, সমৃদ্ধি আৰু অগ্রগতিৰ ক্ষেত্রত ভাৰত মহাসাগৰীয় অঞ্চলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ দিশে অগ্ৰসৰ হৈছে। আমি পৰিৱেশ, সামুদ্রিক পৰিবহণৰ নিৰাপত্তা, সামুদ্রিক সম্পদ, জাহাজ চলাচলৰ স্বাধীনতা আৰু উড়ানৰ ক্ষেত্রতো আমাৰ সহযোগিতাক আৰু অধিক শক্তিশালী কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি লৈছো। সেয়েহে, আজি আমি ভাৰত মহাসাগৰীয় অঞ্চলত আমাৰ সহযোগিতাৰ বিষয়ে এটি যৌথ কৌশলগত দৃষ্টিভংগী প্রকাশ কৰিছো। তৃতীয়তে, আমাৰ দুয়োখন দেশৰ উজ্জ্বল দ্বিপাক্ষিক সম্পর্কত আমাৰ দুয়োদেশৰ লোকসকলে, বিশেষকৈ যুৱক-যুৱতীসকলে আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আমি বিচাৰো যে দুয়ো দেশৰ যুৱক-যুৱতীসকলে এজনে আনজনৰ দেশক জানক আৰু বুজি পাওত, ইজনে সিজনৰ দেশত থাকক, কাম কৰক আৰু তেতিয়াই হাজাৰ হাজাৰ দূত হিচাপে কাম কৰি সম্পর্কৰ পৰিধিক আৰু আগবঢ়াওক। সেয়েহে, আজি আমি দুখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰ কৰিছো। ইয়াৰ ভিতৰত এখন হ’ল এখন দেশে সিখনৰ শিক্ষাগত যোগ্যতাক স্বীকৃতি প্রদান কৰা আৰু আনখন হ’ল প্ৰব্ৰজন আৰু চলাচল সংক্রান্তীয় সহযোগিতা বিষয়ক। এই দুখন চুক্তিয়ে আমাৰ দুয়ো দেশৰ মানুহ আৰু যুৱসম্প্রদায়ৰ মাজত সুসংবদ্ধ সম্পর্কৰ ভেঁটি স্থাপন কৰিব। বন্ধুসকল, আমাৰ সম্পর্কৰ আৰু বিভিন্ন মাত্রা বাকী আছে। মই সেই সকলোবোৰ যদি ক’বলৈ আৰম্ভ কৰো, তেতিয়াহ’লে শেষ হওঁতে হওঁতে সন্ধিয়া হৈ যাব। আমাৰ সহযোগিতা ৰে’লৰ পৰা, নগৰ উন্নয়ন, পৰিৱেশ, নিৰাপত্তা, মহাকাশলৈ অর্থাৎ পৃথিবীৰ পৰা মহাকাশ পর্যন্ত বিস্তৃত। কোনো ক্ষেত্রই বাদ পৰি যোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো আমি নিজৰ মাজত সমন্বয় সাধন কৰি আহিছো। আফ্রিকাৰ দেশসমূহৰ ভিতৰত ভাৰত আৰু ফ্রান্সে শক্তিশালী সম্পর্ক বজাই ৰাখিছে। এই সম্পর্ক আমাৰ সহযোগিতাৰ ক্ষেত্রত এক নতুন মাত্রা প্ৰদান কৰিছে। কাইলৈ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্রথম সন্মিলনত ৰাষ্ট্রপতি মেক্রঁ আৰু মই যুটীয়াভাৱে পৌৰহিত্য কৰিম। আমাৰ সৈতে আৰু কেইবাখনো দেশ তথা চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু মন্ত্রীও উপস্থিত থাকিব। এই পৃথিৱী গ্রহৰ ভৱিষ্যতৰ স্বার্থত আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সফলতাৰ প্রতি প্ৰতিশ্ৰুতিবদ্ধ। মাননীয় ৰাষ্ট্রপতি, মই আশা কৰো, পৰহিলৈ বাৰানসীত আপুনি প্রাচীন আৰু চিৰসেউজ এক ভাৰতৰ আত্মাৰ সন্ধান পাব। এয়া ভাৰতীয় সভ্যতাৰ মূল সুৰ আৰু যিটোৱে ফ্রান্সৰ বহুচিন্তাবিদ, লেখক আৰু শিল্পীক অনুপ্রেৰণা যোগাইছে। পৰৱৰ্তী দুদিনত ৰাষ্ট্রপতি মেক্রঁ আৰু মই বিভিন্ন ক্ষেত্রত মত বিনিময় কৰিম। মই পুনৰবাৰ মাননীয় ৰাষ্ট্রপতি আৰু তেওঁৰ প্রতিনিধিবৰ্গক ভাৰতত উষ্ণ আদৰণী জনাইছো। বহুত বহুত ধন্যবাদ।
ফ্রান্সৰ ৰাষ্ট্রপতিৰ ভাৰত ভ্ৰমণকালত প্রধানমন্ত্রীৰ প্রেছ বিবৃতি (১০ মার্চ, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%95-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AE-%E0%A6%B8%E0%A7%8C%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%95-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AE-%E0%A6%B8%E0%A7%8C%E0%A7%B0-%E0%A6%AA%E0%A6%BF%E0%A6%AD/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে ‘অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম’ ত প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি (অংশ II) ৰূপায়ণৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনালে। ইয়াৰ অধীনত অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলত গিগা ৱাট (GW) স্কেলৰ উৎপাদন ক্ষমতা আহৰণৰ বাবে ১৯,৫০০ কোটি টকা ব্যয় কৰা হ’ব। এই অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমৰ লক্ষ্য হৈছে ভাৰতত অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউল উৎপাদনৰ বাবে এক বাতাবৰণ গঢ়ি তোলা আৰু ইয়াৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখনত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। ই আত্মনিৰ্ভৰ ভাৰত পদক্ষেপক সুদৃঢ়ৰ লগতে নিয়োগ সৃষ্টি কৰিব। এটি নিকা বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে সৌৰ পিভি নিৰ্মাতাসকলক বাছনি কৰা হ’ব। ঘৰুৱা বজাৰখনৰপৰা অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউল বিক্ৰীৰ অৰ্থে সৌৰ পিভি উৎপাদন প্ৰকল্পসমূহ চালিতকৰণৰ পিছত ৫ বছৰৰ বাবে পিএলআই আগবঢ়োৱা কাৰ্য্যই উদ্দীপনা যোগাব। এই আঁচনিৰ ফলাফল/লাভা-লাভসমূহ তলত উল্লেখ কৰা হ’লঃ i. সম্পূৰ্ণ আৰু আংশিক, একত্ৰিতভাৱে বছৰি প্ৰায় ৬৫,০০০ মেগাৱাট সৌৰ পিভি মডিউলৰ উৎপাদন ক্ষমতা সংস্থাপনৰ আশা কৰা হৈছে। ii. এই আঁচনিৰ জৰিয়তে প্ৰায় ৯৪,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিনিয়োগৰ সঞ্চাৰ হ’ব। iii. ইভিএ, ছ’লাৰ গ্লাছ, বেকশ্বীট আদিৰ দৰে বেলেন্স অৱ মেটেৰিয়েলৰ বাবে উৎপাদন ক্ষমতা আহৰণ। iv. প্ৰায় ১,৯৫,০০০ জনক প্ৰত্যক্ষ নিয়োগ আৰু প্ৰায় ৭,৮০,০০০ জনক পৰোক্ষ নিয়োগ। v. প্ৰায় ১.৩৭ লাখ কোটি টকাৰ আমদানি লাঘৱ। vi. সৌৰ পিভি মডিউলৰ অধিক কাৰ্য্যক্ষমতা আহৰণৰ বাবে গৱেষণা আৰু উন্নয়নক উদ্দীপনা।
অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলত গিগা ৱাট (GW) স্কেলৰ উৎপাদন ক্ষমতা আহৰণৰ বাবে ‘অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম’ লৈ প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনিত অনুমোদন কেবিনেট
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%9C%E0%A7%87%E0%A6%AD%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%9A%E0%A7%87/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%E0%A7%B0-%E0%A6%9C%E0%A7%87%E0%A6%AD%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%A8%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC-%E0%A6%9A%E0%A7%87/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে৷ ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে লিখে; “আমাৰ আটাইতকৈ বিশিষ্ট খেলুৱৈগৰাকীৰ এক মহান সাফল্য! #WorldChampionshipsত ঐতিহাসিক ৰূপৰ পদক জয় কৰাৰ বাবে @Neeraj_chopra1ক অভিনন্দৰ জ্ঞাপন কৰিছো৷৷ এয়া ভাৰতীয় ক্ৰীড়াৰ বাবে এক বিশেষ ক্ষণ৷ নীৰজৰ ভৱিষ্যতৰ প্ৰচেষ্টাৱলীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো৷”
পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A7%9F%E0%A7%81%E0%A6%B8%E0%A7%87%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A7%8D%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%AC%E0%A6%BE%E0%A7%9F%E0%A7%81%E0%A6%B8%E0%A7%87%E0%A6%A8%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A7%8D%E0%A6%AC/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এলানি টুইটাৰযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাৰ্শ্বাল অৰ্জুন সিঙে নিষ্ঠা আৰু একাগ্ৰতাৰে ভাৰতীয় বায়ুসেনাক অতি শক্তিশালী কৰি আমাৰ সুৰক্ষা ব্যৱস্থালৈ অভূতপূৰ্ব সেৱা আগবঢ়াইছিল। তেখেতক এগৰাকী বিশিষ্ট বায়ু-যোদ্ধা আখ্যা দিয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই শোকাবহ ক্ষণত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। “ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত সমগ্ৰ ভাৰতবাসীয়ে শোক প্ৰকাশ কৰিছে। আমি দেশৰ প্ৰতি তেওঁৰ অসাধাৰণ সেৱাৰ কথা স্মৰণ কৰিছো। মাৰ্শ্বাল অৰ্জুন সিঙে নিষ্ঠা আৰু একাগ্ৰতাৰে ভাৰতীয় বায়ুসেনাক অতি শক্তিশালী কৰি আমাৰ সুৰক্ষা ব্যৱস্থালৈ অভূতপূৰ্ব সেৱা আগবঢ়াইছিল। ১৯৬৫ চনত যেতিয়া ভাৰতীয় বায়ুসেনাই গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা সময় আহি পৰিছ্ল, সেই সময়ত মাৰ্শ্বাল অৰ্জুন সিঙে আগবঢ়োৱা নেতৃত্বৰ কথা ভাৰতবৰ্ষই নাপাহৰে। কিছু সময়ৰ পূৰ্বে তেখেতক লগ কৰিছিলো। গুৰুতৰভাৱে অসুস্থ অৱস্থাতো তেখেতে থিয় হৈ চেল্যুট দিবলৈ চেষ্টা কৰিছিল।সেয়া আছিল এজন সেনাৰ শৃংখলাৱদ্ধতাৰ পৰিচয়। এনে এজন মহান ব্যক্তি, বিশিষ্ট বায়ুযোদ্ধা মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত তেখেতৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-38/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-38/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগতে অপাৰেচন গংগাৰ সৈতে জড়িত অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰে। অপাৰেচন গংগাত সফলতাৰে ইউক্ৰেইনৰ পৰা প্ৰায় ২৩০০০ ভাৰতীয় নাগৰিকৰ লগতে ১৮ খন দেশৰ ১৪৭ জন বিদেশী নাগৰিকক স্থানান্তৰিত কৰা হয়। বাৰ্তালাপৰ সময়ত ইউক্ৰেইন, পোলেণ্ড, শ্লোভাকিয়া, ৰোমানিয়া আৰু হাংগেৰীত ভাৰতীয় সম্প্ৰদায় আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিসকলে অপাৰেচন গংগাৰ অংশীদাৰ হোৱাৰ অভিজ্ঞতা, তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বৰ্ণনা কৰে আৰু এনে এক জটিল মানৱীয় অভিযানত অৱদান আগবঢ়োৱাৰ বাবে তেওঁলোকৰ সন্তুষ্টি আৰু সন্মানৰ অনুভূতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে এই অভিযানৰ সফলতাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰা ভাৰতীয় সম্প্ৰদায়ৰ নেতা, স্বেচ্ছাসেৱক গোট, কোম্পানী, ব্যক্তিগত ব্যক্তি আৰু চৰকাৰী বিষয়াসকলৰ প্ৰতি উষ্ম প্ৰশংসা প্ৰকাশ কৰে। তেওঁ দেশপ্ৰেমৰ উৎসাহ, সমাজ সেৱাৰ অনুভূতি আৰু অপাৰেচন গংগাৰ সৈতে জড়িত সকলো অংশীদাৰৰ দ্বাৰা প্ৰদৰ্শিত দল-মনোভাৱৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ বিভিন্ন সম্প্ৰদায়ৰ সংগঠনৰ প্ৰশংসা কৰি কয় যে তেওঁলোকৰ নিঃস্বাৰ্থ সেৱাই ভাৰতীয় সভ্যতাৰ মূল্যবোধৰ উদাহৰণ দিয়ে যিবোৰ তেওঁলোকে আনকি বিদেশী উপকূলতো মূৰ্ত কৰি আহিছে। সংকটৰ সময়ত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ নেতাসকলৰ সৈতে হোৱা ব্যক্তিগত বাৰ্তালাপৰ কথা স্মৰণ কৰে আৰু সকলো বিদেশী চৰকাৰৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বিদেশত ভাৰতীয়সকলৰ সুৰক্ষাক চৰকাৰে দিয়া উচ্চ অগ্ৰাধিকাৰৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যিকোনো আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়ত ভাৰতে ইয়াৰ নাগৰিকসকলক সহায় কৰিবলৈ সদায় আগ্ৰহেৰে কাম কৰি আহিছে বুলি মন্তব্য কৰে। ভাৰতৰ বসুধৈৱ কুটুম্বকমৰ পুৰণি দৰ্শনৰ দ্বাৰা নিৰ্দেশিত, ভাৰতে জৰুৰীকালীন অৱস্থাত আন দেশৰ নাগৰিকসকলকো মানৱীয় সমৰ্থন আগবঢ়াইছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ বাবে আৰম্ভ কৰা অপাৰেচন গংগাত জড়িত অংশীদাৰসকলক সাক্ষাৎ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AD%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9C%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AD%E0%A6%BE/
মাননীয় প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবে আৰু সন্মানীয় প্ৰতিনিধিবৰ্গ, মিডিয়াৰ সদস্যসকল, নমস্কাৰ মই মোৰ অন্যতম বন্ধু প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেক ভাৰতত বিশেষকৈ গুজৰাটত আদৰিবলৈ পাই নথৈ সুখী হৈছো।শ্বিঞ্জু আবেক মই বিশ্বৰ বিভিন্ন সমাৰোহত কেইবাবাৰো লগ পাইছো কিন্তু তেওঁক ভাৰতত আদৰিবলৈ পাই মই অতি সুখী।কালি মই তেওঁৰ লগত সাবৰমতী আশ্ৰম ভ্ৰমণ কৰাৰ সুযোগ পালো।আজি আমি একেলগে জাপানী প্ৰযুক্তিৰে নিৰ্মিত মুম্বাই-আহমেদাবাদ ক্ষীপ্ৰ গতিৰ ৰে’ল প্ৰকল্প মুকলি কৰিলো।ই এটা ডাঙৰ পদক্ষেপ।ই কেৱল ক্ষীপ্ৰ গতিৰ ৰে’লৰ আৰম্ভণি নহয়, ই ভাৰতৰ ভৱিষ্যত নিৰ্ণয়কাৰী পদক্ষেপ। বন্ধুসকল, পাৰস্পৰিক বিশ্বাস, বুজাপৰা আৰু আগ্ৰহৰ ভেটিত উচ্চস্তৰীয় বহু মত বিনিময়ৰ পিছত জাপান আৰু ভাৰতৰ মাজত এক শক্তিশালী সম্পৰ্ক ৰচিত হৈছে।আমাৰ দ্বিপাক্ষিক সম্পৰ্কই বিভিন্ন বিশ্বস্তৰীয় বিষয়ত সহযোগিতা কৰাত সহায় কৰিব।যোৱা বছৰ মোৰ জাপান ভ্ৰমণৰ সময়ত ঐতিহাসিক পাৰমাণু চূক্তি স্বাক্ষৰিত হৈছিল।তাৰবাবে মই জাপানৰ জনতা, সংসদ তথা প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবেলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই চূক্তিয়ে স্বচ্ছ শক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ দিশত আমাক সহযোগিতা স্থাপনত সহায় কৰিব। বন্ধুসকল, ২০১৬-১৭ বৰ্ষত ভাৰতে জাপানৰপৰা আগতকৈ ৮০ শতাংশ বেছি, ৪.৭ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ লাভ কৰিছিল। এতিয়া জাপান ভাৰতৰ তৃতীয় সৰ্বাধিক বিনিয়োগকাৰী দেশ।ইয়াৰ ফলত প্ৰতিপন্ন হয় যে ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত জাপানে যোগাত্মক দৃষ্টিভঙ্গী গ্ৰহণ কৰিছে।ব্যৱসায় বৃদ্ধিৰ লগতে ভাৰত আৰু জাপানৰ মাজত ব্যক্তিগত পৰ্যায়ৰ বন্ধুত্বও দৃঢ় হ’ব বুলি আশা কৰিব পাৰি। আমি জাপানৰ নাগৰিকৰ বাবে ভাৰতত ভিছা অন এৰাইভেলৰ ব্যৱস্থা কৰিছো। জাপান পোষ্ট আৰু ইণ্ডিয়া পোষ্টৰ সহযোগত আমি ‘কুল বক্স’ সেৱা আৰম্ভ কৰিছো যাৰ জৰিয়তে ভাৰতত থকা জাপানী লোকে জাপানী খাদ্য পাব পাৰে।লগতে মই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত ৰেষ্ট্যুৰেন্ট খুলিবলৈও আহ্বান জনাইছো।ভাৰতে আজি কৰৰ ক্ষেত্ৰতো বহুখিনি সাল-সলনি কৰিছে। ‘মে’ক ইন ইণ্ডিয়া’ই ভাৰতৰ নক্সা সলনি কৰি দিছে।আৰু মই সুখী যে জাপানী সংস্থাসমূহে আমাক সকলো প্ৰকাৰে সহায় কৰিছে।আমি আবেলি অনুস্থিত হ’বলগীয়া ভাৰত আৰু জাপানৰ ব্যৱসায়ীসকলৰ আলোচনাৰপৰাও লাভান্বিত হ’ম বুলি আশা কৰিছো। বিভিন্ন ক্ষেত্ৰত আনুষ্ঠানিক চূক্তিপত্ৰ স্বাক্ষৰ কৰিব বুলি মই আশা কৰিছো। বন্ধুসকল, মোৰ দৃঢ়বিশ্বাস যে আজি স্বাক্ষৰিত হ’বলগা চূক্তিসমূহে সকলো ক্ষেত্ৰতে ভাৰত আৰু জাপানৰ সম্পৰ্ক শক্তিশালী কৰিব।সেই আশাৰে মই পুনৰ মাননীয় প্ৰধানমন্ত্ৰী শ্বিঞ্জু আবে আৰু সন্মানীয় প্ৰতিনিধিবৰ্গক ভাৰতলৈ আদৰণি জনাইছো। আজিলৈ ইমানেই। ধন্যবাদ।
জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AD%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%9F%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%AD%E0%A6%BE/
ৰাষ্ট্রপতি শ্ৰীযুত ৰামনাথ কোবিন্দৰ আমন্ত্রণ ক্ৰমে ভিয়েটনামৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ত্রাণ দাই কোৱাঙে চলিত মাহৰ ২-৪ মাৰ্চলৈ ভাৰত ভ্ৰমণ কৰে। ভিয়েটনামৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী শ্ৰী ফাম বিন মিনসহ এক উচ্চ পর্যায়ৰ প্রতিনিধি দলো ৰাষ্ট্ৰপতি কোৱাঙৰ সৈতে ভাৰত ভ্ৰমণলৈ আহে। ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত তেওঁক সাদৰেৰে আদৰণী ৰাষ্ট্রপতি শ্ৰীযুত কোবিন্দে আৰু তেওঁৰ আপ্যায়নৰ উদ্দেশ্যে ৰাষ্ট্রপতি ভৱনত এক বিশেষ আয়োজন কৰা হয়। শ্ৰী ত্রাণেৰ চৰকাৰী ভ্ৰমণ সূচীৰ ভিতৰত ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিসৌধত পুষ্পমাল্য নিবেদন, ভাৰতৰ ৰাষ্ট্রপতিয়ে আয়োজন কৰা ভোজসভাত যোগদান, প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্র মোদীৰ সৈতে প্রতিনিধি পর্যায়ৰ আলোচনা বৈঠকত অংশগ্রহণ ইত্যাদি উল্লেখযোগ্য। তদুপৰি, ৰাষ্ট্ৰপতি কোৱাঙে লোকসভাৰ অধ্যক্ষ শ্ৰীমতী সুমিত্রা মহাজন আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্ৰীমতী সুষমা স্বৰাজকো সাক্ষাৎ কৰে। ভিয়েটনাম-ভাৰত বাণিজ্য ফোৰামৰ বৈঠকতো ভাষণ দিয়ে ভিয়েটনামৰ ৰাষ্ট্রপ্রতিয়ে। ইফালে, ভাৰতীয় উদ্যোগ আৰু বাণিজ্য খণ্ডৰ আগশাৰীৰ মুৰব্বীৰ সৈতেও আলোচনাত মিলিত হয়। ভিয়েটনামৰ ৰাষ্ট্রপ্রতিয়ে বুদ্ধগয়াও পৰিদর্শন কৰে। এক বিনম্ৰ তথা আন্তৰিক পৰিৱেশত ভাৰত আৰু ভিয়েটনামৰ মাজৰ প্রতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত অগ্রগতি, বিভিন্ন ক্ষেত্রত দুয়ো দেশৰ সহযোগিতামুলক প্রচেষ্টা তথা ২০১৬ চনতে ভাৰতৰ প্রধানমন্ত্রীৰ সফল ভিয়েটনাম ভ্ৰমণৰ পৰৱর্তীসময়ত দুয়ো দেশৰ কর্মপ্রচেষ্টা আৰু সুদৃঢ় কৰি তোলাৰ দিশবোৰে আলোচনাত স্থান পায়। বৈঠকৰ শেষত ৰাষ্ট্ৰপতি কোৱাং আৰু প্রধানমন্ত্রী মোদীয়ে দুয়ো দেশৰ মাজত পৰমাণুশক্তি, বাণিজ্য, কৃষি আৰু মীন পালনকে ধৰি বিভিন্ন ক্ষেত্রত চুক্তি বিনিময় অনুষ্ঠানত উপস্থিত থাকে। আর্থ-সামাজিক উন্নয়ন, বিজ্ঞান আৰু প্রযুক্তি, জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নয়ন ইত্যাদি ক্ষেত্রত ভাৰতৰ সফলতাক ভূয়সী প্রশংসা কৰে ৰাষ্ট্ৰপতি কোৱাঙে। আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত ভাৰতৰ ভূমিকা তথা অৱস্থানক আৰু উন্নত কৰি তুলিবলৈ সর্বতো প্ৰকাৰৰ সমর্থনৰো প্রতিশ্রুতি দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে, বৈদেশিক নীতি তথা আর্থ-সামাজিক উন্নয়নৰ ক্ষেত্রত ভিয়েটনামৰ গুৰুত্বপূর্ণ অগ্রগতি তথা সাফল্যৰ বাবে ভাৰতৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতি কোৱাঙক অভিনন্দন জনায়। ভিয়েটনাম যে অচিৰেই এক ঔদ্যোগিকভাৱে উন্নত দেশৰ মর্যাদা অর্জন কৰিবলৈ গতি কৰিছে, এই সন্দৰ্ভতো তেওঁলোকে দৃঢ় আস্থা আৰু বিশ্বাসৰ কথাও ব্যক্ত কৰে। জাতিৰ পিতা মহাত্মা গান্ধী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতি হো চি মিনৰ নেতৃত্বত ভাৰত আৰু ভিয়েটনামৰ মাজত যি বন্ধুত্বপূৰ্ণ সম্পর্কৰ আৰম্ভ হৈছিল, তাৰ কথা দুয়ো দেশেই স্বীকাৰ কৰে আৰু পৰৱর্তী প্রজন্মৰ নেতৃবৃন্দ তথা জনসাধাৰণে এই দ্বিপাক্ষিক সম্পর্কক আৰু অধিক প্রসাৰিত কৰি তুলিছে। ভাৰত আৰু ভিয়েটনামৰ মাজত কৌশলগত অংশীদাৰিত্বৰ মাত্রা বৰ্তমান যি পর্যায়লৈ উন্নীত হৈছে, তাক লৈ দুয়ো দেশেই সন্তোষ প্রকাশ কৰিছে। ভাৰত আৰু ভিয়েটনামৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৪৫সংখ্যক বার্ষিকী তথা কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিকীৰ উদযাপন উপলক্ষে ২০১৭ বৰ্ষটি মৈত্রী বর্ষৰূপে পালন কৰা হয়। এই উপলক্ষে ভাৰতত ভিয়েটনাম দিৱস পালনৰ যি প্ৰচেষ্টা লোৱা হৈছিল তাৰ ভূয়সী প্রশংসা কৰে ভিয়েটনামৰ ৰাষ্ট্ৰপতিয়ে। দ্বিপাক্ষিক সম্পর্কৰ এই প্ৰসাৰৰ ধাৰা বৰ্তাই ৰাখিবলৈ নিয়মীয়াকৈ দ্বিপাক্ষিক ভ্ৰমণসূচী বিনিময়ৰ ওপৰত বিশেষ জোৰ দিয়া হয় আলোচনা। সহযোগিতাৰ ক্ষেত্রসমূহৰৰ সম্পর্কে পর্যালোচনা আৰু ২০১৭-২০ পর্যন্ত কৌশলগত অংশীদাৰিত্বৰ কর্মপৰিকল্পনা ৰূপায়ণৰ বিষয়সমূহৰ খতিয়ান চাই ২০১৮চনত দুয়ো দেশৰ বৈদেশিক মন্ত্রীৰ নেতৃত্বত গঠিত যৌথ কমিটিৰ পৰৱর্তী বৈঠক আয়োজনৰ প্রস্তাৱ তথা অনুমতিও প্ৰদান কৰে ভাৰত আৰু ভিয়েটনামে। প্রতিৰক্ষা আৰু নিৰাপত্তা দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্রত প্রতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাই যি গুৰুত্বপূর্ণ আৰু কার্যকৰী ভূমিকা পালন কৰে, তাক দুয়োপক্ষই স্বীকাৰ কৰে। এইক্ষেত্রত অর্জিত সাফল্য আৰু অগ্রগতিত বিশেষ সন্তোষ প্রকাশ কৰা হয় তেওঁলোকে। দুয়ো দেশৰ সেনাবাহিনীৰ মাজত সুদৃঢ় সহযোগিতা আৰু চাইবাৰ নিৰাপত্তা, সন্ত্রাসবাদ দমন আৰু উগ্রপন্থীৰ কার্যকলাপ ৰোধত দুয়ো দেশৰ ঘনিষ্ঠ সহযোগিতা প্রচেষ্টাক আদৰণী জনায়। তদুপৰি, মানৱ আৰু ড্ৰাগছৰ সৰবৰাহ ৰোধ, সামূদ্ৰিক-নিৰাপত্তা, জলবায়ু পৰিৱর্তন আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাক আৰু অধিক দৃঢ় কৰি তোলাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। চাইবাৰ নিৰাপত্তাৰ ক্ষেত্রত ভাৰত আৰু ভিয়েটনামৰ মাজত স্বাক্ষৰিত চুক্তিসমূহৰ সক্ৰিয় ৰূপায়ণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে দুয়ো দেশে। ভাৰতৰ জাতীয় নিৰাপত্তা পৰিষদ সচিবালয় আৰু ভিয়েটনামৰ চৰকাৰী নিৰাপত্তা মন্ত্রালয়ৰ মাজত স্বাক্ষৰিত সহযোগিতা চুক্তিক শীঘ্ৰে বাস্তবায়িত কৰিবলৈও দুয়ো পক্ষই সহমত প্রকাশ কৰে। ভিয়েটনামৰ সৈতে প্রতিৰক্ষা সহযোগিতাৰ উপৰি সেই দেশৰ দক্ষতা বৃদ্ধিত সহযোগিতা আগবঢ়োৱাত ভাৰতে আগ্রহ প্রকাশ কৰে। দুয়ো দেশৰ আলোচনামুলক বৈঠকত ভিয়েটনামৰ উপকূলৰক্ষী বাহিনীৰ উচ্চগতিৰ প্রহৰা যান নির্মাণৰ লক্ষ্যৰে ১০০ মিলিয়ন মার্কিন ডলাৰ ঋণ সাহায্য বাস্তবায়নৰ বিষয়টো দ্রুততৰ কৰি তোলাৰ ওপৰত জোৰ দিয়া হয়। তদুপৰি, প্রতিৰক্ষা সহযোগিতাকে আৰু অধিক দৃঢ় কৰি তোলাৰ সপক্ষে মত প্রকাশ কৰেন নেতা দুগৰাকীয়ে। নৌ-ক্ষেত্রত বিশেষকৈ, জলদস্যুৰ কাৰ্যকলাপ ৰোধ, সমুদ্রপথেৰে নিৰাপত্তা, জাহাজ চলাচল সম্পর্কীয় তথ্য বিনিময় ইত্যাদি দিশৰ সহযোগিতা অধিক সুদৃঢ় কৰি তোলাটো যে অতি জৰুৰী সেই বিষয়ে উভয়ে সহমত প্রকাশ কৰে। ২০১৮ৰ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত আছিয়ান-ভাৰত নৌ-সহযোগিতা সম্পর্কীয় স্মাৰক শীর্ষ সন্মিলন আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সামুদ্রিক বিষয়সমূহত ভাৰত-ভিয়েটনামে দ্বিপাক্ষিক পৰামর্শ আৰু আলাপ-আলোচনা চলাই যোৱাৰ দিশত জোৰ দিয়া হয়। আন্তঃসীমান্ত সন্ত্রাসকে ধৰি যিকোনো ধৰণৰ সন্ত্রাসমূলক কাৰ্যকলাপক দুয়োদেশে তীব্ৰ নিন্দা কৰে। বিশ্বশান্তি, নিৰাপত্তা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত সন্ত্রাসবাদৰ ভাবুকি যে ভয়ংকৰ ৰূপ ল’ব পাৰে, সেই সম্পর্কে ভাৰতৰ লগতে ভিয়েটনামেও উদ্বেগ প্ৰকাশ কৰে। সন্ত্রাসবাদক লৈ কোনোধৰণৰ যুক্তি বা কাৰণ থাকিব নোৱাৰে, সেই ক্ষেত্ৰতো সহমত প্রকাশ কৰে তেওঁলোকে। তদুপৰি, সন্ত্রাসজনিত কর্মতৎপৰতাৰ সৈতে জাতি, ধর্ম, সভ্যতা আৰু জনজাতি গোষ্ঠীক যে কোনো ধৰণেই জড়িত কৰা উচিৎ নহয়, এই সম্পর্কে দৃঢ় মত পোষণ কৰে ভাৰত আৰু ভিয়েটনামে। এনে পৰিস্থিতিত সন্ত্রাসবাদ আৰু ইয়াৰ সহায়কাৰীসকলৰ বিৰুদ্ধে সতর্ক থাকিবলৈ বিশ্বৰ সকলো দেশকে আহ্বান জানানো হয়। সন্ত্রাস দমনত সকলো দেশে একেলগে আগুৱাই অহা উচিৎ সেই কথাতো দ্বিপাক্ষিক আলোচনাত বিশেষ জোৰ দিয়া হয়। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাস সম্পর্কে এক সুসংবদ্ধ আলোচনা বৈঠক আৰু প্রস্তাব গ্রহণৰ প্রয়োজনীয়তাৰ দিশতো দৃষ্টি আকর্ষণ কৰে ভাৰত আৰু ভিয়েটনামে। অর্থনৈতিক সম্পর্ক দুয়োদেশেই স্বীকাৰ কৰে যে এক বলিষ্ঠ বাণিজ্য আৰু অর্থনৈতিক সহযোগিতা গঢ়ি তোলা দুয়ো দেশেৰই এটি কৌশলগত উদ্দেশ্য। কেৱল ইমানেই নহয়, দুয়ো দেশৰ কৌশলগত অংশীদাৰিত্বৰ ই এক বিশেষ স্তম্ভ। বিগত দুবছৰত ভাৰত আৰু ভিয়েটনামৰ মাজত বাণিজ্যিক লেনদেনৰ মাত্রা যিধৰণে বৃদ্ধি পাইছে, তাতো ভিয়েটনামৰ ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রী মোদীয়ে সন্তোষ প্রকাশ কৰে। দ্বিপাক্ষিক বাণিজ্যৰ মাত্রাক আৰু অধিক প্রসাৰ তথা ব্যাপক কৰি তোলাৰ উদ্দেশ্যে সম্ভাব্য সকলো ধৰণৰ প্রচেষ্টা চলাই যোৱাৰ প্ৰতিও তেওঁলোকে মত প্রকাশ কৰে। অহা ২০২০ চনৰ ভিতৰত ১৫ বিলিয়ন মার্কিন ডলাৰেৰ বাণিজ্যৰ লক্ষ্য পূৰণত উদ্যোগী হোৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকে পৰামর্শ দিয়ে। এই বছৰ যতদূৰ সম্ভৱ সোনকালে হানৈত বাণিজ্য সম্পর্কীয় যুটীয়া উপ-আয়োগৰ পৰৱর্তী বৈঠক আয়োজনৰ প্রস্তাৱ গ্ৰহণ কৰে নেতাদুগৰাকীয়ে। হাইড্রোকার্বন, বিদ্যুৎ উৎপাদন, নবীকৰণযোগ্য শক্তি, শক্তি, পৰিৱেশ আৰু শক্তি সংৰক্ষণ, আন্তঃগাঁথনি, বস্ত্রশিল্প, পাদুকা শিল্প, ঔষধ উৎপাদন, মেচিনাৰী সামগ্ৰী, কৃষি আৰু কৃষিজাত সামগ্ৰী, পর্যটন, ৰাসায়নিক, তথ্য, যোগাযোগ আৰু প্রযুক্তি আৰু অন্যান্য সেৱাজনিত উদ্যোগৰ নতুন নতুন বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনাৰ প্রসাৰত দুয়ো দেশৰ ব্যৱসায়ীক উদ্যোগী হোৱাৰ আহ্বান জনায় নেতাদুগৰাকীয়ে। তদুপৰি, কৃষিৰ উৎপাদনশীলতা বৃদ্ধি আৰু কৃষিক্ষেত্রত বিজ্ঞান আৰু প্রযুক্তিৰ প্রয়োগক আৰি অধিক নিবিড় কৰি তোলাৰ ওপৰতো তেওঁলোকে জোৰ দিয়ে। ‘মেক ইন ইণ্ডিয়া’ কার্যসূচীৰ অধীনত ভাৰতত বিনিয়োগ অনুকূল এক পৰিৱেশ যে সৃষ্টি হৈছে, তাৰ সুযোগ গ্রহণ কৰাৰ বাবে ভিয়েটনামৰ উদ্যোগসমূহক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। আনফালে, ৰাষ্ট্ৰপতি কোৱাঙে ভিয়েটনামত বিনিয়োগৰ পৰিমাণ প্রসাৰ ঘটাবলৈ ভাৰতৰ উদ্যোগীসকলক আমন্ত্রণ জনায়। বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীয়ে গ্ৰহণ কৰা প্রচেষ্টাৰ ভূয়সী প্রশংসাও কৰে ৰাষ্টপতি কোৱাঙে। উন্নয়নমুলক সহযোগিতা ভিয়েটনামক দীর্ঘদিন ধৰি ভাৰতে আগবঢ়োৱা অনুদান আৰু ঋণ সাহায্যৰ বাবে ভাৰতক ভূয়সী প্রশংসা কৰে ৰাষ্ট্ৰপতি কোৱাঙে। ভিয়েটনামৰ ছাত্র-ছাত্রী, গৱেষক আৰু শিক্ষাক্ষেত্রৰ বৃত্তিধাৰী কর্মী আৰু চৰকাৰী বিষয়াসকলৰ বৃত্তি প্ৰদানৰ মাত্রা ভাৰতে অধিক উন্নীত কৰিছে, সেই লৈ ভাৰতৰ প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। বিশেষকৈ, ভাৰতৰ প্রযুক্তিগত আৰু অর্থনৈতিক সহযোগিতা কার্যসূচী, মেকং-গংগা সহযোগিতা আন্তঃগাঁথনি তথা অন্যান্য প্রকল্পসমূহৰ জৰিয়তে যিদৰে এই সহযোগিতাৰ প্রসাৰ ঘটিছে, তাৰ প্রশংসা কৰে ভিয়েটনামৰ ৰাষ্ট্রপতিগৰাকীয়ে। চলিত বৰ্ষৰ আছিয়ান-ভাৰত সন্মিলনত বিভিন্ন দেশক গ্রামীণ সংযোগ আৰু যোগাযোগ ব্যৱস্থাৰ প্রসাৰত সহযোগিতাবদ্ধ হোৱাৰ প্ৰতি প্রধানমন্ত্রী মোদীয়ে জনোৱা আহ্বানক তেওঁ প্রশংসা কৰে। শক্তিখণ্ডৰ সহযোগিতা তেল আৰু গেছৰ অনুসন্ধান, তাপবিদ্যুৎ আৰু জলবিদ্যুৎ উৎপাদন তথা শক্তি আৰু নবীকৰণযোগ্য শক্তি খণ্ডত দুয়ো দেশৰ সহযোগিতা যে উল্লেখযোগ্যভাবে প্রসাৰ লাভ কৰিছে সেইকথাও স্বীকাৰ কৰে দুয়োগৰাকী নেতাই। ভিয়েটনামত তেল আৰু গেছ অনুসন্ধান প্রচেষ্টাক আৰু অধিক জোৰদাৰ কৰি তুলিবলৈ ভাৰতৰ ব্যৱসায়ীসকলক সাদৰেৰে আহ্বান জনায় ৰাষ্ট্ৰপতি ত্রাণদাই কোৱাঙে। তৃতীয় বিশ্ব দেশসমূহত তেল আৰু গেছৰ অনুসন্ধান প্রকল্পৰ ক্ষেত্রত সহযোগিতাপ্রসাৰৰ বাবে স্বাক্ষৰিত চুক্তিখন যথাযথভাবে অনুসৰণ কৰাৰ বাবে আহ্বান জনায় দুয়োগৰাকী নেতাই। ভিয়েটনামত তেল আৰু গেছ অনুসন্ধানৰ ক্ষেত্রত যিবোৰ সুযোগ-সুবিধাৰ প্রসাৰ ঘটোৱা হৈছে, সেয়া সদ-ব্যৱহাৰৰ বাবে সংশ্লিষ্ট ভাৰতীয় উদ্যোগীসকলৰ প্ৰতি আহ্বান জনায় ভিয়েটনামৰ ৰাষ্ট্রপতি কোৱাঙে। তেওঁৰ দেশৰ শক্তি আৰু নবীকৰণযোগ্য শক্তি সংৰক্ষণ প্রকল্পসমূহত ভাৰতীয় সংস্থাসমূহে কৰা বিনিয়োগক আদৰণী জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে। তদুপৰি, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী চুক্তিত স্বাক্ষৰ দানৰ বিষয়টো বিবেচনাৰ বাবে ভাৰতে যি আবেদন জনাইছে, তাৰ কথাও আলোচনাত স্থান লাভ কৰে। দুয়ো দেশৰ শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত ভ্ৰমণ বিনিময় কার্যসূচী সংস্কৃতি আৰু পর্যটনৰ প্রসাৰ আৰু দুয়ো দেশৰ জনসাধাৰণৰ পাৰস্পৰিক ভ্ৰমণসূচীত অংশগ্রহণৰ ওপৰো বিশেষ জোৰ দিয়া হয় দুয়ো দেশৰ প্রতিনিধি পৰ্যায়ৰ আলোচনাত। সেইবাবে সহযোগিতাৰ বাতাবৰণকে অধিক সুদৃঢ় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে দুয়োগৰাকী নেতাই। তদুপৰি, দুয়ো দেশৰ মাজত পুৰাতত্ত্ব, সংৰক্ষণ আৰু সংগ্রহশালা সম্পর্কীয় যি ঐতিহাসিক সহযোগিতাৰ সম্পর্ক আছে, তাক অধিক গভীৰ কৰি তোলাৰ দিশতো মত পোষণ কৰে। ভাৰতত ভিয়েটনামৰ এটি সাংস্কৃতিক কেন্দ্র গঢ়ি তোলাৰ প্রস্তাৱক আন্তৰিকভাবে আদৰণী জনায় ভাৰতে। ভিয়েটনামত ইউনেস্কো বিশ্ব সাংস্কৃতিক ঐতিহ্য কেন্দ্রটিৰ সংৰক্ষণ আৰু তাক নতুনকৈ গঢ়ি তোলাৰ বাবে লোৱা প্রকল্পৰ সফল ৰূপায়ণৰ প্রশংসা কৰে দুয়োগৰাকী নেতাই। ভিয়েটনামত বিভিন্ন ঐতিহ্য আৰু সাংস্কৃতিক কেন্দ্রৰ পুনৰুদ্ধাৰ আৰু সংস্কৰণ প্রচেষ্টাত ভাৰতৰ আর্থিক সহযোগিতা প্রস্তাৱক আদৰণী জনায় ভিয়েটনামে। সেই দেশৰ ফু তো, বিন ফুক আৰু অন্যান্য প্রদেশত ৫০০ জন ভিয়েটনাম নাগৰিকৰ ওচৰত জয়পুৰ ফুটৰ দৰে কৃত্রিম অংগ প্ৰেৰণৰ বাবে ভাৰত চৰকাৰ আৰু ভগবান মহাবীৰ বিকলাংগ সাহায্য সমিতিয়ে যে পুনর্বাসন কার্যসূচী ৰূপায়িত কৰিছে, সেইবাবে ভিয়েটনামৰ ফালৰ পৰা ভাৰতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। যোগাযোগ ভাৰতৰ সৈতে ভিয়েটনাম আৰু আছিয়ানভুক্ত দেশসমূহৰ সৈতে ভাৰতৰ বলিষ্ঠ সংযোগ আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত দুয়োপক্ষই বিশেষ গুৰুত্ব আৰোপ কৰে। ভাৰত, ম্যানমাৰ, থাইলেণ্ড ত্রিপাক্ষিক ঘাইপথ নির্মাণ প্রকল্পৰ জৰিয়তে আঞ্চলিক পর্যায়ত যি যোগাযোগ প্রসাৰৰ চেষ্টা কৰা হৈছে, সেই কথাৰো উল্লেখ কৰা হয় প্রতিনিধিপৰ্যায়ৰ বৈঠকত। নতুন দিল্লীৰ সৈতে হো চি মিন চিটীৰ বিমান সংযোগ শীঘ্ৰে যোগাযোগ স্থাপনৰ বাবে উদ্যোগক ভূয়সী প্রশংসা কৰে দুয়োগৰাকী ৰাষ্ট্রনেতাই। আঞ্চলিক সহযোগিতা প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ত্রাণ দাই কোৱাঙে এছিয়াৰ আঞ্চলিক নিৰাপত্তা পৰিস্থিতিৰ লগতে দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত সহমত প্রকাশ কৰে। এক শান্তিপূর্ণ আৰু সমৃদ্ধ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে দুয়োজনে। দুয়োগৰাকী ৰাষ্ট্রনেতাৰ মতে, সার্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতি, আকাশ তথা সমুদ্রপথেৰে যান চলাচলৰ স্বাধীনতা, বহনক্ষম উন্নয়ন প্রচেষ্টা আৰু ন্যায়সংগতভাবে উদাৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতাকে সমর্থন জনোৱা হ’ব এই শান্তিপূর্ণ আৰু সমৃদ্ধ অঞ্চলত। দুয়োগৰাকী নেতাই স্বীকাৰ কৰে যিধৰণে এক মুক্ত, স্বচ্ছ, অন্তর্ভুক্তিমূলক আৰু নিয়ম-নীতি পৰিচালিত আঞ্চলিক আন্তঃগাঁথনি গঢ়ি তোলা আৰু আছিয়ানভুক্ত দেশসমূহৰ সৈতে সহযোগিতামুলক সম্পর্কক সুদৃঢ় কৰি তোলাৰ ক্ষেত্রত ভাৰত আৰু ভিয়েটনামে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁলোকে ২০১৮ৰ জানুৱাৰীত আছিয়ান-ভাৰত স্মাৰক সন্মিলনৰ সফল সমাপ্তিত সন্তোষপ্রকাশ কৰে। দ্বিপাক্ষিক আলোচনাত ২০১৫-১৮এই সময়ছোৱাত এক সমন্বয়ৰক্ষীকাৰী দেশ হিটাপে ভিয়েটনামৰ বিশেষ অৱদানৰ কথাও স্বীকাৰ কৰা হয়। আছিয়ান-ভাৰত কৌশলগত অংশীদাৰিত্বৰ সম্পর্কৰ প্রসাৰত দিল্লী ঘোষণাৰ মাজত যিবোৰ প্রস্তাৱৰ কথা উল্লেখ আছে, তাৰ বাস্তবায়নত প্রয়োজনীয় পদক্ষেপ গ্রহণৰ অনুকূলেও মত প্রকাশ কৰে দুয়ো দেশে। অন্যান্য ক্ষেত্রত সহযোগিতা দ্বিপাক্ষিক আলোচনাত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰত আৰু ভিয়েটনামৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অৱস্থানৰ সন্দৰ্ভত প্রশংসা কৰা হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদত দুয়ো দেশৰ আবেদনক পাৰস্পৰিকভাবে সমর্থন জনোৱাৰ সিদ্ধান্তৰ কথাও বৈঠকত পুনৰ দোঁহাৰে। আনফালে, নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু পুনৰগঠন প্রক্রিয়াত ভাৰতৰ স্থায়ী সদস্য পদৰ আবেদনক ভিয়েটনামে একেৰাহে সমর্থন জনাই যাব বুলি আশ্বাস দিয়ে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল তথা বিশ্বত শান্তি, সুস্থিৰতা আৰু উন্নয়নৰ স্বার্থত ভাৰত আৰু ভিয়েটনামে পৰস্পৰৰ সংকল্প আৰু উন্নয়ন সহযোগিতাৰ প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰে। দক্ষিণ চীন সাগৰত নৌ চলাচলৰ স্বাধীনতা আৰু বিমানপথত বিমান পৰিবহণৰ বিষয়সমূহৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই বহনক্ষম উন্নয়নৰ লক্ষ্যৰে অহা ২০৩০ চনলৈকে এক সুসংবদ্ধ কর্মসূচী গ্রহণৰ বিষয়টোক আদৰণী জনায়। ইয়াৰ লক্ষ্য পূৰণত দুয়ো দেশই যে প্ৰতিশ্ৰুতিবদ্ধ, সেই কথাতো অতি দৃঢ়তাৰে ঘোষণা কৰা হয়। ভাৰত ভ্ৰমণকালত লাভ কৰা আন্তৰিক অভ্যর্থনা আৰু আতিথ্যৰ বাবে ৰাষ্ট্রপতি কোবিন্দ আৰু ভাৰতৰ বন্ধুত্বপ্ৰিয় জনসাধাৰণক ধন্যবাদ জনায় ৰাষ্ট্ৰপতি কোৱাঙে। ৰাষ্ট্রপতি কোবিন্দক তেওঁ সুবিধা অনুসৰি ভিয়েটনাম ভ্ৰমণৰ বাবে জনোৱা আমন্ত্রণক সাদৰেৰে গ্রহণ কৰে ভাৰতৰ ৰাষ্ট্রপতিয়ে।
ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত ভাৰত-ভিয়েটনামৰ যুটীয়া প্ৰেছ বিবৃতি(৩ মাৰ্চ, ২০১৮)
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%82%E0%A7%B0%E0%A6%A4-%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%B0%E0%A6%82%E0%A6%97%E0%A6%BE-%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A7%82%E0%A7%B0%E0%A6%A4-%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%B0%E0%A6%82%E0%A6%97%E0%A6%BE-%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D/
আপোনালোক সকলোকে আজাদী কে অমৃত মহোৎসৱৰ আন্তৰিক শুভকামনা। আজিৰ পৰা মাত্ৰ কেইদিনমানৰ পিছতেই দেশে নিজৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব, আৰু আমি সকলোৱে এই ঐতিহাসিক স্বাধীনতা দিৱসৰ পূৰ্ণোদ্যমে প্ৰস্তুতিও চলাই আছো। হিন্দুস্তানৰ প্ৰতিটো কোণত ত্ৰিৰংগাই ত্ৰিৰংগা জিলিকি আছে। গুজৰাটৰো কোনো কোণ এনেকুৱা নাই, যি উদ্দীপনাৰে পৰিপূৰ্ণ নহয়। আৰু সূৰতে তো ইয়াত সোণত সুৱগা চৰালে। আজি সমগ্ৰ দেশৰ মনোযোগ সূৰতৰ ওপৰত। সূৰতৰ ত্ৰিৰংগা যাত্ৰাৰে একপ্ৰকাৰৰ ক্ষুদ্ৰ ভাৰতৰ দৰ্শন হৈ আছে অথবা হয়তো হিন্দুস্তানৰ কোনো কোণ এনেকুৱা নহ'ব, যাৰ মানুহ সূৰতত নাথাকে আৰু আজি একপ্ৰকাৰৰ সমগ্ৰ হিন্দুস্তান সূৰতৰ মাটিত ত্ৰিৰংগা যাত্ৰাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। আৰু এইটোও আনন্দৰ কথা যে সমাজৰ প্ৰতিটো বৰ্গ অন্তৰ্ভুক্ত আছে। ত্ৰিৰংগাত সংযুক্ত কৰাৰ কিমান শক্তি আছে, এয়া আজি সূৰতত আমি দেখি আছো। সূৰতে নিজৰ বেপাৰ-বাণিজ্য, নিজৰ উদ্যোগৰ বাবে পৃথিৱীত নিজৰ এটা সুকীয়া পৰিচয় গঢ় দিছে। আজি সূৰতত হৈ থকা ত্ৰিৰংগা যাত্ৰা, পৃথিৱীজুৰি আকৰ্ষণৰ কেন্দ্ৰ হ'ব। বন্ধুসকল, আপোনালোকে ত্ৰিৰংগা যাত্ৰাত ভাৰত মাতাৰ অৱলোকনৰ সমান্তৰালকৈ দেশৰ সংস্কৃতি আৰু পৰিচয়ৰ সৈতে সংযুক্ত অৱলোকনো অন্তৰ্ভুক্ত কৰিছে। বিশেষকৈ, কন্যাসকলৰ দ্বাৰা শৌৰ্য প্ৰদৰ্শন আৰু যুৱকসকলৰ যি অংশগ্ৰহণ, সেয়া সঁচাই অদ্ভূত। সূৰতৰ লোকসকলে আমাৰ স্বাধীনতা সংগ্ৰামৰ ভাবনাক ত্ৰিৰংগা যাত্ৰাত জীৱন্ত কৰি দিছে। কোনোবা বস্ত্ৰ বিক্ৰেতা, দোকানী, কোনোবা লুমছৰ কাৰিকৰ, কোনোবা চিলাই বা এম্ব্ৰইডাৰীৰ কাৰিকৰ, কোনোবা ট্ৰেন্সপৰ্টেচনৰ সৈতে সংযুক্ত, কোনোবা হীৰা-ৰত্নৰ সৈতে সংযুক্ত। সূৰতৰ গোটেই টেক্সটাইল ইণ্ডাষ্ট্ৰী, সূৰতৰ মানুহে এই আয়োজনক বহুত ভব্য কৰি তুলিলে। ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ এই জন অংশগ্ৰহণৰ বাবে, আৰু এই বিশেষ ত্ৰিৰংগা যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। মই বিশেষকৈ, সাঁৱৰ প্ৰসাদ বুধিয়া জী, আৰু 'সাকেত-সেৱাই লক্ষ্য' গ্ৰুপৰ সৈতে জড়িত সকলো ভলণ্টিয়াৰৰ শলাগ লৈছো, যিসকলে এই পদক্ষেপ আৰম্ভ কৰে। সংসদৰ মোৰ সতীৰ্থ চি আৰ পাটিল জীৰ সহযোগে এই পদক্ষেপক আৰু শক্তিশালী কৰি আছে। বন্ধুসকল, আমাৰ ৰাষ্ট্ৰীয় পতাকা নিজস্ব ৰূপতেই দেশৰ বস্ত্ৰ উদ্যোগ, দেশৰ খাদী আৰু আমাৰ আত্মনিৰ্ভৰতাৰ এটা প্ৰতীক। এই ক্ষেত্ৰত সূৰতে সদায়েই আত্মনিৰ্ভৰ ভাৰতৰ বাবে আধাৰ প্ৰস্তুত কৰিছে। সূৰতৰ বস্ত্ৰ উদ্যোগে ভাৰতৰ উদ্যোগ ভাবনাৰ, ভাৰতৰ দক্ষতা আৰু ভাৰতৰ সমৃদ্ধিৰ প্ৰতিনিধিত্ব কৰিছে। সেয়ে, এই ত্ৰিৰংগা যাত্ৰাত নিজস্ব ৰূপতেই সেই গৌৰৱ আৰু প্ৰেৰণাও সমাহিত হৈ আছে। বন্ধুসকল, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত গুজৰাটে গৌৰৱশালী যোগদানৰ নিজৰ এক সুকীয়া সোণালী অধ্যায় লিখিলে। গুজৰাটে বাপুৰ ৰূপত স্বাধীনতাৰ যুদ্ধক নেতৃত্ব দিলে। সূৰতে লৌহ পুৰুষ চৰদাৰ পেটেল জীৰ দৰে নায়ক দিলে, যি স্বাধীনতাৰ পাছত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বুনিয়াদ ৰচনা কৰিলে। বাৰডোলী আন্দোলন আৰু দাণ্ডী যাত্ৰাৰ পৰা ওলোৱা বাৰ্তাই সমগ্ৰ দেশক একত্ৰিত কৰিছিল। গুজৰাটৰ এই গৌৰৱপূৰ্ণ অতীতৰ এক অভিন্ন অংশ আমাৰ সূৰত আৰু ইয়াৰ ঐতিহ্য আছে। বন্ধুসকল, ভাৰতৰ ত্ৰিৰংগাই কেৱল তিনিটা ৰঙকে নিজৰ ভিতৰত ধৰি ৰখা নাই। আমাৰ ত্ৰিৰংগাই আমাৰ অতীতৰ গৌৰৱক, আমাৰ বৰ্তমানৰ কৰ্তব্যনিষ্ঠাক, আৰু ভৱিষ্যতৰ সপোনৰো এক প্ৰতিবিম্ব। আমাৰ ত্ৰিৰংগা ভাৰতৰ একতা, ভাৰতৰ অখণ্ডতাৰ আৰু ভাৰতৰ বিবিধতাৰো এটা প্ৰতীক। আমাৰ সেনানিয়ে ত্ৰিৰংগাত দেশৰ ভৱিষ্যতক দেখা পালে, দেশৰ সপোনক দেখা পালে, আৰু ইয়াক কেতিয়াও নত হ'বলৈ নিদিলে। আজি স্বাধীনতাৰ ৭৫ বছৰৰ পাছত যি সময়ত আমি নতুন ভাৰতৰ যাত্ৰা আৰম্ভ কৰি আছো, সেই সময়ত ত্ৰিৰংগাই আকৌ এবাৰ ভাৰতৰ একতা আৰু চেতনাৰ প্ৰতিনিধিত্ব কৰি আছে। মই আনন্দিত যে, দেশজুৰি হৈ থকা ত্ৰিৰংগা যাত্ৰাসমূহত, ঘৰে ঘৰে ত্ৰিৰংগা অভিযানত দেশৰ সেই শক্তি আৰু ভক্তি একেলগে জিলিকি আছে। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ মাজত ভাৰতৰ প্ৰতিটো ঘৰত হ'ব ত্ৰিৰংগা, ভাৰতৰ প্ৰতিটো ঘৰত উত্তোলন কৰিব ত্ৰিৰংগা। সমাজৰ প্ৰতিটো বৰ্গ, প্ৰতিটো জাতি-মত-পন্থৰ মানুহে স্বতঃস্ফুৰ্ত এটা এনেকুৱা ভাবেৰে একতাৰ পৰিচয়েৰে, নতুন সপোন আৰু সংকল্পৰে সমগ্ৰ দেশ সংযুক্ত হৈ আছে। এই পৰিচয় হৈছে- ভাৰতৰ কৰ্তব্যনিষ্ঠ নাগৰিকৰ। এই পৰিচয় হৈছে- মা ভাৰতীৰ সন্তানৰ। মহিলা-পুৰুষ, নজোৱান, জ্যেষ্ঠ, যিজন যি ভূমিকাত আছে, এই অভিযানত নিজৰ সহযোগ দি আছে, নিজৰ কৰ্তব্য পালন কৰি আছে। মই আনন্দিত যে ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ বাবে কিমান যে দুখীয়াৰ, বয়ন শিল্পীৰ, হেণ্ডলুমত কাম কৰা লোকৰ অতিৰিক্ত আয়ো হৈ আছে। আজাদী কে অমৃত মহোৎসৱত এনেকুৱা আয়োজনে আমাৰ সংকল্পক এক নতুন শক্তি দিব। জন অংশগ্ৰহণৰ এই অভিযানে নতুন ভাৰতৰ বুনিয়াদ শক্তিশালী কৰিব। এই বিশ্বাসেৰেই, আপোনালোক সকলোকে, গুজৰাটক, সমগ্ৰ দেশক আৰু বিশেষকৈ মোৰ সূৰতৰ মানুহক খুব-খুব শুভকামনা, আৰু সূৰতে এবাৰ যাক আকোৱালি লয় সেয়া কেতিয়াও পিছ নোহুঁহকে। এয়া সূৰতৰ বিশেষত্ব, সূৰত যেনেকৈ আগবাঢ়ি আছে, সূৰতে যেনেকৈ প্ৰগতিৰ নতুন নতুন উচ্চতা অতিক্ৰম কৰি আছে, তাৰ মূলতে আছে এই মোৰ সূৰতৰ জনতা, এই মোৰ সূৰতৰ ভাতৃ-ভগ্নী, আজি এই ত্ৰিৰংগা যাত্ৰাৰ অদ্ভূত দৃশ্য দেশৰ বাবেও প্ৰেৰণাদায়ক হ'ব। মোৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা। ধন্যবাদ!
সূৰত ত্ৰিৰংগা যাত্ৰাত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE-%E0%A6%A8%E0%A7%B1%E0%A6%AE%E0%A7%80%E0%A6%A4-%E0%A6%AE%E0%A6%BE-%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AE%E0%A6%B9%E0%A6%BE-%E0%A6%A8%E0%A7%B1%E0%A6%AE%E0%A7%80%E0%A6%A4-%E0%A6%AE%E0%A6%BE-%E0%A6%B8%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A6%A6%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0/
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীক আৰাধনা কৰিছে আৰু প্রত্যেকৰ বাবে আশীৰ্বাদ প্রার্থনা কৰিছে। এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, “নৱৰাত্রিৰ মহা নৱমীত মা সিদ্ধিদাত্রীৰ পূজা অর্চনা হয়। প্রার্থনা কৰিছো তেওঁৰ আশীৰ্বাদত প্রত্যেকৰে নিজ নিজ কার্য সিদ্ধি হওক। মা সিদ্ধিদাত্রীৰ ভক্তসকলৰ উদ্দেশ্যে তেওঁৰ এটি স্তুতি নিবেদন কৰিলো https://t.co/YYTr3oNm5Y।”
মহা নৱমীত মা সিদ্ধিদাত্রীৰ প্রতি প্রধানমন্ত্রীৰ প্রার্থন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%9C%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%B0%E0%A7%B0-%E0%A6%AC/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8-%E0%A6%9C%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%B6%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A7%B0%E0%A7%B0-%E0%A6%AC/
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত জম্মু-কাশ্মীৰ চৰকাৰৰ প্রস্তাৱ অনুসৰি সংবিধান (জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য) সংশোধনী সম্পৰ্কীয় নির্দেশ, ২০১৯ত অনুমোদন জনাইছে। ১৯৫৪ চনৰ এই সম্পৰ্কীয় নির্দেশনাত এই নতুন সিদ্ধান্তৰ সংশোধন কৰিব বিচৰা হৈছে। এই সংশোধনী সম্পৰ্কীয় বিজ্ঞপ্তি প্ৰকাশ হোৱাৰ ফলত জম্মু-কাশ্মীৰত কর্মৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ কর্মচাৰীসকলৰ পদোন্নতি আৰু আৰ্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত ১০ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাটো সম্ভৱ হৈ পৰিব। জম্মু-কাশ্মীৰত ইতিমধ্যে বিভিন্ন ক্ষেত্রত সংৰক্ষণৰ যি ব্যৱস্থা আৰম্ভ হৈছে আৰু এই নতুন সংশোধনীৰ জৰিয়তে ইয়াৰ অতিৰিক্ত হিচাপে এই সুযোগ-সুবিধাসমূহ প্ৰদান কৰা হ’ব। প্ৰভাৱসমূহঃ ২০১৯ চনৰ জানুৱাৰী মাহত ১০৩তম সংবিধান সংশোধনৰ জৰিয়তে সমগ্ৰ দেশজুৰি আৰ্থিকভাৱে পিছপৰা শ্রেণীৰ লোকসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত যি ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, জম্মু-কাশ্মীৰতো ইয়াক কার্যকৰী কৰাৰ বাবে এই সংশোধনীৰ ব্যৱস্থা হাতত লোৱা হৈছে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ পদোন্নতি সম্পৰ্কীয় এই সংশোধনীৰ ফলত অন্যান্যসকলৰ ভিতৰত গুজ্জৰ আৰু বাকেৰৱাল গোষ্ঠীকো তালিকাত অন্তর্ভুক্ত কৰা হ’ব। আনহাতে, জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত বসবাস কৰা লোকসকলৰ বাবে ৩ শতাংশ হাৰত আসন সংৰক্ষণৰ সুবিধাৰ ক্ষেত্রত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ৬ কিলোমিটাৰৰ ভিতৰত বসবাস কৰা সকলৰ ক্ষেত্ৰত পূর্বে দিয়া সুবিধাৰ সম হাৰত সুবিধা প্ৰদান কৰা হ’ব।
সংবিধান (জম্মু-কাশ্মীৰৰ বাবে প্ৰযোজ্য) সংশোধনী নির্দেশ, ২০১৯ত কেবিনেটৰ অনুমোদন
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA-2/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA-2/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিলিভিতত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে। পিএমঅ’ৰ এটা টুইটত কোৱা হৈছেঃ "উত্তৰ প্ৰদেশৰ পিলিভিতত সংঘটিত পথ দুৰ্ঘটনা হৃদয়বিদাৰক। এই দূৰ্ঘটনাত যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। একে সময়তে, মই আহত সকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী মোদী।"
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ পিলিভিতত সংঘটিত পথ দূৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%A6%E0%A7%8B%E0%A6%A6%E0%A7%B0%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3-%E0%A6%AA%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AC%E0%A6%A6%E0%A7%8B%E0%A6%A6%E0%A7%B0%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%A8-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3-%E0%A6%AA%E0%A7%8D/
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী; মোৰ কেবিনেট সহকৰ্মী তথা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী; শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী; টাটা ছনছৰ অধ্যক্ষ; এয়াৰবাছ ইণ্টাৰনেশ্যনেলৰ মুখ্য বাণিজ্যিক বিষয়া; প্ৰতিৰক্ষা আৰু বিমান পৰিবহণ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল; ভদ্ৰ পুৰুষ-মহিলাসকল! নমস্কাৰ! গুজৰাটত দেৱ দীপাৱলীলৈকে দীপাৱলী চলি থাকে। আৰু এই দীপাৱলী উৎসৱৰ সময়ত বদোদৰা, গুজৰাট আৰু সমগ্ৰ দেশে লাভ কৰিছে এক অমূল্য উপহাৰ। এয়া গুজৰাটৰ বাবে নতুন বছৰ আৰু নতুন বছৰত প্ৰথমবাৰৰ বাবে গুজৰাটলৈ আহিছো। আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো! আজি আমি ভাৰতক বিশ্বৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছো। ভাৰতে আজি নিজাকৈ যুদ্ধ বিমান নিৰ্মাণ কৰিছে। আজি ভাৰতে নিজাকৈ টেংক আৰু ছাবমেৰিন নিৰ্মাণ কৰিছে। তদুপৰি ‘মেড ইন ইণ্ডিয়া’ ঔষধ আৰু ভেকচিনেও আজি বিশ্বৰ লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰি আছে। ইলেক্ট্ৰনিক গেজেট, মোবাইল ফোন আৰু গাড়ী ‘মেড ইন ইণ্ডিয়া’ আজি বিশ্বৰ বহু দেশত আধিপত্য বিস্তাৰ কৰিছে। ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেক ফৰ দ্য গ্ল’ব’ মন্ত্ৰৰে আগবাঢ়ি যোৱা ভাৰতে নিজৰ সম্ভাৱনা বৃদ্ধি কৰি আহিছে। এতিয়া ভাৰতে পৰিবহণ বিমানৰো প্ৰধান নিৰ্মাতাত পৰিণত হ’ব। আজি ভাৰতত ইয়াৰ আৰম্ভ হৈছে। আৰু মই সেই দিনটো কল্পনা কৰিছো যেতিয়া বিশ্বৰ বৃহৎ যাত্ৰীবাহী বিমানসমূহো ভাৰতত নিৰ্মাণ কৰা হ’ব আৰু ইয়াত ‘মেক ইন ইণ্ডিয়া’ৰ টেগ লাগি থাকিব। বন্ধুসকল, আজি বদোদৰাত যি সুবিধাৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেই সুবিধাই দেশৰ প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডক সলনি কৰাৰ ক্ষমতা আছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা মহাকাশ খণ্ডত ইমান বৃহৎ বিনিয়োগ কৰা হৈছে। ইয়াত নিৰ্মাণ কৰা পৰিবহণ বিমানে আমাৰ সেনাবাহিনীক শক্তি প্ৰদান কৰাই নহয়, বিমান নিৰ্মাণৰ বাবেও এক নতুন পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব। শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে পৰিচিত বদোদৰা এতিয়া এই নতুন পৰিচয়েৰে বিশ্বৰ আগত বিমান পৰিবহণ খণ্ডৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব৷ যদিও ভাৰতে ইতিমধ্যে বহু দেশলৈ বিমানৰ সৰু সৰু অংশ ৰপ্তানি কৰি আহিছে, এতিয়া দেশত প্ৰথমবাৰৰ বাবে সামৰিক পৰিবহণ বিমান নিৰ্মাণ কৰিবলৈ ওলাইছে। ইয়াৰ বাবে টাটা গ্ৰুপ আৰু এয়াৰবাছ ডিফেন্স কোম্পানীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মোক কোৱা হৈছে যে ভাৰতৰ শতাধিক এমএছএমইয়েও এই প্ৰকল্পত যোগদান কৰিব। ভৱিষ্যতে ইয়াত বিশ্বৰ আন দেশলৈ ৰপ্তানিৰ বাবেও অৰ্ডাৰ ল’ব পাৰিব। অৰ্থাৎ এই ভূমিৰ পৰাই ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেক ফৰ দ্য গ্ল’ব’ৰ সংকল্পও অধিক শক্তিশালী হোৱাৰ দিশত গতি কৰিছে। বন্ধুসকল, আজি ভাৰতত. আমাৰ হাতত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান পৰিবহণ খণ্ড আছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমি বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ শাৰীত উপনীত হ’বলৈ ওলাইছো। আগন্তুক ৪-৫ বছৰত কোটি কোটি নতুন যাত্ৰী বিমান যাত্ৰী হ’বলৈ গৈ আছে। উড়ান আঁচনিখনে এই দিশত যথেষ্ট সহায় কৰিছে। অনুমান কৰা হৈছে যে আগন্তুক ১০-১৫ বছৰত ভাৰতত আৰু প্ৰায় ২০০০ যাত্ৰীবাহী আৰু মালবাহী বিমানৰ প্ৰয়োজন হ’ব। কেৱল ভাৰতত ২০০০ বিমানৰ প্ৰয়োজন; এইটোৱে দেখুৱাইছে যে উন্নয়ন কিমান দ্ৰুতগতিত হ’ব! এই বৃহৎ চাহিদা পূৰণৰ বাবে ভাৰতে ইতিমধ্যে প্ৰস্তুতি চলাইছে। আজিৰ অনুষ্ঠানটোও সেই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বন্ধুসকল, আজিৰ এই অনুষ্ঠানতো বিশ্ববাসীৰ বাবে এটা বাৰ্তা প্ৰদান কৰিছে। আজি ভাৰতে বিশ্বৰ বাবে এক সোণালী সুযোগ কঢ়িয়াই আনিছে। যোগান-শৃংখলত ব্যাঘাত জন্মিলেও আৰু ক’ৰোনা আৰু যুদ্ধই সৃষ্টি কৰা পৰিস্থিতিৰ মাজতো ভাৰতৰ উৎপাদন খণ্ডৰ বৃদ্ধিৰ গতি অব্যাহত আছে। এইটো কোনো আকস্মিক সাফল্য নহয়। আজি ভাৰতত পৰিচালনাৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈছে। আজি ভাৰতে খৰচৰ প্ৰতিযোগিতামূলক ক্ষমতাৰ লগতে গুণগত মানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। আজি ভাৰতে কম খৰচী উৎপাদন আৰু উচ্চ উৎপাদনৰ সুযোগ প্ৰদান কৰি আছে। আজি ভাৰতত প্ৰতিভাসম্পন্ন আৰু দক্ষ মানৱ সম্পদৰ এক বিশাল গোট আছে। বিগত আঠ বছৰত আমাৰ চৰকাৰে গ্ৰহণ কৰা সংস্কাৰে ভাৰতত এক অভূতপূৰ্ব উৎপাদন পৰিৱেশৰ সৃষ্টি কৰিছে। ভাৰতে আজিৰ দৰে সহজ ব্যৱসায় কৰা পৰিৱেশৰ ওপৰত ইমান গুৰুত্ব দিয়া নাছিল। কৰ্পৰেট কৰ গাঁথনি সৰল কৰা, বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তোলা, বহু খণ্ডত স্বয়ংক্ৰিয় পথৰ জৰিয়তে ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া, প্ৰতিৰক্ষা, খনন, ব্যক্তিগত কোম্পানীক স্থানৰ দৰে খণ্ড মুকলি কৰা, শ্ৰমিক অনাৰ দৰে অৰ্থনৈতিক সংস্কাৰৰ এক নতুন কাহিনী আজি ভাৰতত লিখা হৈছে সংস্কাৰ, ২৯টা কেন্দ্ৰীয় শ্ৰম আইন মাত্ৰ ৪টা সংহিতালৈ পৰিণত কৰা, ৩৩ হাজাৰতকৈ অধিক বাধ্যবাধকতা বিলুপ্ত কৰা আৰু কেইবা ডজন কৰৰ ৱেব নিৰ্মূল কৰা আৰু এটা একক সামগ্ৰী আৰু সেৱা কৰ সৃষ্টি কৰা। আমাৰ উৎপাদন খণ্ডই এই সংস্কাৰৰ সুফল লাভ কৰিছে। আৰু বন্ধুসকল, এই সফলতাৰ আঁৰত আৰু এটা ডাঙৰ কাৰণ আছে। বৰঞ্চ মই ক’ম যে আটাইতকৈ ডাঙৰ কাৰণটো হ’ল মানসিকতাৰ পৰিৱৰ্তন। দীৰ্ঘদিন ধৰি চৰকাৰে এই মানসিকতাৰে শাসন কৰি আহিছে যে কেৱল চৰকাৰেহে সকলো জানে আৰু সকলো কাম চৰকাৰে কৰিব লাগে। এই মানসিকতাই দেশৰ প্ৰতিভা দমন কৰি ভাৰতৰ ব্যক্তিগত খণ্ডক বৃদ্ধি হ’বলৈ নিদিলে৷ ‘সবকা প্ৰয়াস’ৰ মনোভাৱেৰে আগবাঢ়ি গৈ দেশখনে এতিয়া ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়কে সমানে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, পূৰ্বৰ চৰকাৰসমূহৰ মানসিকতা আছিল সমস্যাসমূহ এৰাই চলা আৰু তেওঁলোকে কিছু ৰাজসাহায্য দি উৎপাদন খণ্ডটো চলাই ৰাখিব। এই মানসিকতাই ভাৰতৰ উৎপাদন খণ্ডৰ বহু ক্ষতি কৰিছে। ফলত ইয়াৰ পূৰ্বে কোনো সুনিৰ্দিষ্ট নীতি প্ৰণয়ন কৰা হোৱা নাছিল আৰু লজিষ্টিক, বিদ্যুৎ যোগান আৰু পানী যোগানৰ প্ৰয়োজনীয়তাক আওকাণ কৰা হৈছিল। মোৰ দেশৰ নৱ প্ৰজন্মই এই মানসিকতাৰ ফল খুব ভালদৰে বুজিব পাৰে। এতিয়া আজিৰ ভাৰতে নতুন মানসিকতা আৰু নতুন কৰ্ম-সংস্কৃতিৰে কাম কৰি আছে। আমি এড’চিজমেৰে ভৰপূৰ পদ্ধতি পৰিত্যাগ কৰিছো আৰু বৃদ্ধিৰ বাবে বিনিয়োগকাৰীৰ বাবে বিভিন্ন প্ৰৰোচনাৰ কথা চিন্তা কৰিছো। আমি উৎপাদনসংযোগী উদ্গনি আঁচনি আৰম্ভ কৰিলোঁ, যাৰ ফলত পৰিৱৰ্তনটো দৃশ্যমান হৈ পৰিল। আজি আমাৰ নীতি সুস্থিৰ, পূৰ্বানুমানযোগ্য আৰু ভৱিষ্যবাদী। আমি প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় ল’জিষ্টিক নীতিৰ জৰিয়তে দেশৰ ল’জিষ্টিক ব্যৱস্থাৰ উন্নতি সাধন কৰিছো। বন্ধুসকল, আগতে আন এটা মানসিকতা আছিল, অৰ্থাৎ ‘ভাৰত উৎপাদন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব নোৱাৰে, গতিকে ই কেৱল সেৱা খণ্ডতহে গুৰুত্ব দিব লাগে’। আজি আমি কেৱল সেৱা খণ্ডতেই গুৰুত্ব দিয়াই নহয়, উৎপাদন খণ্ডকো সমৃদ্ধ কৰি তুলিছো। আমি জানো যে আজি বিশ্বৰ কোনো দেশেই কেৱল সেৱা খণ্ড বা কেৱল উৎপাদন খণ্ডৰ বিকাশ ঘটাই অগ্ৰগতি লাভ কৰিব নোৱাৰে। আমি উন্নয়নৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। আৰু আজিৰ নিউ ইণ্ডিয়াই আত্মবিশ্বাসেৰে একেটা পথতে আগবাঢ়িছে। আমাৰ মাজত দক্ষ জনশক্তিৰ অভাৱ আছে বুলি আন এক সীমিত বিশ্বাস আছিল। গতিকে, দেশৰ দক্ষতাৰ ওপৰত আস্থাৰ অভাৱ আছিল; দেশৰ প্ৰতিভাৰ ওপৰত বিশ্বাসৰ অভাৱ আছিল। সেয়েহে উৎপাদন খণ্ডৰ প্ৰতি এক প্ৰকাৰৰ উদাসীনতা আছিল আৰু ইয়াৰ প্ৰতি কম গুৰুত্ব দিয়া হৈছিল। কিন্তু আজি ভাৰতে উৎপাদন ক্ষেত্রতো আগৰণুৱা হ’বলৈ সাজু হৈছে৷ ছেমিকণ্ডাক্টৰৰ পৰা বিমানলৈকে আমি প্ৰতিটো খণ্ডতে আগৰণুৱা হোৱাৰ উদ্দেশ্যেৰে বৃদ্ধি পাইছো। এইটো সম্ভৱ হৈছিল কাৰণ যোৱা ৮ বছৰত আমি দক্ষতা বিকাশত মনোনিৱেশ কৰিছিলো আৰু ইয়াৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিছিলো। এই সকলো পৰিৱৰ্তনক একত্ৰিত কৰি আজি ভাৰতৰ উৎপাদন খণ্ডত উন্নয়ন যাত্ৰা এই পৰ্যায়ত উপনীত হৈছে। বন্ধুসকল, আমাৰ চৰকাৰৰ বিনিয়োগ অনুকূল নীতিৰ ফল প্ৰত্যক্ষ বিদেশী বিনিয়োগতো দেখা যায়। বিগত আঠ বছৰত ১৬০খনতকৈও অধিক দেশৰ কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিছে। আৰু এনে নহয় যে এই বিদেশী বিনিয়োগ কেৱল কিছুমান উদ্যোগতহে আহিছে। এই বিনিয়োগে অৰ্থনীতিৰ ৬০টাতকৈও অধিক খণ্ড সামৰি ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে। কেৱল মহাকাশ খণ্ডত ৩ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক বিনিয়োগ কৰা হৈছে। ২০০০ চনৰ পৰা ২০১৪ চনলৈ ১৪ বছৰৰ তুলনাত এই আঠ বছৰত এই খণ্ডত হোৱা বিনিয়োগ পাঁচগুণ অধিক। আমি ২০২৫ চনৰ ভিতৰত আমাৰ প্ৰতিৰক্ষা উৎপাদন ২৫ বিলিয়ন ডলাৰৰ বাহিৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।আমাৰ প্ৰতিৰক্ষা ৰপ্তানিও ৫ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিব। উত্তৰ প্ৰদেশ আৰু তামিলনাডুত গঢ়ি তোলা প্ৰতিৰক্ষা কৰিডৰেও এই খণ্ডটোক বৃদ্ধি কৰাত সহায় কৰিব। আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু গুজৰাট চৰকাৰৰ শলাগ লৈছো। আপুনি নিশ্চয় দেখিছে যে কিছুদিন পূৰ্বে তেওঁলোকে গান্ধীনগৰত এক দৰ্শনীয় ডেফ-এক্সপ’ আয়োজন কৰিছিল। বিভিন্ন প্ৰতিৰক্ষা সঁজুলিৰ সৈতে জড়িত এক বৃহৎ অনুষ্ঠান। আৰু মই সঁচাকৈয়ে আনন্দিত হৈছো যে এইটো আছিল এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ডেফ-এক্সপ’। গতিকে, ৰাজনাথ জীক অভিনন্দন জনাইছো। এই অনুষ্ঠানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল যে ডেফ-এক্সপ’ত প্ৰদৰ্শিত সকলো সঁজুলি আৰু প্ৰযুক্তি ‘মেড ইন ইণ্ডিয়া’ আছিল। অৰ্থাৎ ভৱিষ্যতৰ ডেফ-এক্সপ’ত প্ৰজেক্ট চি-২৯৫ৰ প্ৰতিফলনো আমি দেখিবলৈ পাম৷ ইয়াৰ বাবে টাটা গ্ৰুপ আৰু এয়াৰবাছলৈও মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। বন্ধুসকল, আজি এই ঐতিহাসিক ক্ষণত এই উদ্যোগটোৰ লগত জড়িত বন্ধু-বান্ধৱীসকললৈ মোৰ অনুৰোধ পুনৰ দোঁহাৰিব বিচাৰিছো। আৰু মই আনন্দিত যে বিভিন্ন খণ্ডৰ সকলো উদ্যোগৰ নেতা আৰু বিশিষ্ট ব্যক্তিসকলে আজি আমাৰ সৈতে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ সাক্ষী হ’বলৈ গৈছে। এই মুহূৰ্তত দেশত যি অভূতপূৰ্ব বিনিয়োগৰ আস্থা গঢ় লৈ উঠিছে তাৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। যিমান পাৰে আক্ৰমণাত্মকভাৱে আগবাঢ়ি যোৱাৰ এই সুযোগ নাপাব। উদ্যোগটোত প্ৰতিষ্ঠিত খেলুৱৈসকলক মই আহ্বান জনাও যে দেশৰ ষ্টাৰ্ট-আপসমূহক আগবাঢ়ি যোৱাত সহায় কৰাৰ উপায় বিচাৰি উলিয়াওক। মই বিচাৰো যে সকলো ডাঙৰ উদ্যোগে সমগ্ৰ দেশতে আমাৰ যুৱক-যুৱতীসকলৰ ষ্টাৰ্ট-আপৰ বিষয়ে অধ্যয়ন কৰিবলৈ এটা ‘ষ্টাৰ্ট-আপ চেল’ ঘড় দিয়ক। আপোনাৰ গৱেষণা তেওঁলোকৰ কামৰ লগত কেনেকৈ মিলিব পাৰে? তেওঁলোকক হাত ধৰাৰ ব্যৱস্থা কৰক আৰু আপুনি দেখিব যে কেৱল আপুনি অতি দ্ৰুতগতিত বৃদ্ধি হোৱাই নহয়, আনকি সেই যুৱকসকলেও ষ্টাৰ্ট-আপৰ জগতখনত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনকি তেওঁলোকৰ শক্তিও বহুগুণ বৃদ্ধি পাব। গৱেষণাত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ এতিয়াও সীমিত। যদি আমি একেলগে এইখিনি বৃদ্ধি কৰো তেন্তে আমি উদ্ভাৱন আৰু উৎপাদনৰ এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ সক্ষম হ’ম। 'সবকা প্ৰয়াস'ৰ মন্ত্ৰ আমাৰ সকলোৰে বাবে উপযোগী হ'ব আৰু আমাৰ সকলোৰে পথ প্ৰদৰ্শন কৰিব। আৰু আমিও একেটা পথতে খোজ দিব লাগে। আকৌ এবাৰ সকলো দেশবাসীক এই আধুনিক বিমান নিৰ্মাণৰ সুবিধাৰ বাবে অভিনন্দন জনাইছো। দেশৰ যুৱক-যুৱতীসকলৰ বাবে অপেক্ষা কৰি আছে বহু নতুন সুযোগ। লগতে দেশৰ নৱপ্ৰজন্মলৈ মোৰ বিশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ !
বদোদৰাত বিমান নিৰ্মাণ প্লাণ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%B8%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%8E-%E0%A6%9A/
চীনৰ ৰাষ্ট্ৰীয় উপদেষ্টা তথা সীমা বিবাদৰ চীনৰ বিশেষ প্ৰতিনিধি শ্ৰীযুত য়াং জিয়েচিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰীযুত য়াং জিয়েচিয়ে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি জী জিনপিং আৰু প্ৰধানমন্ত্ৰী লী কেকিয়াঙৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীযুত য়াং জিয়েচি আৰু শ্ৰীযুত অজিত ডোভালে ভাৰত আৰু চীনৰ সীমা বিবাদ সন্দৰ্ভত আজি পুৱাৰ ভাগত দুয়োদেশৰ বিশেষ প্ৰতিনিধিৰ সৈতে হোৱা বিংশতম আলোচনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক চমুকৈ বৰ্ণনা কৰে। প্ৰধানমন্ত্ৰীয়ে আগ্ৰহেৰে ২০১৭ৰ ছেপ্তেম্বৰত নৱম ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কৰা জিয়ামেন ভ্ৰমণৰ লগতে তাত ৰাষ্ট্ৰপতি জী জিনপিঙৰ সৈতে মিলিত হোৱাৰ কথা দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-চীনৰ মাজত এক সুদৃঢ় সম্পৰ্ক স্থাপন হোৱাটো কেৱল ভাৰত আৰু চীনৰ লোকসকলৰ পাৰস্পৰিক লাভালাভৰ বাবেই নহয়, সমগ্ৰ অঞ্চল তথা বিশ্বৰ বাবেও অধিক গুৰুত্বপূৰ্ণ।
প্ৰধানমন্ত্ৰীক সাক্ষাৎ চীন ৰাষ্ট্ৰীয় উপদেষ্টা শ্ৰীযুত য়াং জিয়েচিৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AC-%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%AD%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%A7%E0%A7%AC-%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%AD%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জুলাই, ২০২২ত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব আু প্ৰায় ১১:৩০ বজাত জালাউন জিলাৰ ওৰাই তহশিলৰ কৈথেৰী গাঁৱত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰিব। সমগ্ৰ দেশতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, যাৰ এটা মূল বৈশিষ্ট্য হৈছে পথৰ আন্তঃগাঁথনিৰ উন্নতিৰ দিশত কাম কৰা। এই দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ২৯ ফেব্ৰুৱাৰী, ২০২০ত প্ৰধানমন্ত্ৰীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। এক্সপ্ৰেছৱেৰ কাম ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে আৰু এই এক্সপ্ৰেছৱেটোকে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। উত্তৰপ্ৰদেশ এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষৰ তত্বাৱধানত প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ’ৰলেন এই এক্সপ্ৰেছৱে’টো নিৰ্মাণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ইয়াক ছিক্সলেন হিচাপে সম্প্ৰসাৰণ কৰিব পৰা যাব। এই এক্সপ্ৰেছৱেটোৱে চিত্ৰকুট জিলাৰ ভাৰতকুপৰ ওচৰৰ গোণ্ডা গাঁৱৰ ৩৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইটাৱা জিলাৰ কুড্ৰাইল গাঁৱৰ সমীপলৈকে বিস্তৃত হৈ আছে, য’ত ই আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ৰ সৈতে সংযোগ হৈছে। এই এক্সপ্ৰেছৱেটো সাতখন জিলা ক্ৰমে-চিত্ৰকুট, বান্দা, মহোবা, হামিৰপুৰ, জালাউন, ঔৰাইয়া আৰু ইটাৱাৰ মাজেৰে পাৰ হৈ গৈছে। অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ সমান্তৰালভাৱে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো এক বৃহৎ সহায় আগবঢ়াব, যাৰ ফলত স্থানীয় লোকসকলৰ বাবে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি হ’ব। এক্সপ্ৰেছৱেৰ কাষতে বান্দা আৰু জালাউন জিলাত ঔদ্যোগিক কৰিড’ৰ সৃষ্টিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।
১৬ জুলাইত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু উদ্বোধন কৰিব বুণ্ডেলখণ্ড এক্সপ্ৰেছৱ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য মাৰ্ক ৰুটক তেওঁৰ চতুৰ্থ কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "মোৰ মৰমৰ বন্ধু প্ৰধানমন্ত্ৰী শ্ৰী মাৰ্ক ৰুটক তেওঁৰ চতুৰ্থ কাৰ্যকালৰ বাবে শুভেচ্ছা জনাইছো। মই নিশ্চিত যে আমি একেলগে ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত ব্যাপক অংশীদাৰীত্বক নতুন উচ্চতালৈ লৈ যাম। ''
নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য মাৰ্ক ৰুটক তেওঁৰ চতুৰ্থ কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%9A%E0%A6%A8-%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%A8-%E0%A6%95%E0%A6%A8%E0%A6%AB%E0%A7%87%E0%A6%A1%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A6%9A%E0%A6%A8-%E0%A6%AE%E0%A6%B9%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান কনফেডাৰেচন মহিলাৰ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ বাবে মেৰী কমক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয়, “এএছবিচি এছিয়ান কনফেডাৰেচন মহিলাৰ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰাৰ বাবে মেৰী কমক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ সাফল্যত ভাৰতে গৌৰৱবোধ কৰিছে।”
এছিয়ান কনফেডাৰেচন মহিলাৰ বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ বাবে মেৰী কমক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A1%E0%A7%A6-%E0%A6%8F%E0%A6%87%E0%A6%9A/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A7%87-%E0%A6%A1%E0%A7%A6-%E0%A6%8F%E0%A6%87%E0%A6%9A/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ এইচ ভি হাণ্ডেৰ আবেগক প্ৰশংসা কৰে, যিয়ে স্বাধীনতা ঘোষণা কৰা ৭৫ বছৰ পুৰণি বাতৰি কাকতখন দেখুৱাই টুইট কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ড০ এইচ ভি হান্দেজীৰ দৰে লোকসকল উল্লেখযোগ্য লোক যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। 'আজাদী কা অমৃত মহোৎসৱ'ৰ বাবে কৰা টুইটত হাণ্ডেৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; "ড০ এইচ ভি হাণ্ডেজীৰ দৰে লোকসকল উল্লেখযোগ্য ব্যক্তি যিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁলোকৰ শক্তি আৰু আবেগ দেখি আনন্দিত। @DrHVHande1"
প্ৰধানমন্ত্ৰীয়ে ড০ এইচ ভি হাণ্ডেৰ আবেগক প্ৰশংসা কৰে যিয়ে স্বাধীনতা ঘোষণা কৰা ৭৫ বছৰ পুৰণি বাতৰি কাকতখন সাঁচি ৰাখিছিল
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%87-%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%87%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%B8%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AC%E0%A6%BE%E0%A6%87-%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%87%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A7%8D%E0%A6%AE-%E0%A6%9C/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়; "প্ৰেৰণাদায়ী সাবিত্ৰীবাই ফুলেজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেত আমাৰ নাৰী শক্তিৰ অদম্য আত্মাৰ প্ৰতীক। তেখেতৰ জীৱন মহিলাসকলক শিক্ষিত কৰা আৰু সৱলীকৰণৰ বাবে সমৰ্পিত আছিল। তেওঁ সামাজিক সংস্কাৰ আৰু সমাজসেৱাৰ ওপৰত দিয়া গুৰুত্বও সমানে অনুপ্ৰেৰণাদায়ক।"
সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A7%B0%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%AA%E0%A7%87-%E0%A6%9A%E0%A7%B0/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%B7%E0%A7%B0%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE-%E0%A6%AA%E0%A7%87-%E0%A6%9A%E0%A7%B0/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ পৰীক্ষাৰ বাবে সাজু হোৱাশিক্ষাৰ্থী তথা তেওঁলোকৰঅভিভাৱক আৰু শিক্ষকসকলক চলিত বৰ্ষৰ পৰীক্ষ পে চৰ্চাৰ বাবেনিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, "পৰীক্ষা পে চৰ্চাক আৰু অধিক স্মৰণীয় কৰি তুলিছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা লাভ কৰা বিভিন্ন দিহা-পৰামৰ্শসমূহে। আপোনালোক সকলোকে, বিশেষকৈ #ExamWarriors, অভিভাৱক আৰু শিক্ষকসকলক এইবাৰৰ পৰীক্ষা পে চৰ্চাৰ বাবে নিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আমন্ত্ৰণ জনাইছো।#PPC2023 innovateindia.mygov.in/ppc-2023/ "
চলিত বৰ্ষৰ‘পৰীক্ষা পে চৰ্চা’ৰ বাবে দিহা-পৰামৰ্শৰ আহ্বানপ্ৰধানমন্ত্ৰী
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B2-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AC%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B2-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8/
ৱাহে গুৰু দা খালচা, ৱাহে গুৰু দি ফতেহ! কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মীসকল, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, সদনৰ অধ্যক্ষ আৰু বিভিন্ন সন্মানীয় প্ৰতিষ্ঠানৰ অধ্যক্ষ, কূটনীতিবিদ, সমগ্ৰ দেশৰ বিভিন্নক্ষেত্ৰত বিশেষভাৱে জড়িত সকল, এই কাৰ্যসূচীৰ সৈতে জড়িত আন সকলো গণ্যমান্য ব্যক্তিসকল আৰু সুধীবৃন্দ। আজি দেশে প্ৰথম ‘বীৰ বাল দিৱস’ উদযাপন কৰিছে। এই দিনটোত, আমি প্ৰজন্মপ্ৰজন্ম ধৰি স্মৰণ কৰি অহা ত্যাগবোৰক, আজি এখন ৰাষ্ট্ৰ হিচাপে, ইয়াক একত্ৰিত কৰাৰ এক নতুন আৰম্ভণি হৈছে। শ্বহীদী সপ্তাহ আৰু এই বীৰ বাল দিৱস নিশ্চিতভাৱে আমাৰ শিখ পৰম্পৰাৰ বাবে আৱেগেৰে পৰিপূৰ্ণ, কিন্তু আকাশৰ দৰে ইয়াৰ বহুতো অনুপ্ৰেৰণা আছে। বীৰ বাল দিৱসে আমাক মনত পেলাই দিব যে সাহসিকতাৰ শীৰ্ষৰ সময়ত কম বয়সৰ কোনো গুৰুত্ব নাই। ‘বীৰ বাল দিৱস’ই আমাক সোঁৱৰাই দিব যে দহজন গুৰুৰ অৱদান কি, দেশৰ আত্মসন্মানৰ বাবে শিখ পৰম্পৰাৰ ত্যাগ কি! ‘বীৰ বাল দিৱস’ই আমাক ক’ব – ভাৰত কি, ভাৰতৰ পৰিচয় কি! প্ৰতি বছৰে বীৰ শিশু দিৱসৰ এই পৱিত্ৰ অনুষ্ঠানটোৱে আমাক আমাৰ অতীতক চিনাক্ত কৰিবলৈ আৰু আহিবলগীয়া ভৱিষ্যত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব। ভাৰতৰ যুৱ প্ৰজন্মৰ শক্তি কি, অতীতত ভাৰতৰ যুৱ প্ৰজন্মই কেনেদৰে দেশক সুৰক্ষা দিছে, আমাৰ যুৱ প্ৰজন্মই কেনেদৰে ভাৰতক মানৱতাৰ অন্ধকাৰৰ পৰা উলিয়াই আনিছে, বীৰ শিশু দিৱস’ আগন্তুক দশক আৰু শতিকা জুৰি ঘোষণা কৰিব। মই আজি এই উপলক্ষে সাহসী চাহিবজাদাসকলক তেওঁলোকৰ ভৰিত নমস্কাৰ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মই এইটো মোৰ চৰকাৰৰ সৌভাগ্য বুলি বিবেচনা কৰোঁ যে ই আজি ২৬ ডিচেম্বৰক বীৰ বাল দিৱস হিচাপে ঘোষণা কৰাৰ সুযোগ পাইছিল। মই মোৰ দেউতা, দশম গুৰু গোবিন্দ সিং জী আৰু সকলো গুৰুৰ ভৰিত ভক্তিৰে নমস্কাৰ কৰো। মাতৃ শক্তিৰ প্ৰতীক মাতা গুজৰিৰ ভৰিত মই শিৰনত কৰো। বন্ধুসকল, পৃথিৱীৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাস নিষ্ঠুৰতাৰ এটা ভৌতিক অধ্যায়ৰে ভৰি আছে। ইতিহাসৰ পৰা কিংবদন্তীলৈকে, চুপাৰহিৰো আৰু চুপাৰহিৰোসকলৰ অজস্ৰ মহান চৰিত্ৰ আছে। কিন্তু এইটোও সঁচা যে চামকৌৰ আৰু চিৰহিন্দৰ যুদ্ধত যি ঘটিছিল সেয়া আছিল ‘অভূতপূৰ্ব’। এইটো হাজাৰ হাজাৰ বছৰ পুৰণি নহয় যে সময়ৰ বালিত ইয়াৰ ৰেখাবোৰ অস্পষ্ট হৈ পৰিছে। এই সকলোবোৰ মাত্ৰ তিনি শতিকাৰ আগতে এই দেশৰ মাটিত ঘটিছিল। এফালে, ধৰ্মীয় গোঁড়ামিৰ দ্বাৰা অন্ধ ইমান ডাঙৰ মোগল চুলতানাত আৰু আনহাতে, জ্ঞান আৰু তপস্যাত আৱদ্ধ আমাৰ গুৰু হৈছে ভাৰতৰ প্ৰাচীন মানৱীয় মূল্যবোধক জীয়াই থকাৰ এক পৰম্পৰা! এফালে সন্ত্ৰাসৰ উচ্চতা, আৰু আনফালে আধ্যাত্মিকতাৰ শীৰ্ষ! এফালে ধৰ্ম্মীয় উন্মাদনা আৰু আনফালে সকলোৰে মাজত ঈশ্বৰৰ দ্বাৰা দেখা উদাৰতা! আৰু এই সকলোবোৰৰ মাজত, এফালে লাখ লাখ সৈন্য, আৰু গুৰুৰ সাহসী চাহিবজাদে আনফালে অকলশৰীয়া থাকিলেও নিৰ্ভয়ে থিয় হৈ আছিল! এই সাহসী চাহিবজাদাসকলে কোনো ভাবুকিকে ভয় কৰা নাছিল, কাৰো সন্মুখত শিৰনত কৰা নাছিল। জোৰাৱাৰ সিং চাহাব আৰু ফতেহ সিং চাহাব দুয়োকে দেৱালত জীৱিত অৱস্থাতে গাঁথি দিয়া হৈছিল। এফালে, বৰ্বৰতাই ইয়াৰ সকলো সীমা ভাঙি পেলাইছিল, আনহাতে, ধৈৰ্য্য, সাহসিকতা, বীৰত্বৰ সকলো দৃষ্টান্তও ভংগ হৈছিল। চাহিবজাদা অজিত সিং আৰু চাহিবজাদা জুঝাৰ সিঙেও সাহসিকতাৰ উদাহৰণ দাঙি ধৰিছিল যি শতিকা জুজুৰক অনুপ্ৰেৰণা যোগাই আহিছে। মোৰ আদৰৰ ভাই-ভনীসকল, যিখন দেশৰ ঐতিহ্য এনেকুৱা, যাৰ ইতিহাস এনেকুৱা, স্বাভাৱিকতে আত্মসন্মান আৰু আত্মবিশ্বাস থাকিব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ, ইতিহাসৰ নামত, আমাক কোৱা হৈছিল আৰু বৰ্ণনা শিকোৱা হৈছিল যিয়ে আমাৰ ভিতৰত হীনমন্যতাৰ সৃষ্টি কৰিছিল! ইয়াৰ স্বত্ত্বেও, আমাৰ সমাজ, আমাৰ পৰম্পৰাবোৰে এই গৌৰৱময় কাহিনীবোৰ জীয়াই ৰাখিছিল। বন্ধুসকল, যদি আমি ভৱিষ্যতে ভাৰতক সফলতাৰ শীৰ্ষলৈ লৈ যাব বিচাৰো, আমি অতীতৰ সংকীৰ্ণ দৃষ্টিভংগীৰ পৰা মুক্ত হ’ব লাগিব। সেয়েহে, স্বাধীনতাৰ অমৃত কালত, দেশখনে ‘দাসত্বৰ মানসিকতাৰ পৰা মুক্তি’ৰ জীৱন উশাহ লৈছে। বীৰ বাল দিৱস’ দেশৰ সেই ‘পাঁচ-আত্মা’সকলৰ বাবে জীৱনৰেখাৰ দৰে। বন্ধুসকল, ইমান কম বয়সতে চাহিবজাদাৰ এই ত্যাগত, আমাৰ বাবে আন এটা ডাঙৰ উপদেশ লুকাই আছে। সেই সময়খিনি কল্পনা কৰক! ঔৰঙ্গজেবৰ সন্ত্ৰাসৰ বিৰুদ্ধে, ভাৰত সলনি কৰাৰ তেওঁৰ অভিপ্ৰায়ৰ বিপৰীতে, গুৰু গোবিন্দ সিংজী পৰ্বতৰ দৰে থিয় হৈছিল। কিন্তু জোৰাৱাৰ সিং চাহাব আৰু ফতেহ সিং চাহাবৰ দৰে কম বয়সীয়া শিশুৰ সৈতে ঔৰঙ্গজেব আৰু তেওঁৰ চুলতানাতৰ কি শত্ৰুতা থাকিব পাৰে? দেৱালত দুটা নিৰীহ শিশুক জীৱিত অৱস্থাত বাছনি কৰাৰ এনে অত্যাচাৰ কিয় হৈছিল? ইয়াৰ কাৰণ হৈছে ঔৰঙ্গজেব আৰু তেওঁৰ মানুহে তৰোৱালৰ সহায়ত গুৰু গোবিন্দ সিঙৰ সন্তানৰ ধৰ্ম সলনি কৰিব বিচাৰিছিল। এখন সমাজত, যি খন দেশত ইয়াৰ নতুন প্ৰজন্মই অত্যাচাৰৰ সন্মুখীন হয়, ইয়াৰ আত্মবিশ্বাস আৰু ভৱিষ্যত স্বয়ংক্ৰিয়ভাৱে মৰি যায়। কিন্তু ভাৰতৰ সেই পুত্ৰসকল, সেই সাহসী শিশুসকলে আনকি মৃত্যুৰ ভয়ও কৰা নাছিল। তেওঁক দেৱালত জীৱিত অৱস্থাতে গাঁথি দিয়া হৈছিল, কিন্তু তেওঁ সেই ভয়ংকৰ পৰিকল্পনাবোৰ চিৰদিনৰ বাবে সমাধিস্থ হৈছিল। এয়াই হৈছে যিকোনো ৰাষ্ট্ৰৰ সক্ষম যুৱক-যুৱতীৰ শক্তি। যুৱকজনে সাহসেৰে চিৰকালৰ বাবে সময়ৰ সোঁত সলনি কৰিলে। এই সংকল্পৰ জৰিয়তে আজি ভাৰতৰ যুৱ প্ৰজন্মইও দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে। আৰু সেয়েহে, এতিয়া ২৬ ডিচেম্বৰত বীৰ শিশু দিৱসৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বন্ধুসকল, শিখ গুৰু পৰম্পৰা কেৱল বিশ্বাস আৰু আধ্যাত্মিকতাৰ পৰম্পৰা নহয়। এইটো ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাটোৰ বাবেও অনুপ্ৰেৰণা। আমাৰ পবিত্ৰ গুৰু গ্ৰন্থ চাহিবতকৈ ডাঙৰ উদাহৰণ কি হ’ব পাৰে? ইয়াত শিখ গুৰুসকলৰ সৈতে ভাৰতৰ বিভিন্ন কোণৰ ১৫ জন সাধু আৰু ১৪ জন সৃষ্টিকৰ্তাৰ কণ্ঠ স্বৰ আছে। একেদৰে, আপুনি গুৰু গোবিন্দ সিঙৰ জীৱন যাত্ৰাও চাওক। তেওঁৰ জন্ম পূৱ ভাৰতৰ পাটনাত হৈছিল। তেওঁৰ কৰ্মক্ষেত্ৰ উত্তৰ-পশ্চিম ভাৰতৰ পাহাৰীয়া অঞ্চলত আছিল। আৰু তেওঁৰ জীৱন যাত্ৰা মহাৰাষ্ট্ৰত সম্পূৰ্ণ হৈছিল। গুৰুৰ পঞ্চ পেয়াৰাবোৰো দেশৰ বিভিন্ন প্ৰান্তৰ আছিল, আৰু মই গৌৰৱান্বিত যে প্ৰথম পঞ্চ পেয়াৰাসকলৰ মাজৰ এজনো সেই ভূমিৰ আছিল, দ্বাৰকাৰ পৰা গুজৰাটলৈ য’ত মই জন্ম হোৱাৰ সৌভাগ্য লাভ কৰিছো। ‘ব্যক্তিতকৈ ডাঙৰ চিন্তা কৰক, চিন্তাতকৈ ডাঙৰ ৰাষ্ট্ৰ’, ‘ৰাষ্ট্ৰ প্ৰথম’ মন্ত্ৰটো আছিল গুৰু গোবিন্দ সিংজীৰ অটল সংকল্প। যেতিয়া তেওঁ সৰু আছিল, প্ৰশ্ন উত্থাপিত হৈছিল যে ৰাষ্ট্ৰৰ ধৰ্ম্মৰ সুৰক্ষাৰ বাবে মহান ত্যাগৰ প্ৰয়োজন। তেওঁ দেউতাকক ক’লে, “আজি আপোনাতকৈ ডাঙৰ কোন?” আপুনি এই ত্যাগ কৰক। যেতিয়া তেওঁ পিতৃ হৈছিল, একে ধৰণৰ আগ্ৰহেৰে, তেওঁ জাতিৰ ধৰ্ম্মৰ বাবে তেওঁৰ পুত্ৰক বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। যেতিয়া তেওঁৰ পুত্ৰসকলক বলি দিয়া হৈছিল, তেওঁ তেওঁৰ সংগীসকললৈ চাই কৈছিল, ‘चार मूये तो क्या हुआ, जीवत कई हज़ार’। অৰ্থাৎ মোৰ চাৰিজন পুত্ৰৰ মৃত্যু হ’ল কি হ’ল? দেশৰ হাজাৰ হাজাৰ বন্ধু, হাজাৰ হাজাৰ দেশবাসী মোৰ পুত্ৰ। দেশক প্ৰথম, ৰাষ্ট্ৰক প্ৰথম স্থান দিয়াৰ এই পৰম্পৰা আমাৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা। এই পৰম্পৰাক শক্তিশালী কৰাৰ দায়িত্ব আজি আমাৰ কান্ধত আছে। বন্ধুসকল, ভাৰতৰ ভৱিষ্যত প্ৰজন্ম কি হ’ব, ই তেওঁলোকে কাৰ পৰা অনুপ্ৰেৰণা লৈছে তাৰ ওপৰতো নিৰ্ভৰ কৰে। ভাৰতৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতিটো উৎস এই ভূমিত আছে। কোৱা হয় যে যি শিশু ভাৰতে, যাৰ পিছত আমাৰ দেশ ভাৰতে ইয়াৰ নাম পাইছিল, আনকি সিংহ আৰু ৰাক্ষসকো হত্যা কৰি ভাগৰি পৰা নাছিল। আজিও, যেতিয়া আমি ধৰ্ম আৰু ভক্তিৰ কথা কওঁ, আমি ভকতৰাজ প্ৰহ্লাদক মনত পেলাওঁ। যেতিয়া আমি ধৈৰ্য্য আৰু জ্ঞানৰ কথা কওঁ, আমি শিশু ধ্ৰুৱৰ উদাহৰণ দিওঁ। মৃত্যুৰ দেৱতা যমৰাজক তপস্যাৰে প্ৰভাৱিত কৰা নচিকেতাৰ ওচৰতো আমি প্ৰণাম জনাইছো। নচিকেতা, যিয়ে যমৰাজক শৈশৱতে সুধিছিল, এইটো কি? মৃত্যু কি? বল ৰামৰ জ্ঞানৰ পৰা আৰম্ভ কৰি তেওঁৰ সাহসিকতালৈকে, বশিষ্ঠৰ আশ্ৰমৰ পৰা বিশ্বমিত্ৰাৰ আশ্ৰমলৈকে, আমি তেওঁৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে আদৰ্শ দেখিবলৈ পাওঁ। প্ৰত্যেক মাতৃয়ে ভগৱান ৰামৰ পুত্ৰ লাভ-কুশৰ কাহিনী তেওঁৰ সন্তানক বৰ্ণনা কৰে। যেতিয়া আমি শ্ৰী কৃষ্ণকো মনত পেলাওঁ, প্ৰথম কথাটো আমি মনত ৰাখোঁ কানহাৰ প্ৰতিচ্ছবি, যাৰ বংশীত প্ৰেমৰ কণ্ঠ স্বৰ আছে, আৰু তেওঁ ডাঙৰ ৰাক্ষসকো হত্যা কৰে। সেই পৌৰাণিক যুগৰ পৰা আধুনিক সময়লৈকে, সাহসী ল’ৰা আৰু ছোৱালীবোৰ ভাৰতৰ পৰম্পৰাৰ প্ৰতিফলন হৈ আহিছে। কিন্তু বন্ধুসকল, আজি, মই দেশৰ সন্মুখত এটা সত্যপুনৰাবৃত্তি কৰিব বিচাৰো। চাহিবজাদাসকলে ইমান ডাঙৰ ত্যাগ আৰু ত্যাগ কৰিছিল, তেওঁলোকৰ জীৱন ত্যাগ কৰিছিল, কিন্তু যদি আপুনি আজিৰ প্ৰজন্মৰ সন্তানক সোধে, তেওঁলোকৰ বেছিভাগেই তেওঁলোকৰ বিষয়ে নাজানে। পৃথিৱীৰ কোনো দেশতে এনে নহয় যে ইমান ডাঙৰ বীৰত্বপূৰ্ণ কাহিনী এনেদৰে পাহৰি যায়। বীৰ বল দিৱসৰ ধাৰণাটো আগতে আমাৰ ঠাইলৈ কিয় অহা নাছিল সেই বিষয়ে মই আজি এই পৱিত্ৰ দিনটোত আলোচনালৈ নাযাম। কিন্তু মই ক’ব লাগিব যে এতিয়া নতুন ভাৰতে দশকৰ আগতে হোৱা এটা পুৰণি ভুল সংশোধন কৰি আছে। যিকোনো ৰাষ্ট্ৰক ইয়াৰ নীতি, মূল্যবোধ আৰু আদৰ্শৰ দ্বাৰা চিনাক্ত কৰা হয়। আমি ইতিহাসত দেখিছোঁ, যেতিয়া এখন ৰাষ্ট্ৰৰ মূল্যবোধ সলনি হয়, ইয়াৰ ভৱিষ্যতও নিমিষতে সলনি হয়। আৰু, এই মূল্যবোধবোৰ সুৰক্ষিত হৈ থাকে যেতিয়া তেওঁলোকৰ অতীতৰ আদৰ্শ বৰ্তমান প্ৰজন্মৰ বাবে স্পষ্ট হয়। যুৱ প্ৰজন্মক আগবাঢ়িবলৈ সদায় আদৰ্শৰ প্ৰয়োজন। যুৱ প্ৰজন্মক শিকিবলৈ আৰু অনুপ্ৰেৰণা ল’বলৈ মহান ব্যক্তিত্বৰ নায়ক আৰু নায়িকাৰ প্ৰয়োজন। আৰু সেয়েহে, আমি শ্ৰী ৰামৰ আদৰ্শতো বিশ্বাস কৰোঁ, আমি ভগৱান গৌতম বুদ্ধ আৰু ভগৱান মহাবীৰৰ পৰা অনুপ্ৰেৰণা পাওঁ, আমি গুৰু নানক দেৱজীৰ কণ্ঠস্বৰ জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, আমি মহাৰাণা প্ৰতাপ আৰু ছত্ৰপতি বীৰ শিৱাজী মহাৰাজৰ দৰে নায়কৰ বিষয়েও পঢ়িছিলো। সেয়েহে, আমি বিভিন্ন জয়ন্তী উদযাপন কৰোঁ, আনকি কেইবা হাজাৰ বছৰ পুৰণি অনুষ্ঠানতো উৎসৱৰ আয়োজন কৰোঁ। আমাৰ পূৰ্বপুৰুষসকলে সমাজৰ এই প্ৰয়োজনীয়তা বুজি পাইছিল, আৰু ভাৰতক এনে এখন দেশ হিচাপে সৃষ্টি কৰিছিল যাৰ সংস্কৃতি উৎসৱ আৰু বিশ্বাসৰ সৈতে সম্পৰ্কিত। ভৱিষ্যত প্ৰজন্মৰ বাবেও আমাৰ একেই দায়িত্ব আছে। আমি সেই চিন্তা আৰু চেতনাকো স্থায়ী কৰিব লাগিব। আমি আমাৰ আদৰ্শগত প্ৰবাহ অক্ষুণ্ণ ৰাখিব লাগিব। সেয়েহে, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে স্বাধীনতা সংগ্ৰামৰ ইতিহাস পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। আমি সকলোৱে আমাৰ স্বাধীনতা সংগ্ৰামী, নায়ক আৰু জনজাতীয় সমাজৰ অৱদান জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে কাম কৰি আছো। ‘বীৰ বাল দিৱস’ৰ দৰে মৃত্যু বাৰ্ষিকীয়ে এই দিশত এটা কাৰ্যকৰী লাইটহাউচৰ ভূমিকা পালন কৰিব। বন্ধুসকল, মই সুখী যে নতুন প্ৰজন্মক বীৰ বল দিৱসৰ সৈতে সংযোগ কৰিবলৈ অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতা, প্ৰবন্ধ প্ৰতিযোগিতাত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। জম্মু-কাশ্মীৰ হওঁক, দক্ষিণৰ পুডুচেৰী হওঁক, পূবৰ নাগালেণ্ড হওঁক, পশ্চিমে ৰাজস্থান হওঁক, দেশৰ এনে কোনো কোণ নাই য’ত শিশুসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই আৰু চাহিবজাদাৰ জীৱনৰ বিষয়ে তথ্য লোৱা নাই, প্ৰবন্ধ লিখা নাই। দেশৰ বিভিন্ন বিদ্যালয়ত চাহিবজাদাৰ সৈতে সম্পৰ্কিত বহুতো প্ৰতিযোগিতাও হৈছে। সেই দিনটো বেছি দূৰ নহয় যেতিয়া কেৰালাৰ ল’ৰা-ছোৱালীয়ে বীৰ চাহিবজাদাৰ বিষয়ে জানিব, উত্তৰ-পূৰ্বাঞ্চলৰ শিশুসকলে বীৰ চাহিবজাদাৰ বিষয়ে জানিব। বন্ধুসকল, আমি একেলগে বীৰ বাল দিৱসৰ বাৰ্তা দেশৰ প্ৰতিটো কোণলৈ লৈ যাব লাগিব। আমাৰ চাহিবজাদাৰ জীৱন, তেওঁলোকৰ জীৱনবাৰ্তা দেশৰ প্ৰতিটো শিশুৰ ওচৰলৈ যাব লাগে, তেওঁলোকে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা ল’ব লাগে আৰু দেশৰ বাবে সমৰ্পিত নাগৰিক হ’ব লাগে, আমি ইয়াৰ বাবেও প্ৰচেষ্টা কৰিব লাগিব। মই নিশ্চিত যে এই ঐক্যবদ্ধ প্ৰচেষ্টাই আমাৰ এক সক্ষম আৰু উন্নত ভাৰতৰ লক্ষ্যত নতুন শক্তি প্ৰদান কৰিব। আকৌ এবাৰ, মই সাহসী চাহিবজাদাৰ ভৰিত নমস্কাৰ জনাইছো আৰু এই সংকল্পৰ দ্বাৰা, মই আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো!
নতুন দিল্লীত বীৰ বাল দিৱস অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%9A%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A7%B1%E0%A6%A4%E0%A6%A4-%E0%A6%AA%E0%A6%A5/
https://www.pmindia.gov.in/asm/news_updates/%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0-%E0%A6%9A%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A7%B1%E0%A6%A4%E0%A6%A4-%E0%A6%AA%E0%A6%A5/
উত্তৰাখণ্ডৰ চম্পাৱতত পথ দুর্ঘটনাত প্রাণহানিত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। ক্ষতিগ্রস্তসকলৰ বাবে তেওঁৰ জাতীয় ত্রাণ তহবিলৰ পৰা এককালীন অর্থসাহায্যৰ ঘোষণা কৰিছে প্রধানমন্ত্রীয়ে। প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা টুইটত জনোৱা হৈছে; "উত্তৰাখণ্ডৰ চম্পাৱতত হোৱা দুৰ্ঘটনা হৃদয়বিদাৰক। ইয়াত যিসকল লোকৰ মৃত্যু হৈছে, মই তেওঁলোকৰ পৰিজনসকলৰ প্ৰতি নিজৰ শোক-সমবেদনা ব্যক্ত কৰিছো। স্থানীয় প্ৰশাসন সহায় আৰু উদ্ধাৰ কাৰ্যত লাগি আছে: প্ৰধানমন্ত্ৰী" “উত্তৰাখণ্ডত পথ দুর্ঘটনাত যিসকলে প্রাণ হেৰুৱাইছে তেওঁলোকৰ নিকটাত্মীয়সকলৰ বাবে তেওঁৰ জাতীয় ত্রাণ তহবিলৰ পৰা ২ লাখ টকাকৈ এককালীন অর্থ সাহায্যৰ ঘোষণা কৰিছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব।”
উত্তৰাখণ্ডৰ চম্পাৱতত পথ দুর্ঘটনাত প্রাণহানিত প্রধানমন্ত্রীৰ শোকপ্রকা
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%AD/
https://www.pmindia.gov.in/asm/news_updates/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AD%E0%A6%BE%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%AA%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%AD/
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে সংসদত প্ৰদান কৰা অভিভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দান কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “দেশে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিবগৈ, তেতিয়া আমি দেশক ক’লৈ লৈ যাম, কেনেকৈ লৈ যাম, ইয়াৰ বাবে এইছোৱা সময় খুবেই গুৰুত্বপূৰ্ণ। তেওঁ এই কথাও কয় যে ইয়াৰ বাবে সংকল্প সম্পূৰ্ণ কৰাৰ বাবে আমি সামূহিক অংশীদাৰিত্ব আৰু সামূহিক দায়বদ্ধতা স্বীকাৰ কৰাৰ প্ৰয়োজন আছে”। প্ৰধানমন্ত্ৰীয়ে কয় যে “পৃথিৱীয়ে এতিয়াও ক’ভিড-১৯ৰে যুঁজি আছে। মানৱতাই বিগত এশটা বছৰত এনে ধৰণৰ আন কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল। ভাৰতৰ জনতাই ইতিমধ্যে প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু তেওঁলোকে ইয়াৰ জৰিয়তে নিজৰে কেৱল সুৰক্ষা নিশ্চিত কৰা নাই বৰঞ্চ আনৰ সুৰক্ষাও নিশ্চিত কৰিছে। বিশ্বস্তৰত চলা প্ৰতিষেধক বিৰোধী বিভিন্ন আন্দোলনৰ মাজতো তেওঁলোকৰ এই আচৰণ নিতান্তই প্ৰশংসনীয়”। প্ৰধানমন্ত্ৰীয়ে কয় যে “মানুহে মহামাৰী এইছোৱা সময়ত ভাৰতৰ প্ৰগতি সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰি আছে, কিন্তু ভাৰতে ক’ৰোনা-কালত ৮০ কোটিৰো অধিক দেশবাসীক বিনামূলীয়াকৈ খাদ্যদ্ৰব্যৰ যোগান ধৰি পৃথিৱীৰ সন্মুখত এক অনন্য নিদৰ্শন দাঙি ধৰিছে। এই কথাও সুনিশ্চিত কৰা হৈছে যে দৰিদ্ৰসকলৰ বাবে অভিলেখ সংখ্যাত গৃহ নিৰ্মাণ কৰা হওক, সেই ঘৰলৈ পানীৰ সংযোগ স্থাপিত কৰা হওক। এই মহামাৰীৰ সময়ত আমি ৫কোটি জনতাক নলৰ জৰিয়তে পানীৰ যোগান উপলব্ধ কৰাইছো আৰু এক নতুন অভিলেখ ৰচনা কৰিছো। আমাৰ যুক্তিসংগত দৃষ্টিভংগীৰ কাৰণেই খেতিয়কসকলে মহামাৰীৰ সময়তো উভৈনদীকৈ ফচলৰ উত্পাদন কৰিছে। আমি মহামাৰীৰ সময়তো বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছো, কিয়নো আমি ভাবো যে এইসমূহ পৰিযোজনাই এনে প্ৰত্যাহ্বানপূৰ্ণ সময়ত কৰ্মসংস্থাপন সুনিশ্চিত কৰিব পাৰিব। এই মহামাৰীৰ সময়ত, আমাৰ যুৱ-প্ৰজন্মই খেলা-ধূলাত বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু দেশক গৌৰৱান্বিত কৰিছে। ভাৰতীয় যুৱ-প্ৰজন্মই নিজৰ ষ্টাৰ্টআপসমূহৰ লগতে ভাৰতক ষ্টাৰ্টআপৰ ক্ষেত্ৰত পৃথিৱীৰ শীৰ্ষত থকা তিনিখন দেশৰ এখন হিচাপে পৰিগণিত কৰায়”। প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মহামাৰীৰ সময়ত লাগিলে সেয়া ‘চিঅ’পি-২৬’য়েই হওক, কিম্বা ‘জি-২০’ৰে জড়িত প্ৰসংগই হওক, অথবা ১৫০খনৰো অধিক দেশলৈ ঔষধৰ ৰপ্টানীৰ প্ৰসংগই হওক, ভাৰতে নেতৃত্বৰ ভূমিকা পালন কৰিছে আৰু সমগ্ৰ পৃথিৱীয়েই এই লৈ চৰ্চা অব্যাহত ৰাখিছে”। প্ৰধানমন্ত্ৰীয়ে এই কথাত জোৰ দিয়ে যে “আমি মহামাৰীৰ সময়ছোৱাত এমএছএমই-ৰ ক্ষেত্ৰত আৰু কৃষি ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছিলো”। প্ৰধানমন্ত্ৰীয়ে কৰ্ম-সংস্থাপন সংক্ৰান্তীয় তথ্য উপস্থাপন কৰি কয় যে “২০২১চনৰ ‘ইপিএফঅ’ পে’-ৰোলৰ তথ্যাৱলীৰ পৰা উমান পোৱা যায় যে প্ৰায় ১কোটি ২০লাখ নতুন ব্যক্তিয়ে ‘ইপিএফঅ’ প’ৰ্টেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। এয়া সকলো আনুষ্ঠানিক চকৰি আৰু ইয়াৰে ৬০ৰ পৰা ৬৫ লাখ ব্যক্তিৰ বয় ১৮ৰ পৰা ২৫বছৰৰ ভিতৰত, অৰ্থাত্ এয়া তেওঁলোকৰ প্ৰথম চাকৰি”। মুদ্ৰাস্ফীতি সন্দৰ্ভত বক্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি মুদ্ৰস্ফীতি কম কৰাৰ বাবে সম্পূৰ্ণ প্ৰয়াস কৰিছো আৰু আমি যদি ইয়াৰ তুলনা অন্য দেশৰে কৰিবলৈ যাও তেন্তে ক’ব পাৰো যে আজিৰ তাৰিখত ভাৰত একমাত্ৰ বৃহত্ অৰ্থব্যৱস্থা য’ত মধ্যমীয়া মুদ্ৰস্ফীতিৰ লগতে উচ্চ বৃদ্ধিৰ হাৰ অব্যাহত আছে”। প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি জনতাৰ বাবে কাম কৰিব লাগিব, আমি লাগিলে যি পক্ষতে নাথাকো কিয়! এই মানসিকতা শুদ্ধ নহয় যে বিপক্ষত থকাৰ অৰ্থ এয়া নহয় যে মানুহৰ সমস্যাসমূহৰ সমাধানৰ বাবে কাম কৰিব নালাগিব। যেতিয়া কিছু সংখ্যক মাননীয় সদস্যই ভাৰতৰ টীকাকৰণ অভিযানক বহুত ডাঙৰ কথা নহয় বুলি অভিমত প্ৰকাশ কৰে তেতিয়া তেওঁ আশ্চৰ্যচকিত হয়” বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। মহামাৰীৰ আৰম্ভণিৰ পৰাই চৰকাৰে দেশ আৰু পৃথিৱীৰ অন্য প্ৰান্তৰত উপলব্ধ সংসাধনসমূহ গোটোৱাৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁ সকলোকে আশ্বাস দিয়ে যে ঠযেতিয়ালৈকে মহামাৰী থাকিব, তেতিয়ালৈকে আমি দুখীয়া জনগণৰ সুৰক্ষা প্ৰদান কৰি যাম”। প্ৰধানমন্ত্ৰীয়ে কয় যে “ক’ভিড-ৰ বিপৰীতে চলা যুদ্ধ এক শক্তিশালী আৰু সৌহাৰ্দ্যপূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰে জড়িত। এই ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতে ২৩খন বৈঠক অনুষ্ঠিত হৈছে”। প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ প্ৰসংগত আহূত সৰ্বদলীয় সভাত ভাগ লোৱাৰ ক্ষেত্ৰত বিৰোধী দলসমূহে আগবাঢ়ি আহিব নোখোজাৰ কথাত দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় “আজি ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত ৮০হাজাৰৰো অধিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই কাম কৰি আছে। এইসমূহ কেন্দ্ৰই গাঁও আৰু ঘৰৰ কাষত সম্পূৰ্ণ বিনামূলীয়াকৈ ৰোগ-পৰীক্ষাৰ লগতে উন্নত প্ৰাথমিক স্বাস্থ্য সুবিধা উপলব্ধ কৰাই আহিছে”। গণতন্ত্ৰ প্ৰসংগত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি গণতন্ত্ৰৰ বিষয়ে সেইসকল লোকৰ পৰা কেতিয়াও নিশিকো যিসকলে ১৯৭৫ চনত গণতন্ত্ৰক টেটু চেপা দিছিল। আমাৰ গণতন্ত্ৰৰ বাবে সকলোতকৈ বিপজ্জনক কথাটো হৈছে বংশবাদী দল। যেতিয়া কিছুমান পৰিয়ালে কোনো ৰাজনৈতিক দলক সমূলি চানি ধৰে তেতিয়া ৰাজনৈতিক প্ৰতিভাসমূহৰ বহুত লোকচান হয়”। প্ৰধানমন্ত্ৰীয়ে কয়, “কিছুসংখ্যক সদস্যই সুধিছে- যদি কংগ্ৰেছ নাথাকিলহেতেন, তেতিয়া কি হ’লহেতেন? প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে “যদি কংগ্ৰেছ নাথাকিলহেতেন তেতিয়া জৰুৰীকালীন অৱস্থা ঘোষিত নহ’লহেতেন, জাতিৰ ৰাজনীতি নহ’লহেতেন, শিখসকলৰ বিৰুদ্ধে নৰসংহাৰ নহ’লহেতেন, কাশ্মীৰী পণ্ডিতসকলৰ সমস্যাৰ উদ্ভৱ নহ’লহেতেন”। প্ৰধানমন্ত্ৰীয়ে এই কথাও দোহাৰে যে “আমি ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষাসমূহৰ মাজত কোনো সংঘাতৰ অৱকাশ নেদেখো। আমাৰ দৃষ্টিত ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষাসমূহৰ মাজত কোনো সংঘাত নাই”। তেওঁ কয়, “যেতিয়াই আমাৰ ৰাজ্যসমূহে প্ৰগতি কৰে, তেতিয়াই দেশৰ উন্নতি হয়”। “ভেদভাৱৰ পৰম্পৰা অন্ত পেলেৱা”ৰ আহ্বান জনাই ভাষণৰ সামৰণি মৰা প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মানসিকতাৰেই আমি আগবাঢ়ি যোৱাটো সময় আহ্বান। এক সোণালী যাত্ৰা আৰু সম্পূৰ্ণ পৃথিৱীয়েই এক আশাৰে ভাৰতৰ ফালে চাবলৈ ধৰিছে আৰু আমি সেই সুযোগ অথলে যাবলৈ দিয়া উচিত নহ’ব”।
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দান প্ৰধানমন্ত্ৰী